বীজাণু আৰু ৰোগ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১. উত্তৰ লিখা:

ক) এজনৰ পৰা আন এজন মানুহলৈ বিয়পা ৰোগক কি বুলি কোৱা হয়?

উত্তৰ: এজনৰ পৰা আন এজন মানুহলৈ বিয়পা ৰোগক সংক্ৰামক ৰোগ বুলি কোৱা হয়৷

খ) ৰোগৰ বীজাণু এজনৰ পৰা আন এজনৰ গালৈ কি কি মাধ্যমেৰে বিয়পিব পাৰে?

উত্তৰ: ৰোগৰ বীজাণু এজনৰ পৰা আন এজনৰ গালৈ বায়ু, পানী, খাদ্যবস্তু, ৰোগীৰ থু-খেকাৰ, মল-মূত্ৰ আদি মাধ্যমেৰে বিয়পিব পাৰে৷

গ) কি যন্ত্ৰৰ সহায়ত বীজাণুবোৰ দেখা পোৱা যায়?

উত্তৰ: অণুবীক্ষণ যন্ত্ৰৰ সহায়ত বীজাণুবোৰ দেখা পোৱা যায়৷

ঘ) চাৰিটা সংক্ৰামক ৰোগৰ নাম লিখা৷

উত্তৰ: চাৰিটা সংক্ৰামক ৰোগৰ নাম হ’ল—

১) পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা

২) টাইফয়েড বা সন্নিপাত জ্বৰ 

৩) পিঠাখোৱা বা মাম্প্‌ছ

৪) যক্ষ্মা

ঙ) এটা উপকাৰী অণুজীৱৰ নাম লিখা৷

উত্তৰ: এটা উপকাৰী অণুজীৱৰ নাম হ’ল— ইষ্ট ভেঁকুৰ৷

২. শুদ্ধ উত্তৰ বাছি উলিওৱা:

ক) সকলো অণুজীৱই বীজাণু হয়/ নহয়৷

উত্তৰ: সকলো অণুজীৱই বীজাণু নহয়৷

খ) সংক্ৰামক ৰোগ এজনৰ গাৰ পৰা আন এজনলৈ নিবিয়পে‍/ বিয়পে৷

উত্তৰ: সংক্ৰামক ৰোগ এজনৰ গাৰ পৰা আন এজনলৈ বিয়পে৷

গ) বীজাণুৱে বেমাৰ বিয়পাব পাৰে‍/ নোৱাৰে৷

উত্তৰ: বীজাণুৱে বেমাৰ বিয়পাব পাৰে‍৷

ঘ) মেলেৰিয়া ৰোগ বায়ুৰ দ্বাৰা বিয়পে‍/ নিবিয়পে৷

উত্তৰ: মেলেৰিয়া ৰোগ বায়ুৰ দ্বাৰা নিবিয়পে৷

ঙ) প্ৰতিৰোধ ব্যৱস্থা লৈ সংক্ৰামক ৰোগৰ পৰা হাত সাৰিব পাৰি‍/ নোৱাৰি৷

উত্তৰ: প্ৰতিৰোধ ব্যৱস্থা লৈ সংক্ৰামক ৰোগৰ পৰা হাত সাৰিব পাৰি‍৷

৩. তলত দিয়া ৰোগবোৰ কেনদেৰে বিয়পে আঁচ টানি মিলোৱা:

ৰোগ কেনেদৰে বিয়পে‍
ৰোগ কেনেদৰে বিয়পে
পানী লগা জ্বৰ ৰোগীৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে
পিঠাখোৱা হাঁচিৰ দ্বাৰা বিয়পে
মেলেৰিয়া ৰোগীৰ মল-মূত্ৰ, কফ, থু-খেকৰা আদিৰে বিয়পে
যক্ষ্মা মাইকী এন’ফিলিছ মহে কামুৰিলে বিয়পে


উত্তৰ:

ৰোগ কেনেদৰে বিয়পে‍
ৰোগ
পানী লগা জ্বৰ হাঁচিৰ দ্বাৰা বিয়পে
পিঠাখোৱা ৰোগীৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে
মেলেৰিয়া মাইকী এন’ফিলিছ মহে কামুৰিলে বিয়পে
যক্ষ্মা ৰোগীৰ মল-মূত্ৰ, কফ, থু-খেকৰা আদিৰে বিয়পে 


৪. খালী ঠাই পূৰ কৰা:

ক) _______ নামৰ অণুজীৱৰ সহায়ত পাওৰুটি প্ৰস্তুত কৰা হয়৷

উত্তৰ: ইষ্ট নামৰ অণুজীৱৰ সহায়ত পাওৰুটি প্ৰস্তুত কৰা হয়৷

খ) _______ যন্ত্ৰৰ দ্বাৰা সৰু বস্তুবোৰ ডাঙৰ দেখা যায়৷

উত্তৰ: অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা সৰু বস্তুবোৰ ডাঙৰ দেখা যায়৷

গ) অপকাৰী _______ বেমাৰৰ সৃষ্টি কৰে৷

উত্তৰ: অপকাৰী অণুজীৱই বেমাৰৰ সৃষ্টি কৰে৷

ঘ) পানী ভালদৰে _______ খাব লাগে৷

উত্তৰ: পানী ভালদৰে উতলাই খাব লাগে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ