বতৰ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) বতৰ বুলিলে কি বুজা?

উত্তৰ: কোনো ঠাইৰ বায়ুৰ উষ্ণতা, জলীয় ভাপৰ পৰিমাণ, বায়ুৰ গধুৰ-পাতল হোৱা, জলবায়ুৰ অৱস্থাক বতৰ।

(খ) ঋতু কেইটা আৰু কি কি?

উত্তৰ: ঋতু ৬ টা। সেইকেইটা হৈছে— গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

(গ) বতৰৰ আগজাননী মানে কি?

উত্তৰ: বতৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বোলে।

(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম।

উত্তৰ: বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হৈছে— থাৰ্ম’মিটাৰ, হাইগ্ৰ’মিটাৰ আৰু ৰেইনগজ।

(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে?

 উত্তৰ: ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে।

২। ‘ক’ অংখৰ লগত ‘খ’ অংখৰ মিলোৱা—

‘ক’ ‘খ’
বায়ুৰ উষ্ণতা ৰেইনগজ
বায়ুত থকা জলীয় বাষ্প পৰিমাণ থাৰ্মমিটাৰ
বৰষুণৰ পৰিমাণ এনিম’মিটাৰ
বায়ুৰ গতিবেগ হাইগ্ৰ’মিটাৰ

উত্তৰ:

‘ক’ ‘খ’
বায়ুৰ উষ্ণতা থাৰ্মমিটাৰ
বায়ুত থকা জলীয় বাষ্প পৰিমাণ হাইগ্ৰ’মিটাৰ
বৰষুণৰ পৰিমাণ ৰেইনগজ
বায়ুৰ গতিবেগ এনিম’মিটাৰ

৩। খালী ঠাই পূৰ কৰা—

(ক) গৰম দিনত পাতল ______ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

উত্তৰ: গৰম দিনত পাতল  কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

(খ) বতাহৰ দিশ জুখিবলৈ ______ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

উত্তৰ: বতাহৰ দিশ জুখিবলৈ  বায়ু দিক-দৰ্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

(গ) বায়ুমোজা বতাহৰ ______ জানিবলৈ ব্যৱহাৰ কৰা হয়।

উত্তৰ: বায়ুমোজা বতাহৰ  দিশ  জানিবলৈ ব্যৱহাৰ কৰা হয়।

(ঘ) ধুমুহা আহিলে আকাশত ______ মাৰে আৰু মেঘেও গাজে।

উত্তৰ: ধুমুহা আহিলে আকাশত  বিজুলী-ঢেৰেকণি  মাৰে আৰু মেঘেও গাজে।

(ঙ) ইণ্টাৰনেট সংযোগ থকা ______ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ।

উত্তৰ: ইণ্টাৰনেট সংযোগ থকা  কম্পিউটাৰৰ  জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ।

৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়?

উত্তৰ:  ৰেডিঅ’, দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি  বতৰৰ আগজাননী দিয়া হয়।

৫। চমু টোকা লিখা—

(ক) ৰেইন গজ

উত্তৰ: ৰেইনগজ নামৰ এবিধ সঁজুলিৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটো গছ-গছনি বা ঘৰ-দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয়, যাতে বৰষুণৰ সঠিক পৰিমাণ জোখিব পাৰি।

(খ) কৃত্ৰিম উপগ্ৰহ

উত্তৰ: সৌৰ জগতৰ বিভিন্ন উপগ্ৰহৰ বাহিৰেও আন কিছুমান উপগ্ৰহ বিজ্ঞানীবিলাকে কক্ষপথত স্থাপন কৰিছে। এইবোৰ উপগ্ৰহক কৃত্ৰিম উপগ্ৰহ বোলে। এই কৃত্ৰিম উপগ্ৰহবোৰে স্বাভাৱিক উপগ্ৰহৰ দৰে পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে। ভিন ভিন উদ্দেশ্যত ভিন ভিন কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। ঘূৰি থকা অৱস্থাত ইয়াত লগাই থোৱা কেমেৰাই বিভিন্ন ছবি তুলি তথ্য সংগ্ৰহ কৰে। বতৰৰ আগজাননী দিয়া দুৰ সংযোগ ব্যৱস্থা কৰা, বায়ুমণ্ডল অধ্যয়ন  কৰা, বহিৰ্বিশ্বৰ তথ্য সংগ্ৰহ কৰা, শিক্ষা প্ৰসাৰণ কৰা আদি কামত কৃত্ৰিম উপগ্ৰহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

(গ) বতৰ বিজ্ঞান কেন্দ্ৰ

উত্তৰ: বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি। বতৰ বি্জ্ঞান কেন্দ্ৰত বতৰ সম্পৰ্কে  আগলি বতৰা দিবলৈ বিভিন্ন সঁজুলি মজুত ৰখা হয়। বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্যবোৰ কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্যবোৰ অধ্যন কৰি বতৰৰ আগজাননী প্ৰস্তুত কৰে। বতৰ বিজ্ঞান  কেন্দ্ৰই প্ৰস্তুত কৰা এই আগজাননী ৰেডিঅ’ আৰু দুৰদৰ্শনৰ জৰিয়তে গোটেই  দেশৰ বাবে প্ৰচাৰ কৰে।

৭। বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনে ধৰণৰ হ’ব লাগে লিখা।

উত্তৰ: বতৰৰ লগত মিলাই সাজপাৰ পৰিধান কৰাটো ভাল। গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। কপাহী কাপোৰত সৰু সৰু বিন্ধা থকা বাবে গাৰ ঘাম সোনকালে শুকায়। কৃত্রিম সূতা অর্থাৎ নাইলন, পলিয়েষ্টাৰ আদি সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে গাৰ ঘাম ওলাই যাব নোৱাৰে। এনে কাপোৰ পৰিধান কৰাটো শৰীৰৰ বাবে হানিকাৰক। 

গৰমৰ পৰা হাত সাৰিবলৈ আমি বিচনীৰ বা লওঁ আৰু বিজুলী পাংখা চলাওঁ। কেতিয়াবা ডাঙৰ গছৰ ছাঁত বহি গা শীতল কৰোঁ৷ শীতকালত আমি গৰম কাপোৰ পিন্ধো। ৰাতি শোওঁতে লেপ, কম্বল আদি গাত লওঁ। শীতৰ পৰা হাত সাৰিবলৈ জুইৰ তাপ লওঁ। আমি সাধাৰণতে শীতত উলৰ কাপোৰ পিন্ধো। অসমত তৈয়াৰী এৰী কাপোৰৰ ব্যৱহাৰ শীতকালতহে হয়।

৮। শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰ: শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম হৈছে— শাল, চেগুন আৰু আম।

৯। কি কি কামত বতৰ আগজাননীয়ে সহায় কৰে?

উত্তৰ: জাহাজৰ নাবিক, সাগৰৰ মাছ ধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদিক বতৰৰ আগজাননীয়ে সহায় কৰে।

১০। বতৰৰ উপাদানকেইটা নাম কি কি?

উত্তৰ: বতৰৰ উপাদানকেইটা হৈছে— বায়ুৰ উষ্ণতা, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি।

১১। মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কিয় কমি আহিছে?

উত্তৰ: মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰাম অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হৈছিল। কিন্তু মানুহে প্ৰয়োজনতকৈ অধিক পৰিমাণে গছ-গছনি কটাৰ ফলত মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ  কমি আহিছে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ