ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ— সাধাৰণ বি‍জ্ঞান, দশম শ্ৰেণী

1) তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2PbO (s) + C(s)  → 2Pb (s) + CO2 (g)

(a) লেড বিজাৰিত হৈছে৷

(b) কার্বন ডাই অক্সাইড জাৰিত হৈছে৷

(c) কার্বন জাৰিত হৈছে৷

(d) লেড অক্সাইড বিজাৰিত হৈছে৷

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii) (a). (b) আৰু (c)

(iv) সকলো

উত্তৰ:   i) (a)   আৰু (b)

2) Fe2O3 + 2AI →   Al2O3 + 2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ

(c) এটা বিযোজন বিক্ৰিয়াৰ

(d) এটা অপসৰণ বিক্ৰিয়াৰ

উত্তৰ: (d) এটা অপসৰণ বিক্ৰিয়াৰ৷

3) কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া৷

(a) হাইড্ৰজেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়৷

(b) ক্ল’ৰিন গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উৎপন্ন হয়৷

(c) বিক্ৰিয়া নঘটে৷

(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়৷

উত্তৰ: (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়৷

4) সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰ: ৰাসায়নিক বিক্ৰিয়াত সমীকৰণ এটাত থকা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদার্থৰ প্ৰতিবিধ পৰমাণুৰ সংখ্যা একে হ’লে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে৷ 

ভৰৰ নিত্যতা সূত্ৰমতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে৷ অর্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদার্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ’ব লাগিব৷ সেয়ে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে৷

5) তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা৷

(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনেৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে৷

উত্তৰ: 3H2 + N2  →  2NH3

(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে৷

উত্তৰ: 2H2S + 3O2 →   2SO2 + 2H2O

(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে৷

উত্তৰ: 3BaCl2 + Al2(SO4)3  →  3BaSO4 + 2AlCl3

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে৷

উত্তৰ: 2K + 2H2O →    2KOH + H2

6) তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা৷

(a) HNO3 + Ca(OH)2 →  Ca (NO3)2 + H2O

উত্তৰ: 2HNO3 + Ca(OH)2  → Ca (NO3)2 + 2H2O

(b) NaOH + H2SO4 →  Na2SO4 + H2O

উত্তৰ: 2NaOH + H2SO4 →  Na2SO4 + 2H2O

(c) NaCl + AgNO3 →  AgCl + NaNO3

উত্তৰ: NaCl + AgNO3 →  AgCl + NaNO3

(d) BaCl2 + H2SO4 → BaSO4 + HCl

উত্তৰ: BaCl2 + H2SO4 →  BaSO4 + 2HCl

7) তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা৷

(a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কার্বন ডাই অক্সাইড  → কেলছিয়াম কার্বনেট + পানী৷

উত্তৰ: Ca(OH)2 + CO2   → CaCO3 + H2O

(b) যিংক + ছিলভাৰ নাইট্ৰেট  → যিংক নাইট্ৰেট + ছিলভাৰ৷

উত্তৰ: Zn + 2AgNO3  →  Zn(NO3)2 + 2Ag

(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড  → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ৷

উত্তৰ: 2Aa + 3CuCl2  →  2AlCl3 + 3Cu

(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট  → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড৷

উত্তৰ: BaCl2 + K2SO4  → BaSO4 + 2KCl

8) তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা৷

a) পটেছিয়াম ব্ৰ’মাইড(aq)+ বেৰিয়াম আয়’ডাইড(aq) → পটেছিয়াম আয়’ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড(s)

উত্তৰ: দ্বিঅপসৰণ বিক্ৰিয়া –

2KBr + BaI2 (Barium Iodide)   → 2KI(Potassium Iodide) + BaBr2

(b) যিংক কার্বনেট (s)  → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড(g)

উত্তৰ: বিয়োজন বিক্ৰিয়া – ZnCO3 →    ZnO + CO2

(c) হাইড্ৰ’জেন (g) + ক্ল’ৰিন  → হাইড্ৰ’জেন ক্ল’ৰাইড (g)

উত্তৰ: সংযোজন বিক্ৰিয়া – H2 + Cl2   →  2HCl

(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্লৰিক এছিড (aq)  → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন (g)

উত্তৰ: অপসৰণ বিক্ৰিয়া –

Mg + 2HCl →  MgCl2 + H2

9) তাপবর্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া৷

উত্তৰ: যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হয়, সেইবোৰ বিক্ৰিয়াক তাপবর্জী বিক্ৰিয়া বোলা হয়৷ যেনে– প্ৰাকৃতিক গেছৰ দহন৷

ইয়াৰ বিক্ৰিয়াটো হ’ল –

 CH4 + 2O2 →  CO2 + 2H2O

আনহাতে, যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয়, তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে৷

যেনে – 2AgBr  → 2Ag + Br2

10) শ্বসনক এটা তাপবর্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা৷

উত্তৰ: জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা শক্তি আমি খাদ্যৰ পৰা পাওঁ৷ আমি খোৱা খাদ্যবোৰৰ হজম প্ৰক্ৰিয়াত ই গ্লুকজলৈ ভাগি যায়৷ এই গ্লুক’জে পানী আৰু অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে৷ ইয়াকে শ্বসন বোলে৷ এই শ্বসন বিক্ৰিয়াত যিহেতু শক্তি উৎপন্ন হয়, সেয়ে ইয়াক তাপবর্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হৈছে৷

11) বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা৷

উত্তৰ: বিয়োজন বিক্ৰিয়াত এটা বিশেষ পদার্থ একাধিক সৰল বিক্ৰিয়াজাত পদার্থলৈ ভাগি যায়৷ আনহাতে, সংযোজন বিক্ৰিায়ত দুই বা ততোধিক বিক্ৰিয়ক লগ লৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদার্থ উৎপন্ন হয়৷ সেয়েহে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়৷

উদাহৰণ:

বিয়োজন বিক্ৰিয়া: CaCO3 → CaO + CO2   

সংযোজন বিক্ৰিয়া: CaO + H2O  → Ca(OH)2

12) তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা৷

উত্তৰ: 

তাপ:

CaCO3(চূণশিল)  → CaO (পোৰা চূণ) + CO2   

পোহৰ: 

2AgCl → 2Ag + Cl2

বিদ্যুৎ শক্তি: 

2H2O  → 2H2 + O2

13) অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পার্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা৷

উত্তৰ: অপসৰণ বিক্ৰিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে৷ 

উদাহৰণস্বৰূপে – 

Fe + CuSO4(কপাৰ ছালফেট) →  FeSO4(আইৰণ ছালফেট) + Cu

আনহাতে, দ্বিঅপসৰণ বিক্ৰিয়াত বিক্ৰিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে৷ 

উদাহৰণ স্বৰূপে – 

Na2SO4 (ছ’ডিয়াম ছালফেট) + BaCl2 (বেৰিয়াম ক্ল’ৰাইড) →  BaSO4 (বেৰিয়াম ছালফেট) + 2NaCl (ছ’ডিয়াম ক্ল’ৰাইড)

14) ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়৷ জড়ি‍ত বিক্ৰিয়াটো লিখা৷

উত্তৰ: 2AgNO3 (ছিলভাৰ নাইট্ৰেট) + Cu  → Cu (NO3)2 (কপাৰ নাইট্ৰেট) + 2Ag

15) অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা৷

উত্তৰ: যি বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তাকে অধঃক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়৷ 

উদাহৰণস্বৰূপে – 

Na2SO4 (ছ’ডিয়াম ছালফেট)+BaCl2 (বেৰিয়াম ক্ল’ৰাইড) →  BaSO4 (বেৰিয়াম ছালফেট) + 2NaCl (ছ’ডিয়াম ক্ল’ৰাইড)

16) অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা৷

উত্তৰ: 

a) জাৰণ: যি বিক্ৰিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰে সেই বিক্ৰিয়াকে পদার্থটোৰ জাৰণ হোৱা বুলি কোৱা হয়৷ 

উদাহৰণ:

i) C + O2 → CO2

ব্যাখ্যাঃ কার্বন মৌলটো কার্বন ডাই অক্সাইডলৈ জাৰিত হৈছে৷

ii) 2Cu + O2 → 2CuO

ব্যাখ্যাঃ কপাৰ মৌলটো কপাৰ অক্সাইডলৈ জাৰিত হৈছে৷

b) বিজাৰণ: যি বিক্ৰিয়াত পদার্থ এটাই অক্সিজেন হেৰুৱায় সেই বিক্ৰিয়াকে পদার্থটোৰ বিজাৰণ হোৱা বুলি কোৱা হয়৷

উদাহৰণ: 

(i) CuO + H2 → Cu + H2

ব্যাখ্যা: এই বিক্ৰিয়াত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে৷

(ii) CO2 + H2  → CO + H2O

ব্যাখ্যা: এই বিক্ৰিয়াত কার্বনডাই অক্সাইড কার্বন মনক্সাইডলৈ বিজাৰিত হৈছে৷

17) এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল৷ মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা৷

উত্তৰ:এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল৷ ইয়াত মৌল ‘X’ৰ নাম হ’ল ক’পাৰ(Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড(CuO)৷

বিক্ৰিয়াটো হৈছে: 

2Cu + O2 → 2CuO

18) লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?

উত্তৰ: যেতিয়া লো বা আইৰণ (Fe) জলীয় বাষ্পৰ সংস্পর্শলৈ আহে তেতিয়া ই ফেৰাছ অক্সাইডলৈ জাৰিত হয় আৰু লোৰ ওপৰত এক ৰঙচুৱা মুগা চামনি পেলায়৷ সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় যাতে ই জলীয় বাষ্পৰ সংস্পর্শলৈ নাহে আৰু সহজে মামৰে নধৰে৷

19) তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰ: যেতিয়া মুক্ত পৰিবেশত চর্বি আৰু তেল জাৰিত হয় তেতিয়া এইবোৰৰ পৰা দুর্গন্ধ ওলায়৷ ফলত তেনে খাদ্যৰ গোন্ধ আৰু স্বাদ সলনি হয়৷ সেয়ে, জাৰণ নঘটিবলৈ চর্বি আৰু তেলযুক্ত খাদ্যবস্তুবোৰ নাইট্ৰ’জেনৰ পৰিবেশত ৰখা হয়৷

20) এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা৷

উত্তৰ:

(a) ক্ষয়ীভৱন: যেতিয়া ধাতু এটা তাৰ চৌপাশৰ জলীয় বাষ্প, এচিড আদি বিভিন্ন পদার্থৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে৷ এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলা হয়৷ ক্ষয়ীভৱনৰ বাবে গাড়ী-মটৰ, দলং, জাহাজ আদিৰ বিশেষকৈ লোৰে তৈয়াৰী অংশবোৰ নষ্ট্ হয়৷ লোৰ ক্ষয়ীভৱন এটা প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈছে৷

(b) চর্বিৰ দু্র্গন্ধিতা: মুক্ত পৰিবেশত চর্বি আৰু তেল জাৰিত হ’লে সেইবোৰৰ পৰা দুর্গন্ধ ওলায়৷ ফলত তেনে খাদ্যৰ গোন্ধ আৰু স্বাদ সলনি হয়৷ জাৰণ নঘটিবলৈ সাধাৰণতে চর্বি আৰু তেলযুক্ত খাদ্যবস্তুত কিছুমান পদার্থ প্ৰতিজাৰক পদার্থ যোগ কৰা হয়৷ বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলেও জাৰণ মন্থৰ হয়৷ ‘পটেট’ চিপ্চ’ৰ উৎপাদকসকলে ‘চিপ্চ’বোৰৰ জাৰণ নঘটিবলৈ পেকটবোৰৰ ভিতৰত নাইট্ৰ’জেন গেছ ভৰাই দিয়ে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ