কম্পিউটাৰ আৰু যোগাযোগ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১৷ উত্তৰ লিখা:

ক) যোগাযোগ ব্যৱস্থা কি? দুটা যোগাযোগ মাধ্যমৰ নাম লিখা৷

উত্তৰ: দূৰত থাকিও এজনে আনজনৰ লগত সহজে মত বিনিময় বা ভাবৰ আদান-প্ৰদান কৰিব পৰা ব্যৱস্থাই হৈছে যোগাযোগ ব্যৱস্থা৷

খ) কম্পিউটাৰৰ অংশকেইটাৰ নাম লিখা৷

উত্তৰ: কম্পিউটাৰৰ অংশকেইটাৰ নাম হ’ল—

(i) মনিটৰ

(ii) চি পি য়ু

(iii) কি‍-ব’ৰ্ড

(iv) মাউছ

গ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সহায়ত কৰিব পৰা দুটাকৈ কাম উল্লেখ কৰা৷

উত্তৰ: কম্পিউটৰৰ সহায়ত কৰিব পৰা দুটা কাম হ’ল—

(i) ইয়াৰ সহায়ত আমি লিখিব পাৰোঁ৷

(ii) কম্পিউটাৰত আমি খেল খেলিব পাৰোঁ৷

ইণ্টাৰনেটৰ সহায়ত কৰিব পৰা দুটা কাম  হ’ল—

(i) দেশ-বিদেশৰ খা-খবৰ সহজে লাভ কৰিব পাৰোঁ৷ 

(ii) বিভিন্ন বিষয়ৰ তথ্য সহজে লাভ কৰিব পাৰোঁ৷

ঘ) প্ৰিণ্টাৰৰ কাম কি?

উত্তৰ: প্ৰিণ্টাৰৰ কাম হ’ল— কম্পিউটাৰত আমি সৃষ্টি কৰা বা যিকোনো উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য-পাতি, আলোকচিত্ৰ, লেখা আদি কাগজত লিখিত বা ছপা ৰূপত উলিয়াই দিয়া৷

২৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ ‘খ’
কী-ব’ৰ্ড নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে৷
মাউচ কৰা কামখিনি আৰু ফলাফল দেখা পাওঁ
চি পি য়ু মনিট’ৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি৷
মনিট’ৰ লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি৷

উত্তৰ:

‘ক’ ‘খ’
কী-ব’ৰ্ড লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি৷
মাউচ মনিট’ৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি৷
চি পি য়ু নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে৷
মনিট’ৰ কৰা কামখিনি আৰু ফলাফল দেখা পাওঁ৷

৩৷ খালী ঠাই পূৰ কৰা:

ক) টেলিফোন আৰু  _______ ৰ দ্বাৰা পৃথিৱীৰ যিকোনো লোকৰ লগত কথা পাতিব পাৰোঁ৷

উত্তৰ: টেলিফোন আৰু  ম'বাইল ফোনৰ দ্বাৰা পৃথিৱীৰ যিকোনো লোকৰ লগত কথা পাতিব পাৰোঁ৷

খ) কৃত্ৰিম উপগ্ৰহৰ বাবে _______ ব্যৱস্থা সম্ভৱ হৈছে৷

উত্তৰ: কৃত্ৰিম উপগ্ৰহৰ বাবে  ইণ্টাৰনেট  ব্যৱস্থা সম্ভৱ হৈছে৷

গ) আমি‍ তথ্য সংৰক্ষণ _______  ৰ সহায়ত কৰিব পাৰোঁ৷

উত্তৰ: আমি‍ তথ্য সংৰক্ষণ  কম্পিউটাৰৰ সহায়ত কৰিব পাৰোঁ৷

ঘ) টেলিফোনত _______ সংযোগ কৰি আমি দৰকাৰী নথি‍-পত্ৰৰ প্ৰতিলিপি তৎক্ষণাৎ আন ঠাইলৈ পঠিয়াব পাৰোঁ৷

উত্তৰ: টেলিফোনত  ফেক্স  সংযোগ কৰি আমি দৰকাৰী নথি‍-পত্ৰৰ প্ৰতিলিপি তৎক্ষণাৎ আন ঠাইলৈ পঠিয়াব পাৰোঁ৷

৪৷ শুদ্ধ উত্তৰটোত  চিন দিয়া৷

ক) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰি৷

খ) প্ৰিণ্টাৰৰ সহায়ত কম্পিউটাৰত কৰা কামবোৰ লিখিত আকাৰে পাব পাৰি৷

গ) টেলিভিছন হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা৷

ঘ) ফেক্স টেলিফোনৰ লগত সংযোগ কৰা হয়৷

ঙ) ম’বাইল ফোনেৰে লিখিতভাৱে ভাব বিনিময় কৰিব পাৰি৷

উত্তৰ: 

ক) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰি৷

খ) প্ৰিণ্টাৰৰ সহায়ত কম্পিউটাৰত কৰা কামবোৰ লিখিত আকাৰে পাব পাৰি৷

গ) টেলিভিছন হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা৷

ঘ) ফেক্স টেলিফোনৰ লগত সংযোগ কৰা হয়৷

ঙ) ম’বাইল ফোনেৰে লিখিতভাৱে ভাব বিনিময় কৰিব পাৰি৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ