দৃশ্যান্তৰ— — দশম শ্ৰেণী, অসমীয়া (প্ৰশ্নাৱলী)


অতি চমু প্রশ্নাৱলী 
মূল্যাংক  ১ নম্বৰকৈ

১। ‘দৃশ্যান্তৰ’ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল? 
২। ‘দৃশ্যান্তৰ’-ৰ অর্থ কি? 
৩৷ নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল?
৪। হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? 
৫। ‘কাকিনী তামোল’ শব্দৰ অৰ্থ কি?
৬। 'মধুসূদনৰ দলং’ নামৰ গল্প-পুথিখনৰ ৰচক কোন? 

চমু প্ৰশ্নাৱলী
মূল্যাংক ২/৩ নম্বৰকৈ

১। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।
২। 'বৰ শান্তিত আঁছো 
    এই পঁজাটিত।কোনে, কিয় এনেদৰে কৈছিল বুজাই লিখা।
3. বাৰে বাৰে সাজিছে কাৰেং
   বিশ্ব সভ্যতাৰ। কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্ব সভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে, লিখা৷
৪। 'এই কংক্ৰীটৰ হাবিখনত তেওঁক
    বিচাৰি নাপালো আৰু!ইয়াত কবিয়ে কাক বিচাৰি নোপোৱাৰ কথা কৈছে, বুজাই লিখা। 
৫। “সময়টো আছিল গধূলি ।
    তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
   নিজৰ ঘৰৰ পদূলি৷” নিজৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মানুহজন কিদৰে সত্তীয়া সভ্যতাৰ মাজত হেৰাই গ’লবৰ্ণনা কৰা। 

ৰচনাধৰ্মী প্রশ্নাৱলী
মূল্যাংক ৪/৫ নম্বৰকৈ

১। ‘দৃশ্যান্তৰ’ কবিতাটোৰ সাৰাংশ লিখা ।
২। ‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিজনাৰ নাম কি? কবিতাটোৰ মূলভাৱ লিখা। 

অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী
মূল্যাংক  ১ নম্বৰকৈ

১। ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিৰ ৰচক কোন?
২। হৰেকৃষ্ণ ডেকাৰ জন্ম কোন চনত হয়?
৩। হৰেকৃষ্ণ ডেকাই কেতিয়াৰ পৰা কবিতা লিখিবলৈ লৈছিল?
৪। হৰেকৃষ্ণ ডেকাই কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে?
৫। হৰেকৃষ্ণ ডেকাই কি পদৰ পৰা অৱসৰ লয়?
৬। হৰেকৃষ্ণ ডেকাই ৰচনা কৰা প্রথম কবিতাটোৰ নাম কি?
৭। কবিয়ে বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেনে আছিল?
৮। বৃদ্ধ মানুহজনে এতিয়াৰ মানুহবোৰক কি বুলি সম্বোধন কৰিছে?
৯ । হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
১০৷ "বৃদ্ধ ন্যুব্জ দেহ।" ‘ন্যুব্জ’ শব্দৰ অৰ্থ কি?
১১। 'দৃশ্যান্তৰ' কবিতাটোৰ মতে কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
১২। পঁচিশ বছৰৰ আগতে মানুহজনৰ ঘৰটো কেনেকুৱা আছিল?
১৩। পঁচিশ বছৰৰ পিছত লগপোৱা মানুহজনৰ দেহ কেনেকুৱা আছিল?
১৪ । পঁজাঘৰটিত মানুহজনে কেনেদৰে আছিল?
১৫৷ পঁচিশ বছৰৰ পাছত মানুহজন ক’ত ৰৈ আছিল?
১৬। কবিক মানুহজনে কি বিচাৰি যোৱা বুলি ভাবিছিল?
১৭। পঁচিশ বছৰৰ পিছত কবিয়ে মানুহজনক লগ পাই শান্তি পালেনে?
১৮। শব্দাৰ্থ লিখাঃ

দৃশ্যান্তৰ 
দাহ
কেঁকুৰি 
ধিয়াই
কাকিনী তামোল 
লণ্ঠন
ন্যুব্জ 
যখ
সাঁচ
সাইলাখ
কংক্ৰীট

চমু প্রশ্নাৱলী 
মূল্যাংক ২/৩ নম্বৰকৈ


১। হৰেকৃষ্ণ ডেকাই কোন চনত কি বিষয়ত ক’ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে?
২। হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন কবিতাপুথিৰ নাম লিখা।
৩৷ হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন গল্পপুথিৰ নাম লিখা।
৪। হৰেকৃষ্ণ ডেকাই সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কি কি বঁটা লাভ কৰিছিল?
৫। হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা কাকত আৰু আলোচনীখনৰ নাম কি?
৬। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মতে পঁচিশ বছৰ আগতে মানুহজনে কি বিচাৰি আছিল? 
৭। কবিৰ মতে পঁচিশ বছৰ আগৰ পৰিৱেশ কেনে আছিল?
৮। “যখৰ পোৱালীহঁতে কাক কোনে চায়!” ইয়াত ‘যখৰ পোৱালী’ বুলি কোনে কাক কৈছে বুজাই লিখা।
৯। “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ?”— এনেদৰে কোনে কাক প্রশ্ন কৰিছে? 
১০৷ “বৰ অশান্তিৰে উভতি আহিলো ।৷”— ইয়াত কি অশান্তিৰ কথা কোৱা হৈছে বুজাই লিখা।

ৰচনাধৰ্মী প্ৰশ্নাৱলী
মূল্যাংক ৪/৫ নম্বৰকৈ

১। হৰেকৃষ্ণ ডেকাৰ জীৱন আৰু সাহিত্য-কৰ্মৰ এটি চমু আভাস দিয়া।
২। ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিত আধুনিক যান্ত্ৰিক জীৱনৰ চিত্ৰ কেনেদৰে প্রকাশিত হৈছে বুজাই লিখা।
৩৷ ‘দৃশ্যান্তৰ’ কবিতাটিত গ্ৰাম্য জীৱনৰ চিত্ৰ কেনেদৰে প্রকাশিত হৈছে বুজাই লিখা!
৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা:
(ক) সময়টো আছিল গধূলি।
      তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
    নিজৰ ঘৰৰ পদূলি।
(খ) বৰ শান্তিত আছোঁ
    এই পঁজাতিত।
(গ) সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল।
(ঘ) মৰিলে দাহ কৰিবলৈও
    এজন মানুহ নাই।
(ঙ) এই কংক্ৰীটৰ হাবিখনত তেওঁক
       বিচাৰি নাপালো আৰু।

পাঠভিত্তিক ব্যাকৰণ  মূল্যাংক 1 নম্বৰকৈ

১. বিপৰীত শব্দ লিখা:
কেঁচা
গধূলি
পোহৰ
শান্তি
ৰূপ

২। এটাকৈ সমাৰ্থক শব্দ লিখা:
জোন
ঘৰ
চৰা
দাহ
উভতি

৩৷ নঞাৰ্থক শব্দ গঠন কৰা:
শান্তি
চিনাকি
সহায়

৪। নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হব— নমঃ + কাৰ। এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ