দুৰ্যোগ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা।

উত্তৰ: প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম হ’ল— 

(i) বানপানী 

(ii) ভূমিকম্প 

(iii) ভূমিস্খলন।

(খ) বনজুইৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰ: কিছুমান প্ৰাকৃতিক কাৰণত হাবি‍-জংঘলত নিজে নিজে জুই লাগে বনজুইৰ সৃষ্টি হয়৷ তদুপৰি মানুৰ কিছুমান অসাৱধান কাৰ্য, যেনে‍— জুম খেতি কৰোঁতে হাবিত জুই লগোৱা, বন্যপ্ৰাণী খেদিবলৈ হাবিত জুই লগোৱা আদি কাৰ্যৰ ফলতো বনজুইৰ সৃষ্টি হয়।

(গ) ঔদ্যোগিক দুৰ্ঘটনা বুলিলে কি বুজা?

উত্তৰ: উদ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনাই হ’ল ঔদ্যোগিক দুৰ্ঘটনা।

(ঘ) ভূমিকম্পৰ ফলত হ’ব পৰা তিনিটা সম্ভাৱনা লিখা।

উত্তৰ: ভূমিকম্পৰ ফলত হ’ব পৰা তিনিটা সম্ভাৱনা হৈছে— 

(i) কেতিয়াবা মাটি ফাঁট মেলি ওপৰলৈ পানী আৰু বালি ওলাই আহে।

(ii) ঘৰ-দুৱাৰ ভাগে৷

(iii) নদীৰ গতিপথৰ দিশ সলনি হয়৷

(ঙ) ভূমিস্খলন হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰ: ভূমিস্খলন হোৱাৰ দুটা কাৰণ হ’ল—

(i) বননী ধ্বংসকাৰ্যৰ ফলত ভূমিস্খলন হয়।

(ii) খনন কাৰ্যৰ বাবে ভূমিস্খলন হয়।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
ভূমিস্খলন পানীৰ উৎসসমূহ শুকাই যায়।
খৰাং হাবিত লগা জুই।
বনজুই বিস্তৃতভাৱে মাটি, বালি, শিল আদি খহি পৰে।
ভূমিকম্প পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে।

উত্তৰ:

‘ক’ ‘খ’
ভূমিস্খলন বিস্তৃতভাৱে মাটি, বালি, শিল আদি খহি পৰে।
খৰাং পানীৰ উৎসসমূহ শুকাই যায়।
বনজুই হাবিত লগা জুই।
ভূমিকম্প পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে।

৩। খালী ঠাই পূৰ কৰা— 

(ক) ১৯৫০ চনত অসমত ডাঙৰ ______ হৈছিল।

উত্তৰ: ১৯৫০ চনত অসমত ডাঙৰ  ভূমিকম্প  হৈছিল।

(খ) ভূপাল গেছ দুৰ্ঘটনা ______ চনত হৈছিল।

উত্তৰ: ভূপাল গেছ দুৰ্ঘটনা  ১৯৮৪  চনত হৈছিল।

(গ) সামাজিক বনানীকৰণ কৰি ______ ৰোধ কৰিব পাৰি।

উত্তৰ: সামাজিক বনানীকৰণ কৰি  ভূমিস্খলন  ৰোধ কৰিব পাৰি।

(ঘ) বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত ______ লাগে।

উত্তৰ: বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত  জুই  লাগে।

(ঙ) ভূমিকম্পৰ ফলত নদীৰ ______ সলনি হয়।

উত্তৰ: ভূমিকম্পৰ ফলত নদীৰ  সুঁতি  সলনি হয়।

৪। তলত দিয়া দুৰ্যোগবোৰৰ পৰা প্ৰতিকাৰ পাবলৈ আমি ল’ব পৰা তিনিটাকৈ ব্যৱস্থা লিখা৷

(ক) কৃত্ৰিম বানপানী (খ) ভূমিস্খলন (গ) বনজুই

উত্তৰ: 

কৃত্ৰিম বানপানীৰ পৰা প্ৰতিকাৰ পাবলৈ ল’ব পৰা তিনিটা ব্যৱস্থা হৈছে— 

(i) জলাশয় পুতি যেনি-তেনি অপৰিকল্পিতভাৱে ঘৰ সজা বন্ধ কৰা।

(ii) জলাশয়বোৰ সংৰক্ষণ কৰা।

(iii) পানী ওলাই যাবলৈ নলা-নৰ্দমা খন্দা।

ভূমিস্খলনৰ পৰা প্ৰতিকাৰ পাবলৈ ল’ব পৰা তিনিটা ব্যৱস্থা হৈছে— 

(i) বনানীকৰণ কৰা।

(ii) খননকাৰ্য ৰোধ কৰা।

(iii) অনাহকত গছ-গছনি কটা কাৰ্য বন্ধ ৰোৱা।

বনজুইৰ পৰা প্ৰতিকাৰ পাবলৈ ল’ব পৰা তিনিটা ব্যৱস্থা হৈছে— 

(i) বিদ্যুতৰ তাঁৰ সংযোগ কৰোঁতে‍ সাৱধান হোৱা।

(ii) হাবিৰ মাজত জুইৰ ব্যৱহাৰ কৰোঁতে সাৱধান হোৱা।

(iii) জুইশলাৰ জ্বলা কাঠি পেলোৱাৰ সময়ত সাৱধান হোৱা।

৫। দুৰ্যোগ বুলিলে কি বুজা?

উত্তৰ: প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনা বা পৰিঘটনাই ভয়াৱহ ৰূপ লৈ মুহূৰ্ততে পৰিৱেশৰ অভাৱনীয় ক্ষতি কৰে। এই ঘটনা বা পৰিঘটনাবোৰেই হৈছে দুৰ্যোগ।

৬। কৃত্ৰিম বানপানী কেনেকৈ সৃষ্টি হয় তাৰ তিনিটা কাৰণ লিখা।

উত্তৰ: কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ তিনিটা কাৰণ হ’ল—

(i) অপৰিকল্পি‍ত নিৰ্মাণকাৰ্যৰ বাবে‍ নলা-নৰ্দমাৰ পানী ওলাই যাব নোৱাৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

(ii) মানুহে খাল-বিল পুতি বসতি কৰিবলৈ লোৱাৰ ফলত বৰষুণৰ পানী জমা হ’বলৈ জলাশয় নথকাত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

(iii) পাহাৰৰ গছ-গছনি যধে-মধে কাটি পেলোৱাৰ ফলত পাহাৰৰ মাটি বৰষুণৰ লগত উটি আহি চহৰৰ নলা-নৰ্দমা পুতি পেলোৱাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

৭। চুনামি কি?

উত্তৰ: ভূমিকম্পৰ ফলত সাগৰৰ পানীত বহুত ওখ ঢৌৰ সৃষ্টি হৈ চাৰিওফালে বিয়পি পৰি‍‍ সাগৰীয় উপকূল অঞ্চলত বানপানীৰ সৃষ্টি হোৱা পৰিঘটনাকে‍ চুনামি বুলি কোৱা হয়।

৮। নৈৰ বান্ধ নিৰ্মাণ কৰি চৰকাৰে হাতত লোৱা তিনিটা আঁচনিৰ নাম লিখা।

উত্তৰ: নৈৰ বান্ধ নিৰ্মাণ কৰি চৰকাৰে হাতত লোৱা তিনিটা আঁচনি হৈছে— 

(i) জলসিঞ্চন ব্যৱস্থা কৰা

(ii) জলবিদ্যুৎ উৎপাদন কৰা 

(iii) দূৰণিবটীয়া আঞ্চললৈ পানী যোগান ধৰা৷

৯। খৰাং বুলিলে কি বুজা?

উত্তৰ: খৰাং হৈছে এক প্ৰাকৃতিক দুৰ্যোগ৷ বহুত দিন বৰষুণ নোহোৱাৰ ফলত ভূ-পৃষ্ঠৰ আৰু ভূ-গৰ্ভৰ পানীৰ উৎসসমূহ  শুকাই যোৱাৰ ফলত মাটিত ফাঁট মেলে, গছ-গছনিবোৰ শুকাই যায়, জীৱ-জন্তু, চাৰাই-চিৰিকটিৰ বাবে পানীৰ অভাৱ  হয় আৰু খেতি‍-বাতি কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হয়৷ এনে প্ৰাকৃতিক অৱস্থাকেই খৰাং বুলি কোৱা হয়৷

১০। বান নিয়ন্ত্ৰণ বিভাগে হাতত লোৱা তিনিটা কাৰ্যসূচী লিখা।

উত্তৰ: বান নিয়ন্ত্ৰণ বিভাগে লোৱা তিনিটা কাৰ্যসূচী হৈছে— 

(i) নদীত বান্ধ দিয়া

(ii) মাথাউৰি বন্ধা

(iii) অতিৰিক্ত পানী ওলাই যাবলৈ নলা-খাল আদি খন্দা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ