ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ— সমাজ বি‍জ্ঞান, অষ্টম শ্ৰেণী

১৷ উত্তৰ দিয়া –

(ক) লৰ্ড কৰ্নৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায়?

উত্তৰ: লৰ্ড কৰ্নৱালিছৰ কাৰ্যবিধিখনক ‘কৰ্নৱালিছ সংহিতা’ নামেৰে জনা যায়৷

(খ) ভাৰতত চিৰস্থায়ী বন্দৱস্ত কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: ভাৰতত চিৰস্থায়ী বন্দৱস্ত লর্ড কৰ্নৱালিছে প্ৰৱর্তন কৰিছিল।

(গ) কোনজন গৱৰ্নৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: লৰ্ড হেষ্টিংছে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱর্তন কৰিছিল।

(ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গৱৰ্নৰ জেনেৰেলে প্ৰস্তুত কৰিছিল?

উত্তৰ: শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল৷

(ঙ) ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল?

উত্তৰ: ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন ৰাজসুন্দৰী দেৱীয়ে লিখিছিল।

২৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা –

‘ক’ অংশ ‘খ’ অংশ
ৰাজা ৰামমোহন ৰায় প্ৰাৰ্থনা সমাজ
ৰামকৃষ্ণ পৰমহংসদেৱ ব্ৰাহ্ম সমাজ
ছাৰ ছৈয়দ আহমদ খান আৰ্য সমাজ
গোবিন্দ ৰাণাডে আলিগড় আন্দোলন
দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ মিছন

উত্তৰ:

‘ক’ অংশ ‘খ’ অংশ
ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ
ৰামকৃষ্ণ পৰমহংসদেৱ ৰামকৃষ্ণ মিছন
ছাৰ ছৈয়দ আহমদ খান আলিগড় আন্দোলন
গোবিন্দ ৰাণাডে প্ৰাৰ্থনা সমাজ
দয়ানন্দ সৰস্বতী আৰ্য সমাজ

৩৷ শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা—

(ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তিৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাটগৰাকী আছিল ফাৰুখছিয়াৰ/ বাহাদুৰ ছাহ দ্বিতীয়৷

উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তিৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাটগৰাকী আছিল ফাৰুখছিয়াৰ৷

(খ) ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে/ লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।

উত্তৰ: ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল৷

(গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/ নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল৷

উত্তৰ: কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল৷

(ঘ) ছাৰ ছৈয়দ আহমেদ খান/ নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল৷

উত্তৰ: ছাৰ চৈয়দ আহমেদ খানে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল৷

(ঙ) ‘সত্যৰথ প্ৰকাশ’ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ ৰাজা ৰামমোহন ৰায়৷

উত্তৰ: ‘সত্যৰথ প্ৰকাশ’ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী৷

৪৷ চমু টোকা লিখা —

(ক) ৰাজা ৰামমোহন ৰায়

উত্তৰ: 

ৰাজা ৰামমোহন ৰায়: ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত যিকেইজন শিক্ষিত ভাৰতীয় লোকে ইংৰাজ গৱৰ্নৰ জেনেৰেলসকলক সমাজ সংস্কাৰ কার্যত সহায় কৰিছিল তেওঁলোকৰ ভিতৰত ৰাজা ৰামমোহন ৰায় অন্যতম৷ ৰাজা ৰামমোহন ৰায়ৰ জন্ম হয় ১৭৭২ খ্ৰীষ্টাব্দত৷ ৰাজা ৰামমোহন ৰায়ৰ চৰিত্ৰত হিন্দু, মুছলমান আৰু খ্ৰীষ্টান ধর্মনীতি তথা প্ৰাচ্য আৰু পাশ্চাত্যৰ এক অপূর্ব সমন্বয় ঘটিছিল৷ তেওঁ ‘ব্ৰাহ্ম সমাজ’ প্ৰতিষ্ঠা কৰাৰ লগতে সতী দাহ প্ৰথা, কন্যা শিশু হত্যা আদি সমাজৰ কুসংস্কাৰবোৰ আঁতৰোৱাত লৰ্ড ৱিলিয়াম বেণ্টিংকক যথেষ্ট সহায় কৰিছিল৷ ৰাজা ৰামমোহন ৰায়ে বিধৱা বিবাহ আৰুস্ত্ৰী শিক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল। তেওঁৰ প্ৰচেষ্টাতে ১৮২১ খ্ৰীষ্টাব্দত বঙালী ভাষাৰ প্ৰথম সংবাদপত্ৰ ‘সংবাদ কৌমুদী’ প্ৰকাশ পায়৷ ৰাজা ৰামমোহন ৰায়ক ভাৰতৰ ‘প্ৰথম আধুনিক মানুহ’ বুলি অভিহিত কৰা হয়৷

(খ) ছাৰ ছৈয়দ আহমেদ খান

উত্তৰ: 

ছাৰ ছৈয়দ আহমেদ খান: উত্তৰ ভাৰতত যিসকল সমাজ সংস্কাৰকে মুছলমান সম্প্ৰদায়ক ইংৰাজী ভাষা আৰু নতুন ভাবধাৰাৰ প্ৰতি আগ্ৰহান্বিত কৰি তুলিছিল, তেওঁলোকৰ ভিতৰত ছাৰ ছৈয়দ আহমদ খান অন্যতম৷ ছাৰ ছৈয়দ আহমদ খানে তেওঁলোকৰ সমাজত প্ৰচলিত পৰ্দা প্ৰথা, বহু বিবাহ, বাল্য বিবাহ আদি প্ৰথাসমূহত বাধা আৰোপ কৰি জনজাগৰণৰ সৃষ্টি কৰিছিল। ১৮৭৭ খ্ৰীষ্টাব্দত ছাৰ ছৈয়দ আহমদ খানৰ প্ৰচেষ্টাত আলিগড়ত মুছলমান ছাত্ৰ–ছাত্ৰীসকলৰ বাবে ‘এংলো অৰিয়েণ্টেল কলেজ’ স্থাপন হৈছিল। প্ৰথম অৱস্থাত ইংৰাজৰ প্ৰাশ্চাত্য নীতি বা প্ৰাশ্চাত্য শিক্ষাৰ প্ৰতি হিন্দুসকলৰ পৰা যিখিনি সঁহাৰি ইংৰাজ চৰকাৰে পাইছিল, মুছলমান সম্প্ৰদায়ৰ পৰা তেনে সঁহাৰি পোৱা নাছিল। ১৮ শতিকাৰ শেষত আৰু ১৯ শতিকাৰ আৰম্ভণিত ৱাহাবি আন্দোলনে ভাৰতত গা কৰি উঠিছিল। প্ৰাশ্চাত্য আৰ্হিত ইংৰাজে যি বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল, তাত ৰক্ষণশীল মুছলমান সমাজে প্ৰতিবাদ কৰিছিল৷ মুছলমানসকলৰ ৱাহাবি সম্প্ৰদায়টোৱে এনে প্ৰতিবাদত উদ্গনি দিছিল৷ কিন্তু পাছলৈ ছাৰ ছৈয়দ আহমেদ খানৰ নেতৃত্বত মুছলমান সম্প্ৰদায়তো নৱজাগৰণে ভুমুকি মাৰিছিল। প্ৰাশ্চাত্য শিক্ষাৰ পোহৰে ইছলামধৰ্মী লোকসকলকো অনুপ্ৰাণিত কৰিছিল৷

(গ) স্বামী বিবকানন্দ

উত্তৰ: 

স্বামী বিবেকানন্দ: স্বামী বিবেকানন্দ ওৰফে নৰেন্দ্ৰ নাথ দত্ত ৰামকৃষ্ণ পৰমহংসদেৱৰ পৰম শিষ্য আছিল৷ পৰমহংস কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰৰ এজন পূজাৰী আছিল৷ তেওঁ মূৰ্তিপূজাত বিশ্বাসী আছিল যদিও আন্তৰিক ভক্তিৰ পৰিৱৰ্তে বাহ্যিক আড়ম্বৰপূৰ্ণ পূজা–অৰ্চনাৰ বিৰোধিতা কৰিছিল। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁ বিচাৰিছিল। পৰমহংসদেৱৰ ধর্মমতে তেওঁৰ জীৱনকালত বিশেষ প্ৰসাৰ লাভ কৰা নাছিল যদিও বিবকানন্দই পৰমহংসৰ মতবাদসমূহৰ গুৰুত্ব উপলব্ধি কৰি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰি তেওঁৰ বাণীসমূহ ভাৰত তথা বিশ্বত প্ৰচাৰ কৰিছিল ৷ ১৭৯০ খ্ৰীষ্টাব্দৰ চিকাগ’ ‘ধর্ম মহাসন্মিলনত’ বিবকানন্দই হিন্দু ধৰ্মৰ বেদ–বেদান্ত আৰু দৰ্শনৰ মূল তত্ত্বকথা বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ দৰিদ্ৰ, অৱহেলিত মানৱৰ সেৱাই তেওঁৰ মতে প্ৰকৃত ধৰ্ম৷

(ঘ) দয়ানন্দ সৰস্বতী

উত্তৰ: 

দয়ানন্দ সৰস্বতী: দয়ানন্দ সৰস্বতীৰ জন্ম ১৮২৪ খ্ৰীষ্টাব্দত আৰু মৃত্যু ১৮৮৩ খ্ৰীষ্টাব্দত৷ তেওঁৰ প্ৰকৃত নাম আছিল মূল শংকৰ৷ দয়ানন্দ সৰস্বতী সংস্কৃত পণ্ডিত আছিল কিন্তু পাশ্চাত্য শিক্ষাৰ লগত তেওঁৰ কোনো পৰিচয় নাছিল৷ ১৮৭৫ খ্ৰীষ্টাব্দত স্বামী দয়ানন্দ সৰস্বতীয়ে ‘আৰ্য সমাজ’ প্ৰতিষ্ঠা কৰে৷ এই সংগঠনটোৱে জাতিভেদ প্ৰথা, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল৷ বিধবা বিবাহত জোৰ দিছিল আৰু সাগৰযাত্ৰা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল৷ তেওঁ সমাজ সংস্কাৰৰ সৈতে সংগতি ৰাখি ‘সত্যৰথ প্ৰকাশ’ নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল৷ স্বামী দয়ানন্দ সৰস্বতী এক ঈশ্বৰৰ বিশ্বাসী আছিল আৰু মূৰ্তিপূজাৰ বিৰোধিতা কৰিছিল৷ তেওঁ কোনো অহিন্দুক হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ ইচ্ছা কৰিলে তেওঁক ‘শুদ্ধি’ অনুষ্ঠানৰ দ্বাৰা ধৰ্মান্তকৰণৰ ব্যৱস্থা কৰি উদাৰপন্থী নিয়ম প্ৰৱর্তন কৰিছিল৷

(ঙ) দেবেন্দ্ৰ নাথ ঠাকুৰ

উত্তৰ: 

দেবেন্দ্ৰ নাথ ঠাকুৰ: দেবেন্দ্ৰ নাথ ঠাকুৰ বিখ্যাত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ অনুগামী আছিল। তেওঁ ভাৰতীয় সমাজখনত সতীদাহ প্ৰথাৰ উচ্ছেদ সাধন, বিধবা বিবাহ প্ৰচলন, স্ত্ৰীশিক্ষাৰ প্ৰৱৰ্তন কৰিব বিচাৰিছিল৷ ৰাজা ৰামমোহন ৰায়ৰ মৃত্যুৰ পাছত ‘ব্ৰাহ্ম সমাজ’-ৰ গুৰি ধৰিছিল দেবেন্দ্ৰ নাথ ঠাকুৰ আৰু কেশৱ চন্দ্ৰ সেনে।

৫৷ ৫০টা শব্দৰ ভিতৰত উত্তৰ লিখা —

(ক) চিৰস্থায়ী বন্দৱস্ত কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি?

উত্তৰ: চিৰস্থায়ী বন্দৱস্ত লৰ্ড কৰ্নৱালিছে প্ৰৱৰ্তন কৰিছিল।

ইয়াৰ চৰ্তবোৰ হ’ল—

i)  কৃষিভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দৱস্তী লগোৱা হৈছিল৷

ii)  জমিদাৰসকলে মাটি ভোগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহ সময় মতে দিব নোৱাৰিলে তেনে জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল।

iii) জমিদাৰসকলে নিৰ্ধাৰিত পৰিমাণৰ ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল৷

iv) এই আইন মতে পুৰণি জমিদাৰবিলাকে ৰাজহ দিব নোৱাৰিলে তেওলোকৰ মাটি নিলামত বিক্ৰী হৈছিল৷

(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি?

উত্তৰ: ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ হল —

i)  পূর্বতে ভাৰতৰ বিভিন্ন ঠাইত ভিন ভিন আইন কানুন চলিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে একে ধৰণৰ আইন-আদালতৰ ব্যৱস্থা কৰিছিল৷

ii) লৰ্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত কিছু সালসলনি কৰিছিল৷

iii) গৱৰ্নক জেনেৰেল লৰ্ড ময়ৰা বা হেষ্টিংছৰ দিনত ভাৰতীয় লোকসকলক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্সিফসকলৰ ক্ষমতা বৃদ্ধি কৰিছিল।

iv) লর্ড বেণ্টিকে ভ্ৰাম্যমাণ বিচাৰালয় আৰু আপীল আদালতসমূহ তু্লি দি বিচাৰকার্যৰ অযথা বিলম্ব পথ বন্ধ কৰিছিল৷

(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি কি আছিল?

উত্তৰ: ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ হ’ল—

(i) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে স্ত্ৰীশিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি লৈছিল। 

(ii) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধবাসকলৰ পুনৰবিবাহৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্ব দিছিল আৰু ইয়াৰ প্ৰচলনৰ হকে চেষ্টা কৰিছিল৷ তেখেতে নিজ পুত্ৰৰ লগত এগৰাকী বিধবা মহিলাৰ বিবাহ কার্য সম্পন্ন কৰি সমাজত বিধবা বিবাহৰ দৃষ্টান্ত দেখুৱাইছিল।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ