গাঁও পঞ্চায়ত— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) কোনে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল?

উত্তৰ: মহাত্মা গান্ধীয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল।

(খ) গাঁও পঞ্চায়তত মুঠ আসনৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত?

উত্তৰ: গাঁও পঞ্চায়তত মুঠ আসনৰ ৩৩% আসন মহিলাৰ বাবে সংৰক্ষিত।

(গ) ভোটাধিকাৰ পাবলৈ হ’লে কিমান বছৰ পূৰ্ণ হ’ব লাগিব?

উত্তৰ: ভোটাধিকাৰ পাবলৈ হ’লে ১৮ বছৰ পূৰ্ণ হ’ব লাগিব।

(ঘ) শেহতীয়া অসম পঞ্চায়ত আইনখন কোন চনত গ্ৰহণ কৰা হয়?

উত্তৰ: শেহতীয়া অসম পঞ্চায়ত আইনখন ১৯৯৪ চনত গ্ৰহণ কৰা হয়।

২। খালী ঠাই পূৰ কৰা—

(ক) গাঁওসভাৰ বৈঠক আহ্বান কৰিববৰ বাবে ______ দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।

উত্তৰ: গাঁওসভাৰ বৈঠক আহ্বান কৰিববৰ বাবে  ১৫  দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।

(খ) পৌৰ নিগমৰ কাৰ্যকাল ______ বছৰ।

উত্তৰ: পৌৰ নিগমৰ কাৰ্যকাল  ৫  বছৰ।

(গ) একোখন গাঁও পঞ্চায়ত এলেকাত ______ টা আঞ্চলিক সমষ্টি থাকে।

উত্তৰ: একোখন গাঁও পঞ্চায়ত এলেকাত  ১০  টা আঞ্চলিক সমষ্টি থাকে।

(ঘ) গুৱাহাটী পৌৰ নিগম ______ চনত স্থাপন কৰা হয়।

উত্তৰ: গুৱাহাটী পৌৰ নিগম  ১৯৭৪  চনত স্থাপন কৰা হয়।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—

(ক) গাঁও পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ/৬ বছৰ/৪ বছৰ।

উত্তৰ: গাঁও পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ।

(খ) পৌৰসভাৰ সদস্য বা সদস্যাগৰাকীক পৌৰপতি/ কাউন্সিলৰ/ কমিচনাৰ বোলা হয়।

উত্তৰ: পৌৰসভাৰ সদস্য বা সদস্যাগৰাকীক কমিচনাৰ বোলা হয়।

(গ) পৌৰ নিগমৰ সদস্যৰ সংখ্যা ৩০ জন/ ২০ জন/ ৬০ জনৰ অধিক হ’ব নোৱাৰে।

উত্তৰ: পৌৰ নিগমৰ সদস্যৰ সংখ্যা ৬০ জনৰ অধিক হ’ব নোৱাৰে।

(ঘ) গাঁও পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত ৬০০০ ৰ পৰা ৮০০০/ ৯০০০/ ১০০০০ লৈ জনসংখ্যা থকা উচিত।

উত্তৰ: গাঁও পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত ৬০০০ ৰ পৰা ১০০০০ লৈ জনসংখ্যা থকা উচিত।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা—

(ক) গাঁৱৰ সকলো প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাঁও সভা।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— কোনো এখন গাঁও বা পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকলক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাঁও সভা।

(খ) গাঁও সভাক ১০টা ৱাৰ্ডত ভাগ কৰা হয়।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— প্ৰতিটো গাঁও পঞ্চায়তক ১০টা ৱাৰ্ডত ভাগ কৰা হয়।

(গ) গাঁও পঞ্চায়ত হ’ল সভাপতি আৰু সদস্যসকলক লৈ গঠিত গাঁৱৰ প্ৰশাসনিক সংগঠন।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— গাঁও পঞ্চায়ত হ’ল সভাপতি বা সভানেত্ৰী, উপসভাপতি‍ আৰু সদস্যসকলক লৈ গঠিত গাঁৱৰ প্ৰশাসনিক সংগঠন।

(ঘ) ১৮ বছৰ পূৰ হোৱা সকলো প্ৰাপ্তবয়স্ক লোকেই গাঁও পঞ্চায়তৰ সদস্য।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— ১৮ বছৰ পূৰ হোৱা আৰু ভোটাৰ তালিকাত নাম থকা সকলো প্ৰাপ্তবয়স্ক লোকেই গাঁও সভাৰ সদস্য।

৫। গাঁও পঞ্চায়ত কিদৰে গঠন কৰা হয়?

উত্তৰ: ৬০০০ ৰ পৰা  ১০০০০ জনসংখ্যা থকা এলেকা এটাত গাঁও পঞ্চায়ত গঠন কৰা হয়। পঞ্চায়ত গঠন কৰিবলৈ ১০ জন সদস্য/ সদস্যা আৰু এজন সভাপতি লাগে। নিৰ্বাচনৰ সুবিধাৰ বাবে পঞ্চায়ত এলেকাক ১০টা আঞ্চলিক সমষ্টিত ভাগ কৰা হয়। প্ৰতিটো সমষ্টিৰ এজনকৈ সদস্য ৰাইজে ভোটৰ দ্বাৰা নিৰ্বাচিত কৰে। পঞ্চায়তৰ অন্তৰ্গত এজন লোকক ৰাইজে প্ৰত্যক্ষভাৱে সভাপতি নিৰ্বাচন কৰে। এইদৰে এজন সভাপতি/ সভানেত্ৰী আৰু ১০ জন সদস্য/সদস্যাৰে গাঁও পঞ্চায়ত গঠন হয়।

৬। গাঁও পঞ্চায়তৰ যিকোনো তিনিটা কাম উল্লেখ কৰা।

উত্তৰ: গাঁও পঞ্চায়তৰ তিনিটা কাম হ’ল—

(i) পঞ্চায়তৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰা। 

(ii) খোৱা পানীৰ যোগান ধৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ব্যৱস্থা কৰা।

(iii) ৰাজহুৱা বাট-পথ আৰু নলা-নৰ্দমা ব্যৱস্থা কৰা।

৭। নগৰ অঞ্চলৰ শাসন ব্যৱস্থাত থকা নিকায়সমূহ কি কি?

উত্তৰ: নগৰ অঞ্চলৰ শাসন ব্যৱস্থাত থকা নিকায়সমূহ হ’ল— 

(i) নগৰ সমিতি 

(ii) পৌৰ সভা 

(iii) পৌৰ নিগম।

৮। গাঁও সভাৰ বৈঠকখন ‘থূল’ হোৱা বুলি কেতিয়া গণ্য কৰা হয়?

উত্তৰ: গাঁও সভাৰ বৈঠকখনত মুঠ ভোটাৰৰ কমেও ১০% বা ১০০ জন লোক উপস্থিত থাকিলে বৈঠকখন ‘থূল’ হোৱা বুলি গণ্য কৰা হয়।

৯। প্ৰতিটো গাঁও পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱাৰ কাৰণ কি?

উত্তৰ: নিৰ্বাচনৰ সুবিধাৰ বাবে গাঁও পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰা হৈছে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ