গ্ৰহ আৰু নক্ষত্ৰৰ কথা— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১৷ খালী ঠাই পূৰ কৰা:

ক) ৰাতিৰ আকাশত তিৰ্‌বিৰাই থকা তৰাবোৰক _______  বুলি কোৱা হয়৷

উত্তৰ: ৰাতিৰ আকাশত তিৰ্‌বিৰাই থকা তৰাবোৰক  নক্ষত্ৰ  বুলি কোৱা হয়৷

খ) আমি পোহৰ আৰু তাপ পোৱা নক্ষত্ৰটোৰ নাম _______৷

উত্তৰ: আমি পোহৰ আৰু তাপ পোৱা নক্ষত্ৰটোৰ নাম  সূৰ্য ৷

গ) সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম _______৷

উত্তৰ: সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম  বুধ ৷

ঘ) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম _______৷

উত্তৰ: সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম  নেপচুন ৷

ঙ) আমি বাস কৰা গ্ৰহটোৰ নাম _______৷

উত্তৰ: আমি বাস কৰা গ্ৰহটোৰ নাম  পৃথিৱী  ৷

২৷ উত্তৰ লিখা:

ক) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ: সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি৷

খ) সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?

উত্তৰ: সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম বুধ৷

গ) কৃত্ৰিম উপগ্ৰহ কিহৰ সহায়ত আকাশলৈ পঠিয়ায়?

উত্তৰ: ৰকেটৰ সহায়ত কৃত্ৰিম উপগ্ৰহ আকাশলৈ পঠিয়ায়৷

ঘ) ভাৰতে পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ: ভাৰতে পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আৰ্যভট্ট৷


৩৷ পাৰ্থক্য লিখা:

নক্ষত্ৰ আৰু গ্ৰহ

উত্তৰ: 

নক্ষত্ৰ গ্ৰহ
নক্ষত্ৰবিলাকৰ নিজা তাপ আৰু পোহৰ আছে৷ গ্ৰহবিলাকৰ নিজা তাপ আৰু পোহৰ নাই৷
নক্ষত্ৰবিলাক ৰাতিৰ আকাশত তিৰ্‌বিৰাই থাকে৷ গ্ৰহবিলাক ৰাতিৰ আকাশত তিৰ্‌বিৰাই নাথাকে৷ ইহঁত স্থিৰ হৈ থাকে৷

৪৷ কৃত্ৰিম উপগ্ৰহৰ সহায়ত কৰা দুটা কামৰ বিষয়ে লিখা৷

উত্তৰ: কৃত্ৰিম উপগ্ৰহৰ সহায়ত কৰা দুটা কাম হ’ল—

(ক) বতৰৰ আগজানীন দিয়াত সহায় কৰে৷

(খ) দূৰদৰ্শনৰ ছবি আৰু বাৰ্তা প্ৰেৰণ কৰাত সহায় কৰে৷

৫৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা:

‘ক’ ‘খ’
শুক্ৰ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ
বৃহস্পতি জীৱ থকা গ্ৰহ
বুধ পৃথিৱীৰ ওচৰত থকা গ্ৰহ
পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ
নেপচুন আটাইতকৈ ডাঙৰ গ্ৰহ

উত্তৰ:

‘ক’ ‘খ’
শুক্ৰ পৃথিৱীৰ ওচৰত থকা গ্ৰহ
বৃহস্পতি  আটাইতকৈ ডাঙৰ গ্ৰহ
বুধ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ
পৃথিৱী জীৱ থকা গ্ৰহ
নেপচুন সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ