যাতায়ত— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) যাতায়ত বুলিলে কি বুজা?

উত্তৰ: এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা-যোৱা কৰা কাৰ্যই হৈছে যাতায়ত।

(খ) চকাৰ আৱিষ্কাৰ হোৱাৰ আগত মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল?

উত্তৰ: চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে উট, ঘোঁৰা, হাতী, গাধ আদি জীৱ-জন্তুৰ সহায়ত বয়-বস্তু কঢ়িয়াইছিল।

(গ) উন্নত যাতায়ত ব্যৱস্থাৰ কিয় প্ৰয়োজন?

উত্তৰ: বিভিন্ন দেশৰ মাজত শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আৰু শিক্ষা, কৃষি, শিল্প-বাণিজ্য, চিকিৎসা ব্যৱস্থা, খেলা-ধূলা আদিৰ বাবে উন্নত যাতায়ত ব্যৱস্থাৰ প্ৰয়োজন৷

(ঘ) পৰিবহণ ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰ: যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াই নিয়া ব্যৱস্থই হৈছে পৰিবহণ ব্যৱস্থা।

(ঙ) ভাৰতবৰ্ষত কি কি পৰিবহণ ব্যৱস্থা আছে?

উত্তৰ: ভাৰতবৰ্ষত ৰে’ল পৰিবহণ, পথ পৰিবহণ, জল পৰিবহণ, আকাশী পথ পৰিবহণ আৰু ৰছী পৰিবহণ ব্যৱস্থা আছে।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
ৰে’ল পথত চলা বাহন উৰাজাহাজ, হেলিকপ্টাৰ
আলিবাটত চলা বাহন নাও, ছাবমেৰিন 
আকাশত চলা বাহনৰে’লগাড়ী, ট্ৰাম বাছ
পানীত চলা বাহন ৰিক্সা, চাইকেল, ট্ৰাক

উত্তৰ:

‘ক’ ‘খ’
ৰে’ল পথত চলা বাহন ৰে’লগাড়ী, ট্ৰাম বাছ
আলিবাটত চলা বাহন ৰিক্সা, চাইকেল, ট্ৰাক
আকাশত চলা বাহন উৰাজাহাজ, হেলিকপ্টাৰ
পানীত চলা বাহন নাও, ছাবমেৰিন

৩। খালী ঠাই পূৰ কৰা—

(ক) অসমৰ প্ৰথম ৰে’লপথটো আছিল ______ ৰে’লপথ।

উত্তৰ: অসমৰ প্ৰথম ৰে’লপথটো আছিল  ডিব্ৰুগড়  ৰে’লপথ।

(খ) ভাৰতবৰ্ষত ______ চনত প্ৰথম ৰে’লপথ চৰকাৰীভাৱে মুকলি কৰা হয়।

উত্তৰ: ভাৰতবৰ্ষত  ১৮৫৩  চনত প্ৰথম ৰে’লপথ চৰকাৰীভাৱে মুকলি কৰা হয়।

(গ) অসমত বৰ্তমান প্ৰায়  ______ কি:মি: পথ নিৰ্মাণ কৰা হৈছে।

উত্তৰ: অসমত বৰ্তমান প্ৰায়  ৮২,৬৪১  কি:মি: পথ নিৰ্মাণ কৰা হৈছে।

(ঘ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ’ল ______ আৰু  ______

উত্তৰ: ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ’ল  নিমাতীঘাট  আৰু বিশ্বনাথ  চাৰিআলি‍ 

(ঙ) গুৱাহাটী আৰু দিল্লীৰ মাজত ______ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়।

উত্তৰ: গুৱাহাটী আৰু দিল্লীৰ মাজত  ১৯৮১  চনৰ পৰা বিমান চলাচল আৰম্ভ হয়।

৪। চমু টোকা লিখা—

(ক) জল পৰিবহণ (খ) ৰে’ল পৰিবহণ (গ) ৰছী পৰিবহণ (ঘ) আকাশী পৰিবহণ

উত্তৰ: 

জল পৰিবহণ: জল পৰিবহণ ব্যৱস্থা অতি কম খৰচী পৰিবহণ ব্যৱস্থা। ভাৰতৰ নদীসমূহত বাৰমাহেই পানী উপচি থাকে বাবে গোটেই বছৰ জুৰি জল পৰিবহণ ব্যৱস্থা সুচল হৈ থাকে। অসমত শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কিল’মিটাৰ দীঘল জলপথক ৰাষ্ট্ৰীয় জলপথ ঘোষণা কৰা হৈছে। জল পৰিবহণত ব্যৱহাৰ কৰা বাহন হ’ল— নাও, জাহাজ ফেৰী, ছাবমেৰিন।

ৰে’ল পৰিবহণ: ভাৰতবৰ্ষৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থা হ’ল ৰে’ল পৰিবহণ ব্যৱস্থা। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত মুম্বাই আৰু থানেৰ মাজত প্ৰায় ১১ মাইল দীঘল ৰে’লপথত চৰকাৰীভাৱে মুকলি কৰা হয়। এইটো আছিল ভাৰতৰ প্ৰথম ৰে’ল পথ। ভাৰতবৰ্ষত তিনি প্ৰকাৰৰ ৰে’ল পথৰ ব্যৱস্থা আছে। এইকেইটা হৈছে ব্ৰডগজ, মিটাৰ গজ, আৰু ঠেক গজ। অসমৰ প্ৰথম ৰে’লপথটো হৈছে ডিব্ৰু-শদিয়া ৰেলপথ। 

ৰছী পৰিবহণ: ভাৰতৰ আন চাৰি প্ৰকাৰৰ পৰিবহণ ব্যৱস্থাৰ উপৰি আন এক প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা আছে। এইবিধ পৰিবহণ হ্’ল ৰছী পৰিবহণ ব্যৱস্থা। ই কম খৰচী পৰিবহণ ব্যৱস্থা। পাহাৰৰ দুৰ্গম অঞ্চলত যাতায়ত ব্যৱস্থাৰ উপৰি খনিৰ পৰা চূণশিল কয়লা আদি কঢ়িয়াবলৈ ৰছী পৰিবহণ ব্যৱস্থাৰ সহায় লোৱা হয়। 

আকাশী পৰিবহণ: আটাইতকৈ বেগী পৰিবহণ ব্যৱস্থা হৈছে আকাশী পৰিবহণ ব্যৱস্থা। এই ব্যৱস্থা আৰামদায়ক, কিন্তু ব্যয়বহুল। এই ব্যৱস্থাৰ জৰিয়তে ভাৰতবৰ্ষই বিভিন্ন ঠাইৰ লগত যোগাযোগ ৰাখিছে। ১৯৮১ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচল আৰম্ভ হোৱাৰ ফলত অসমৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ হৈছে।

৫। তলৰ অশুদ্ধ বাক্যকেইটা শুদ্ধ কৰি লিখা—

(ক) বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰেলপথৰ ব্যৱস্থা হোৱা নাই।

উত্তৰ: শুদ্ধ।

(খ) অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ, জিলা গড়কাপ্তানি পথ, জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি।

উত্তৰ: শুদ্ধ।

(গ) জল পৰিবহণ ব্যৱস্থা বৰ ব্যয়বহুল।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— জল পৰিবহণ ব্যৱস্থা কম খৰচী।

(ঘ) অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা আছে।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা নাই।

(ঙ) ভাৰতত ৰছী পৰিবহণ ব্যৱস্থা আছে।

উত্তৰ: শুদ্ধ।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ