জীৱ আৰু পৰিৱেশ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১. উত্তৰ লিখা:

ক) কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ: খাদ্যৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে৷

খ) পোহনীয়া প্ৰণীবোৰক আমি কিয় যত্ন ল’ব লাগে?

উত্তৰ: পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰতে প্ৰধানকৈ‍ নিৰ্ভৰ কৰে৷ তদুপৰি এই পোহনীয়া প্ৰাণীবিলাকে মানুহক বহুতো ক্ষেত্ৰতে সহায় কৰে৷ আৰ্থিক দিশতো এইবিলাকে অৰিহণা যোগায়৷ সেয়ে আমি পোহনীয়া প্ৰাণীবোৰক যত্ন ল’ব লাগে৷

গ) কোন কোন প্ৰাণীৰ পৰা কি কি খাদ্য পাওঁ?

উত্তৰ: গৰু, ম’হ, ছাগলীৰ পৰা গাখীৰ পাওঁ; হাঁহ, মুর্গীৰ পৰা কণী পাওঁ; ছাগলী, মুর্গী, হাঁহ, পাৰ আদিৰ পৰা মাংস পাওঁ; মাছো খাদ্য হিচাপে আমি খাওঁ৷

ঘ) খাদ্যশৃংখল বুলিলে কি বুজা?

উত্তৰ: খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ ইয়াৰ ফলত জীৱজগতৰ মাজত কিছুমান শিকলিসদৃশ শৃংখলৰ সৃষ্টি হয়৷ মূল উৎপাদক উদ্ভিদত আৰম্ভ হৈ এই যি শিকলিসদৃশ একো একোটা শৃংখলৰ সৃষ্টি হয়, তাকে খাদ্যশৃংখল বুলি কোৱা হয়৷

ঙ) গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰৰ নাম লিখা৷

উত্তৰ: গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰ হ’ল— পনীৰ, মাখন৷

২. তলত দিয়া নামবোৰৰ পৰা খাদ্যশৃংখল সাজা:

ক) গৰু, ঘাঁহ, বাঘ

উত্তৰ: ঘাঁহ  ⟶  গৰু ⟶ বাঘ৷

খ) গছৰ পাত, ভেকুলী, ফৰিং

উত্তৰ: গছৰ পাত ⟶ ফৰিং ⟶ ভেকুলী৷

গ) শিয়াল, কেঁচু, হাঁহ

উত্তৰ: কেঁচু ⟶  হাঁহ ⟶ শিয়াল৷

ঘ) সাপ, এন্দুৰ, চিলনী

উত্তৰ: এন্দুৰ ⟶  সাপ ⟶  চিলনী৷

৩. খালী ঠাই পূৰ কৰা:

ক) বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণীক লৈ আমাৰ ______ গঠিত হৈছে৷

উত্তৰ: বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণীক লৈ আমাৰ  পৰিৱেশ  গঠিত হৈছে৷

খ) উদ্ভিদে ______ ৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে৷

উত্তৰ: উদ্ভিদে  আহাৰৰ  বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে৷

গ) ফৰিঙে সৰু সৰু ______ খায়৷

উত্তৰ: ফৰিঙে সৰু সৰু   কীট-পতংগ  খায়৷

ঘ) পোহনীয়া প্ৰাণীক আমি ______ ল’ব লাগে৷

উত্তৰ: পোহনীয়া প্ৰাণীক আমি  যত্ন  ল’ব লাগে৷

ঙ) হাতীয়ে হাবিত ______ কঢ়িয়ায়৷

উত্তৰ: হাতীয়ে হাবিত  কাঠ  কঢ়িয়ায়৷

৪. শুদ্ধ উত্তৰ বাছি উলিওৱা:

ক) প্ৰাণীয়ে‍/ উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে৷

উত্তৰ: উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে৷

খ) খাদ্যৰ/বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে৷

উত্তৰ: খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে৷

গ) প্ৰাণীবোৰে পৰিৱেশৰ সমতা/ ক্ষমতা ৰক্ষা কৰে৷

উত্তৰ: প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে৷

ঘ) বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্ৰাণীক প্ৰতিষেধক বেজী দিব লাগে/ নালাগে৷

উত্তৰ: বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্ৰাণীক প্ৰতিষেধক বেজী দিব লাগে৷

৫. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা:

‘ক’ ‘খ’
তৃণভোজী প্ৰাণীক পৰিৱেশৰ সমতা ৰক্ষা কৰে
প্ৰাণীবোৰে‍ মাংসভোজী প্ৰাণীয়ে খায়
পোহনীয়া প্ৰাণীবোৰে পৰিৱেশ পৰিষ্কাৰ কৰে
কাউৰী, চিলনীয়ে আমাক সহায় কৰে

উত্তৰ:

‘ক’ ‘খ’
তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায় 
প্ৰাণীবোৰে‍ পৰিৱেশৰ সমতা ৰক্ষা কৰে
পোহনীয়া প্ৰাণীবোৰে আমাক সহায় কৰে
কাউৰী, চিলনীয়ে পৰিৱেশ পৰিষ্কাৰ কৰে 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ