জীৱন ধাৰণ প্ৰণালী— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি খেতি কৰে?

উত্তৰ: গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। তেওঁলোকে ধান, মৰাপাট, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ আদিৰ খেতি কৰে। 

(খ) চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি খেতি কৰে?

উত্তৰ: চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য, যেনে‍— মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে।

(গ) জুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয়?

উত্তৰ: পাহাৰৰ এঢলীয়া ঠাইত হাবি‍-জংঘল কাটি জ্বলাই দি সেই ঠাইত খেতি কৰা হয়৷ এনেদৰে কৰা খেতিকেই জুম খেতি বুলি কোৱা হয়৷ এই কৃষি পদ্ধতিৰে আহুধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়।

(ঘ) নৈৰ পাৰৰ লোকসকলে কিদৰে জীৱন নির্বাহ কৰে?

উত্তৰ: নৈৰ পাৰত বসবাস কৰা লোকসকলে‍ কৃষিজীৱী আৰু মৎস্যজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে।

(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত?

উত্তৰ: চাহ বাগিচাৰ শ্ৰমিকসকল বাগানৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা-নিয়া কৰা, যন্ত্ৰ-পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
প্রাকৃতিক দিশৰ পৰা অসম এখন অঘৰী জীৱন যাপন কৰিছিল।
অসমৰ ভৈয়াম আৰু পাহাৰ দুয়োটা অঞ্চলত চহকী ৰাজ্য।
আদিম মানুহে ৰবি শস্য কৰে।
চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে চাহ বাগিচা দেখা যায়।

উত্তৰ:

‘ক’ ‘খ’
প্রাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য।
অসমৰ ভৈয়াম আৰু পাহাৰ দুয়োটা অঞ্চলত চাহ বাগিচা দেখা যায়।
আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল।
চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে বি শস্য কৰে।

৩। খালী ঠাই পূৰ কৰা— 

(ক) খৰালি কালত পাহাৰীয়া অঞ্চলত ______ অভাৱ হয়।

উত্তৰ: খৰালি কালত পাহাৰীয়া অঞ্চলত  পানীৰ  অভাৱ হয়।

(খ) ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ______ ভূমি।

উত্তৰ: ভৈয়াম অঞ্চলবোৰ সাধাৰণতে  সমতল  ভূমি।

(গ) পাহাৰ অঞ্চলৰ লোকসসকলে সাধাৰণতে ______  কৰে।

উত্তৰ: পাহাৰ অঞ্চলৰ লোকসসকলে সাধাৰণতে  জুম খেতি  কৰে।

(ঘ) অসমত পাহাৰ, ভৈয়াম দুয়ো ঠাইতে ______ অঞ্চল আছে।

উত্তৰ: অসমত পাহাৰ, ভৈয়াম দুয়ো ঠাইতে  গাঁও  অঞ্চল আছে।

(ঙ) ______  লোকসকল কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে।

উত্তৰ:  গাঁৱৰ   লোকসকল কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা।

(ক) প্রাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ ৰূপ— প্ৰাচীন কালত মানুহে অঘৰী জীৱন যাপন কৰছিল।

(খ) উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নির্বাহৰ মূল উপায়।

উত্তৰ: শুদ্ধ৷

(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।

উত্তৰ: শুদ্ধ৷

(ঘ) কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নির্বাহ কৰে।

উত্তৰ: শুদ্ধ৷

(ঙ) চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে।

উত্তৰ:  শুদ্ধ৷

৫। জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল?

উত্তৰ: আদিম মানুহে‍ খাদ্যৰ সন্ধানত ঘুৰি-ফুৰোঁতে ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দে‍খিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল-পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰেই জুই আৱিষ্কাৰ হৈ‍ছিল।

৬। আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল?

উত্তৰ: আদিম কালত মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুড়ি‍ কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল।

৭। পাৰ্থক্য লিখা— 

(ক) গাঁও আৰু চহৰ

উত্তৰ:

গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য হৈছে—

গাঁও চহৰ
গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কৃষি। চহৰৰ মানুহৰ প্ৰধান জীৱিকা চাকৰি আৰু ব্যৱসায়।
গাঁও অঞ্চলত জনবসতি পাতল। চহৰ অঞ্চলৰ জনবসতি ঘন।
গাঁৱৰ যাতায়ত ব্যৱস্থা উন্নত নহয়। চহৰৰ যাতায়ত ব্যৱস্থা উন্নত।
গাঁৱত যান-বাহনৰ সংখ্যা কম। চহৰত যান-বাহনৰ সংখ্যা বেছি।
গাঁৱত শিক্ষা, চিকিৎসা, ব্যৱসায় আদিৰ সুবিধা কম থাকে। চহৰত শিক্ষা, চিকিৎসা, ব্যৱসায় আদিৰ সুবিধা অধিক।

(খ) ভৈয়াম আৰু পাহাৰ

উত্তৰ: ভৈয়াম আৰু পাহাৰৰ মাজত পাৰ্থক্য হৈছে—

ভৈয়াম পাহাৰ
ভৈয়াম অঞ্চলবোৰ সমতল ভূমি‍। পাহাৰ অঞ্চলৰ মাটি ওখ-চাপৰ।
ভৈয়াম অঞ্চলৰ যাতায়ত ব্যৱস্থা সুচল৷ পাহাৰীয়া অঞ্চলৰ যাতায়তৰ সুচলতা কম।
গাঁৱৰ যাতায়ত ব্যৱস্থা উন্নত নহয়। পাহাৰত খৰালি কালত খোৱা পানীৰ অভাৱ হয়।
ভৈয়াম অঞ্চলত জুম খেতিৰ প্ৰচলন নাই৷ পাহাৰ অঞ্চলত জুম খেতিৰ প্ৰচলন আছে৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ