কি, ক’ত, কেতিয়া আৰু কেনেকৈ— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

১) উত্তৰ লিখা—

ক) ইতিহাস কাক বোলে?

উত্তৰ: অতি প্ৰাচীন কালৰে পৰা বর্তমান সময়লৈকে পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ঘটনা ঘটি আহিছে বা কাম-কাজ চলি আহিছে৷ আগে‍য়ে ঘটি যোৱা বিভিন্ন ঘটনা বা কাম-কাজৰ বিষয়ে অধ্যয়নৰ যি শাখাই আমাক যথাযথভাৱে জানিবলৈ দিয়ে, তাকেই ইতিহাস বুলি কোৱা হয়৷  

খ) সাধুকথা আৰু ইতিহাসে একে অর্থ নুবুজায় কিয়?

উত্তৰ: সাধুকথা হ’ল কিছুমান লোককথা বা কাহিনী, যিবোৰ যুগে যুগে মানুহৰ মুখে মুখে চলি আহিছে৷ ইয়াৰে কিছুমানে লিখিত ৰূপো পাইছে৷ এই ‍কাহিনীসমূহ শুনিবলৈ আমোদজনক; কিন্তু এই কাহিনীসমূহৰ নির্ভৰযোগ্য তথ্য-প্ৰমাণ বিচাৰি পাবলৈ টান৷ অর্থাৎ এই কাহিনীসমূহৰ সত্যতা থাকিবও পাৰে, নাথাকিবও পাৰে৷ আনহাতে নির্ভৰযোগ্য তথ্য-প্ৰমাণৰ আধাৰত অতি প্ৰাচীন কালৰে পৰা বর্তমান সময়লৈকে পৃথিৱীৰ বিভিন্ন ঠাইত ঘটা বিভিন্ন ঘটনা বা কাম-কাজৰ লিখিত ৰূপেই হ’ল ইতিহাস৷ সেয়ে সাধুকথা আৰু ইতিহাসে একে অর্থ নুবুজায়৷‍ 

গ) ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি?

উত্তৰ: ইতিহাস অধ্যয়নৰ সমলবোৰ হ’ল— বাচন-বর্তন, আ-অলংকাৰ, সঁজুলি‍, মূর্তি, গছৰ বাকলিৰ লিপি, শিলালিপি, তামৰ ফলি, প্ৰাচীন মুদ্ৰা, প্ৰাচীন সাহিত্য, বিদেশী পর্যটকৰ টোকা, অট্টালিকাৰ ভগ্নাৱশেষ, চিত্ৰ, ভাস্কর্য আদি৷

ঘ) বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অর্ন্তগত?

উত্তৰ: বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয়৷ বেদ, পুৰাণ, মহাভাৰত আদি সাহিত্য সম্বন্ধীয় সমল৷

ঙ) বর্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা?

উত্তৰ: ইতিহাস হ’ল সমাজ এখনৰ দাপোণস্বৰূপ৷ ইতিহাসৰ পাটৰ পৰা অতীতত ঘটা মানৱ জীৱনৰ বিভিন্ন ঘটনাপ্ৰবাহ, খাদ্যাভাস, বাসস্থান, সাজ-পোছাক, জীৱন ধাৰণৰ মান, সাহিত্য-সংস্কৃতি, আমোদ-প্ৰমোদ, এটা জাতিৰ উত্থান-পতন আদি সকলো বিষয়ে জানিব পাৰোঁ৷ ইতিহাসে অতীতৰ বহুতো কথাৰ সম্ভেদ দিয়ে৷ আমি সকলোৱে নিজ দেশৰ ঐতিহ্য, পৰম্পৰা, ক’লা-সংস্কৃতি ‍আদি জনাটো প্ৰয়োজন৷ ইতিহাসৰ পৰাই যিহেতু আমি এই সকলো আহৰণ কৰিব পাৰোঁ, সেয়ে ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা আছে‍৷

চ) বুৰঞ্জী আৰু ইতিহাসৰ পার্থক্য কি?

উত্তৰ: অসমীয়া ভাষাত ‘বুৰঞ্জী’ আৰু ‘ইতিহাস’ শব্দ দুটা একেটা অর্থতে‍ ব্যৱহাৰ কৰা হয় যদিও এই দুয়োটা শব্দৰ মাজত কিছু গুণগত পার্থক্য দেখা যায়৷ সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায়৷ ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে৷ আনহাতে ইতিহাসে কেৱল ৰজা-মহাৰজাসকলৰ জীৱনীয়েই নহয়, অতীতৰ পৃথিৱীত ঘটি যোৱা বিভিন্ন ঘটনাপ্ৰবাহৰ লগতে মানুহৰ জীৱনৰ সকলো দিশৰ বিষয়ে আমাক যথাযথভাৱে জানিবলৈ দিয়ে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ