মধ্য যুগৰ অসম— সমাজ বি‍জ্ঞান, অষ্টম শ্ৰেণী

১) উত্তৰ লিখা —

(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?

উত্তৰ: ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।

(খ) চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল?

উত্তৰ: চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন— বুঢ়াগোহাঁই আৰু বৰগোহাঁই।

(গ) মূলাগাভৰু কোন আছিল?

উত্তৰ: মূলাগাভৰু আহোম ৰাজত্বকালৰ এগৰাকী বীৰাংগনা আছিল৷ তেওঁ ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল।

(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?

উত্তৰ: ১৬৮১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে।

(ঙ) কোচ ৰজা নৰনাৰায়ণে‍ কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?

উত্তৰ: কোচ ৰজা নৰনাৰায়ণে‍ ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল।

(চ) চুটিয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?

উত্তৰ: চুটিয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ।

২) ক্ৰমানুসাৰে সজোৱা —

(ক) য়াণ্ডাবু সন্ধি।

(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।

(গ) শৰাইঘাটৰ যুদ্ধ।

(ঘ) মিৰ্‌জুমলাৰ অসম আক্ৰমণ।

(ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।

(চ) ইখ্‌তিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ।

উত্তৰ: 

(ক) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।

(খ) ইখ্‌তিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ।

(গ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।

(ঘ) মিৰ্‌জুমলাৰ অসম আক্ৰমণ।

(ঙ) শৰাইঘাটৰ যুদ্ধ।

(চ) য়াণ্ডাবু সন্ধি।

৩) শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা—

(ক) আহোমসকল অসমলৈ অহাৰ পৰা য়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ।

উত্তৰ: শুদ্ধ।

(খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে।

উত্তৰ: অশুদ্ধ।

(গ) মিৰ্‌জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল।

উত্তৰ: শুদ্ধ।

(ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য বৃটিছৰ অধীনস্থ হয়।

উত্তৰ: অশুদ্ধ।

(ঙ) চুটিয়াসকল বৈষ্ণৱধৰ্মী আছিল।

উত্তৰ: অশুদ্ধ।

(চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী–আফগানসকলক ভূঞাসকলে সহায় কৰিছিল।

উত্তৰ: অশুদ্ধ।

৪) খালী ঠাই পূৰোৱা—

(ক) আহোমসকলে অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন _______ নামেৰে পৰিচিত হয়।

উত্তৰ: আহোমসকলে অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন  অসম  নামেৰে পৰিচিত হয়। 

(খ) আহোমসকলে _______ নামৰ দেৱতাক পূজা-সেৱা কৰিছিল।

উত্তৰ: আহোমসকলে  চোমদেউ  নামৰ দেৱতাক পূজা-সেৱা কৰিছিল।

(গ)  _______ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।

উত্তৰ:  স্বর্গনাৰায়ণ  স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।

(ঘ) সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা _______ লৈ স্থানান্তৰিত কৰে।

উত্তৰ: সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা  কমতাপুৰ  লৈ স্থানান্তৰিত কৰে।

(ঙ) _______ চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।

উত্তৰ:  ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ  চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।

(চ) _______ শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।

উত্তৰ:  ভূঞা  শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।

৫) ৫০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা—

(ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?

উত্তৰ: দক্ষি‍ণ চীনৰ মাওলুং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাই পাটকাই পৰ্বত অতিক্ৰম কৰি ১২২৮ খ্ৰীষ্টাব্দত অসমৰ চৰাইদেউত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰে। এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ পৰা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰে। সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জনজাতিৰ অধীনত আছিল। মৰাণ-মটকসকলক বশ কৰাৰ লগতে এই জনগোষ্ঠীৰ লোকক বিভিন্ন পদবী দি বুদ্ধিৰে সৈমান কৰোৱাৰ লগতে‍ মৰাণ, বৰাহীসকলৰ লগত চুকাফাই বৈবাহিক সম্পৰ্কও স্থাপন কৰিছিল৷ চুকাফা আৰু তেওঁৰ অনুগামীসকলে এই দে‍শৰ মাটিৰ লগত নিজক বিলাই দি থলুৱা লোকক সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি বৰ অসম গঢ়িছিল৷

(খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ ফলাফল কি হ’ল?

উত্তৰ: শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। ১৬৭১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাপতি লাচিত বৰফুকন আৰু মোগল সম্ৰাট ঔৰংজেৱৰ সেনাপতি ৰামসিংহৰ মাজত গুৱাহাটীৰ পাণ্ডুৰ ওচৰৰ শৰাইঘাট নামৰ ঠাইত এই যুদ্ধ সংঘটিত হৈছিল৷ এই যুদ্ধত বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ, মান, গৌৰৱ উদ্ধাৰ কৰিছিল৷ যুদ্ধত পৰাজিত হৈ‍ ৰামসিংহ পুনৰ দিল্লীলৈ উভতি যায় আৰু আহোম ৰাজত্ব কিছু দিনলৈ নিষ্কণ্টক হৈ‍ ৰয়৷

(গ) বীৰ চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল?

উত্তৰ: বীৰ চিলাৰায় কোচ নৃপতি নৰনাৰায়ণৰ ভাতৃ তথা কোচ ৰাজ্যৰ সুদক্ষ সেনাপতি আছিল। চিলাৰায়ৰ পিতৃদত্ত নাম শুক্লধ্বজ৷ পাকৈত যুজাঁৰু তথা চিলাৰ (সেন জাতীয় এবিধ চৰাই) দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল বাবে অসম বুৰঞ্জীত তেওঁ চিলাৰায় নামেৰে‍ জনাজাত৷ চিলাৰায়ে শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লৈ‍ছিল৷ সেনাপতি চিলাৰায়ে আহোম, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল৷ 

(ঘ) বাৰভূঞাসকল কোন?

উত্তৰ: চতুর্দশ শতিকাত কমতাপুৰ ৰাজ্যখন দুভাগত বিভক্ত হওঁতে কমতেশ্বৰ দুর্ল্লভনাৰায়ণে গৌড়েশ্বৰ ধর্মনাৰায়ণৰ পৰা সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ উপহাৰস্বৰূপে লাভ কৰিছিল৷ এওঁলোকৰ ভিতৰত চণ্ডীবৰ মুখিয়াল আছিল৷ সেয়ে তেওঁক শিৰোমণি পাতিছিল৷ এই লোকসকল পাছলৈ অসমত বাৰভূঞা হিচাপে জনাজাত হয়৷ ‘ভূঞা শব্দৰ অৰ্থ মাটিৰ মালিক। বাৰভূঞাসকল ধনবল আৰু সৈন্যবলত যথেষ্ট চহকী আছিল৷ প্ৰথমতে এওঁলোক কামৰূপ ৰাজ্যৰ অধীনত সৰু সৰু অঞ্চলৰ শাসনকর্তা আছিল৷ পৰিস্থিতি সাপেক্ষে ভূঞাসকলে কেতিয়াবা স্বাধীনভাৱে আৰু কেতিয়াবা ৰজাৰ অধীনত শাসনকার্য চলাইছিল৷

(ঙ) কছাৰীসকল কোন?

উত্তৰ: কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলৰ মতে প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্য শাসন কৰিছিল৷ তেওঁলোকৰ শাসন বর্তমানৰ বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈকে বিস্তৃত আছিল৷ আহোমসকলৰ অসমলৈ আগমনৰ সময়ত কছাৰীসকলে ব্ৰহ্মপুত্ৰৰ দক্ষি‍ণ পাৰ দিখৌৰ পৰা কলঙলৈ শাসন কৰিছিল৷ কছাৰীসকলৰ কেইজনমান ৰজা নাম হ’ল মহামাণিক্য, খুনখৰা, যশোনাৰায়ণ, তাম্ৰধ্বজ, কৃষ্ণচন্দ্ৰ, গোবিন্দ্ৰচন্দ্ৰ৷ বর্তমান কছাৰীসকল অসমৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত৷ যেনে— বড়ো, কছাৰী, মেচ, ডিমাচা, গাৰো, হাজং, শৰণীয়া, সোনোৱাল ইত্যাদি৷

৬) পাঠত থকা মানচিত্ৰ দুখনৰ এটি তুলনামতলক চমুটোকা লিখা৷

উত্তৰ: পাঠত থকা মানচিত্ৰ দুখনৰ প্ৰথমখন ত্ৰয়োদশ শতিকাৰ অসমৰ আনুমানিক মানচিত্ৰ আৰু দ্বিতীয়খন ষোড়শ শতিকাৰ কোচ আৰু আহোম ৰাজ্যৰ আনুমানিক মানচিত্ৰ৷ ত্ৰয়োদশ শতিকাৰ অসমৰ মানচিত্ৰখনত কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য দৃষ্টিগোচৰ হয়৷ পশ্চিমে কৰতোৱা নদীৰ পৰা বর্তমানৰ দৰং আৰু নগাঁও জিলাৰ এই অঞ্চলটোত কামৰূপ-কমতা ৰাজ্যখন আছিল৷ এই কামৰূপ-কমতা ৰাজ্যৰ বুকুতে ষোড়শ শতিকাৰ কোচ ৰাজ্যখন সৃষ্টি হৈছিল৷ ত্ৰয়োদশ শতিকাৰ অসমৰ কেইখনমান উল্লেখযোগ্য ৰাজ্য আছিল— কমতাপুৰ, চুটিয়া, কছাৰী, খাচীয়া-জয়ন্তীয়া, আহোম, ভূঞাৰাজ্য; আনহাতে ষোড়শ শতিকাৰ ৰাজ্যসমূহ, যেনে— কোচ, আহোম, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, শ্ৰীহট্ট, ডিমৰুৱা, খৈৰাম ইত্যাদি৷ ত্ৰয়োদশ শতিকাৰ অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ আধিপত্যৰ বিপৰীতে ষোড়শ শতিকাত কোচ আৰু আহোম ৰাজ্যই অসমত আধিপত্য বিস্তাৰ কৰিছিল৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ