মহাজনপদ— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

১) সঁচা-মিছা নির্ণয় কৰা—

ক) পুৰাতত্ত্ববিদসকলে খনন কার্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল৷

উত্তৰ: সঁচা৷

খ) জনপদৰ দিনত বিভিন্ন ৰঙৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল৷

উত্তৰ: মিছা৷

গ) মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল৷

উত্তৰ: মিছা৷

ঘ) মহাজনপদৰ দিনত শস্যৰ ওপৰত ১/৬ অংশ কৰ নির্ধাৰণ কৰা হৈছিল৷

উত্তৰ: সঁচা৷

ঙ) মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি‍ হৈ আছিল৷

উত্তৰ: মিছা৷

২) শুদ্ধ উত্তৰটো বাছি উলিওৱা—

ক) তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল?

১) মগধ    ২) লিচ্ছবী     ৩) অঙ্গ     ৪) অৱন্তী

উত্তৰ: লিচ্ছবী৷

খ) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ’ল—

১) গংগা    ২) যমুনা      ৩) কোশী   ৪) মহানদী

উত্তৰ: গংগা৷

গ) তলৰ কোনখন ঠাই ষোল্ল মহাজনপদৰ অর্ন্তভুক্ত নহয়?

১) কোশল      ২) বৎস    ৩) হস্তিনাপুৰ    ৪) অৱন্তী

উত্তৰ: হস্তিনাপুৰ৷

ঘ) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?

১) বাঢ়ৈ‍      ২) কুমাৰ      ৩) শিপিনী     ৪) পেছাদাৰী স্থপতি

উত্তৰ:‍ পেছাদাৰী স্থপতি৷

ঙ) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?

১) বিম্বিসাৰ    ২) অজাতশত্ৰু      মহাপদ্মনন্দ     ৪) চন্দ্ৰগুপ্ত মৌর্য

উত্তৰ: চন্দ্ৰগুপ্ত মৌর্য৷

৩) উত্তৰ লিখা—

ক) মহাজনপদৰ দিনত কি উপায়েৰে খাদ্যশস্যৰ উৎপাদন বঢ়োৱা হৈছিল?

উত্তৰ: মহাজনপদৰ দিনত খাদ্যশস্যৰ উৎপাদন বঢ়াবলৈ অধিক পৰিমাণৰ ভূমি কম সময়তে চহাবৰ কাৰণে কাঠৰ সঁজুলিৰ পৰিৱর্তে লোৰে নিৰ্মিত দা, কুঠাৰ, কোৰ, নাঙল আদি সঁজুলিৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল৷ মহাজনপদৰ আগলৈকে নির্দিষ্ট ঠাইত বীজ সিঁচি খেতি কৰা হৈছিল, যাৰ ফলত ‍সিঁচি দিয়া বীজ চৰাই-চিৰিকটিয়ে খাই শেষ কৰিছিল৷ সেয়ে তেওঁলোকে নতুনকৈ ৰোপণ পদ্ধতিৰে কৃষি কৰিবলৈ আৰম্ভ কৰে৷ ফলত উৎপাদন বৃদ্ধি পাবলৈ ধৰে৷

খ) ৰাজন পদৰ নির্বাচন কোনে কৰিছিল?

উত্তৰ: আর্যসকলৰ একোখন সমাজক ‘জন’ বোলা হৈছিল৷ এই জনবোৰৰ প্ৰতিটোতে গৰু, ঘোঁৰা আৰু ৰথেৰে চহকী কিছু সংখ্যাক প্ৰতিপত্তিশালী লোক আছিল৷ এওেঁলাকক ‘ৰাজন্য’ বোলা হৈছিল৷ এই ৰাজন্যসকলৰ মাজৰ পৰাই বাহুবলী, শক্তিশালী আৰু যুদ্ধ বিগ্ৰহত নেতৃত্ব দিব পৰা একোজন ব্যক্তি ৰজা বা ৰাজন হৈছিল৷ অতীতত এই ধৰণে ‘ৰজা’ পদৰ সৃষ্টি হৈছিল৷

গ) মহাজনপদৰ ৰজাসকলে কিয় দুর্গ নির্মাণ কৰিছিল?

উত্তৰ: মহাজনপদৰ ৰজাসকলে বিভিন্ন কাৰণত দুর্গ নির্মাণ কৰিছিল৷ তাৰে প্ৰধান কাৰণসমূহ হ’ল— 

(i) আনৰ আক্ৰমণৰ পৰা নিজৰ ৰক্ষা৷

(ii) নিজৰ প্ৰতিপত্তি বজাই ৰখা৷

(iii) দুর্গৰ ভিতৰত বসবাস কৰা প্ৰজাবর্গক নি‍জৰ অধীনত ৰখা৷

ঘ) মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল?

উত্তৰ: মগধ শক্তিশালী হোৱাৰ বহুতো কাৰণ আছিল৷ তাৰে মূল কাৰণসমূহ হ’ল— 

(i) মগধ প্ৰাকৃতিক সম্পদত অতি চহকী আছিল৷ গংগা আৰু শোণ নদী মগধৰ মাজেদি‍ বৈ যোৱাৰ বাবে এক বিস্তৃত অঞ্চলৰ ভূমি‍ সাৰুৱা আছিল৷ এই সাৰুৱা ভূমিভাগ কৃষিকার্যত ব্যৱহাৰ কৰা হৈছিল৷ লগতে নদী দুখন ওচৰতে থকা বাবে‍ পৰিবহণ, পানীযোগান আদিৰো সুবিধা হৈছিল৷ 

(ii) মগধৰ হাবিত থকা মূল্যৱান কাঠৰ জৰিয়তে ঘৰ সজা, জন্তুৱে টনা ৰথ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা হৈছিল৷ 

(iii) হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশি‍ক্ষণ দি সৈন্যবাহিনীৰ কামত লগোৱা হৈছিল৷ 

(iv) মগধৰ ‘লো’-ৰ খনিত পোৱা ‘লো’-ৰে অস্ত্ৰ-শস্ত্ৰ, কৃষিৰ সা-সঁজুলি‍ আদি নির্মাণ কৰাত সুবিধা হৈছিল৷ 

(v) আন এক গুৰুত্বপূর্ণ কাৰণ আছিল যে সেই সময়ৰ অন্য জনপদসমূহৰ তুলনাত মগধৰ মানুহবিলাক সাহসী আৰু পৰিশ্ৰমী আছিল৷ 

ঙ) মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰিছিল?

উত্তৰ: মহাজনপদৰ দিনত বিভিন্ন ক্ষেত্ৰত লিপি ব্যৱহাৰ কৰা হৈছিল৷ সেইবোৰ হ’ল— 

(i) ব্যৱসায়ীসকলে ব্যৱসায়ৰ প্ৰয়োজনীয় হিচাপ-নিকাচ ৰাখিবৰ বাবে লিপি ব্যৱহাৰ কৰিছিল৷

(ii) দূৰ-দূৰণিলৈ খবৰ-বাতৰি পঠিয়াবলৈ লিপি ব্যৱহাৰ কৰিছিল৷

(iii) ৰজাসকলে লিপিৰ সহায়ত কৰ-কাটল সম্পৰ্কীয় হিচাপ লিখিত ৰূপত ৰাখিছিল৷

৪) দলত আলোচনা কৰি উত্তৰ লিখা—

ক) জনপদৰ দিনত ৰজা নির্বাচন আৰু বর্তমান শাসকসকলৰ নির্বাচনৰ মাজত কি অমিল দেখা যায়? **

উত্তৰ: জনপদৰ দিনত সাধাৰণতে সমাজৰ ‍বাহুবলী, শক্তিশালী আৰু যুদ্ধ-বিগ্ৰহত নেতৃত্ব দিব পৰা একোজন ব্যক্তিক ৰজা বা ৰাজন নির্বাচন কৰা হৈছিল৷ আনহাতে বর্তমান শাসকসকলৰ নির্বাচনত সমাজৰ ‍বাহুবলী, শক্তিশালী আৰু যুদ্ধ বিগ্ৰহত নেতৃত্ব দিব পৰা গুণ আদি চাই শাসক নির্বাচন কৰা নহয়৷

খ) মহাজনপদসমূহৰ সময়ত জনসাধাৰণে কি কি কৰ শোধাইছিল?

উত্তৰ: মহাজনপদসমূহৰ সময়ত জনসাধাৰণে শোধোৱা কৰ—

(i) কৃষকসকলে শষ্য উৎপাদনৰ ১/৬ অংশ কৰ হিচাপে ৰজাক শোধাইছিল৷ ইয়াক ‘ভাগ’ বা ‘অংশ’ বোলা হৈছিল৷

(ii) বাঢ়ৈ বা শিপিনীসকলে মাহত এদিন ৰজাৰ ঘৰত পৰিশ্ৰম কৰি কৰ আদায় দিছিল৷

(iii) পশুপালকসকলে জীৱ-জন্তু অথবা জীৱ-জন্তুৰ পৰা উৎপন্ন বস্তুৰ বাবদ কৰ আদায় দিছিল৷

(iv) ব্যৱসায়ীসকলে তেওলোকে বেচা-কিনা কৰিবলৈ অনা বস্তুৰ বাবদ কৰ আদায় দিছিল৷

(v) চিকাৰী বা জংঘলত বাস কৰা লোকসকলে জীৱ-জন্তু বা কাঠৰ সামগ্ৰী যোগান ধৰি কৰ শোধাইছিল৷

৫) মানচিত্ৰ চাই উত্তৰ লিখা—

ক) সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত? ই বর্তমান ভাৰতৰ কোন কোন ৰাজ্য চুই গৈছে?

উত্তৰ: সিন্ধু নদী ভাৰতৰ উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দুয়ো দিশত অৱস্থিত৷ ই বর্তমান ভাৰতৰ জম্মু-কাশ্মিৰৰ মাজেৰে বৈ গৈছে৷

খ) প্ৰাচীন মগধ বর্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

উত্তৰ: প্ৰাচীন মগধ বর্তমান ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ