১) উত্তৰ লিখা—
ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
উত্তৰ: চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম মৌর্য বংশ৷
খ) মৌর্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি কি সমলৰ পৰা জানিব পাৰোঁ?
উত্তৰ: মৌর্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কৌটিল্যৰ অর্থশাস্ত্ৰ, মেগাস্থিনিচৰ ইণ্ডিকা, বৌদ্ধ অৰু জৈন সাহিত্য আদি সমলৰ পৰা জানিব পাৰোঁ৷
গ) চন্দ্ৰগুপ্ত মৌর্যৰ প্ৰজাহিতকৰ কামসমূহ কি কি আছিল?
উত্তৰ: চন্দ্ৰগুপ্ত মৌর্যই প্ৰজাৰ হিতৰ বাবে বিভিন্ন কাম কৰিছিল৷ তক্ষশীলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট নির্মাণ কৰোৱাৰ লগতে সাম্ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ্ৰদ, জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল৷ তেওঁৰ দিনত কৃষকসকলক জনহিতকাৰী বুলি বিবেচনা কৰা হৈছিল৷ এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ লগতে যুদ্ধ-বিগ্ৰহ লাগিলে যাতে কৃষিকার্যত কোনো বাধা আহি নপৰে, তালৈ বিশেষ লক্ষ্য ৰখা হৈছিল৷
ঘ) চাণক্য কোন? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল?
উত্তৰ: চাণক্য এজন ব্ৰাহ্মণ পণ্ডিত আছিল৷ তেওঁ কৌটিল্য আৰু বিষ্ণুগুপ্ত নামেৰেও জনাজাত৷ চাণক্যই চন্দ্ৰগুপ্ত মৌর্যক মৌর্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত বিশেষভাৱে সহায় কৰাৰ লগতে নানান কূটনৈতিক, ৰাজনৈতিক দিহা-পৰামর্শ দি ৰাষ্ট্ৰৰ শাসনকার্যত সহায় কৰিছিল৷
ঙ) সম্ৰাট অশোকক কিয় ‘ৰাজর্ষি অশোক’ বোলা হয়?
উত্তৰ: সম্ৰাট অশোক এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈও সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰিছিল বাবে তেওঁক ‘ৰাজর্ষি অশোক’ বোলা হয়৷
চ) সম্ৰাট অশোকে শিলালিপিসমূহ কি কি ভাষাত লিখাইছিল?
উত্তৰ: সম্ৰাট অশোকে শিলালিপিসমূহ ‘পালি’ অৰু ‘প্ৰাকৃত’ ভাষাত লিখাইছিল৷
ছ) মৌর্য শিল্পকলাৰ নির্দশনসমূহ ক’ত ক’ত দেখিবলৈ পোৱা যায়?
উত্তৰ: মৌর্য শিল্পকলাৰ নির্দশনসমূহ অশোকৰ শিলৰ স্তম্ভ, তাত খোদিত লিপিসমূহ, স্তূপ, বৌদ্ধবিহাৰসমূহ আৰু সাৰনাথৰ অশোকস্তম্ভত দেখিবলৈ পোৱা যায়৷
জ) মৌর্য যুগত সমাজ ব্যৱস্থা কেনে আছিল?
উত্তৰ: মৌৰ্য যুগত হিন্দু ধর্মৰ চাৰি বর্ণ প্ৰথা প্ৰচলিত আছিল৷ অৱশ্যে এই কালছোৱাত বর্ণ প্ৰথাৰ কিছু পৰিৱর্তন দেখা গৈছিল৷ ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ সমাজত বৃদ্ধি পাইছিল৷ বণিক শ্ৰেণীৰ প্ৰাধান্য বৃদ্ধি এক উল্লেখনীয় কথা আছিল৷ সমাজত দাসপ্ৰথা প্ৰচলিত থকাৰ লগতে মহিলাৰ স্থান বিশেষ উচ্চ নাছিল৷
২) শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা—
ক) কৌটিল্যৰ আন এটা নাম চাণক্য আছিল৷
উত্তৰ: শুদ্ধ৷
খ) মেগাস্থিনিচে ‘অর্থশাস্ত্ৰ’ লিখিছিল৷
উত্তৰ: অশুদ্ধ৷
গ) সম্ৰাট অশোকে নিজ সন্তানক বিদেশত বৌদ্ধধর্ম প্ৰচাৰৰ বাবে পঠাইছিল৷
উত্তৰ: শুদ্ধ৷
ঘ) তৃতীয় বৌদ্ধ মহামেল চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল৷
উত্তৰ: অশুদ্ধ৷
ঙ) উপগুপ্ত সম্ৰাট অশোকৰ ধর্মগুৰু আছিল৷
উত্তৰ: শুদ্ধ৷
৩) দলত আলোচনা কৰি লিখা—
ক) মৌর্য শাসন প্ৰণালীৰ লগত বর্তমান শাসন প্ৰণালীৰ কোনখিনিত মিল আছে?
উত্তৰ: বর্তমান ভাৰতৰ শাসন প্ৰণালীত মৌর্য শাসন প্ৰণালীৰ পৰোক্ষ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ মৌর্য শাসন ব্যৱস্থাক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু লগতে জনকল্যাণৰ বাবে সেই সময়ৰ শাসন ব্যৱস্থাক কেন্দ্ৰীকৰণ কৰা হৈছিল৷ মৌর্য সাম্ৰাজ্যৰ বিভিন্ন প্ৰদেশসমূহত নিজা নিজা প্ৰশাসন ব্যৱস্থা থকাৰ লগতে নিজা নিজা বিষয়ববীয়া আছিল, যিসকলে তৃণমূল পর্যায়ত প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰিছিল যিটো বর্তমান সময়ৰ প্ৰশাসনিক গাঁথনিৰ লগত সাদৃশ্য থকা দেখা যায়৷
খ) ঐতিহাসিক সমলবোৰৰ কোনখিনি লিখিত আৰু কোনখিনি প্ৰত্নতাত্ত্বিক সমলত পৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা৷
লিখিত সমল | প্ৰত্নতাত্ত্বিক সমল |
---|---|
১) | ১) |
২) | ২) |
৩) | ৩) |
৪) | ৪) |
উত্তৰ:
লিখিত সমল | প্ৰত্নতাত্ত্বিক সমল |
---|---|
১) কৌটিল্যৰ অর্থশাস্ত্ৰ | ১) অশোকৰ শিলালিপি |
২) মেগাস্থিনিচৰ ইণ্ডিকা | ২) মুদ্ৰা |
৩) বৌদ্ধ সাহিত্য | ৩) স্তম্ভলিপি |
৪) জৈন সাহিত্য | ৪) স্থাপত্য-ভাস্কর্যৰ ধ্বংসাৱশেষ |
৪) পাঠত থকা মানচিত্ৰ পর্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা—
ক) চন্দ্ৰগুপ্ত মৌর্যৰ সাম্ৰাজ্য ক’ৰ পৰা ক’লৈ বিস্তৃত আছিল?
উত্তৰ: চন্দ্ৰগুপ্ত মৌর্যৰ সাম্ৰাজ্য উত্তৰ-পশ্চিম দিশত ইৰানৰ পৰা দক্ষিণৰ বর্তমান কৰ্ণাটক ৰাজ্যলৈ আৰু পূবফালে মগধৰ পৰা পশ্চিমৰ সৌৰাষ্ট্ৰ তথা সৌপাৰালৈকে বিস্তৃত আছিল৷
খ) কলিংগ, উজ্জয়িনী আৰু পাটলিপুত্ৰ বর্তমান ভাৰতৰ কোন কোন ৰাজ্যৰ অন্তর্ভুক্ত?
উত্তৰ: কলিংগ— উৰিষ্যা, উজ্জয়িনী— মধ্যপ্ৰদেশ অৰু পাটলিপুত্ৰ— বিহাৰ ৰাজ্যৰ অন্তর্ভুক্ত৷
গ) অতীতত মগধ ৰাজ্যৰ অন্তর্ভুক্ত নোহোৱা বর্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা৷
উত্তৰ: অতীতত মগধ ৰাজ্যৰ অন্তর্ভুক্ত নোহোৱা বর্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম— অসম, কেৰেলা৷