নব্য ধর্মীয় ভাবধাৰাৰ উত্থান— সমাজ বি‍জ্ঞান, অষ্টম শ্ৰেণী

১) উত্তৰ লিখা—

(ক) ভক্তিবাদ বুলিলে কি বুজায়?

উত্তৰ: খ্ৰীষ্টীয় সপ্তম শতিকাত ভাৰতৰ বিভিন্ন ঠাইত মহাপুৰুষসকলে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিত গুৰুত্ব দি যি মতবাদৰ সৃষ্টি কৰিছিল, সেয়াই হৈছে ভক্তিবাদ।

(খ) ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?

উত্তৰ: ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ—

১) হিন্দু ধৰ্মৰ কঠোৰ নীতি-নিয়ম, জাতি-ভেদ প্ৰথা, উচ্চ-নীচ, ধনী–দুখীয়া আদিৰ পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। তেওঁলোকে সততে ইয়াৰ পৰা মুক্তি বিচাৰিছিল। শঙ্কৰাচাৰ্যৰ দৰে পণ্ডিতসকলে এই ক্ষেত্ৰত পথ দেখুৱালেও ঈশ্বৰৰ লগত জড়িত দাৰ্শনিক মতবাদসমূহ সহজ-সৰল লোকসকলৰ বোধগম্য হোৱা নাছিল।

২) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত প্ৰৱে‍শ কৰা ইছলামধর্মী তুর্কী-আফগানসকলৰ লগত মধ্য এছিয়াৰ কিছু সংখ্যক ইছলাম ধৰ্ম প্রচাৰকৰো ভাৰতলৈ আগমন ঘটে। এওঁলোকে ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰত মনোনিৱে‍শ কৰিছিল। ইছলাম ধৰ্মত আড়ম্বৰপূর্ণ যাগ–যজ্ঞ, মূৰ্তিপূজা নাই। এক ঈশ্বৰত বিশ্বাসী এই ধৰ্মই সহজতে হিন্দু সমাজৰ অৱহেলিত একাংশ লোকক আকৰ্ষিত কৰিছিল৷

(গ) ‘দিব্য প্ৰবন্ধম’ কি?

উত্তৰ: খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা একাদশ শতিকাৰ সময়ছোৱাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰ্‌চসকলে ভাৰতীয় সংস্কৃতিত বৈষ্ণৱ আন্দোলনৰ নতুন ধাৰা এটি সংযোজন কৰে৷ তেওঁলোকে ভক্তিবাদৰ ধাৰণাবোৰক গীত-মাতৰ জড়িয়তে প্ৰচাৰ কৰিছিল৷ আলভাৰ্‌চসকলৰ গীত–মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। আলভাৰ্‌চসকলৰ এই সংকলিত সাহিত্যসম্ভাৰকে ‘দিব্য প্ৰবন্ধম’ বোলা হয়।

(ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰিধৰোঁতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।

উত্তৰ: উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰিধৰোঁতা চাৰিগৰাকী ব্যক্তিৰ নাম হ’ল—

১) ৰামানন্দ

২) কবীৰ

৩) গুৰু নানক

৪) তুলসীদাস৷ 

(ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে?

উত্তৰ: শ্ৰীমন্ত শংকৰদেৱৰ মতে মানুহে মুক্তি লাভ কৰিবৰ বাবে আড়ম্বৰপূর্ণ যাগ–যজ্ঞ, বলি–বিধান আদিৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰত একান্ত বিশ্বাস তথা ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে।

২) উপযুক্ত শব্দৰে তলৰ খালী ঠাই পূৰ কৰা—

(ক) শঙ্কৰাচাৰ্য আছিল _______ বিশ্বাসী।

উত্তৰ: শঙ্কৰাচাৰ্য আছিল  অদ্বৈতবাদত  বিশ্বাসী।

(খ) খ্ৰীষ্টীয় _______ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী–আফগানসকলৰ আর্ৱিভাব ঘটিছিল।

উত্তৰ: খ্ৰীষ্টীয়  নৱম শতিকাৰ  পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী–আফগানসকলৰ আর্ৱিভাব ঘটিছিল।

(গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল _______

উত্তৰ: ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল  ৰাম 

(ঘ) তুলসীদাসক _______  বুলি গণ্য কৰিছিল।

উত্তৰ: তুলসীদাসক  বাল্মীকি‍ৰ অৱতাৰ  বুলি গণ্য কৰিছিল।

(ঙ) গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ _______  আৰু গৰিমা প্ৰচাৰ কৰা হৈছে।

উত্তৰ: গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ  প্ৰশংসা  আৰু গৰিমা প্ৰচাৰ কৰা হৈছে।

৩) চমু টোকা লিখা—

(ক) শঙ্কৰাচাৰ্য      (খ) জ্ঞানদেৱ       (গ) ৰামানন্দ    (ঘ) নানক     (ঙ) মিৰাবাঈ 

উত্তৰ:

(ক) শঙ্কৰাচাৰ্য 

শঙ্কৰাচাৰ্য ভাৰতবর্ষৰ এজন মহান দার্শনিক তথা ধর্মপ্ৰৱৰ্তক৷ শঙ্কৰাচাৰ্য অদ্বৈতবাদত বিশ্বাসী আছিল৷ তেখেতৰ নেতৃত্বত এক নতুন দার্শনিক মতবাদৰ উত্থান হৈছিল৷ সনাতন ধর্মৰ বিভিন্ন ধর্মমতক তেখেতে‍ একত্ৰ কৰিছিল৷ তেখেতৰ ধর্মমত অনুসৰি আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পার্থক্য নাই৷ মানুহৰ মাজতে ভগৱান বিদ্যমান৷ শঙ্কৰাচাৰ্যৰ মতে সৎ জ্ঞান আৰু সৎ কর্মৰ যোগেদি মুক্তি লাভ কৰিব পাৰি৷

(খ) জ্ঞানদেৱ

জ্ঞানদেৱ বা জ্ঞানেশ্বৰ  আছিল উত্তৰ-পশ্চিম ভাৰতত নব্য ধর্মীয় আন্দোলনৰ প্ৰচাৰক৷ এখেতৰ নেতৃত্বতে খ্ৰীষ্টীয় ১৩ শতিকাত মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল। জ্ঞানদেৱে গীত–মাতৰ দ্বাৰা ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। সেই সময়ৰ সমাজ ব্যৱস্থাত প্ৰচলিত জাতিভেদ প্ৰথা, উচ্চ–নীচ, ধনী–দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ–সৰল আৰু বন্ধুত্বপূৰ্ণ জীৱন যাপনত জ্ঞানদেৱে গুৰুত্ব প্ৰদান কৰিছিল। সকলো মানুহৰ শৰীৰত যে ভগৱান বিদ্যমান, সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। তেখেতে‍ সকলো মানুহকে ঈশ্বৰৰ অংশ বুলি ভাবি সকলো সমান বুলি জ্ঞান দিছিল। জ্ঞানদেৱৰ এই বাণী পৰৱৰ্তী কালত নামদেৱ, একনাথ, টুকাৰাম, ৰামদাস আদি ভক্তিবাদৰ প্ৰচাৰকসকলৰ নেতৃত্বত বিভিন্ন অঞ্চললৈ বিয়পি পৰিছিল৷

(গ) ৰামানন্দ

ৰামানন্দ ১৬ শতিকাৰ ভাৰতৰ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল৷ উত্তৰ ভাৰতত, বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেখেতৰ ভক্তিমাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। ৰামানন্দৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ দুৱাৰ সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ মুক্ত আছিল। তেখেতে‍ হিন্দী ভাষাত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতৰ শিষ্যসকলৰ অন্যতম আছিল কবীৰ।

(ঘ) নানক

গুৰু নানক শিখসকলৰ প্ৰথম ধর্মগুৰু৷ নানকৰ জন্ম ১৪৬৯ চনৰ কার্তিক পূর্ণিমাৰ নিশা পঞ্জাবৰ তালবন্দী নামৰ গাঁৱত হৈছিল৷ গুৰু নানকৰ জন্মদিনটো শিখসকলে ‘গুৰু নানক জয়ন্তী’ হিচাপে‍‍ পালন কৰি আহিছে৷ উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোঁতাসকলৰ অন্যতম আছিল গুৰু নানক। এখেতক কবীৰৰ ভক্তি মাৰ্গে বিশেষভাৱে আকৃষ্ট কৰিছিল। নানক হিন্দু ধৰ্মৰ মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাৰ বিৰোধী আছিল৷ তেখেতৰ মতে ঈশ্বৰ এজন, অদ্বিতীয় আৰু নিৰাকাৰ। নানকৰ নেতৃত্বত শিখ ধৰ্মৰ উত্থান ভক্তিবাদ আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ আছিল।

(ঙ) মিৰাবাঈ 

মিৰাবাঈ মধ্যকালীন ভাৰতৰ এক হিন্দু আধ্যাত্মিক কবি তথা কৃষ্ণভক্তা৷ মিৰাবাঈৰ নেতৃত্বত উত্তৰ-পশ্চিম ভাৰতত ভক্তিবাদী ধাৰা গঢ় লৈ উঠিছিল৷ মীৰাবায়ে ভজন–কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। সৰ্বসাধাৰণ লোকক এই ভক্তি মার্গে বিশেষভাৱে আকৰ্ষণ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণক সমপর্ণ কৰি গোৱা মীৰাবাঈৰ ভজনসমূহ বর্তমানেও উত্তৰ ভাৰতত বহুল প্ৰচলিত৷

৪) আলভাৰ্‌চসকল কোন? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল?

উত্তৰ: আলভাৰ্‌চসকল তামিল ৰাজ্যত বসবাস কৰা এক বৈষ্ণৱ সম্প্ৰদায় আছিল। খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা একাদশ শতিকাৰ সময়ছোৱাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰ্‌চসকলে ভাৰতীয় সংস্কৃতিত বৈষ্ণৱ আন্দোলনৰ নতুন ধাৰা এটি সংযোজন কৰিছিল৷ আলভাৰ্‌চসকল বিষ্ণুৰ উপাসক হোৱাৰ বাবে তেওঁলোকৰ মতে বিষ্ণুৱেই শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল৷ মানুহে অহং ভাববোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয়। মানুহৰ মাজতে ভগৱানক পাব পাৰি। গতিকে জীৱপ্ৰেমেই ভগৱৎপ্ৰেমৰ আধাৰ৷

৫) চুফিবাদৰ মূলমন্ত্ৰ কি আছিল? ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা।

উত্তৰ: চুফিবাদৰ মূলমন্ত্ৰ আছিল— এজন ভগৱানক উপাসনা কৰা।

ভাৰতত চুফিবাদৰ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম— নিজামুদ্দিন আউলিয়া আৰু আব্দুল কাদিৰ৷

৬) কবীৰ কিয় হিন্দু আৰু ইছলামধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল?

উত্তৰ: কবীৰ এক ভগৱানৰ উপাসক আছিল। ভগৱানক কবীৰে‍ ৰাম, হৰি, আল্লা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল৷ তেখেতৰ মতে ঈশ্বৰ–আল্লা এক। সেয়েহে, কবীৰক হিন্দুসকলে ৰামভক্ত আৰু মুছলমানসকলে চুফি সাধক হিচাপে স্বীকৃতি দিছিল আৰু হিন্দু আৰু ইছলামধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল৷

৭) ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল?

উত্তৰ: মধ্যযুগৰ ভাৰতবর্ষত হিন্দু ধৰ্মৰ কঠোৰ নীতি-নিয়ম, জাতি-ভেদ প্ৰথা, উচ্চ–নীচ, ধনী–দুখীয়া আদি পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। এনে এক পটভূমিত সমাজ সংস্কাৰৰ প্ৰয়োজন আহি পৰে৷ ফলশ্ৰুতিত খ্ৰীষ্টীয় ১৩ শতিকাৰ পৰা ১৬ শতিকাৰ ভক্তি আন্দোলনৰ নেতাসকলে ধর্মৰ উপৰি সমাজ সংস্কাৰৰ কামত মনোনিৱেশ কৰিছিল৷ ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তিৰ উপাসনাৰ মাধ্যমে‍ৰে সমাজ সংস্কাৰ কৰি সর্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰা কার্যকো ভক্তি বুলি বিবেচনা কৰা হ’ল৷ সেই সময়ৰ সমাজ ব্যৱস্থাত প্ৰচলিত বিভিন্ন বৈষম্য আঁতৰ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ উদ্দেশ্যে ৰামানন্দ, কবীৰ, নানক, শ্ৰীমন্ত শংকৰদেৱ আদি ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ বিভিন্ন কার্যত মনোনিৱে‍শ কৰিছিল৷

৮) ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি?

উত্তৰ: ভাৰতবর্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ আছিল যে ই কেৱল আধ্যাত্মিক দিশতহে অৰিহণা যোগাইছিল এনে নহয়; বৰঞ্চ এই আন্দোলনে ভাৰতৰ সামাজিক ক্ষেত্ৰখনতো যথেষ্ট প্ৰভাৱ পেলাইছিল৷ ভক্তিবাদৰ উত্থানৰ সময়ছোৱাত হিন্দু ধৰ্মৰ কঠোৰ নীতি-নিয়ম, জাতি-ভেদ প্ৰথা, উচ্চ–নীচ, ধনী–দুখীয়া আদি পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। তেওঁলোকে সততে ইয়াৰ পৰা মুক্তি বিচাৰিছিল। শঙ্কৰাচাৰ্যৰ দৰে পণ্ডিতসকলে এই ক্ষেত্ৰত পথ দেখুৱালেও ঈশ্বৰৰ লগত জড়িত দাৰ্শনিক মতবাদসমূহ সহজ-সৰল লোকসকলৰ বোধগম্য হোৱা নাছিল। এনে এক পটভূমিত গঢ় লৈ উঠা ভক্তিবাদে ভাৰতীয় সমাজখনৰ সংস্কাৰ সাধন কৰি সমাজৰ সকলো বৈষম্য আঁতৰ কৰি জাতি-ধর্ম, ধনী-দুখীয়া, পুৰুষ-স্ত্ৰী নির্বিশেষে‍ সকলোকে সন্মান আৰু অধিকাৰ প্ৰদান কৰিছিল৷ ভক্তিবাদৰ এনে এক উদাৰনৈতিক মনোভাবৰ বাবেই ই সমগ্ৰ ভাৰতবৰ্ষতে‍ জনপ্ৰিয় হৈ উঠিছিল।

৯) শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০ টামান শব্দৰ ভিতৰত এটি টোকা প্ৰস্তুত কৰা।

উত্তৰ: অসমৰ সমাজ, সংস্কৃতি, ভাষা-সাহিত্য, ধর্মত যেতিয়া দুর্নীতি, জাতিভেদ প্ৰথা, কু-সংস্কাৰ আদিয়ে গা কৰি উঠিছিল, তেনে এক চৰম দুর্য‍োগৰ সময়ত ১৪৪৯ খ্ৰীষ্টাব্দত অসমীয়া কলা–সংস্কৃতিৰ প্ৰাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। শ্ৰীমন্ত শংকৰদেৱে অতি কম সময়ৰ ভিতৰতে‍ চাৰি বেদ, চৈধ্য শাস্ত্ৰ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰি অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিছিল৷ ভাগৱত পুৰাণখনক সকলোৰে মূল বুলি অসমত ভক্তি আন্দোলনৰ পাতনি মেলিছিল৷ শংকৰদেৱৰ মানৱীয় প্ৰমূল্য আৰু অহিংসা হ’ল শংকৰদেৱৰ ধৰ্মমতৰ মূল বিষয়বস্তু৷ এই ধর্মমতে জাতি, বৰ্ণ নির্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোকক পূজা-অর্চনাত সমান অধিকাৰ প্ৰদান কৰে৷ অসমীয়া সামাজখনক একত্ৰ কৰিবলৈ শংকৰদেৱে‍ সমতা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। ভক্তিবাদক আশ্ৰয় কৰি তেখেতে‍ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিৱে‍শ কৰিছিল। সর্বসাধাৰণৰ বোধগম্য হব পৰাকৈ সংস্কৃত শাস্ত্ৰবোৰ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। সামাজিক সমতা আৰু সকলো সম্প্ৰদায়ৰ উমৈহতীয়া অংশগ্ৰহণ নিশ্চিত কৰি বৃহৎ অসমৰ ভাষা আৰু কলা–সংস্কৃতিৰ বহল ক্ষেত্ৰখন তেখেতে‍ গঢ় দি‍ থৈ যায়৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ