নতুন ভাবৰ উত্থান— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

১) উত্তৰ লিখা—

ক) কি কি কাৰণত পৰৱর্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাবধাৰা গঢ়ি উঠিছিল?

উত্তৰ: পৰৱর্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাবধাৰা গঢ়ি উঠাৰ আঁৰত বিভিন্ন কাৰণ আছিল৷ সেইবোৰ হ’ল—

(i) আর্যসকলৰ প্ৰৱল বর্ণভেদ প্ৰথাৰ ফলত ব্ৰাহ্মণসকলে সমাজত ক্ষত্ৰিয়সকলতকৈ উচ্চ স্থান অধিকাৰ কৰি আহিছিল৷ কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক, অর্থনেতিক, সামাজিক আদি সকলোতে শক্তিশালী হৈ উঠাত ব্ৰাহ্মণৰ সমমর্যাদা দাবী কৰে‍৷ 

(ii) বৈদিক যুগৰ শেষলৈ আর্যসকলৰ যাগ-যজ্ঞ, পূজা-পাতল, দান-দক্ষি‍ণা, বলি-বি‍ধান এক জটিল প্ৰথাত পৰিণত হোৱাৰ লগতে এনে জটিল ক্ৰিয়া-কাণ্ডই সমাজৰ সাধাৰণ মানুহখিনিক বাৰুকৈ অতিষ্ঠ কৰিছিল৷ ভগৱানৰ নামত এই ব্যয়বহুল কার্য সাধাৰণ মানুহখিনিৰ সাধ্যৰ বাহিৰত আছিল৷ 

(iii) আর্থ-সামাজিক পৰিৱর্তনে সমাজত নতুন চিন্তাধাৰা সৃষ্টি কৰিছিল, যাৰ ফলত নতুন মৌলিক চিন্তাধাৰা গঢ় লোৱাত ধর্মীয় আৰু সামাজিক সচেতনতা বৃদ্ধি পাইছিল৷ 

এইবোৰে সেই সময়ৰ প্ৰচলিত ধর্ম, দান-দক্ষি‍ণা, বলি-বি‍ধান আদি জটিল ব্যৱস্থাৰ পৰিৱর্তে সৰল, আধ্যাত্মিক আৰু নৈতিকতাৰ ওপৰত ভিত্তি কৰি মানুহক সাধাৰণ জীৱন যাপনৰ প্ৰতি উৎসাহিত কৰিছিল৷ ফলস্বৰূপে পৰৱর্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত কিছুমান নতুন নতুন মতবাদ আৰু ধর্মীয় চিন্তা-চেতনাই গা কৰি উঠিছিল৷

খ) জৈন ধর্মৰ মূল নীতিশি‍ক্ষাকেইটা কি কি?

উত্তৰ: জৈন ধর্মৰ মূল নীতিশি‍ক্ষাকেইটা হ’ল— অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰহ্মচর্য৷

গ) জৈন ধর্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল?

উত্তৰ: জৈন ধর্মই বিশেষকৈ উত্তৰ ভাৰত, গুজৰাট, তামিলনাডু আৰু কর্ণাটক আদি ঠাইত বিস্তৃতি লাভ কৰিছিল৷

ঘ) গৌতম বুদ্ধৰ ধর্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল?

উত্তৰ: গৌতম বুদ্ধ সৰুৰে পৰাই চিন্তাশীল প্ৰকৃতিৰ আছিল৷ মানৱ জীৱনৰ দুখ-কষ্টবোৰে তেওঁক বিচলিত কৰিছিল৷ সেয়ে ৰাজকাৰেঙৰ লাহ-বিলাহ, সুখ-সম্ভোগে তেওঁক সুখী কৰিব পৰা নাছিল৷ মানৱ জীৱনৰ দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি বুদ্ধৰ মন ধর্মৰ প্ৰতি ঢাল খাইছিল৷

ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠি‍ছিল?

উত্তৰ: সকলো জীৱৰ প্ৰতি দয়া, অহিংসা আৰু সমাজৰ ভেদভাব আঁতৰাই কেনেকৈ এক শুদ্ধ জীৱন যাপন কৰিব পাৰি আদি বুদ্ধৰ উপদেশসমূহক ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠি‍ছিল৷

চ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল?

উত্তৰ: বৌদ্ধ ধর্মৰ কথা বা মতবাদসমূহৰ প্ৰচাৰ কৰাই আছিল বৌদ্ধ বিহাৰবোৰৰ কাম৷

ছ) পৰৱর্তী সময়ত ৰজাসকলে বৌদ্ধ ধর্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল?

উত্তৰ: পৰৱর্তী সময়ত ৰজাসকলে বৌদ্ধ ধর্ম প্ৰচাৰৰ বাবে বহুতো কার্যসূচী হাতত লৈছিল৷ বিভিন্ন ঠাইত বৌদ্ধ মঠ-মন্দিৰ নির্মাণ কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰ-শিল্প অংকণ কৰাইছিল৷ তাৰ উপৰি নিজ নিজ ৰাজ্যত ‘বৌদ্ধ মহামেল’ আয়োজন কৰি তালৈ দেশ-বিদেশৰ গুণী, দার্শনিক পণ্ডিতক আমন্ত্ৰণ কৰি ধর্মচর্চা কৰিছিল৷

২) সত্য-অসত্য নিৰূপণ কৰা—

ক) জৈন ধর্মই কর্মফল আৰু পুনর্জন্ম বিশ্বাস কৰে৷

উত্তৰ: সত্য৷

খ) বুদ্ধদেৱে বলি বিধানত গুৰুত্ব দিছিল৷

উত্তৰ: অসত্য৷

গ) বুদ্ধদেৱে সাৰনাথত দিব্যজ্ঞান লাভ কৰিছিল৷

উত্তৰ: অসত্য৷

ঘ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চর্চা কৰা হৈছিল৷

উত্তৰ: সত্য৷

ঙ) সকলো বয়সৰ লোকে বৌদ্ধ সংঘৰ সদস্য হ’ব পাৰিছিল৷

উত্তৰ: সত্য৷

৩) চমুকৈ উত্তৰ লিখা—

ক) ক্ষত্ৰিয়সকলে ব্ৰাহ্মণৰ কিয় সমমর্যাদা দাবী কৰিছিল?

উত্তৰ: আর্যসকলৰ প্ৰৱল বর্ণভেদ প্ৰথাৰ ফলত ব্ৰাহ্মণসকলে সমাজত ক্ষত্ৰিয়সকলতকৈ উচ্চ স্থান অধিকাৰ কৰি আহিছিল৷ কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক, অর্থনেতিক, সামাজিক আদি সকলোতে শক্তিশালী হৈ উঠাত ব্ৰাহ্মণৰ সমমর্যাদা দাবী কৰিছিল৷

খ) মহাবীৰে কিয় ‘জিন’ উপাধি পাইছিল?

উত্তৰ: মহাবীৰে ১২ বছৰ কাল কঠোৰ তপস্যাত নিমগ্ন হৈ‍ ইন্দ্ৰি‍য়ক জয় কৰিছিল কাৰণে তেওঁ ‘জিন’ উপাধি পাইছিল৷

গ) জৈন ধর্মৰ ভাগ দুটাৰ নাম কি?

উত্তৰ: জৈন ধর্মৰ ভাগ দুটাৰ নাম— শ্বেতাম্বৰ আৰু দিগম্বৰ৷

ঘ) বুদ্ধদেৱে প্ৰথমে ক’ত ধর্ম প্ৰচাৰ কৰিছিল?

উত্তৰ: বুদ্ধদেৱে প্ৰথমে সাৰনাথত ধর্ম প্ৰচাৰ কৰিছিল৷

ঙ) বৌদ্ধ ধর্মৰ মূল মতবাদ কি আছিল?

উত্তৰ: বুদ্ধদেৱে পৰম জ্ঞান লাভ কৰাৰ পাছত জনসাধাৰণক সৎ পথত থাকি সুখ-শান্তি লাভৰ বাবে প্ৰচাৰ কৰা চাৰিটা মহৎ সত্যই হ’ল বৌদ্ধ ধৰ্মৰ মূল মতবাদ৷

৪) বৌদ্ধ ধর্ম আৰু জৈন ধর্মৰ মাজৰ মিলখিনিৰ এখন তালিকা বনোৱা৷

উত্তৰ: বৌদ্ধ ধর্ম আৰু জৈন ধর্মৰ মাজৰ মিলখিনিৰ এখন তালিকা তলত দিয়া হ’ল—

ক) বৌদ্ধ আৰু জৈন দুয়োটা ধর্মই বৈদিক যাগ-যজ্ঞত বিশ্বাস নকৰে‍৷

খ) বৌদ্ধ আৰু জৈন দুয়োটা ধর্মত উপনিষদৰ প্ৰভাৱ সুস্পষ্ট৷

গ) দুয়োটা ধর্মই কর্মফলত বিশ্বাস কৰে‍৷

ঘ) দুয়োটা ধর্মই কর্মফলৰ পৰা মুক্তি দিবলৈ চেষ্টা কৰে৷

ঙ) দুয়োটা ধর্মই উদ্ভৱ হৈছিল পূব ভাৰতত৷

চ) দুয়োটা ধর্মই অসিংহাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

৫) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ অংশ ‘খ’ অংশ
ক) ত্ৰিপিটক বৌদ্ধ ধর্মগ্ৰন্থ৷
খ) কুশীনাৰা বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই৷
গ) কৈৱল্য মহাবীৰৰ জন্মস্থান৷
ঘ) কুন্দপুৰ জৈন ধর্মগ্ৰন্থ৷
ঙ) পূর্ব বুদ্ধদেৱৰ জন্মস্থান৷
চ) সাৰনাথ তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল৷
ছ) কপিলাৱস্তু বুদ্ধদেৱৰ মহাপৰিনির্বাণৰ ঠাই৷

উত্তৰ:

‘ক’ অংশ ‘খ’ অংশ
ক) ত্ৰিপিটক বৌদ্ধ ধর্মগ্ৰন্থ৷
খ) কুশীনাৰা বুদ্ধদেৱৰ মহাপৰিনির্বাণৰ ঠাই৷
গ) কৈৱল্য তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল৷
ঘ) কুন্দপুৰ মহাবীৰৰ জন্মস্থান৷
ঙ) পূর্ব জৈন ধর্মগ্ৰন্থ৷
চ) সাৰনাথ বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই৷
ছ) কপিলাৱস্তু  বুদ্ধদেৱৰ জন্মস্থান৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ