পানী— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী



১৷ উত্তৰ লিখা:

(ক) পানীৰ উৎসসমূহ কি কি?

উত্তৰ: পানীৰ উৎসসমূহ হৈছে—পুখুৰী, কুঁৱা, খাল-বিল, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ, হ্ৰদ আদি৷

(খ) ভূ-গৰ্ভত পানী নাটনি হ’ব পৰাৰ দুটা কাৰণ লিখা৷

উত্তৰ: ভূ-গৰ্ভত পানীৰ নাটনি হোৱাৰ দুটা কাৰণ হ’ল—

(১) মানুহৰ কাৰ্যকলাপৰ ফলত গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱা৷

(২) পানীৰ অপৰিমিত ব্যৱহাৰ৷ 

(গ) বতাহত ভাহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক কি বুলি কোৱা হয়?

উত্তৰ: বতাহত ভাহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক ভাপ বুলি কোৱা হয়৷

(ঘ) কুঁৱাৰ পানীৰ উৎস কি?

উত্তৰ: কুঁৱাৰ পানীৰ উৎস হ’ল ভূ-গৰ্ভ৷

(ঙ) নৈ, হ্ৰদ, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে?

উত্তৰ: নৈ, হ্ৰদ, সাগৰ, জান-জুৰিৰ পানীক সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে৷

২৷ শুদ্ধ উত্তৰটোত  চিন দিয়া:

(ক) পুখুৰীৰ পানী হৈছে ভূ-পৃষ্ঠৰ/ ভূ-গৰ্ভৰ পানী৷

উত্তৰ: পুখুৰীৰ পানী হৈছে ভূ-পৃষ্ঠৰ
ভূ-গৰ্ভৰ
পানী৷

(খ) বৰষুণৰ পানী মাটিৰে নিগৰি/ দমকলেৰে ভূ-গৰ্ভ পায়৷

উত্তৰ: বৰষুণৰ পান
মাটিৰে নিগৰি‍
দমকলেৰে ভূ-গৰ্ভ পায়৷

(গ) পকী ঠাইৰে/ মাটিৰে পানী সহজে নিগৰি ভূ-গৰ্ভলৈ যাব পাৰে৷

উত্তৰ: পকী ঠাইৰে
মাটিৰে‍
পানী সহজে নিগৰি ভূ-গৰ্ভলৈ যাব পাৰে৷

(ঘ) শিল বৰষুণত শিল/ বৰফ থাকে৷

উত্তৰ: শিল বৰষুণত শিল/
বৰফ
থাকে৷

৩৷ খালী ঠাই পূৰ কৰা:

(ক) দমকলৰ পানীৰ উৎস হৈছে _______

উত্তৰ: দমকলৰ পানীৰ উৎস হৈছে  ভূ-গৰ্ভ 

(খ) পৰ্বতৰ শীতল অঞ্চলত পানী ______ হিচাপে থাকে৷

উত্তৰ: পৰ্বতৰ শীতল অঞ্চলত পানী  বৰফ  হিচাপে থাকে৷

(গ) সাগৰৰ পানী ______

উত্তৰ: সাগৰৰ পানী  লুণীয়া 

৪৷ ভূ-গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল’ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা৷

উত্তৰ: ভূ-গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল’ব পৰা দুটা ব্যৱস্থা হ’ল—

(ক) পানীৰ পৰিমিত ব্যৱহাৰ৷

(খ) গছ-গছনি ৰোপণ৷

৫৷ সাগৰৰ পানী কিয় পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি?

উত্তৰ: সাগৰ পানীত নিমখ মিহলি হৈ থাকে বাবে ইয়াক পোনে পোনে ব্যৱহাৰ কৰিব নোৱাৰি৷

৬৷ ভূ-গৰ্ভৰ পানী কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ: (ক) ভূ-গৰ্ভৰ পানী বিভিন্ন ঘৰুৱা কামত যেনে, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়৷

(খ) উদ্যোগ আদিত ব্যৱহাৰ কৰা হয়৷

(গ) পৰিশোধন কৰি খোৱাৰ বাবেও ব্যৱহাৰ কৰা হয়৷

(ঘ) কৃষিকৰ্মৰ বাবে জলসিঞ্চন পদ্ধতিৰে শস্যক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷

৭৷ শিল বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য লিখা৷

উত্তৰ: সূৰ্যৰ তাপত ভূ-পৃষ্ঠৰ পৰা ভাপ হৈ ওপৰলৈ উৰি যোৱা ভাপবোৰ ঠাণ্ডা বায়ুৰ সংস্পৰ্শত গোট মাৰি সৰু সৰু পানীৰ কণিকালৈ পৰিৱৰ্তিত হয়৷ এনেকুৱা বহুতো পানীৰ কণিকা গোট খাই যেতিয়া গধুৰ হৈ পৰে, তেতিয়া সেইবোৰ পানীৰ টোপাল হিচাপে ধৰাপৃষ্ঠলৈ নামি আহে আৰু ইয়াকে বৰষুণ বুলি কোৱা হয়৷

আনহাতে ভাপৰ পৰা সৃষ্টি হোৱা সেই পানীৰ কণিকাবোৰ যেতিয়া অধিক ঠাণ্ডা বায়ুৰ মাজেৰে যায়, তেতিয়া সেইবিলাক ওপৰতে গোট মাৰি বৰফ হৈ পৰে৷ সেই বৰফবোৰ যেতিয়া ধৰাপৃষ্ঠলৈ নামি আহে, তাকে শিল বৰষুণ হোৱা বুলি কোৱা হয়৷

৮৷ জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ