পৰিস্থিতি তন্ত্ৰ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰ: পৰিৱেশৰ জৈৱিক উপাদানসমূহ হৈছে— উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি৷

আনহাতে পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হৈছে— বায়ু, পানী, মাটি, তাপ, পোহৰ আদি।

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়?

উত্তৰ: নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়।

(গ) উপভোক্তা কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ: উপভোক্তা তিনি প্ৰকাৰৰ৷ সেইবোৰ হ’ল— 

(i) প্ৰথম শ্ৰেণীৰ উপভোক্তা, 

(ii) দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, 

(iii) তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে?

উত্তৰ: বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণীদেহ গেলি-পচি যোৱাত সহায় কৰে। জীৱদেহৰ গেলি-পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে মিহলি হৈ পৰে। এনেদৰে বিয়োজকে পৰিৱেশ নিকাকৰণত আৰু মাটিৰ উৰ্বৰাকৰণত আমাক সহায় কৰে।

(ঙ) তিনিটা পৰিস্থিতিতন্ত্ৰৰ নাম লিখা।

উত্তৰ: তিনিটা পৰিস্থিতিতন্ত্ৰৰ নাম হ’ল— ঘাঁহনি, পুখুৰী আৰু শস্য-পথাৰ।

২। খালী ঠাই পূৰ কৰা—

(ক) শামুক হ’ল প্ৰাথমিক উপভোক্তা।

উত্তৰ: শামুক হ’ল প্ৰাথমিক উপভোক্তা।

(খ) এটাতকৈ অধিক খাদ্যশৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়।

উত্তৰ: এটাতকৈ অধিক খাদ্যশৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়।

(গ) শেন হ’ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

উত্তৰ: শেন হ’ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ অধিক খাদ্যশৃংখল থাকে।

উত্তৰ: খাদ্যজালত এটাতকৈ অধিক খাদ্যশৃংখল থাকে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা—

(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে উদ্ভিদ/ প্ৰাণী/ অণুজীৱ থাকে।

উত্তৰ: উদ্ভিদ।

(খ) বিয়োজকে/ উৎপাদকে/ উপভোক্তাই খাদ্য প্ৰস্তুত কৰে।

উত্তৰ: উৎপাদকে।

(গ) উৎপাদকে/ বিয়োজকে/ উপভোক্তাই মৃতদেহ গেলি-পচি যোৱাত সহায় কৰে।

উত্তৰ: বিয়োজকে।

৪। খাদ্যশৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰ: জীৱই খাদ্যৰ বাবে পৰিৱেশৰ আন জীৱৰ ওপৰত ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ ফলত যি এক শিকলিসদৃশ ক্ৰমৰ সৃষ্টি হয়, তাকে খাদ্যশৃংখল বুলি কোৱা হয়। উদাহৰণস্বৰূপে— ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। 

আমি ইয়াক তলত দিয়া ধৰণে দেখুৱাব পাৰোঁ—

ফৰিং--- ভেকুলী--- সাপ--- চিলনী

৫। পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা।

উত্তৰ: পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়। কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট-পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ, কেঁকোৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতক বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। দেখা যায় যে পুখুৰীত জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজত পৰস্পৰ নিৰ্ভৰশীল৷ গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। 

৬। সালোক সংশ্লেষণ বুলিলে কি বুজা?

উত্তৰ: সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিৎকণাৰ উপস্থিতিত বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন-ডাই-অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৱেই হৈছে সালোক সংশ্লেষণ।

৭। পাৰ্থক্য লিখা- 

(ক) উৎপাদক আৰু বিয়োজক

উত্তৰ: উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য হ’ল—

উৎপাদক বিয়োজক
উৎপাদকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল’ব পাৰে৷ বিয়োজকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে৷
উৎপাদক সদায় খাদ্যশৃংখল একোটাৰ আৰম্ভণিতে থাকে৷ বিয়োজক সদায় শাদ্যশৃংখলৰ শেষলৈ থাকে৷

(খ) তৃণভোজী আৰু মাংসভোজী প্ৰাণী

উত্তৰ: তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য ’ল—

তৃণভোজী প্ৰাণী মাংসভোজী প্ৰাণী
তৃণভোজী প্ৰাণীয়ে খাদ্যৰ বাবে পোনপটীয়াকৈ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে৷

মাংসভোজী প্ৰাণীবোৰ খাদ্যৰ বাবে তৃণভোজী প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল৷

তৃণভোজী প্ৰাণীসমূহ হৈছে প্ৰাথমিক উপভোক্তা৷ মাংসভোজী প্ৰাণীবোৰ গৌণ উপভোক্তা৷

(গ) খাদ্যশৃংখল আৰু খাদ্যজাল

উত্তৰ: খাদ্যশৃংখল আৰু খাদ্যজালৰ মাজত পাৰ্থক্য হ’ল—

খাদ্যশৃংখল খাদ্যজাল
জীৱই খাদ্যৰ বাবে পৰিৱেশৰ আন জীৱৰ ওপৰত ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ ফলত যি এক শিকলিসদৃশ ক্ৰমৰ সৃষ্টি হয়, তাকেই খাদ্যশৃংখল বোলা হয়৷ আনহাতে বহুতো খাদ্যশৃংখলৰ সমষ্টিয়েই হৈছে খাদ্যজাল৷
এটা প্ৰাণী আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰাৰ ফলত খাদ্যশৃংখলৰ সৃষ্টি হয়৷ এটা প্ৰাণীয়ে কেইবাটাও খাদ্যশৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়৷

৮। পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ’লে কি হ’ব?

উত্তৰ: পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তা হ’ল তৃণভোজী প্ৰাণীসমূহ৷ এইবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্যৰ অভাৱ হ'ব। যিহেতু পৰিস্থিতিতন্ত্ৰত খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে যিকোনো এটা উপাদান কমি গ'লেই আনকেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্য নোহোৱা হ’ব।

৯। খাদ্যজালৰ কিয় সৃষ্টি হয়?

উত্তৰ: এটা জীৱই এটাতকৈ বেছি খাদ্যশৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়।

১০। মাটিত পৰি থকা জীৱবোৰ কিয় গেলি-পচি যায়?

উত্তৰ: বেক্টেৰিয়া আৰু ভেঁকুৰে বিয়োজন ঘটোৱাৰ ফলত মাটিত পৰি থকা জীৱবোৰ গেলি-পচি যায়৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ