পৰিৱেশ প্ৰদূষণ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) প্ৰদূষণ কাক বোলে?

উত্তৰ: পৰিৱেশত থকা বায়ু, পানী আৰু মাটিত কিছুমান নাথাকিবলগীয়া উপাদান মিহলি হৈ এইবিলাকৰ স্বাভাৱিক গুণাগুণ বিনষ্ট কৰি পেলোৱা অৱস্থাটোক প্ৰদূষণ বুলি কোৱা হয়৷

(খ) দুবিধ জৈৱিক সাৰৰ নাম লিখা।

উত্তৰ: দুবিধ জৈৱিক সাৰ হ’ল— পচন সাৰ আৰু কেঁচুসাৰ।

(গ) মাটিৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ এটা উপায় উল্লেখ কৰা।

উত্তৰ: মাটিৰ প্ৰদূষণ ৰোধ কৰাৰ এটা উপায় হৈছে‍— শস্যৰ পথাৰত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ প্ৰয়োগ কৰা।

২। খালী ঠাই পূৰ কৰা—

(ক) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ______ সাৰ ব্যৱহাৰ কৰি মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি।

উত্তৰ: ৰাসায়নিক সাৰৰ পৰিৱৰ্তে  জৈৱিক  সাৰ ব্যৱহাৰ কৰি মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(খ) ______ এবিধ উৎকৃষ্ট জৈৱিক সাৰ।

উত্তৰ:  কেঁচুসাৰ  এবিধ উৎকৃষ্ট জৈৱিক সাৰ।

(গ) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ ______ গেছ বাঢ়ি যায়।

উত্তৰ: ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ  কাৰ্বন-ডাই-অক্সাইড  গেছ বাঢ়ি যায়।

(ঘ) গছৰ পাতে বায়ুত থকা ______ ধৰি ৰাখি বায়ুৰ প্ৰদূষণ কমায়।

উত্তৰ: গছৰ পাতে বায়ুত থকা  ধূলিকণা  ধৰি ৰাখি বায়ুৰ প্ৰদূষণ কমায়।

(ঙ) বায়ুমণ্ডলত ______ গেছ বেছি হ’লে প্ৰাণীৰ বিস্তৰ ক্ষতি সাধন হয়।

উত্তৰ: বায়ুমণ্ডলত  কাৰ্বন-ডাই-অক্সাইড  গেছ বেছি হ’লে প্ৰাণীৰ বিস্তৰ ক্ষতি সাধন হয়।

৩। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা—

(ক) কাঠ, কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ প্ৰয়োজন হয়।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ ৰূপ— কাঠ, কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হয়।

(খ) বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে য’তে-ত’তে আৱৰ্জনা পেলাব লাগে।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ ৰূপ— বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে য’তে-ত’তে আৱৰ্জনা পেলাব নালাগে।

(গ) পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

উত্তৰ: শুদ্ধ।

(ঘ) জৈৱিক সাৰৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ ৰূপ— ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঙ) দূষিত পানী খালে কলেৰা, টাইফয়েদ আদি ৰোগ হয়।

উত্তৰ: শুদ্ধ৷

৪। পুনৰাৱৰ্তন বুলিলে কি বুজা?

উত্তৰ: পুনৰাৱৰ্তন হ’ল এনে এক প্ৰক্ৰিয়া, য’ত ব্যৱহাৰৰ অযোগ্য ভগা-ছিগা বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে পুনৰ ব্যৱহাৰৰ উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা হয়। এনে ব্যৱস্থাৰ ফলত পৰিৱেশত আৱৰ্জনাৰ মাত্ৰা কমি যায় আৰু পৰিৱেশ নিকা হয়। এই পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

৫। মাটিৰ গুণাগুণ কিয় নষ্ট হয় তাৰ কাৰণবোৰ লিখা।

উত্তৰ: মাটিৰ গুণাগুণ কিয় নষ্ট হোৱাৰ কাৰণবোৰ হ’ল—

(i) অধিক পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়।

(ii) ঘৰুৱা আৱৰ্জনা, পেলনীয়া খাদ্যবস্তু, মল-মূত্ৰ আদি য’তে-ত’তে পেলোৱাৰ ফলত সেইবোৰ গেলি-পচি নানা বীজাণুৰ সৃষ্টি হৈ মাটিৰ গুণাগুণ নষ্ট হয়।

(iii) উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনা মাটিত মিহলি হৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰে।

(iv) টিন, প্লাষ্টিক আৰু পলিথিন জাতীয় বস্তু মাটিত মিহলি হোৱাৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয়৷

(v) অত্যধিক পৰিমাণৰ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ প্ৰয়োগৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়৷

৬। পানী প্ৰদূষণ কিদৰে ৰোধ কৰিব পাৰি?

উত্তৰ: পানী প্ৰদূষণ কিদৰে ৰোধ কৰিবৰ বাবে—

(i) উদ্যোগৰ পৰা ওলোৱা ৰাসায়নিক দ্ৰব্যবোৰ আঁতৰ কৰি পানীৰ প্ৰদূষণ বহু পৰিমাণে ৰোধ কৰিব পাৰি৷

(ii) নৈ-নিজৰা, পুখুৰী আদিৰ পানীত গা ধোৱা, কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা আদি কামৰ পৰা বিৰত থাকিলে পানী প্ৰদূষণ কম হয়৷ 

(iii) কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ ব্যৱহাৰ কৰি পানী প্ৰদূষণ ৰোধ কৰিব পাৰি‍।

৭। বায়ু প্ৰদূষিত হোৱাৰ চাৰিটা কাৰণ লিখা।

উত্তৰ: বায়ু প্ৰদূষিত হোৱাৰ চাৰিটা কাৰণ—

(i) খৰি, কয়লা আদি ইন্ধন বেছিকৈ জ্বলোৱাৰ ফলত বায়ুত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈ বায়ু প্ৰদূষিত কৰে‍।

(ii) নগৰ-চহৰৰ আৱৰ্জনা, মল-মূত্ৰ, জীৱ-জন্তুৰ মৃতদেহ য’তে-ত’তে পেলালে সেইবোৰ গেলি-পচি বায়ু প্ৰদূষিত হয়।

(iii) কল-কাৰখানা, গাড়ী-মটৰৰ পৰা নিৰ্গত ধোঁৱাই বায়ু প্ৰদূষিত কৰে।

(iv) প্ৰাকৃতিক দুৰ্যোগ বনজুইৰ ফলত বায়ু প্ৰদূষিত হয়৷

৮। প্ৰাকৃতিক পদ্ধতিৰে কিদৰে শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি?

উত্তৰ: চিত্ৰনলা, ধোঁৱা, নিমপাত আদি প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি।

৯। উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ ওখকৈ কিয় সাজিব লাগে?

উত্তৰ: বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ ওখকৈ সাজিব লাগে।

১০। চমুকৈ লিখা—

(ক) পচন সাৰ

উত্তৰ: 

পচন সাৰ: পচন সাৰ এবিধ উৎকৃষ্ট জৈৱিক সাৰ। গাঁত খান্দি তাত ঘৰুৱা পেলনীয় আৱৰ্জনা, শাক-পাচলিৰ বাকলি আদিৰে পুতি পচন সাৰ প্ৰস্তুত কৰা হয়৷ কিন্তু পচন সাৰৰ গাঁতত প্লাষ্টিক, পলিথিন, চিচা, টিন আদি পেলাব নালাগে৷‍ ৰাসায়নিক সাৰৰ পৰিৱৰ্তে পচন সাৰৰ প্ৰয়োগ কৰি মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি৷ 

(খ) জৈৱ গেছ

উত্তৰ: 

জৈৱ গেছ: পৰিৱেশত থকা জৈৱিক অপচয়সমূহৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰা হয়। এনে গেছক শক্তি উৎপাদনত ব্যৱহাৰ কৰা হয়৷ যেনে‍— গোবৰ গেছ৷ ইয়াক ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয়৷ জৈৱ গেছৰ কেলৰি মান অতি বেছি আৰু ইয়াক পাইপৰ সহায়ত ধাৰকৰ পৰা অতি সহজে ৰন্ধনশাললৈ নিব পাৰি৷

(গ) প্ৰদূষক

উত্তৰ:

প্ৰদূষক: পৰিৱেশত থকা বায়ু, পানী আৰু মাটিত কিছুমান ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ এই বিলাকৰ স্বাভাৱিক গুণাগুণ বিনষ্ট কৰে৷ এই ক্ষতিকাৰক পদাৰ্থসমূহকে‍ প্ৰদূষক বুলি কোৱা হয়। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক দ্ৰব্য, জাবৰ-জোঁথৰ, মল-মূত্ৰ আদি হৈছে মাটিৰ প্ৰদূষকৰ উদাহৰণ৷ উদ্যোগৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ, ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক দ্ৰব্য, গা ধোৱা, কাপোৰ ধোৱা আৰু বাচন-বৰ্তন ধোৱাৰ ফলত উৎপন্ন লেতেৰা পানী, জাবৰ-জোঁথৰ, জীৱ-জন্তু মৃতদেহ আদি পানীৰ প্ৰদূষকৰ উদাহৰণ৷ আকৌ, কল-কাৰখানা আৰু যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা, মল-মূত্ৰ, বনজুই আদি হৈছে বায়ু প্ৰদূষকৰ উদাহৰণ৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ