পৰিভ্ৰমী চৰাই— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১. চমু উত্তৰ দিয়া:

ক) যিকোনো দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা৷

উত্তৰ: দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ’ল— দেওহাঁহ আৰু ধৃতৰাজ৷

খ) কোনবিধ চৰায়ে বাহ নাসাজে?

উত্তৰ: কুলি চৰায়ে বাহ নাসাজে৷

গ) আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম কি?

উত্তৰ: আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম ময়ূৰ৷

ঘ) ছাইবেৰিয়াৰ পৰা অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা৷

উত্তৰ: ছাইবেৰিয়াৰ অহা এবিধ পৰিভ্ৰমী চৰাই হ’ল বগজাতীয় চৰাই৷ 

ঙ) তুমি দেখা চাৰিবিধ চৰাইৰ নাম লিখা৷

উত্তৰ: মই দেখা চাৰিবিধ চৰাই হ’ল— বগলী, পাৰ, হাঁহ আৰু কাউৰী৷


২. হয়নে নহয় লিখা:

ক) পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইন মতে নিষেধ৷

উত্তৰ: হয়৷

খ) বহুতো লোকে চৰাইৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে৷

উত্তৰ: হয়৷

গ) পৰিভ্ৰমী চৰাইবোৰ কেৱল অসমলৈহে আহে৷

উত্তৰ: নহয়৷

ঘ) পৰিভ্ৰমী চৰাই অহা ঠাইখিনিত বনভোজ খোৱা উচিত৷

উত্তৰ: নহয়৷

ঙ) পৰিভ্ৰমী চৰাই আহি পৰা কিছুমান ঠাইক পক্ষী উদ্যান বুলি জনা যায়৷

উত্তৰ: হয়৷


৩. খালী ঠাই পূৰ কৰা:

ক) পক্ষী উদ্যানত বিভিন্ন _______ চৰাই দেখিবলৈ পোৱা যায়৷

উত্তৰ: পক্ষী উদ্যানত বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়৷

খ) জাতিংগা এখন _______ উদ্যান৷

উত্তৰ: জাতিংগা এখন পক্ষী উদ্যান৷

গ)  দূৰ-দূৰণিৰ পৰা পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক _______ বোলে৷

উত্তৰ: দূৰ-দূৰণিৰ পৰা পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক পৰ্যটক বোলে৷

ঘ) কিছুমান চৰাইৰ মাংস আৰু কণী _______ হিচাপে ব্যৱহাৰ কৰা হয়৷

উত্তৰ: কিছুমান চৰাইৰ মাংস আৰু কণী খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷


৪. শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা:

ক) দীপৰ বিল কামৰূপ (মহানগৰ)/ শিৱসাগৰ/ শোণিতপুৰ জিলাৰ অন্তৰ্গত৷

উত্তৰ: দীপৰ বিল কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত৷

খ) পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক অভয়াৰণ্য/ চিৰিয়াখানা/ পক্ষী উদ্যান বুলি কোৱা হয়৷

উত্তৰ: পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক পক্ষী উদ্যান বুলি কোৱা হয়৷

গ) ষ্টাৰলিং চৰাই বসন্ত/বৰ্ষা/ শীত কালত অসমলৈ আহে৷

উত্তৰ: ষ্টাৰলিং চৰাই শীত কালত অসমলৈ আহে৷

ঘ) প্ৰতি বছৰে প্ৰায় ১০/১০০/১০০০ বিধ ভিন ভিন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই অসমলৈ আহে৷

উত্তৰ: প্ৰতি বছৰে প্ৰায় ১০০ বিধ ভিন ভিন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই অসমলৈ আহে৷

ঙ) ধৃতৰাজ/শালিকা/শগুণ এবিধ পৰিভ্ৰমী চৰাই৷

উত্তৰ: ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই৷


৫. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ ‘খ’
পৰ্যটক এখন পক্ষী উদ্যান
বালিমাহী এখন ৰাষ্ট্ৰীয় উদ্যান
দীপৰ বিল এবিধ পৰিভ্ৰমী চৰাই
কাজিৰঙা কাউৰীৰ বাহত কণী পাৰে
কুলি বনাঞ্চলসমূহ চাবলৈ অহা দেশী-বিদেশী লোক

উত্তৰ:

‘ক’ ‘খ’
পৰ্যটক বনাঞ্চলসমূহ চাবলৈ অহা দেশী-বিদেশী লোক
বালিমাহী এবিধ পৰিভ্ৰমী চৰাই
দীপৰ বিল এখন পক্ষী উদ্যান 
কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান
কুলি কাউৰীৰ বাহত কণী পাৰে


৬. পৰিভ্ৰমী চৰাই কাক বোলে?

উত্তৰ: একে ঠাইতে নাথাকি দেশে-বিদেশে ঘূৰি ফুৰা চৰাইবিলাককে পৰিভ্ৰমী চৰাই বুলি কোৱা হয়৷

৭. পৰিভ্ৰমী চৰাইবোৰ কিয় অসমলৈ আহে?

উত্তৰ: খাদ্যৰ সন্ধানত আৰু অতিপাত শীত আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ আহে৷

৮. চৰাইৰ পৰা পোৱা দুটা উপকাৰ উল্লেখ কৰা৷

উত্তৰ: চৰাইৰ পৰা পোৱা দুটা উপকাৰ হৈছে‍ —

ক) শস্য আৰু অইন উদ্ভিদৰ অনিষ্টকাৰী পোক-পৰুৱা নিধন কৰি উদ্ভিদক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে৷

খ) শগুণজাতীয় চৰায়ে মৃত জন্তুবোৰ ভক্ষণ কৰি আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে৷

৯. তলৰ চৰাইটোৰ ছবিখনত ৰং কৰা৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ