প্ৰাচীন নগৰীয়া সভ্যতা— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

১) উত্তৰ লিখা—

ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল?

উত্তৰ: সিন্ধু, নীল, য়ুফ্ৰেটিছ, ট্ৰাইগ্ৰীছ, হোৱাংহো আৰু য়াংচিকিয়াং নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল৷

খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি?

উত্তৰ: পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি৷

গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ’পটেমীয়াৰ সভ্যতাৰ সর্ম্পক আছে বুলি ক’ব পাৰি?

উত্তৰ: হৰপ্পা সভ্যতাত ব্যৱহাৰ হোৱা মোহৰ, মণি, কাপোৰ, ৰুদ্ৰাক্ষ আৰু পোৰামাটিৰ ছীল আদি মেছ’পটেমীয়াত পোৱা গৈছে৷ এইবোৰৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ’পটেমীয়াৰ সভ্যতাৰ সর্ম্পক আছে বুলি ক’ব পাৰি৷

ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা৷

উত্তৰ: হৰপ্পা সভ্যতাত ব্যৱহাৰ হোৱা মণি, কাপোৰ, ৰুদ্ৰাক্ষ আৰু পোৰামাটিৰ ছীল-মোহৰ আদি মেছ’পটেমীয়াত পোৱা গৈছে৷ আনহাতে, হৰপ্পাৰ ছীল-মোহৰ কিছুমান চুমেৰীয় অঞ্চলতো আৱিষ্কাৰ হৈছে৷ বি‍ভিন্ন ঠাইত উদ্ধাৰ হোৱা এই সামগ্ৰীসমূহে প্ৰমাণ কৰে যে সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্য আছিল৷

ঙ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয়?

উত্তৰ: সিন্ধু উপত্যকাৰ ভগ্নাৱশেষৰ মাজৰ পৰা উদ্ধাৰ হোৱা বেজী আৰু বুটামৰ পৰা অনুমান হয় যে সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল৷

২) পাঠত থকা মানচিত্ৰখন চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া—

ক) লোথাল আৰু কালিবাংগান বর্তমান কোন কোন ৰাজ্যত অৱস্থিত?

উত্তৰ: লোথাল বর্তমানৰ গুজৰাট আৰু কালিবাংগান ৰাজস্থান ৰাজ্যত অৱস্থিত৷

খ) সিন্ধু নদীয়ে চুই যোৱা ঠাইকেইখনৰ নাম উল্লেখ কৰা৷

উত্তৰ: সিন্ধু নদীয়ে চুই যোৱা ঠাইকেইখনৰ নাম— মহেঞ্জোদাৰো, চানহোদাৰো, হৰপ্পা৷

গ) বর্তমান পাকিস্তানৰ অন্তর্গত ঠাইকেইখনৰ নাম লিখা৷

উত্তৰ: বর্তমান পাকিস্তানৰ অন্তর্গত ঠাইকেইখনৰ নাম— মহেঞ্জোদাৰো, চানহোদাৰো, আমৰি, চোটকাকোহ৷

ঘ) ঝিলাম বর্তমান কোনখন দেশত?

উত্তৰ: ঝিলাম নদীখনৰ উৎপত্তি ভাৰতত৷ জম্মু-কাশ্মীৰেদি বৈ গৈ পাকিস্তানত সোমাই চিনাব নৈৰ লগত মিলিত হৈছে৷

ঙ) ৰোপাৰ বর্তমান ভাৰতৰ কোন ৰাজ্যৰ অন্তর্গত?

উত্তৰ: ৰোপাৰ বর্তমান ভাৰতৰ পঞ্জাব ৰাজ্যৰ অন্তর্গত৷

৩) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে ১) শষ্য ৰাখিবৰ বাবে৷
২) ‍সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল ২) ইৰাকৰ লগত বেপাৰ-বাণিজ্য কৰিছিল৷
৩) ‍সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ‍ ৩) চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ৷
৪) ‍সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল ৪) অলংকাৰ পিন্ধিছিল৷
৫) ‍সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা ৫) উট আৰু গাধ ৰাখিছিল৷
৬) মেছ’পটেমীয়া সভ্যতা৷

উত্তৰ:

১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে অলংকাৰ পিন্ধিছিল৷
২) ‍সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ৷
৩) ‍সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ‍ উট আৰু গাধ ৰাখিছিল৷
৪) ‍সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল শষ্য ৰাখিবৰ বাবে৷
৫) ‍সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা মেছ’পটেমীয়া সভ্যতা৷

৪) দলগত কার্য—

তোমাৰ অঞ্চলত পোৰা মাটিৰে কি কি সামগ্ৰী তৈয়াৰ কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা৷ 

(ছাত্ৰ-ছাত্ৰীসকলে নিজে কৰিব৷)

৫) শুদ্ধ বাক্যত ‘’ চিন দিয়া—

ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল৷

....

খ) মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল৷

....

গ) ‍সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল৷

....

ঘ) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপিৰ ব্যৱহাৰ কৰিছিল৷

....

ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু ধাতুৰ সংমিশ্ৰণত তৈয়াৰী৷

....

উত্তৰ:

ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল৷

খ) মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল৷

...

গ) ‍সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল৷

...

ঘ) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপিৰ ব্যৱহাৰ কৰিছিল৷

ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু ধাতুৰ সংমিশ্ৰণত তৈয়াৰী৷

৬) সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা৷

উত্তৰ: সিন্ধু উপত্যকাৰ সভ্যতা নগৰকেন্দ্ৰিক সভ্যতা৷ নগৰবোৰত আহল-বহল ৰাজআলি আছিল৷ ৰাষ্টাৰ চুকবোৰ ধেনুভেৰীয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া যান-বাহন সহজতে চলাচল কৰিব পাৰে৷ নর্দমা ব্যৱস্থা অতিশয় উন্নত আৰু চকুত লগা আছিল৷ প্ৰতিটো ঘৰৰ পৰা পানী ওলাই যাবৰ বাবে ইটাৰে নির্মিত কিছুমান নলা আছিল৷ এই নলাবোৰৰ পানী ৰাজআলিৰ ডাঙৰ নলাবোৰেদি গৈ নর্দমাত পৰিছিল৷ নলাবোৰত ঢাকনীৰ সু-ব্যৱস্থা আছিল৷ ঘৰৰ ব্যৱস্থা উত্তম আছিল৷ ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নির্মাণ কৰা হৈছিল৷ ঘৰবোৰ শাৰী শাৰী কৈ সজা হৈছিল৷ ৰাষ্টা অৱৰোধ কৰি ঘৰ সজা নহৈছিল৷ ঘৰে প্ৰতি একোখন ডাঙৰ চোতাল আছিল৷ তদুপৰি কুঁৱা, স্নানাগাৰ, ডাঙৰ ভঁৰাল আদিও সিন্ধু উপত্যকাৰ সভ্যতাৰ ভগ্নাৱশেষত পোৱা গৈছে৷  

৭) হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা৷

উত্তৰ: হৰপ্পা সংস্কৃতিৰ মানুহে মাটিৰ পাত্ৰ দৈনন্দিন প্ৰয়োজনত ব্যৱহাৰ কৰিছিল৷ তাম, ৰুপ, ব্ৰঞ্জ আৰু পৰচেলিনৰ পাত্ৰও বাৱহাৰ কৰিছিল যদিও এইবোৰৰ ব্যৱহাৰ কম আছিল৷ অন্যাম্য সামগ্ৰীৰ ভিতৰত হাড় বা হাতীদাঁতে‍ৰে নির্মিত ফণী, ব্ৰঞ্জ আৰু তামৰ কোঠাৰ, কটাৰী, বটালী, কাঁচি, বৰশী, খুৰ আদি উল্লেখযোগ্য৷ ইয়াৰ উপৰি কাঠেৰে নির্মিত চকী আৰু চালপীৰা, পাটীঢাৰী, তামৰ চাকি, মাটিৰ মমদানি ব্যৱহাৰ কৰিছিল৷

ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নির্মাণ কৰা হৈছিল৷ এই ঘৰবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি৷ সেইবোৰ হ’ল—সাধাৰণ মানুহ থকা ঘৰ, ডাঙৰ অট্টালিকা, গা ধোৱা ঘৰ৷ ডাঙৰ অট্টালিকাসমূহত বহুতো কোঠালি আছিল৷ খটখটী থকাৰ পৰা অনুমান হয় যে ডাঙৰ অট্টালিকাবোৰ দুই-তি‍নিমহলীয়া আছিল৷ ঘৰবোৰ শাৰী শাৰী কৈ সজা হৈছিল৷ ৰাষ্টা অৱৰোধ কৰি ঘৰ সজা নহৈছিল৷ ঘৰে প্ৰতি একোখন ডাঙৰ চোতাল আছিল৷ ঘৰৰ আর্ৱজনা পেলাবলৈ ঘৰবোৰত আর্ৱজনা পাত্ৰৰ ব্যৱস্থা আছিল৷ তদুপৰি কুঁৱা, ডাঙৰ ভঁৰাল আদিও সিন্ধু উপত্যকাৰ সভ্যতাৰ ভগ্নাৱশেষত পোৱা গৈছে৷     

৮) হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱি‍কা নির্বাহৰ মূল উৎস কি কি আছিল? তালিকা বনোৱা৷

উত্তৰ: হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱি‍কা নির্বাহৰ মূল উৎসসমূহৰ তলত এখন তালিকা দিয়া হ’ল৷

১) কৃষি কর্ম

২) পশুপালন

৩) বেপাৰ-বাণিজ্য

৪) শিল্প কলা৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ