প্ৰাকৃতিক সম্পদ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১. উত্তৰ লিখা:

ক) প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰ: বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য, বন্যপ্ৰাণী আদি যিবিলাক সম্পদ প্ৰকৃতিত পোৱা যায়, সেই সম্পদসমূহকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়৷

খ) খনিজ সম্পদ কাক বোলে?

উত্তৰ: খাৰুৱা তেল, প্ৰাকৃতিক গেচ, কয়লা, চূণশিল আদি যিবিলাক সম্পদ ভূ-গৰ্ভৰ পৰা আহৰণ কৰা হয়, সেইবিলাককেই খনিজ সম্পদ বুলি কোৱা হয়৷

গ) অসমৰ খনিজ সম্পদসমূহ কি কি?

উত্তৰ: অসমৰ খনিজ সম্পদসমূহ হৈছে‍-- খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা আৰু চূণশিল৷

ঘ) অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়?

উত্তৰ: অসম খাৰুৱা তেলত চহকী হোৱা বাবেই ইয়াক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়৷

ঙ) জলজ সম্পদ কি?

উত্তৰ: পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহকেই একেলগে জলজ সম্পদ বুলি কোৱা হয়৷

চ) অসমক কিয় নদীমাতৃক দেশ বুলি কোৱা হয়?

উত্তৰ: নদ-নদী বেছিকৈ থকা বাববে অসমক নদীমাতৃক দেশ বুলি কোৱা হয়৷

ছ) তিনিবিধ বনজ সম্পদৰ নাম লিখা৷

উত্তৰ: তিনিবিধ বনজ সম্পদ হ’ল-- (i)গছ-গছনি‍, (ii)জীৱ-জন্তু আৰু (iii) চৰাই-চিৰিকটি

২৷ আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সদ্‌ব্যৱহাৰ কৰিব লাগে?

উত্তৰ: সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান৷ এই মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ যদি পৰিমিতভাৱে ব্যৱহাৰ নকৰি অপব্যয় কৰা হয়, তেন্তে এটা সময়ত এই প্ৰাকৃতিক সম্পদসমূহ শেষ হৈ যাব৷ সেয়ে আমি প্ৰাকৃতিক সম্পদসমূহৰ সদ্‌ব্যৱহাৰ কৰা উচিত৷

৩৷ শুদ্ধ উত্তৰটোত  চিন দিয়া:

ক) আলকেতেৰা কয়লা খনিত পোৱা যায়৷

খ) চূণশিল এবিধ বনজ সম্পদ৷

গ) প্ৰাকৃতিক সম্পদৰ আমি সদ্‌ব্যৱহাৰ কৰিব লাগে৷

ঘ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়৷

ঙ) ভূ-গৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী৷

উত্তৰ: গ) প্ৰাকৃতিক সম্পদৰ আমি সদ্‌ব্যৱহাৰ কৰিব লাগে৷

৪৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ ‘খ’
কয়লা বনজ সম্পদ
খাৰুৱা তেল জলজ সম্পদ
গঁড়, হাতী খনিজ সম্পদ
পানীত থকা প্ৰাণীসমূহ পনীয়া সোণ

উত্তৰ:

‘ক’ ‘খ’
কয়লা খনিজ সম্পদ
খাৰুৱা তেল পনীয়া সোণ
গঁড়, হাতী বনজ সম্পদ
পানীত থকা প্ৰাণীসমূহ জলজ সম্পদ
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ