প্ৰাকৃতিক সম্পদ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা:

(ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা।

উত্তৰ: অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম হৈছে—  শাল, চেগুন, গমাৰী আৰু শিশু।

(খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম।

উত্তৰ: বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম হৈছে— লাউ, জিকা, ভোল, আৰু কোমোৰা।

(গ) অসমৰ তিনিখন বিলৰ নাম লিখা।

উত্তৰ: অসমৰ তিনিখন বিলৰ নাম হৈছে— দীপৰ বিল, চান্দডুবি বিল, চামগুৰি বিল।

(ঘ) অসমৰ বনজ সম্পদসমূহক ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম।

উত্তৰ: অসমৰ বনজ সম্পদসমূহক ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হৈছে— জুইশলা উদ্যোগ আৰু কাগজ উদ্যোগ।

(ঙ) বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম।

উত্তৰ: বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম হৈছে চূণশিল।

(চ) চূণশিলৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা।

উত্তৰ:  চূণশিলৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম হৈছে— বিলাতী মাটি আৰু চক পেঞ্চিল।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশৰ মিলোৱা:

        ‘ক’                  -                ‘খ’

কাৰ্বি আংলঙত     -     চূণশিল পোৱা যায়।

ডিগবৈত          -          তেল শোধনাগাৰ আছে। 

নাহৰকটীয়াত      -      খৰুৱা তেল পোৱা যায়।

মৰাণত            -            তৈলক্ষেত্ৰ আছে।

৩। খালী ঠাই পূৰ কৰা:

(ক) প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী _______ নহয়।

উত্তৰ: প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী  সম্পদ  নহয়।

(খ) অসমৰ _______ পৃথিৱী বিখ্যাত। 

উত্তৰ: অসমৰ  এশিঙীয়া গঁড়  পৃথিৱী বিখ্যাত। 

(গ) ব্ৰক্ষপুত্ৰ নৈত পোৱা _______ হ’ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী।

উত্তৰ: ব্ৰক্ষপুত্ৰ নৈত পোৱা  শিহু  হ’ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী।

(ঘ) ভূ-পৃষ্ঠৰ পানীভাগৰ দৰে _______ পানীভাগো আমাৰ সম্পদ।

উত্তৰ: ভূ-পৃষ্ঠৰ পানীভাগৰ দৰে  ভূ-গৰ্ভৰ  পানীভাগো আমাৰ সম্পদ।

(ঙ) কয়লাৰ দৰে খাৰুৱা তেলো এক প্ৰকাৰৰ _______ ইন্ধন।

উত্তৰ: কয়লাৰ দৰে খাৰুৱা তেলো এক প্ৰকাৰৰ  জীৱাশ্ম  ইন্ধন।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা—

(ক) তিতাচঁপা এবিধ কৃষিজাত উদ্ভিদ।

উত্তৰ: অশুদ্ধ৷ 

শুদ্ধ ৰূপ— তিতাচঁপা এবিধ বনজ উদ্ভিদ।

(খ) প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়।

উত্তৰ: শুদ্ধ৷

(গ) নলখাগৰি, শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ ৰূপ— নলখাগৰি, শিশু আদি উদ্ভিদ নৈ-উপনৈৰ দুয়োপাৰে পোৱা যায়।

(ঘ) শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।

উত্তৰ: শুদ্ধ৷

৫। খনিজ সম্পদক কিয় অনৱীকৰণক্ষম সম্পদ বোলে? 

উত্তৰ: খনিজ সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ তাক ব্যৱহাৰ কৰিব নোৱাৰি৷ সেয়েহে ইয়াক অনৱীকৰণক্ষম সম্পদ বোলে।

৬। নৈ-উপনৈসমূহৰ ওচৰত জাহাজঘাট, ফেৰীঘাট আদি গঢ়ি উঠাৰ কাৰণ কি?

উত্তৰ: মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আৰু বয়-বস্তু পৰিবহণৰ বাবে অতি কম খৰচী জল পৰিবহণ ব্যৱস্থাৰ সহায় লয়৷ জল পৰিবহণৰ বাবে আকৌ নাও, জাহাজ, ফেৰী আদি ব্যৱহাৰ কৰা হয়৷ সেয়ে,‍ যাতায়ত আৰু পৰিবহণৰ সুবিধাৰ বাবেই নৈ-উপনৈসমূহৰ ওচৰত জাহাজঘাট, ফেৰীঘাট গঢ়ি উঠে।

৭। চমুটোকা লিখা— 

কয়লা, খাৰুৱা তেল।

উত্তৰ:

কয়লা: কয়লা হৈছে প্ৰকৃতিত পোৱা গুৰুত্বপূৰ্ণ ইন্ধনসমূহৰ অন্যতম৷ বহু নিযুত বছৰৰ আগতে পৃথিৱীৰ উপৰিভাগত থকা গছ-গছনিসমূহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভূ-গৰ্ভৰ বহু তললৈ পোত গৈছিল৷ এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত তৰপে তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল৷ ভূ-পৃষ্ঠৰ তলিত পোত যোৱা এই গছ-গছনিবোৰ লাহে লাহে ভূ-পৃষ্ঠৰ প্ৰচণ্ড চাপ আৰু ভূ-গৰ্ভৰ তাপৰ প্ৰভাৱত কয়লালৈ‍ ৰূপান্তৰিত হৈছিল৷

অসমত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায়৷ বিশেষকৈ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়৷ কাৰ্বি পাহাৰৰ  কয়লাজান, শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্ট মানৰ কয়লা পোৱা যায়৷ কয়লাৰ খনিত কাম কৰি বহুতো মানুহে জীৱিকা নিৰ্বাহ‍ কৰে৷ 

খাৰুৱা তেল: বহু নিযুত বছৰৰ আগতে সাগৰ-মাহসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পাছত সাগৰ-মাহাসগৰৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল৷ এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰেই ভূ-পৃষ্ঠৰ প্ৰচণ্ড চাপ, ভূ-গৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেললৈ ৰূপান্তৰিত হোৱাৰ লগতে প্ৰাকৃতিক গেছৰো সৃষ্টি হৈছিল৷ খাৰুৱা তেলসমূহ জুলীয়া অৱস্থাত থাকে৷ শিলৰ স্তৰসমূহৰ মাজত আৰু সাগৰৰ তলিৰ নিচিনা ভূ-গৰ্ভত খাৰুৱা তেল পোৱা যায়৷ অসমৰ খাৰুৱা তেল থকা ঠাইকেইখন হ’ল— নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী আৰু লাকুৱা৷ খাৰুৱা তেল পৰিশোধন কৰি পেট্ৰ'ল, ডিজেল, কেৰাচিন, নেফ্‌থেলিন, মম্ আদি পৃথকে পৃথকে প্ৰস্তুত কৰা হয়৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ