সম্পদ সংৰক্ষণ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) বন্যপ্ৰাণীৰ আৱাসথলীত কোন তিনিটা উপাদান থকা বিশেষ প্ৰয়োজন?

উত্তৰ: বন্যপ্ৰাণীৰ আৱাসথলীত খাদ্য, পানী আৰু বাসস্থান— এই তিনিটা উপাদান থকাটো বিশেষ প্ৰয়োজন।

(খ) ‘প্ৰকৃতিক বিশ্ব ঐতিহ্যৰ স্থান’ পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি?

উত্তৰ: ‘প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান’ পোৱা অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ’ল— কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান।

(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ লিখা।

উত্তৰ: মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ হৈছে— খাদ্য, পানী আৰু বাসস্থান।

(ঘ) ব্যাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।

উত্তৰ: ব্যাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ’ল— মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম উল্লেখ কৰা।

উত্তৰ: অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম হৈছে—  সোণালী বান্দৰ, দেওহাঁহ আৰু নল-গাহৰি।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
পাহাৰৰ হাবি-বন কাটি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়।
উদ্ভিদ উদ্যানত জুম খেতি কৰা হয়।
অভয়াৰণ্যত দ’দ’ চৰাই আছিল।
মৰিছাছ দ্বীপত বন্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰি ফুৰি‍ব পাৰে।

উত্তৰ:

‘ক’ ‘খ’
পাহাৰৰ হাবি-বন কাটি জুম খেতি কৰা হয়।
উদ্ভিদ উদ্যানত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়।
অভয়াৰণ্যত বন্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰি ফুৰি‍ব পাৰে।
মৰিছাছ দ্বীপত দ’দ’ চৰাই আছিল।

৩। খালী ঠাই পূৰ কৰা—

(ক) ২১ মাৰ্চ দিনটো _______ হিচাপে কালন কৰা হয়।

উত্তৰ: ২১ মাৰ্চ দিনটো  বিশ্ব বন দিৱস  হিচাপে কালন কৰা হয়।

(খ) গুৱাহাটীৰ চিৰিয়াখানাত _______ আছে।

উত্তৰ: গুৱাহাটীৰ চিৰিয়াখানাত  উদ্ভিদ উদ্যান  আছে।

(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে _______ প্ৰকৃততে দোষী।

উত্তৰ: মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে  মানুহেই  প্ৰকৃততে দোষী।

(ঘ) ডিব্ৰু-চৈখোৱা এখন _______

উত্তৰ: ডিব্ৰু-চৈখোৱা এখন  ৰাষ্ট্ৰীয় উদ্যান 

(ঙ) সংৰক্ষিত বনাঞ্চলসমূহ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে _______ সংগ্ৰহ কৰে।

উত্তৰ: সংৰক্ষিত বনাঞ্চলসমূহ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে  ৰাজহ  সংগ্ৰহ কৰে।

৪। চমু উত্তৰ দিয়া—

(ক) বন্যপ্ৰাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয়?

উত্তৰ: বন্যপ্ৰাণী সপ্তাহ প্ৰতি বছৰে অক্টোবৰ মাহত পালন কৰা হয়।

(খ) ৰাষ্ট্ৰীয় উদ্যানৰ কোনটো ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে?

উত্তৰ: ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে।

(গ) জৈৱ-বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ: জৈৱ-বৈচিত্ৰ্য দিৱস ২২ মে’ত পালন কৰা হয়।

(ঘ) দ’দ’ চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেবাৰে বিলুপ্ত হৈ গ’ল?

উত্তৰ: দ’দ’ চৰাইৰ লগত কেল্‌ভে‍ৰিয়া মেজৰ (Calvaria Major) নামৰ উদ্ভিদবিধ পৃথিৱীৰ পৰা একেবাৰে বিলুপ্ত হৈ গ’ল।

৫। চমুটোকা লিখা—

(ক) অভয়াৰণ্য (খ) সংৰক্ষিত বনাঞ্চল (গ) উদ্ভিদ উদ্যান (ঘ) ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ: 

অভয়াৰণ্য: অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু দূৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণীসমূহে মুক্তমনে বিচৰণ কৰিব পাৰে। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যৰ উদাহৰণ হৈছে— পবিতৰা অভয়াৰণ্য।

সংৰক্ষিত বনাঞ্চল: বনজ সম্পদত চহকী কিছুমান প্ৰকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়।

উদ্ভিদ উদ্যান: উদ্ভিদ উদ্যানত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্যানত উদ্ভিদবিলাকক চিনি পাবৰ বাবে প্ৰত্যেকজোপা উদ্ভিদৰ গা-গছত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান থাকে।

ৰাষ্ট্ৰীয় উদ্যান: ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চল, য’ত বন্যপ্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ