সাম্ৰাজ্যবাদ আৰু অসম— সমাজ বি‍জ্ঞান, অষ্টম শ্ৰেণী

১) উত্তৰ লিখা—

(ক) অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল?

উত্তৰ: অসমত ১৮ শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল।

(খ) স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল?

উত্তৰ: স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহই আৰোহণ কৰিছিল।

(গ) কেপ্টে‍ইন ৱেলছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্নৰ জেনেৰেল কোন আছিল?

উত্তৰ: কেপ্টে‍ইন ৱেলছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্নৰ জেনেৰেল লৰ্ড কৰ্নৱালিছ আছিল।

(ঘ) আহোমসকলৰ শেষ ৰজাজন কোন আছিল?

উত্তৰ: আহোমসকলৰ শেষ ৰজাজন স্বৰ্গদেউ পুৰন্দৰ সিংহ আছিল।

(ঙ) কিমান খ্ৰীষ্টাব্দত য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰ: ১৮২৬ খ্ৰীষ্টাব্দত য়াণ্ডাবু সন্ধি স্বাক্ষৰি ত হৈছিল।

২) ক্ৰমানুসাৰে সজোৱা—

(ক) মোৱামৰীয়া প্ৰথম বিদ্ৰোহ।

(খ) মানৰ দ্বিতীয় আক্ৰমণ।

(গ) কেপ্টে‍ইন ৱেলছৰ অসম আগমন।

(ঘ) ইয়াণ্ডাবু সন্ধি।

(ঙ) মানৰ তৃতীয় আক্ৰমণ।

উত্তৰ: (ক) মোৱামৰীয়া প্ৰথম বিদ্ৰোহ।

(খ) কেপ্টে‍ইন ৱেলছৰ অসম আগমন।

(গ) মানৰ দ্বিতীয় আক্ৰমণ।

(ঘ) মানৰ তৃতীয় আক্ৰমণ।

(ঙ) য়াণ্ডাবু সন্ধি।

৩) শুদ্ধ/ অশুদ্ধ বাছি উলিওৱা—

(ক) অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্নৱালিছ অসমলৈ আহিছিল।

উত্তৰ: অশুদ্ধ।

(খ) কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল।

উত্তৰ: অশুদ্ধ।

(গ) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া।

উত্তৰ: শুদ্ধ।

(ঘ) য়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ইংৰাজে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল।

উত্তৰ: শুদ্ধ।

(ঙ) বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোহাঁয়ে হত্যা কৰিছিল।

উত্তৰ: অশুদ্ধ।

৪) চমু উত্তৰ দিয়া: (৫০ টামান শব্দৰ ভিতৰত)

(ক) প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি কি‍?

উত্তৰ: প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ হ’ল—

i) ঘোৰ শাক্ত ফুলেশ্বৰী কুঁৱৰীয়ে মোৱামৰীয়া মহন্তসকলক জোৰ কৰি দুর্গাপূজাৰ প্ৰসাদ খুৱায় আৰু বলিৰ তেজেৰে কপালত ফোঁট দিয়ায়৷

ii) কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়াসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান আৰু লঘু-লাঞ্চনা কৰাৰ বাবে তেওঁলোক বিদ্ৰোহী হৈ উঠে৷

iii) কিছুমান আৰ্থ-সামাজিক কাৰণৰ বাবেও মোৱামৰীয়া প্ৰজাসকল ৰজাঘৰীয়াৰ প্ৰতি‍ অসন্তুষ্ট হৈ পৰি‍ছিল৷

(খ) মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি কি‍?

উত্তৰ: মানৰ দ্বিতীয় আক্ৰমণৰ পাছত চন্দ্ৰকান্ত সিংহ ৰজা হয় যদিও প্ৰকৃততে মান সেনাপতি মিঙ্গিমাহায়েহে অসম শাসন কৰিছিল৷ অসমত থকা মানৰ অতপালি দিনে দিনে বাঢ়ি যোৱাত চন্দ্ৰকান্ত সিংহ মানবিৰোধী হৈ উঠে৷ সেয়েহে অসমত থকা মান সেনাপতি নিজ দেশলৈ উভতি যোৱাত চন্দ্ৰকান্ত সিংহই মান অসমলৈ অহা পথটো বন্ধ কৰাৰ প্ৰস্তুতি চলায়। মান ৰজা বাগ্যীদোৱাই এই কথা গম পাই সসৈন্যে‍ অসমলৈ আহি তৃতীয়বাৰলৈ অসম আক্ৰমণ কৰে।

(গ) য়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি?

উত্তৰ: য়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত—

(i) মান ৰজাই ইষ্ট ইণ্ডিয়া কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিব লাগিব।

(ii) মানসকলে অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱি‍ষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিব লাগিব।

৫) চমু টোকা লিখা—

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা

উত্তৰ: কীৰ্তিচন্দ্ৰ বৰবৰুৱা স্বর্গদেউ লক্ষ্মী সিংহৰ ৰাজ্যসভাৰ এজন বিতৰ্কি‍ত বিষয়া আছিল৷ এওঁৰ হাততে প্ৰশাসনৰ ভাৰ পৰিছিল৷ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ক্ষমতা দিনক দিনে বাঢ়ি যোৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নোৱৰা হয়। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। তেওঁ কেইজনমান মোৱামৰীয়া নেতাক অপমান আৰু লঘু-লাঞ্চনা কৰাৰ বাবে তেওঁলোক বিদ্ৰোহী হৈ উঠে৷ মোৱামৰীয়া বিদ্ৰোহীসকলে বিদ্ৰোহৰ সময়ত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সবংশে বধ কৰে।

(খ) পূৰ্ণানন্দ বুঢ়াগোহাঁই

উত্তৰ: পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল ঘনশ্যাম বৰবৰুৱাৰ পুত্ৰ৷ স্বর্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বৰ পৰা চন্দ্ৰকান্ত সিংহৰ ৰাজত্বলৈকে প্ৰধানমন্ত্ৰী হিচাপে সুদীর্ঘ ৩৫ বছৰ কাল কার্যনির্বাহ কৰা পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল সেই সময়ৰ অসমৰ ৰাজনীতিৰ উল্লেখযোগ্য প্ৰতাপী ব্যক্তি৷ স্বর্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত এই ক্ষমতালিপ্সু বিষয়াজনৰ হাতত সকলো ক্ষমতা কেন্দ্ৰীভূত হৈছিল৷ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ অতি কৌশলেৰে দমন কৰিছিল৷ মানৰ হাতত আহোম সেনাৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়৷

(গ) বদন চন্দ্ৰ বৰফুকন

উত্তৰ: বদন চন্দ্ৰ বৰফুকন স্বর্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালৰ এজন প্ৰভাৱশালী বিষয়া আছিল৷ বদন চন্দ্ৰ বৰফুকনৰ অত্যাচাৰত প্ৰজা অতিষ্ঠ হৈ পৰিছিল‍। সেই সময়ৰ প্ৰতিপত্তিশালী বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এই সকলো খবৰ-বাতৰি পাই আছিল৷ ক্ষমতালোভী বদন চন্দ্ৰ বৰফুকনে নিজৰ অবিবেচক কাৰ্যৰ দ্বাৰা বুঢ়াগোহাঁইক শত্ৰু কৰি লৈছিল আৰু তেওঁৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিছিল৷ সেই কাৰণে বদন চন্দ্ৰক ধৰি আনিবলৈ বুঢ়াগোহাঁয়ে‍ কটকী পঠাইছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইক ক্ষমতাচ্যুত কৰিবৰ বাবে বদন চন্দ্ৰ বৰফুকনে মানক অসমলৈ আমন্ত্ৰণ কৰি আনে‍৷ এই ৰণত আহোম সৈন্য পৰাজিত হয়। ইতিমধ্যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়৷ বুঢ়াগোহাঁইৰ মৃত্যুত বদন চন্দ্ৰৰ অত্যাচাৰ বাঢ়ি যোৱাত ৰাজমাৱে‍ ৰূপসিং চুবেদাৰ নামৰ এজন চিপাহীৰ হতুৱাই বদনক হত্যা কৰোৱায়৷

৬) কেপ্তেইন ৱেলছ কোন আছিল? তেওঁ অসমলৈ কিয় আহি‍ছিল আৰু ইয়াৰ ফলাফল কি হ’ল?

উত্তৰ: কেপ্টে‍ইন ৱেলছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বিষয়া আছিল। মোৱামৰীয়া বিদ্ৰোহৰ ফলত স্বর্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি পলাই ফুৰিবলগা হোৱাত উপায়ন্তৰ হৈ‍ ভাৰতৰ গৱৰ্নৰ জেনেৰেল লৰ্ড কৰ্নৱালিছৰ সহায় বিছাৰে৷ গৌৰীনাথ সিংহৰ আমন্ত্ৰণক্ৰমে কৰ্নৱালিছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবৰ বাবে কেপ্তেইন ৱেলছক অসমলৈ পঠিয়ায়৷ কেপ্তেইন ৱেলছ অসমত পদাৰ্পণ কৰিয়েই গৌৰীনাথ সিংহৰ সৈন্যবাহিনীৰ সৈতে নগৰবেৰাত লগ লাগি প্ৰথমে মোৱামৰীয়া বিদ্ৰোহীসকলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে। ইয়াৰ পাছত ৱেলছে দৰঙী ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহ দমন কৰে৷ কেপ্তেইন ৱেলছে অসমৰ উজনি, নামনিৰ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ সিংহাসনত বহুৱাই স্বদেশলৈ প্ৰত্যাৱর্তন কৰে৷

৭) ‘‘পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান অহাত সহায় কৰিছিল’’— কথাষাৰৰ যথার্থতা নিৰ্ণয় কৰা।

উত্তৰ: মানৰ অসম আগমনৰ মূলতে আছিল উচ্চপদস্থ বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দ৷ পূৰ্ণানন্দ বুঢ়াগোহাঁই সেই সময়ৰ অসমৰ ৰাজনীতিৰ উল্লেখযোগ্য প্ৰতাপী ব্যক্তি আছিল৷ আনহাতে গুৱাহাটীৰ বদন চন্দ্ৰ বৰফুকনো স্বর্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালৰ এজন প্ৰভাৱশালী বিষয়া আছিল৷ এই দুয়োজন বিষয়াৰ মাজত ক্ষমতা লাভৰ কাৰণে শক্তিশালী প্ৰতিদ্বন্দ্বি‍তা আৰম্ভ হয়৷ বদন চন্দ্ৰ বৰফুকনে চন্দ্ৰকান্ত সিংহৰ সমর্থনত বুঢ়াগোহাঁইক হত্যা কৰিবৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰে যদিও বুঢ়াগোহাঁয়ে‍ এই কথা গম পাই বৰফুকনক ধৰি আনিবৰ কাৰণে পর্বতীয়া বৰফুকনক পঠিয়ায়৷ ভয়তে বদন চন্দ্ৰই কলিকতালৈ পলায়ন কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে৷ কিন্তু কোম্পানীয়ে সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্ৰ বৰফুকনে অসমত ক্ষমতাৰ অপপ্ৰয়োগ হৈছে বুলি ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচাৰে৷ বডৌপায়াই সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু মানে অসম আক্ৰমণ কৰে৷ এইদৰে ‍পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান অহাত সহায় কৰিছিল৷

৮) য়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল? তোমাৰ মতামত দাঙি ধৰা।

উত্তৰ: য়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে গোটেই অসমখন নিজৰ শাসনাধীন কৰিব পাৰিলেহেঁতেন যদিও ব্ৰহ্মদেশৰ লগত আন এখন যুদ্ধৰ সম্ভাৱনাই  কোম্পানীৰ কতৃপক্ষক এনেদৰে ভীতিগ্ৰস্ত কৰিছিল যে ব্ৰহ্মদেশৰ ওচৰ-চুবুৰীয়া জনজাতীয় ৰাজ্যসমূহক সন্তুষ্ট কৰি ৰখাৰ বাহিৰে তেওঁলোকৰ কোনো উপায় নাছিল৷ সেয়েহে ইংৰাজসকলে অসম ৰাজ্যৰ উত্তৰ–পূবফালে থকা কিছুমান জনজাতীয় সৰু সৰু ৰাজ্য, যেনে— মটক, মৰাণ, খামতি, চিংফৌসকলক স্বায়ত্তশাসনৰ সুবিধা দিছিল৷ ইংৰাজসকলে ইয়াৰ বিনিময়ত তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে আক্ৰমণকাৰীসকলক সহায় নকৰাৰ প্ৰতিশ্ৰুতি লৈছিল৷ তদুপৰি এই পাহাৰী ৰাজ্যবোৰ শাসন কৰাৰ কিছুমান অসুবিধা আছিল৷ কাৰণ যাতায়াত আৰু পৰিবহণৰ কোনো সুবিধা নাছিল। পাহাৰবোৰত কোনো সম্পদো নাছিল। পাহাৰীয়া অঞ্চলত জনসংখ্যাও আছিল বৰ সীমিত, তাত খেতি-বাতিও নহৈছিল। এই অসুবিধাসমূহৰ কাৰণে ইংৰাজসকলে এই অঞ্চলটো ব্ৰিটিছ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাটো লাভজনক নহ’ব বুলি গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল৷ 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ