শস্যৰ উৎপাদন আৰু সংৰক্ষণ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১৷ উত্তৰ লিখা:

ক) মাটি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: মাটি তিনি প্ৰকাৰৰ৷ সেইসমূহ হৈছে‍—

(i) বালিচঁহীয়া মাটি

(ii) বোকা মাটি বা আলতীয়া মাটি

(iii) পলসুৱা মাটি

খ) কোনবিধ মাটিত গছপুলিৰ বৃদ্ধি ভাল হয়?

উত্তৰ: পলসুৱা মাটিত গছপুলিৰ বৃদ্ধি ভাল হয়৷

গ) খৰালি কালত কিহৰ সহায়ত খেতি‍-পথাৰত পানী যোগান ধৰা হয়?

উত্তৰ: খৰালি কালত বিজুলী বা ডিজেলচালিত পাম্পৰ সহায়ত খেতি‍-পথাৰত পানী যোগান ধৰা হয়৷

ঘ) দুবিধ জৈৱিক সাৰৰ নাম লিখা৷

উত্তৰ: দুবিধ জৈৱিক সাৰ হ'ল—

(i) গোবৰ

(ii) কেঁচুসাৰ 

ঙ) বোকামাটিৰ গঠন কেনেকুৱা?

উত্তৰ: বোকামাটিৰ কণিকা বা দানাবোৰ অতি ক্ষুদ্ৰ আৰু ইয়াত বোকাৰ পৰিমাণ বেছি৷ এইবিধ মাটি আঠাযুক্ত৷

চ) অধিক শস্য উৎপাদনৰ বাবে কি কি ব্যৱহাৰ কৰিব লাগে?

উত্তৰ: অধিক শস্য উৎপাদনৰ বাবে শস্যৰ উন্নত জাতৰ বীজ, জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে৷

ছ) শস্যবোৰ ক’ত ক’ত সংৰক্ষণ কৰি থোৱা হয়?

উত্তৰ: শস্যবোৰ ভঁৰাল, ডুলি, টোম, ৰেফ্ৰিজাৰেটৰ, শীতল ভঁৰাল, পণ্যাগাৰ আদিত সংৰক্ষণ কৰি থোৱা হয়৷


২৷ খালী ঠাই পূৰ কৰা:

ক) বালিচঁহীয়া মাটি ______ আৰু ই পানী ধৰি ৰাখিব নোৱাৰে৷

উত্তৰ: বালিচঁহীয়া মাটি   বিন্ধাযুক্ত  আৰু ই পানী ধৰি ৰাখিব নোৱাৰে৷

খ) ______ মাটিৰ কণিকা বা দানাবোৰ অতি ক্ষুদ্ৰ আৰু বোকাৰ পৰিমাণ বেছি৷

উত্তৰ:  বোকা  মাটিৰ কণিকা বা দানাবোৰ অতি ক্ষুদ্ৰ আৰু বোকাৰ পৰিমাণ বেছি৷

গ) ______ মাটিত বালি আৰু বোকাৰ পৰিমাণ সমান৷

উত্তৰ:  পলসুৱা  মাটিত বালি আৰু বোকাৰ পৰিমাণ সমান৷

ঘ) পলসুৱা মাটিত ______ থাকে৷

উত্তৰ: পলসুৱা মাটিত  জৈৱিক সাৰ  থাকে৷


৩৷ শুদ্ধ উত্তৰটোত  চিন দিয়া৷

ক) কেঁচুসাৰ এবিধ জৈৱিক সাৰ৷

খ) পলসুৱা মাটিত জৈৱিক সাৰ নাথাকে৷

গ) অসমৰ বেছিভাগ খেতিয়কে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে৷

ঘ) উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিৰ গুণাগুণৰ উপৰি সূৰ্যৰ তাপ, পোহৰ আৰু পানীৰ আৱশ্যক৷


উত্তৰ: 

ক) কেঁচুসাৰ এবিধ জৈৱিক সাৰ৷

খ) পলসুৱা মাটিত জৈৱিক সাৰ নাথাকে৷

গ) অসমৰ বেছিভাগ খেতিয়কে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে৷ 

ঘ) উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিৰ গুণাগুণৰ উপৰি সূৰ্যৰ তাপ, পোহৰ আৰু পানীৰ আৱশ্যক৷ 


৪৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ ‘খ’
পাম্প মাটি চহ কৰা হয়
ট্ৰেক্টৰ খেতি‍-পথাৰত পানী দিয়া হয়৷
টোম শাক-পাচলি, ফল-মূল আদি বহুত দিনলৈ সতেজ কৰি ৰাখে
শীতল ভঁৰাল বীজ সংৰক্ষণ কৰা পাত্ৰ

উত্তৰ:

‘ক’ ‘খ’
পাম্প খেতি‍-পথাৰত পানী দিয়া হয়৷
ট্ৰেক্টৰ মাটি চহ কৰা হয়৷
টোম বীজ সংৰক্ষণ কৰা পাত্ৰ
শীতল ভঁৰাল শাক-পাচলি, ফল-মূল আদি বহুত দিনলৈ সতেজ কৰি ৰাখে

৫৷ শীতল ভঁৰাল, পণ্যাগাৰ আৰু টোমৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা৷

উত্তৰ:

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ