ছাত্ৰ-জীৱন আৰু সমাজসেৱা— দশম শ্ৰেণীৰ অসমীয়া (HSLC প্ৰশ্নোত্তৰ)

অতি চমু প্ৰশ্নোত্তৰ

মূল্যাংক: ১ নম্বৰকৈ‍

১৷ ‘GROWTH OF THE ASAMIYA LANGUAGE’ গ্ৰন্থৰ ৰচক কোন? [HSLC’ 16]

উত্তৰ: ‘GROWTH OF THE ASAMIYA LANGUAGE’ গ্ৰন্থৰ ৰচক ডিম্বেশ্বৰ নেওগ৷

২। ডেম-ডেউকা কি? [HSLC’ 17]

উত্তৰ: ডেম-ডেউকা হৈছে জেকা ঠাইত হোৱা এবিধ ৰসাল, বিজলুৱা ক্ষুদ্ৰ উদ্ভিদ৷

৩। ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি’ গ্ৰন্থৰ ৰচক কোন? [HSLC’ 18]

উত্তৰ: ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি’ গ্ৰন্থৰ ৰচক ডিম্বেশ্বৰ নেওগ৷

৪। ৰ’দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বোলে? [HSLC’ 19]

উত্তৰ: ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক চেঁচুক বোলে৷


চমু প্ৰশ্নোত্তৰ

মূল্যাংক ২/৩ নম্বৰকৈ 

১। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে? [HSLC’16]

উত্তৰ: কাৰ্যকৰী শিক্ষা লাভৰ উপযুক্ত ঠাই হৈছে গাঁও অঞ্চল৷ আমাৰ গাঁওবিলাকত আমাৰ পুৰণি সভ্যতা অসভ্যতালৈ,  পুৰণি শিক্ষা অশিক্ষালৈ আৰু পুৰণি সাধনা কপটতালৈ পৰিণত হোৱাৰ লগতে অজ্ঞানতা আৰু কুসংস্কাৰে গাঁও অঞ্চলসমূহ গ্ৰাস কৰিছে৷ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গাঁৱৰ লোকসকলক এই দিশবিলাকৰ ক্ষেত্ৰত চকু মুকলি কৰিব লাগিব৷ তেওেঁলাকৰ মাজৰ পৰা কূৰ্চুট-কপট, অন্ধবিশ্বাস আৰু অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, নৰীয়া আদি হ’লে সহায় কৰিব লাগিব আৰু নিজ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগিব৷ এইবিলাক কামৰ জৰিয়তে আহৰণ কৰা অভিজ্ঞতাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পাৰে৷ 

২। “এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।’’— কোনখিনি কাম তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা৷ [HSLC’ 18]

উত্তৰ: আমাৰ গাঁওবিলাকত আমাৰ পুৰণি সভ্যতা অসভ্যতালৈ,পুৰণি শিক্ষা অশিক্ষালৈ আৰু পুৰণি সাধনা কপটতালৈ পৰিণত হোৱাৰ লগতে অজ্ঞানতা আৰু কুসংস্কাৰে গাঁও অঞ্চলসমূহ গ্ৰাস কৰিছে৷ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গাঁৱৰ লোকসকলক এই দিশবিলাকৰ ক্ষেত্ৰত চকু মুকলি কৰিব লাগিব৷ তেওেঁলাকৰ মাজৰ পৰা কুৰ্চুট-কপট, অন্ধবিশ্বাস আৰু অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, নৰীয়া আদি হ’লে উপদেশ দি নাইবা অন্য উপায়েৰে সহায় কৰাৰ চেষ্টা কৰিব লাগিব আৰু নিজ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগিব৷ এই ধৰণৰ কামকেই লেখকে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একো একোটা পাঠ বুলি উল্লেখ কৰিছে৷

৩। “উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।’’— লেখক ডিম্বেশ্বৰ নেওগদেৱে উক্ত নীতিবচনটো পাঠটিত কি অৰ্থত উল্লেখ কৰিছে? [HSLC’ 19]

উত্তৰ: উদ হৈছে পানীত চৰা আৰু মাছ খাই জীয়াই থকা এবিধ চাৰিঠেঙীয়া প্ৰাণী৷ মানুহৰ বাদে আন জীৱ-জন্তুৰ যিহেতু নিজে সিজাই খাদ্য গ্ৰহণ কৰাৰ সামৰ্থ্য নাই, সেইবাবে উদেও কেঁচা মাছকেই পুৰুষানুক্ৰমে খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে৷ ঠিক সেইদৰে বান্দৰ হৈছে গছত বাস কৰা এবিধ চাৰিঠেঙীয়া প্ৰাণী আৰু ইহঁতেও নিজে বাসস্থান সাজি লোৱাৰ সামৰ্থ্য নথকা বাবে পুৰুষানুক্ৰমে গছৰ ডালে‍-পাতে বগায়েই চলি আহিছে৷ জীৱ-জন্তুৰ এনে চিৰাচৰিত আচৰণ কেতিয়াও সলনি নহয়৷ কিন্তু মানুহৰ জীৱন যাপন প্ৰণালী আন জীৱ-জন্তুতকৈ বেলেগ৷ খোৱা-লোৱা, থকা-মেলা আদি সকলো বিষয়তেই মানুহৰ জীৱন সাধাৰণতে আন প্ৰাণীতকৈ উচ্চ খাপৰ৷ তদুপৰি নিজ চেষ্টাৰ বলত মানুহে জীৱন ধাৰণ প্ৰণালী এটা প্ৰজন্মতকৈ পৰৱৰ্তী প্ৰজন্মত অধিক উন্নত কৰিব পাৰে৷ কিন্তু লেখকৰ মতে আমাৰ গাঁওবিলাকৰ অধিকাংশ লোকৰেই উন্নতিৰ প্ৰতি কোনো ধাউতি নাই আৰু নিজকে সদায় একে অৱস্থাতেই ৰাখিব বিচাৰে৷ এনে অৰ্থতেই “উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।’’— এই নীতিবচনফাকি লেখক ডিম্বেশ্বৰ নেওগদেৱে ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ পাঠটিত উল্লেখ কৰিছে৷

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

মূল্যাংক ৪/৫ নম্বৰকৈ

১৷ “গাঁও একাধাৰে নগৰৰ জনক-জননী’’— লে‍খকে গাঁৱক কিয় নগৰৰ জনক-জননী বুলি কৈছে, বুজাই লিখা। [HSLC’ 16]

উত্তৰ: নগৰতকৈ গাঁৱৰ সৃষ্টি আগত৷ যাতায়ত, যোগাযোগ, ব্যৱসায়-বাণিজ্য, শিক্ষা-দীক্ষা, গৃহ নিৰ্মাণ, বাট-পথ নিৰ্মাণ আদি বিভিন্ন দিশত সা-সুবিধা থকা একো একোটা অঞ্চলেই কালক্ৰমত নগৰলৈ ৰূপান্তৰিত হৈছিল৷ অতীজৰে পৰা এনকৈয়ে নগৰ অঞ্চলৰ সৃষ্টি হৈ আহিছে আৰু ভৱিষ্যতলৈও এনেকৈয়ে নগৰৰ সৃষ্টি হৈ থাকিব৷ অৰ্থাৎ, গাঁৱেই মাতৃস্বৰূপে নগৰৰ জন্ম দিয়ে৷ তদুপৰি নগৰৰ অঞ্চলৰ লালন-পালনো গাঁও অবিহনে সম্ভৱ নহয়৷ এনে কাৰণতে ‘‘গাঁও একাধাৰে নগৰৰ জনক-জননী’’ বুলি কোৱা হৈছে৷

২৷ লেখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা। [HSLC’17]

উত্তৰ: বৰ্তমানৰ প্ৰচলিত শিক্ষা কোনো কামৰ শিক্ষা নহয়৷ ইয়াত সংসাৰৰ ব্যৱহাৰিক জীৱনৰ দিশবিলাকতকৈ পুথিগত দিশটোত অধিক গুৰুত্ব দিয়া দেখা যায়৷ উদাহৰণস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে যদি কিতাপত ‘দুখীয়াক মৰম কৰিবা’ কথাষাৰ পঢ়ে, তেতিয়া শি‍ক্ষকেও কেৱল বানান বা বাক্যগাঁথনিৰ দিশটোতহে বা ইয়াৰ অৰ্থগত দিশটোতহে গুৰুত্ব দিয়ে৷ কিন্তু পঢ়া কথাষাৰ বাস্তৱ জীৱনত কেনে ক্ষেত্ৰত কেনে পৰিস্থিত প্ৰয়োগ কৰিব লাগে, সেই সম্পৰ্কে শি‍ক্ষাৰ্থীক প্ৰকৃত জ্ঞান দিয়া নহয় আৰু কিতাপৰ কথাষাৰ পঢ়ি গৈয়ে যদি শি‍ক্ষাৰ্থীজনে বাহিৰত কোনোবা দুখীয়া-নিচলাক বিদ্ৰূপ কৰে, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰখা নহয়৷  এনে হোৱাৰ ফলস্বৰূপে বহু ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ জ্ঞান কেৱল কিতাপতে সীমাবদ্ধ হৈ ৰয় আৰু সংসাৰৰ ব্যৱহাৰিক দিশবিলাকৰ জ্ঞান নোপোৱাকৈয়ে থাকি‍ যায়৷ বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি-শুনি কিবা জ্ঞান লাভ কৰা দিশটোতকৈও তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছেনে নাই, কিমান নম্বৰ লাভ কৰিব পাৰিছে, কি স্থান বা বিভাগত উত্তীৰ্ণ হ’ব পাৰিছে আদি দিশবোৰতহে অভিভাৱকসকলে অধিক গুৰুত্ব দিয়া দেখা যায়৷ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীয়েও পৰীক্ষাত ভাল নম্বৰ পাবৰ বাবে‍ বা ভাল ফল দেখুৱাবৰ বাবেহে যত্নপৰ হয়৷ এনে হোৱাৰ ফলত এটা শ্ৰেণীত পঢ়ি যোৱা পাঠ একোটাৰ কথাখিনি পৰৱৰ্তী শ্ৰেণী একোটলৈ পাহৰি যায় বা সেইবিলাকক অপ্ৰাসংগিক হিচাপে গণ্য কৰিবলৈ লয়৷ পাঠৰ অভ্যন্তৰীণ বোধ বা মূল বিষয়বস্তু শিক্ষাৰ্থীক অৱগত কৰোৱাত শিক্ষকসকলো বহু ক্ষেত্ৰত অপাৰগ হয়৷ ফলস্বৰূপে শি‍ক্ষাৰ্থীয়ে পাঠ একোটাৰ পৰা আহৰণ কৰিবলগীয়া জ্ঞানখিনি ভালদৰে আহৰণ কৰিব নোৱাৰে৷ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি শিক্ষাৰ যিবোৰ ভাগ আছে, সেই আটাইবোৰৰে অনুশীলন বা  চৰ্চা যেনেদৰে বৰ্তমান শিক্ষা ব্যৱস্থাত হ’ব লাগিছিল, তেনেদৰে হোৱা দেখা নাযায়৷ শাৰীৰিক উন্নতি সাধন কৰাটোও শি‍ক্ষাৰ এক প্ৰধান লক্ষ্য৷ কিন্তু শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশৰ পঢ়াশালিবোৰত ভেকোভাওনাসদৃশ পৰিস্থিতিয়েহে বিৰাজ কৰা দেখা যায়৷

এনেবোৰ কাৰণতে লেখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে৷

৩। “পঢ়াই, পঢ়ে ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন।’’— তাৎপর্য বিচাৰ কৰা। [HSLC’ 19]

উত্তৰ: “পঢ়াই, পঢ়ে ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন।’’— এই পটন্তৰটিত তিনিটা বিশেষ কৰ্মৰ লগত জড়িত লোকৰ গুণৰ কথা কোৱা হৈছে৷ ‘পঢ়াই’ মানে যিজনে শিক্ষাদান কৰে, ‘পঢ়ে’ মানে যিজনে শিক্ষা গ্ৰহণ কৰে, ‘ৰোৱে পাণ’ মানে যিজনে খেতি কৰে, অৰ্থাৎ কৃষক৷ শিক্ষাদানৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদানৰ বাদে মানসিকভাৱে প্ৰস্তুত হৈ লোৱাৰ প্ৰয়োজন৷ তদুপৰি পাঠদানৰ সময়ত যদি তেওঁলোকে আন কথালৈ মন ঢাল খুৱায়, তেন্তে পাঠদান কাৰ্য ফলপ্ৰসূ নহ’ব আৰু শিক্ষাৰ্থীয়ে আহৰণ কৰিবলগীয়া অৰ্হতাসমূহ আহৰণ কৰাত বিফল হ’ব৷ ঠিক সেইদৰে যিজনে পঢ়ে, অৰ্থাৎ শিক্ষাৰ্থীও যদি অধ্যয়নৰ বেলিকা একাগ্ৰচিত্ত নহয়, তেন্তে ভালদৰে জ্ঞান আহৰণ কৰিব নোৱাৰিব৷ তদনুৰূপভাৱে পাণৰ খেতি কৰোঁতাজনেও যদি গছৰ লালন-পালন কৰাৰ বাদে আন কথাত গুৰুত্ব দিয়ে তেন্তে তেওঁ খেতিৰ পৰা ভাল ফল নাপাব৷ একাগ্ৰতা আৰু নিষ্ঠাই হৈছে যিকোনো কামত সফলতা লাভৰ মূল চাবি-কাঠী৷ এই কথাকেই এই পটন্তৰটিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ