ছাত্ৰ-জীৱন আৰু সমাজসেৱা— দশম শ্ৰেণীৰ অসমীয়া (ৰচনাধৰ্মী প্ৰশ্নোত্তৰ)

১। ডিম্বেশ্বৰ নেওগৰ জীৱন আৰু কৃতিৰ এটি চমু পৰিচয় দিয়া ।

উত্তৰ:

জীৱন: ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ১৮৯৯ চনৰ ৭ আগষ্টৰ দিনা শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত৷ তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ৷ ১৯০৫ চনত কমাৰফদীয়া প্ৰাইমেৰি স্কুলত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলা নেওগে পৰৱৰ্তী সময়ত শিৱসাগৰ চৰকাৰী হাইস্কুলত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজৰ পৰা বি.এছচি. পাছ কৰিছিল৷ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে সেৱা আগবঢ়োৱা ডিম্বেশ্বৰ নেওগে পাছলৈ এম. এ. আৰু বি.টি. পাছ কৰে৷ আজীৱন সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনক চহকী কৰি থৈ যোৱা ডিম্বেশ্বৰ নেওগৰ মৃত্যু হয় ১৯৬৬ চনৰ ১১ নৱেম্বৰৰ দিনা৷

কৃতি: অসমীয়া সাহিত্যৰ জগতখনত বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ডিম্বেশ্বৰ নেওগ একাধাৰে এগৰাকী কবি, প্ৰবন্ধকাৰ, সমালোচক, গৱেষক, অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰবক্তা, লোকসাহিত্যৰ সংগ্ৰাহক হোৱাৰ লগতে অসমীয়া সাহিত্যৰ এজন লব্ধপ্ৰতিষ্ঠ ব্যাখ্যাকাৰ আছিল৷ ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা ডিম্বেৰশ্বৰ নেওগে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ‘জন্মভূমি’ আৰু ‘মিলন’-ৰ সম্পাদনা কৰিছিল আৰু ‘বাঁহী’ আলোচনীত কবিতা আৰু প্ৰবন্ধ লিখিছিল৷ তেখেতৰ প্ৰকাশিত কবিতাপুথিসমূহ হ’ল— ‘মালিকা’, ‘সঁফুৰা’, ‘থুপিতৰা’, ‘মালতী’, ‘ইন্দ্ৰধনু’, ‘দীপাৱলী’, ‘মুকুতা’, ‘স্বহীদ কাৰবালা’, ‘থাপনা’ আদি৷ সমালোচনামূলক আৰু গৱেষণামূলক গ্ৰন্থসমূহ হ’ল— ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’, ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি’, ‘বৈষ্ণৱ ধৰ্মৰ আঁতি-গুৰি’,’ বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ’, ‘প্ৰাক্ ঐতিহাসিক অসম’, ‘অসমীয়া সাহিত্যৰ জিলিঙনি’, ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত নতুন পোহৰ’, ‘যুগনায়ক শংকৰদেৱ’, ‘Growth of the Assamese Language’, ‘New Light on the History of Asamiya Literature’ ইত্যাদি৷

এনেদৰে সাহিত্যৰ চৰ্চাৰ মাজেৰে ডিম্বেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ জগতখনত কাললৈ কৃতি ৰাখি থৈ গৈছে৷

২। ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ শীৰ্ষক প্রবন্ধটোৰ মূল কথাখিনি তোমাৰ ভাষাৰে লিখা।

উত্তৰ: 

৩। ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে?

উত্তৰ: ছাত্ৰ-জীৱনত প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত অৱলম্বন কৰিব পৰা পন্থাবোৰ হ’ল—

(i) মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, জীৱনত কৃতকাৰ্যতা লাভৰ উপায় ইত্যাদি দিশবিলাকৰ জ্ঞান আহৰণৰ চেষ্টা কৰিব লাগিব৷

(ii) ছাত্ৰাৱস্থাত ঘৰুৱা জঞ্জাল বা ব্যাহ্যিক হৈ-চৈ, কোলহলত উটি-ভাহি নগৈ একাগ্ৰচিত্তে অধ্যয়নত মনোনিৱেশ কৰিব লাগিব৷ এই অৱস্থাত মনৰ গতি একমুখী কৰিব লাগিব৷

(iii) শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো দিশৰে অনুশীলন কৰি জীৱনত আগুৱাই যোৱাৰ প্ৰয়াস কৰিব লাগিব৷ 

(iv) ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গাঁৱৰ লোকসকলক অজ্ঞানতা, কুসংস্কাৰ আদি দিশবিলাকৰ ক্ষেত্ৰত চকু মুকলি কৰিবলৈ চেষ্টা কৰিব লাগিব৷ তেওেঁলাকৰ মাজৰ পৰা কূৰ্চুট-কপট ভাব দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, নৰীয়া  আদি হ’লে সহায় কৰিব লাগিব আৰু নিজ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগিব৷

৪। দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্ৰ-জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

উত্তৰ: দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্ৰ-জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা: বহুমুখী শিক্ষা বুলি ক’লে শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সৰ্বাংগীন দিশৰ শিক্ষাকে বুজা যায়৷ ছাত্ৰ-ছাত্ৰীয়ে কেৱল পুথিগত দিশটোতে গুৰুত্ব দি থাকিলে বাস্তৱিক জ্ঞান লাভ কৰাত অসমৰ্থ হ’ব৷ জীৱনত সফলতা অৰ্জন কৰিবলৈ আমাক পুথিগত দিশটো নিতান্তই প্ৰয়োজন যদিও কেৱল পুথিগত দিশটোৱেই ছাত্ৰ-ছাত্ৰীক জীৱনৰ বাবে সাজু কৰি তোলাত আৰু দেশসেৱাৰ বাবে কামত অহাৰ ক্ষেত্ৰত পৰ্যাপ্ত নহয়৷ ছাত্ৰ-ছাত্ৰীকেই দেশ একোখনৰ ভৱিষ্যৎ বুলি কোৱা হয়৷ গতিকে ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় সকলো দিশ, যেনে— জ্ঞানকৰী অৰ্থাৎ জ্ঞান লাভ কৰিব পৰা; অৰ্থকৰী, অৰ্থাৎ অৰ্থলাভ কৰিব পৰা আৰু কাৰ্যকৰী, অৰ্থাৎ কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা বা ব্যৱহাৰিক দিশবোৰৰ শিক্ষাৰ অতিকে প্ৰয়োজন৷ এইবিলাক দিশত জ্ঞান লাভ কৰিব পাৰিলেহে ছাত্ৰ-ছাত্ৰীসকল দেশসেৱাত ব্ৰতী হ’ব পাৰিব৷

৫। ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ প্রবন্ধটোত বৰ্তমানৰ শিক্ষা ব্যৱস্থাক কিয় আসোঁৱাহযুক্ত বুলি কোৱা হৈছে আলোচনা কৰা।

উত্তৰ: ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ প্রবন্ধটোত বৰ্তমানৰ শিক্ষা ব্যৱস্থাক আসোঁৱাহযুক্ত বুলি কোৱা হৈছে৷ সেই আঁসোৱাহসমূহ হ’ল—

(i) বৰ্তমানৰ প্ৰচলিত শিক্ষা কোনো কামৰ শিক্ষা নহয়৷ ইয়াত সংসাৰৰ ব্যৱহাৰিক জীৱনৰ দিশবিলাকতকৈ পুথিগত দিশটোত অধিক গুৰুত্ব দিয়া দেখা যায়৷

(ii) বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি-শুনি কিবা জ্ঞান লাভ কৰা দিশটোতকৈও তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছেনে নাই, কিমান নম্বৰ লাভ কৰিব পাৰিছে, কি স্থান বা বিভাগত উত্তীৰ্ণ হ’ব পাৰিছে আদি দিশবোৰতহে অভিভাৱকসকলে অধিক গুৰুত্ব দিয়া দেখা যায়৷

(iii) পাঠৰ অভ্যন্তৰীণ বোধ বা মূল বিষয়বস্তু শিক্ষাৰ্থীক অৱগত কৰোৱাত শিক্ষকসকল বহু ক্ষেত্ৰত অপাৰগ হয়৷

(iv) শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি শিক্ষাৰ যিবোৰ ভাগ আছে, সেই আটাইবোৰৰে অনুশীলন বা চৰ্চা যেনেদৰে বৰ্তমান শিক্ষা ব্যৱস্থাত হ’ব লাগিছিল, তেনেদৰে হোৱা দেখা নাযায়৷ শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশৰ পঢ়াশালিবোৰত ভেকোভাওনাসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়৷

৬। লেখকৰ মতে বৰ্তমানৰ গাঁৱৰ সমাজ ব্যৱস্থা কেনেকুৱা?

উত্তৰ: তিনি-চাৰিশ বছৰৰ পূৰ্বে আজিৰ স্বাধীন তথা উন্নত দেশবিলাকৰ লোকসকলৰ যেনে অৱস্থা আছিল, আমাৰ দেশৰ অধিকাংশ লোক বৰ্তমানো তেনে অৱস্থাতেই আছে৷ দেশত অজ্ঞানতা আৰু কুসংস্কাৰে ৰাজত্ব কৰাৰ সমান্তৰালভাৱে গাঁও অঞ্চলত আমাৰ পুৰণি সভ্যতা অসভ্যতলৈ, পুৰণি শিক্ষা অশিক্ষালৈ, পুৰণি সাধনা কপটতালৈ পৰিণত হৈছে৷ 

অজ্ঞানতাৰ কবলত পৰি আমাৰ গাঁওবিলাকৰ লোকসকলে জীৱনৰ প্ৰকৃত লক্ষ্য কি, সেয়াও বিচাৰ কৰিব নোৱৰা হৈছে৷ কেৱল পেট পুহি থকাটোকেই বহুতে জীৱনৰ লক্ষ্য বুলি ভাবি লৈছে৷ নিজৰ পত্নী আৰু সতি-সন্ততিৰ বাদে আনৰৰ মৰম বুজি নোপোৱা এচাম লোকে সামান্য পৰিমাণৰ মাটি-বাৰীৰ বাবেই ককাই-ভাইৰ মাজতে কটা-কটি, মৰা-মৰি কৰি আদালতৰ কাষ চাপিছে৷ মদ, ভাং, কানি আদি ৰাগীয়াল দ্ৰব্যৰ কুপ্ৰভাৱত পৰি মানুহে দেশৰ ক'ত কি কাণ্ড ঘটিছে, তাৰো খবৰ নাৰাখে৷ দুহালিচা মাটিত খেতি কৰিয়েই ল’ৰাই-ছোৱালীয়ে পৰিয়ালৰ লোকসকলক অন্ন-বস্ত্ৰৰে ভৰণ-পোষণ দিয়াৰ আশা পালি থাকে৷ “উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই’’— এই বচন আওৰাই আমাৰ লোকসকলে নিজকে উদ আৰু বান্দৰৰ শাৰীতেহে ৰাখে৷ উন্নতিৰ ফালে তেওঁলোকৰ অলপো ধাউতি নাই৷ তদুপৰি কুৰ্চুট-কপট ভাবে আমাৰ গাঁওবোৰ খুলি খুলি খাইছে৷ এজনৰ উন্নতি হোৱা দেখি নিজেও উন্নতি কৰিবলৈ যত্ন কৰাৰ পৰিৱৰ্তে উন্নতি কৰোঁতাজনকো বিভিন্ন কৌশলেৰে নিজৰ শাৰীলৈ নমোৱাৰ চিন্তাতে লোকসকল ব্যস্ত৷ শস্যৰ উৎপাদন বৃদ্ধি কৰি, জীৱ-জন্তুৰ পোহপাল দি স্বনিৰ্ভৰশীল হোৱা আদি দিশবিলাকত মানুহৰ মন-কাণ নাই৷ ফলত লোকৰ হাত-মুখলৈ নাচালে নিজৰ ল’ৰা-ছোৱালীকেইটাৰো লাজ নিবাৰণ কৰিব নোৱৰাৰ দৰে অৱস্থা আমাৰ দেশৰ বহুতো লোকৰ৷

এনেদৰে বিভিন্ন কৰুণ দিশৰ উল্লেখেৰে লেখকে আমাৰ দেশৰ গাঁওসমূহৰ অৱস্থাৰ বৰ্ণনা কৰিছে৷

৭। বৰ্তমান আমাৰ পঢ়াশালিৰ দেশী কচৰতৰ শিক্ষা কেনে ধৰণৰ?

উত্তৰ: শিক্ষাৰ এটা ঘাই অংগ হৈছে শাৰীৰিক শিক্ষা৷ সেইবাবে আমাৰ দেশৰ পঢ়াশালিবিলাকতো শাৰীৰিক শিক্ষাৰ পাঠ ৰখা হয়৷ কিন্তু এই দেশী কচৰতৰ শিক্ষাৰ ক্ষেত্ৰত মাথোঁ এক ভেকোভাওনাসদৃশ পৰিস্থিতিয়েহে বিৰাজ কৰা দেখা যায়৷ আমাৰ বিদ্যালয়সমূহত সাধাৰণতে শাৰীৰিক শিক্ষাৰ শ্ৰেণীসমূহ শেষৰ ফাললৈ, অৰ্থাৎ ছুটীৰ সময়ৰ ফাললৈ ৰখা হয়৷ কিন্তৰ ৰাতিপুৱাই এসাঁজ খাই দিনটোলৈ বুলি ওলাই যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ পেটে তেনে সময়ত ভোকত কল্মলাবলৈ ধৰে৷ সেই অৱস্থাত ব্যায়াম চৰ্চা স্বাস্থ্যৰ পক্ষে উপকাৰী হোৱাক চাৰি ক্ষতিকাৰকহে হয়৷ তদুপৰি বহুতো বিদ্যালয়ত শাৰীৰিক চৰ্চাৰ নামত ফুটবল বা ক্ৰিকেট খেলিবলৈ দিয়েই দায় সৰা হয়৷ তাকো মুঠ ছাত্ৰ-ছাত্ৰীৰ সামান্য অংশ এটাইহে তাত অংশগ্ৰহণ কৰিব পাৰে৷ এনে হোৱাৰ ফলত কচৰৎ বা শাৰীৰিক চৰ্চাৰ যি উদ্দেশ্য, সেয়া ফলপ্ৰসূ নহয়গৈ৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ