ছাত্ৰ-জীৱন আৰু সমাজ সেৱা— দশম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্নোত্তৰ

ক) লেখকৰ মতে ছাত্র জীৱনৰ প্রকৃত উদেশ্য কি কি?

উত্তৰ: মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মানুহৰূপে জন্ম গ্ৰহণ কৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত  কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি— এনেবোৰ বিষয়ৰ জ্ঞানকে শিক্ষা বুলি লেখকে অভিহিত কৰিছে৷ লেখকৰ মতে ছাত্ৰ জীৱনৰ শিক্ষা মানেই হ’ল জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা৷ ব্যৱহাৰিক শিক্ষাই ছাত্ৰক অভিজ্ঞ, বিচক্ষণ কৰি তুলিব পাৰে৷ গতিকে ব্যৱহাৰিক শিক্ষাৰ লগতে শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি দিশৰ শিক্ষাৰ অনুশীলন ছাত্ৰ জীৱনতে কৰিব লাগে বুলি পৰামৰ্শ আগ বঢ়াইছে আৰু এইবোৰেই ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য৷

খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি?

উত্তৰ: বৰ্তমান প্ৰচলিত শি‍ক্ষাৰ দোষসমূহ হ’ল—

(i) বৰ্তমানৰ প্ৰচলিত শি‍ক্ষা কোনো কামৰ শি‍ক্ষা নহয়৷ ইয়াত সংসাৰৰ ব্যৱহাৰিক জীৱনৰ দিশবিলাকতকৈ পুথিগত দিশটোত অধিক গুৰুত্ব দিয়া দেখা যায়৷

(ii) বৰ্তমান প্ৰচলিত শি‍ক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি‍-শুনি কিবা জ্ঞান লাভ কৰা দিশটোতকৈও তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছেনে নাই, কিমান নম্বৰ লাভ কৰিব পাৰিছে, কি স্থান বা বিভাগত উত্তীৰ্ণ হ’ব পাৰিছে আদি দিশবোৰতহে অভিভাৱকসকলে অধিক গুৰুত্ব দিয়া দেখা যায়৷

(iii) পাঠৰ অভ্যন্তৰীণ বোধ বা মূল বিষয়বস্তু শি‍ক্ষাৰ্থীক অৱগত কৰোৱাত শি‍ক্ষকসকল বহু ক্ষেত্ৰত অপাৰগ হয়৷

(iv) শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি শি‍ক্ষাৰ যিবোৰ ভাগ আছে, সেই আটাইবোৰৰে অনুশীলন বা  চৰ্চা যেনেদৰে বৰ্তমান শি‍ক্ষা ব্যৱস্থাত হ’ব লাগিছিল, তেনেদৰে হোৱা দেখা নাযায়৷‍ শাৰীৰিক শি‍ক্ষাৰ ক্ষেত্ৰত আমাৰ দেশৰ পঢ়াশালিবোৰত ভেকোভাওনাসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়৷

গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে?

উত্তৰ: ছাত্ৰসকলে জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি পৰিপুষ্ট হৈ দেশসেৱাত ব্ৰতী হ’ব লাগে৷

ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে? 

উত্তৰ: কাৰ্যকৰী শি‍ক্ষা লাভৰ উপযুক্ত ঠাই হৈছে গাঁও অঞ্চল৷ আমাৰ গাঁওবিলাকত আমাৰ পুৰণি সভ্যতা অসভ্যতালৈ,  পুৰণি শি‍ক্ষা অশি‍ক্ষালৈ আৰু পুৰণি সাধনা কপটতালৈ পৰিণত হোৱাৰ লগতে অজ্ঞানতা আৰু কুসংস্কাৰে গাঁও অঞ্চলসমূহ গ্ৰাস কৰিছে৷ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গাঁৱৰ লোকসকলক এই দিশবিলাকৰ ক্ষে‍ত্ৰত চকু মুকলি কৰিব লাগিব৷ তেওেঁলাকৰ মাজৰ পৰা কূৰ্চুট-কপট, অন্ধবিশ্বাস আৰু অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, নৰীয়া আদি হ’লে সহায় কৰিব লাগিব আৰু নিজ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগিব৷ এইবিলাক কামৰ জৰিয়তে আহৰণ কৰা অভি‍জ্ঞতাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যকৰী শি‍ক্ষা লাভ কৰিব পাৰে৷ 

(ঙ) লেখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?

উত্তৰ: লেখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা; গাঁৱত শি‍ক্ষাৰ বিস্তাৰ কৰা আৰু গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া৷

২) ছাত্রজীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশসেৱাত ব্ৰতী হ’বলৈ ছাত্র জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

উত্তৰ: ছাত্ৰ-জীৱনত প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত অৱলম্বন কৰিব পৰা পন্থাবোৰ হ’ল—

(i) মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, জীৱনত কৃতকাৰ্যতা লাভৰ উপায় ইত্যাদি দিশবিলাকৰ জ্ঞান আহৰণৰ চেষ্টা কৰিব লাগিব৷

(ii) ছাত্ৰাৱস্থাত ঘৰুৱা জঞ্জাল বা ব্যাহ্যিক হৈ-চৈ, কোলহলত উটি-ভাহি নগৈ একাগ্ৰচিত্তে অধ্যয়নত মনোনিৱেশ কৰিব লাগিব৷ এই অৱস্থাত মনৰ গতি একমুখী কৰিব লাগিব৷

(iii) শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো দিশৰে অনুশীলন কৰি জীৱনত আগুৱাই যোৱাৰ প্ৰয়াস কৰিব লাগিব৷ 

(iv) ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গাঁৱৰ লোকসকলক অজ্ঞানতা, কুসংস্কাৰ আদি দিশবিলাকৰ ক্ষেত্ৰত চকু মুকলি কৰিবলৈ চেষ্টা কৰিব লাগিব৷ তেওেঁলাকৰ মাজৰ পৰা কূৰ্চুট-কপট ভাব দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, নৰীয়া আদি হ’লে সহায় কৰিব লাগিব আৰু নিজ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগিব৷  

এইবিলাক কামৰ জৰিয়তে আহৰণ কৰা অভিজ্ঞতাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পাৰে৷ 

দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্ৰ-জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা: বহুমুখী শিক্ষা বুলি ক’লে শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সৰ্বাংগীন দিশৰ শিক্ষাকে বুজা যায়৷ ছাত্ৰ-ছাত্ৰীয়ে কেৱল পুথিগত দিশটোতে গুৰুত্ব দি থাকিলে বাস্তৱিক জ্ঞান লাভ কৰাত অসমৰ্থ হ’ব৷ জীৱনত সফলতা অৰ্জন কৰিবলৈ আমাক পুথিগত দিশটো নিতান্তই প্ৰয়োজন যদিও কেৱল পুথিগত দিশটোৱেই ছাত্ৰ-ছাত্ৰীক জীৱনৰ বাবে সাজু কৰি তোলাত আৰু দেশসেৱাৰ বাবে কামত অহাৰ ক্ষেত্ৰত পৰ্যাপ্ত নহয়৷ ছাত্ৰ-ছাত্ৰীকেই দেশ একোখনৰ ভৱিষ্যৎ বুলি কোৱা হয়৷ গতিকে ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় সকলো দিশ যেনে জ্ঞানকৰী অৰ্থাৎ জ্ঞান লাভ কৰিব পৰা; অৰ্থকৰী, অৰ্থাৎ অৰ্থলাভ কৰিব পৰা আৰু কাৰ্যকৰী, অৰ্থাৎ কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা বা ব্যৱহাৰিক দিশবোৰৰ শিক্ষাৰ অতিকে প্ৰয়োজন৷ এইবিলাক দিশত জ্ঞান লাভ কৰিব পাৰিলেহে ছাত্ৰ-ছাত্ৰীসকল দেশসেৱাত ব্ৰতী হ’ব পাৰিব৷

৩) “এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন৷’’— কোনখিনি কাম তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।

উত্তৰ: আমাৰ গাঁওবিলাকত আমাৰ পুৰণি সভ্যতা অসভ্যতালৈ,পুৰণি শিক্ষা অশিক্ষালৈ আৰু পুৰণি সাধনা কপটতালৈ পৰিণত হোৱাৰ লগতে অজ্ঞানতা আৰু কুসংস্কাৰে গাঁও অঞ্চলসমূহ গ্ৰাস কৰিছে৷ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গাঁৱৰ লোকসকলক এই দিশবিলাকৰ ক্ষেত্ৰত চকু মুকলি কৰিব লাগিব৷ তেওেঁলাকৰ মাজৰ পৰা কুৰ্চুট-কপট, অন্ধবিশ্বাস আৰু অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, নৰীয়া আদি হ’লে উপদেশ দি নাইবা অন্য উপায়েৰে সহায় কৰাৰ চেষ্টা কৰিব লাগিব আৰু নিজ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগিব৷ এই ধৰণৰ কামকেই লেখকে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একো একোটা পাঠ বুলি উল্লেখ কৰিছে৷

৪) আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা৷

উত্তৰ: তিনি-চাৰিশ বছৰৰ পূৰ্বে আজিৰ স্বাধীন তথা উন্নত দেশবিলাকৰ লোকসকলৰ যেনে অৱস্থা আছিল, আমাৰ  দেশৰ অধিকাংশ লোক বৰ্তমানো তেনে অৱস্থাতেই আছে৷ দেশত অজ্ঞানতা আৰু কুসংস্কাৰে ৰাজত্ব কৰাৰ সমান্তৰালভাৱে গাঁও অঞ্চলত আমাৰ পুৰণি সভ্যতা অসভ্যতলৈ, পুৰণি শিক্ষা অশিক্ষালৈ, পুৰণি সাধনা কপটতালৈ পৰিণত হৈছে৷ 

অজ্ঞানতাৰ কবলত পৰি আমাৰ দেশৰ লোকে জীৱনৰ প্ৰকৃত লক্ষ্য কি, সেয়াও বিচাৰ কৰিব নোৱৰা হৈছে৷ কেৱল পেট পুহি থকাটোকেই বহুতে জীৱনৰ লক্ষ্য বুলি ভাবি লৈছে৷ নিজৰ পত্নী আৰু সতি-সন্ততিৰ বাদে আনৰৰ মৰম বুজি নোপোৱা এচাম লোকে সামান্য পৰিমাণৰ মাটি-বাৰীৰ বাবেই ককাই-ভাইৰ মাজতে কটা-কটি, মৰা-মৰি কৰি আদালতৰ কাষ চাপিছে৷ মদ, ভাং, কানি আদি ৰাগীয়াল দ্ৰব্যৰ কুপ্ৰভাৱত পৰি মানুহে দেশৰ ক'ত কি কাণ্ড ঘটিছে, তাৰো খবৰ নাৰাখে৷ দুহালিচা মাটিত খেতি কৰিয়েই ল’ৰাই-ছোৱালীয়ে পৰিয়ালৰ লোকসকলক অন্ন-বস্ত্ৰৰে ভৰণ-পোষণ দিয়াৰ আশা পালি থাকে৷ “উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই’’— এই বচন আওৰাই আমাৰ লোকসকলে নিজকে উদ আৰু বান্দৰৰ শাৰীতেহে ৰাখে৷ উন্নতিৰ ফালে তেওঁলোকৰ অলপো ধাউতি নাই৷ তদুপৰি কুৰ্চুট-কপট ভাবে আমাৰ গাঁওবোৰ খুলি খুলি খাইছে৷ এজনৰ উন্নতি হোৱা দেখি নিজেও উন্নতি কৰিবলৈ যত্ন কৰাৰ পৰিৱৰ্তে উন্নতি কৰোঁতাজনকো বিভিন্ন কৌশলেৰে নিজৰ শাৰীলৈ নমোৱাৰ চিন্তাতে লোকসকল ব্যস্ত৷ শস্যৰ উৎপাদন বৃদ্ধি কৰি, জীৱ-জন্তুৰ পোহপাল দি স্বনিৰ্ভৰশীল হোৱা আদি দিশবিলাকত মানুহৰ মন-কাণ নাই৷ ফলত লোকৰ হাত-মুখলৈ নাচালে নিজৰ লৰা-ছোৱালীকেইটাৰো লাজ নিবাৰণ কৰিব নোৱৰাৰ দৰে অৱস্থা আমাৰ দেশৰ বহুতো লোকৰ৷

এনেদৰে বিভিন্ন কৰুণ দিশৰ উল্লেখেৰে লেখকে আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে, তাৰ বৰ্ণনা কৰিছে৷

৫) ‘‘গাঁও একাধাৰে নগৰৰ জনক-জননী’’ — কথাষাৰৰ তাৎপৰ্য বুজাই লিখা৷

উত্তৰ: নগৰতকৈ গাঁৱৰ সৃষ্টি আগত৷ যাতায়ত, যোগাযোগ, ব্যৱসায়-বাণিজ্য, শিক্ষা-দীক্ষা, গৃহ নিৰ্মাণ, বাট-পথ নিৰ্মাণ আদি বিভিন্ন দিশত সা-সুবিধা থকা একো একোটা অঞ্চলেই কালক্ৰমত নগৰলৈ ৰূপান্তৰিত হৈছিল৷ অতীজৰে পৰা এনকৈয়ে নগৰ অঞ্চলৰ সৃষ্টি হৈ আহিছে আৰু ভৱিষ্যতলৈও এনেকৈয়ে নগৰৰ সৃষ্টি হৈ থাকিব৷ অৰ্থাৎ, গাঁৱেই মাতৃস্বৰূপে নগৰৰ জন্ম দিয়ে৷ তদুপৰি নগৰৰ অঞ্চলৰ লালন-পালনো গাঁও অবিহনে সম্ভৱ নহয়৷ এনে কাৰণতে ‘‘গাঁও একাধাৰে নগৰৰ জনক-জননী’’ বুলি কোৱা হৈছে৷

৬) ব্যাখ্যা কৰা:

ক) ‘‘পঢ়াই, পঢ়ে, ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন৷৷’’

উত্তৰ: 

প্ৰসংগ:  এই পটন্তৰটি আমাৰ অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’-ৰ অন্তৰ্গত, ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে৷ 

সংগতি: অধ্যয়নেই যে ছাত্ৰ-ছাত্ৰীৰ প্ৰধান উদ্দেশ্য আৰু কৰ্তব্য সেই সম্পৰ্কে বুজাবলৈ লেখকে এই বহুল প্ৰচলিত আৰু তাৎপৰ্যপূৰ্ণ পটন্তৰটিৰ অৱতাৰণা কৰিছে৷

ব্যাখ্যা: এই পটন্তৰটিত তিনিটা বিশেষ কৰ্মৰ লগত জড়িত লোকৰ গুণৰ কথা কোৱা হৈছে৷ 'পঢ়াই' মানে যিজনে শিক্ষাদান কৰে, 'পঢ়ে' মানে যিজনে শিক্ষা গ্ৰহণ কৰে, 'ৰোৱে পাণ' মানে যিজনে খেতি কৰে, অৰ্থাৎ কৃষক৷ শিক্ষাদানৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদানৰ বাদে মানসিকভাৱে প্ৰস্তুত হৈ লোৱাৰ প্ৰয়োজন৷ তদুপৰি পাঠদানৰ সময়ত যদি তেওঁলোকে আন কথালৈ মন ঢাল খুৱায়, তেন্তে পাঠদান কাৰ্য ফলপ্ৰসূ নহ'ব আৰু শিক্ষাৰ্থীয়ে আহৰণ কৰিবলগীয়া অৰ্হতাসমূহ আহৰণ কৰাত বিফল হ'ব৷ ঠিক সেইদৰে যিজনে পঢ়ে, অৰ্থাৎ শিক্ষাৰ্থীও যদি অধ্যয়নৰ বেলিকা একাগ্ৰচিত্ত নহয়, তেন্তে ভালদৰে জ্ঞান আহৰণ কৰিব নোৱাৰিব৷ তদনুৰূপভাৱে পাণৰ খেতি কৰোঁতাজনেও যদি গছৰ লালন-পালন কৰাৰ বাদে আন কথাত গুৰুত্ব দিয়ে তেন্তে তেওঁ খেতিৰ পৰা ভাল ফল নাপাব৷ একাগ্ৰতা আৰু নিষ্ঠাই হৈছে যিকোনো কামত সফলতা লাভৰ মূল চাবি-কাঠী৷ এই কথাকেই এই পটন্তৰটিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে৷ 

খ) ‘‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব৷ সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়৷’’

উত্তৰ:  

প্ৰসংগ:  উদ্ধৃত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’-ৰ অন্তৰ্গত, ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে৷ 

সংগতি: ছাত্ৰ-জীৱনত কেনে ধৰণৰ শিক্ষা আৰু অভিজ্ঞতাৰ প্ৰয়োজন, সেই সম্পৰ্কে বৰ্ণনা কৰোঁতে লেখকে এই গুৰুত্বপূৰ্ণ বক্তব্য আগ বঢ়াইছে৷

ব্যাখ্যা: লো আদি কঠিন ধাতুৰ সামগ্ৰীৰ আকাৰ পৰিৱৰ্তনৰ বাবে জুইত গৰম কৰি কোমল কৰি লোৱা হয়৷ কমাৰে কমাৰশালত এনেবোৰ কাম নিখুঁতকৈ কৰে৷ কিন্তু আন মানুহে একেদিনাই কমাৰৰ দৰে দা-কুঠাৰ সাজিব নোৱাৰে৷ ইয়াৰ বাবে তেওঁ অভ্যাস কৰিব লাগিব৷ প্ৰথমে জুইশালত সৰু-সুৰা কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব; তাৰ পাছতহে কমাৰশালত কাম কৰাৰ যোগ্য হ’ব৷ অৰ্থাৎ কোনো এটা ডাঙৰ বা গুৰুত্বপূৰ্ণ কাম কৰাৰ আগেয়ে সেই সম্পৰ্কে প্ৰাথমিক জ্ঞান আৰু অভিজ্ঞতাখিনি আহৰণ কৰিব লাগিব৷ তেতিয়াহে এনে কামত সফল হোৱাৰ সম্ভাৱনা থাকে৷ একেদৰে সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত নামিবই লাগিব, পাৰত বহি সাঁতোৰাৰ কৌশল ভাবি থাকিলে বাস্তৱক্ষেত্ৰত সাঁতুৰিব নোৱাৰি৷ অৰ্থাৎ কোনো কামৰ অভিজ্ঞতা বা জ্ঞান আহৰণ কৰিবলৈ হ’লে উক্ত কাম হাতে-কামে নিজে কৰি চাব লাগিব৷ সৰুৱেই হওক বা ডাঙৰেই হওক যিকোনো কামৰে ব্যৱহাৰিক শিক্ষাৰ গুৰুত্ব সুদূৰপ্ৰসাৰী হয়৷

গ) ‘‘এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃ পুজাত লাগে। কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰস্বৰূপে মাতৃয়ে গ্রহণ নকৰে৷’’

উত্তৰ:

প্ৰসংগ: উদ্ধৃত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’-ৰ অন্তৰ্গত, ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে৷ 

সংগতি: ছাত্ৰ-জীৱনৰ কৰ্তব্য আৰু সমাজসেৱাৰ বিষয়ে ক'বলৈ যাওঁতে লেখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে৷

ব্যাখ্যা: পূজা-অৰ্চনাত ফুল ব্যৱহাৰ কৰা হয়৷ কিন্তু পূৰ্ণবিকশিত ফুলহে ব্যৱহাৰ কৰা হয়; কলি ব্যৱহাৰ কৰা নহয়৷ ছাত্ৰ-ছাত্ৰীক দেশৰ ভৱিষ্যৎ আশা-ভৰসাৰ কলিৰ লগত তুলনা কৰা হয়, যি কলি সময়ত পূৰ্ণবিকশিত হৈ দেশসেৱাৰ কামত ব্ৰতী হ'ব পাৰে৷ “কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰস্বৰূপে মাতৃয়ে গ্রহণ নকৰে’’ কথাষাৰৰ জৰিয়তে ইয়াকে বুজাব খোজা হৈছে যে ছাত্ৰ-জীৱনৰ সীমা চেৰাই দেশমাতৃৰ হকে কিছুমান কামত হাত দিলেও সেয়া উপযুক্ত নহয়৷ ছাত্ৰ-ছাত্ৰীসকল ছাত্ৰ-জীৱনৰ সীমাৰ ভিতৰত থাকি, নিজৰ পঢ়া-শুনা অটুট ৰাখি জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভৰ অংশস্বৰূপেহে কিছুমান কামত হাত দিব লাগে যাৰ জৰিয়তে তেওঁলোকে নিজকে পৰিপুষ্ট কৰি ভৱিষ্যতে দেশসেৱাৰ উপযুক্ত হৈ উঠিব পাৰে৷

ঘ) ‘‘নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।”

প্ৰসংগ: উদ্ধৃত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’-ৰ অন্তৰ্গত, ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে৷

সংগতি: ছাত্ৰৰ কৰ্তব্য আৰু সমাজসেৱাৰ বিষয়ে ক'বলৈ যাওঁতে লেখকে উক্ত কথাষাৰ অৱতাৰণা কৰিছে৷

ব্যাখ্যা: শান্তি, সুখ, সমৃদ্ধিৰ বাবে মানুহে নাৰায়ণ অৰ্থাৎ ভগৱানক পূজা-অৰ্চনা কৰে৷ কিন্তু ভগৱানক পূজা-অৰ্চনা কৰাৰ পাছতো সমাজৰ সকলো লোকৰ বাববে সুখ-শান্তি নাহে৷ মুষ্টিমেয় একাংশ লোকৰ সুখ-শান্তিয়েই সমাজৰ সুখ-শান্তি হ'ব নোৱাৰে৷ সকলোৰে সুখ-সমৃদ্ধিৰ বাবে সমাজৰ সকলো লোকৰ মাজত সাম্য ভাবৰ জন্ম হ'ব লাগিব, সকলো লোকৰ মাজত শিক্ষাৰ পোহৰ পৰিব লাগিব, সকলো লোক আৰ্থিকভাৱে স্বনিৰ্ভৰশীল হ'ব লাগিব৷ তেতিয়াহে প্ৰকৃততে সমাজৰ সুখ-শান্তি সম্ভৱ৷ সেইবাবেই সকলোৰে শান্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক আহৰি সময়ত কিছু সমাজসেৱামূলক কামত জড়িত হ'বলৈ কোৱা হৈছে, যাৰ জৰিয়তে সংসাৰ সুখময় হয়৷ জনসেৱাৰ জৰিয়তেই যিহেতু এয়া সম্ভৱপৰ, সেয়ে “নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা’’ বুলি লেখকে পাঠত উল্লেখ কৰিছে৷ 

ভাষা বিষয়ক:

১) বিপৰীত শব্দ লিখা:

নিষ্কর্মা, ত্ৰুটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়

নিষ্কর্মা, ত্ৰুটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়

উত্তৰ:

শব্দ বিপৰীত শব্দ
নিষ্কৰ্মা কৰ্মী
ত্ৰুটি শুদ্ধ
সহযোগিতা অসহযোগিতা
দেশহিহতৈষিতা দেশদ্ৰোহিতা
প্ৰৌঢ় যুৱ

২) সমার্থক শব্দ লিখা:

কার্যকৰী, প্ৰকৃত, সাম্য, আনমনা, অর্থকৰী, দুর্দিন, কাপ, কাকত

উত্তৰ:

শব্দ সমাৰ্থক শব্দ
কার্যকৰী কাৰ্যোপযোগী
প্ৰকৃত আচল
সাম্য সমতা
আনমনা অন্যমনস্ক, অমনোযোগী
অর্থকৰী অৰ্থোৎপাদনকাৰী, লাভজনক
দুর্দিন বেয়া দিন, দুঃসময়
কাপ কলম
কাকত কাগজ, পত্ৰ

৩) বাক্য ৰচনা কৰা:

নীতি-বচন, কাপ-কাকত, কূৰ্চুট-কপট, জনক-জননী, লোণ-তেল

নীতি-বচন: আমি জ্যেষ্ঠজনৰ  নীতি-বচন  মানি চলা উচিত৷

কাপ-কাকত: কাপ-কাকতৰ শিক্ষাই প্ৰকৃত শিক্ষা নহয়৷

কূৰ্চুট-কপট: মনত আনৰ প্ৰতি কূৰ্চুট-কপট  ভাব ৰাখিব নালাগে৷

জনক-জননী: গাঁৱক নগৰৰ জনক-জননী  বুলি কোৱা হয়৷

লোণ-তেল: দুখীয়া মানুহজনে কোণোমতে লোণ-তেলকণ যোগাৰ কৰি দুবেলা দুমুঠি খাই আছে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ