ছাত্ৰ-জীৱন আৰু সমাজসেৱা— দশম শ্ৰেণীৰ অসমীয়া (চমু প্ৰশ্নোত্তৰ)

১। ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰ: ডিম্বেশ্বৰ নেওগ ১৯৬৫ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনৰ সভাপতি আছিল৷

২। ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথিৰ নাম লিখা।

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথিৰ নাম হ’ল— ‘মালিকা’ আৰু ‘থুপিতৰা’৷

৩। ডিম্বেশ্বৰ নেওগৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ জন্ম শিৱসাগৰ জি‍লাৰ কমাৰফদীয়া গাঁৱত ১৮৯৯ চনত হৈছিল৷

৪। ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জীমূলক দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জীমূলক দুখন গ্ৰন্থৰ নাম হ’ল— ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ আৰু ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি‍’৷

৫। লেখকৰ মতে ছাত্ৰজীৱনৰ প্রকৃত উদ্দেশ্য কি?

উত্তৰ: লেখকৰ মতে ছাত্ৰ-জীৱন হৈছে শি‍ক্ষা আহৰণৰ সময়৷ গতিকে এই সময়ছোৱাত একাগ্ৰচিত্তে অধ্যয়নত নিমগ্ন হৈ মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, জীৱনত কৃতকাৰ্যতা লাভৰ উপায় ইত্যাদি অনেক বিষয়ৰ জ্ঞান লাভ কৰাৰ লগতে জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল যত্নপৰ হ’ব লাগে৷ এইবিলাকৰ সমান্তৰালভাৱে শি‍ক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্নিক আদি যিবোৰ ভাগ আছে, সেইবিলাকৰো চৰ্চা আৰু অনুশীলন কৰিব লাগে৷ এইবিলাকেই হৈছে ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য৷

৬। শিক্ষা বুলিলে কি বুজা?

উত্তৰ: ‘শি‍ক্ষা’ শব্দটোৰ পৰিসৰ অতি বহল৷ মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, জীৱনত কৃতকাৰ্যতা লাভৰ উপায় ইত্যাদি অনেক বিষয়ৰ জ্ঞানকে শি‍ক্ষা বুলি কোৱা হয়৷

৭। ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে?

উত্তৰ: ছাত্ৰসকলে‍ জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী দিশত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে৷

৮৷ শিক্ষাৰ ভাগবোৰ কি কি?

উত্তৰ: শিক্ষাৰ ভাগবোৰ হ’ল— শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি৷

৯। ছাত্ৰাৱস্থাত মনৰ গতি কেনে ধৰণৰ হ’ব লাগে লিখা।

উত্তৰ: ছাত্ৰাৱস্থাত মনৰ গতি একমুখী হ’ব লাগে৷ এই সময়ছোৱাত ঘৰুৱা জঞ্জাল, বাহিৰৰ হৈ‍-চৈ, কোলাহল আদিৰ প্ৰতি মন ঢাল খুৱাব নালাগে৷ 

১০৷ লেখকৰ মতে, কোনবোৰ বিষয়ৰ জ্ঞানক শিক্ষা বুলিব পাৰি?

উত্তৰ: লেখকৰ মতে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মানুহৰূপে জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি— এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি৷

১১৷ গাঁৱক কিয় একাধাৰে নগৰৰ জনক-জননী বোলা হৈছে?

উত্তৰ: নগৰতকৈ গাঁৱৰ সৃষ্টি আগত৷ যাতায়ত, যোগাযোগ, ব্যৱসায়-বাণিজ্য, শিক্ষা-দীক্ষা, গৃহ নিৰ্মাণ, বাট-পথ নিৰ্মাণ আদি বিভিন্ন দিশত সা-সুবিধা থকা একো একোটা অঞ্চলেই কালক্ৰমত নগৰলৈ ৰূপান্তৰিত হৈছিল৷ অতীজৰে পৰা এনকৈয়ে নগৰ অঞ্চলৰ সৃষ্টি হৈ আহিছে আৰু ভৱিষ্যতলৈও এনেকৈয়ে নগৰৰ সৃষ্টি হৈ থাকিব৷ অৰ্থাৎ, গাঁৱেই মাতৃস্বৰূপে নগৰৰ জন্ম দিয়ে৷ তদুপৰি নগৰৰ অঞ্চলৰ লালন-পালনো গাঁও অবিহনে সম্ভৱ নহয়৷ এনে কাৰণতে গাঁৱক একাধাৰে নগৰৰ জনক-জননী বুলি কোৱা হৈছে৷

১২৷ কি বচন মাতি মানুহে নিজক উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে?

উত্তৰ: “উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই৷”— এই বচন মাতি মানুহে নিজক উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে৷

১৩৷ পাঠ্যপুথিত থকা ‘পঢ়া’ সম্পৰ্কীয় নীতি-বচনষাৰ লিখা৷

উত্তৰ: পাঠ্যপুথিত থকা ‘পঢ়া’ সম্পৰ্কীয় নীতি-বচনষাৰ হ’ল—

“পঢ়াই পঢ়ে, ৰোৱে পাণ৷

এই তিনিয়ে নিচিন্তে আন৷”

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ