ছাত্ৰ-জীৱন আৰু সমাজসেৱা— দশম শ্ৰেণীৰ অসমীয়া (অতি চমু প্ৰশ্নোত্তৰ)

 ১) লেখকে কোনছোৱা সময়ক শি‍ক্ষাৰ সময় বুলি কৈছে?

উত্তৰ: লেখকে‍ ছাত্ৰ-জীৱনৰ সময়ছোৱাকেই শি‍ক্ষাৰ সময় বুলি কৈছে৷

২) লেখকৰ মতে শি‍ক্ষা মানে কি?

উত্তৰ: লেখকৰ মতে‍‍ মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মানুহৰূপে জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি— এনেবিলাক বিষয়ৰ জ্ঞানেই শিক্ষা৷

৩) বৰ্তমানৰ শিক্ষাৰ প্ৰধান দোষ কোনটো?

উত্তৰ: বৰ্তমানৰ শিক্ষাৰ প্ৰধান দোষটো হ’ল— ই কোনো কামৰ শিক্ষা নহয়৷ 

৪) ছাত্ৰাৱস্থাত মনৰ গতি কেনে হ’ব লাগে?

উত্তৰ: ছাত্ৰাৱস্থাত মনৰ গতি একমুখী হ’ব লাগে৷

৫) লেখকৰ মতে ছাত্ৰাৱস্থাত মনৰ গতি বহুমুখী হ’লে‍ কি হ’ব পাৰে?

উত্তৰ: লেখকৰ মতে ছাত্ৰাৱস্থাত মনৰ গতি বহুমুখী হ’লে‍ ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব পাৰে৷

৬) ‘কাপ-কাকত’ মানে কি?

উত্তৰ: ‘কাপ-কাকত’ মানে কলম আৰু কাগজ৷ 

৭) লেখকৰ মতে, ছাত্ৰ-ছাত্ৰীক কেনেকুৱা শিক্ষা দান কৰা প্ৰয়োজন?

উত্তৰ: লেখকৰ মতে জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ হোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি দিশৰ উপযুক্ত আৰু যুগসাপেক্ষ শিক্ষা দান কৰা প্ৰয়োজন৷

৮) শিক্ষাৰ্থীৰ উন্নতিৰ ঘাই মন্ত্ৰ কি?

উত্তৰ: শিক্ষাৰ্থীৰ উন্নতিৰ ঘাই মন্ত্ৰ হ’ল— ‘একাগ্ৰতা’৷

৯) লেখকে অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি বুলি কিহৰ কথা কৈছে?

উত্তৰ: লেখকে অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি বুলি আমাৰ দেশৰ গাঁও অঞ্চলৰ কথা কৈছে৷

১১) লেখকে কেনেকুৱা শি‍ক্ষাক প্ৰকৃত শি‍ক্ষা বুলি কৈছে?

উত্তৰ: সমাজসেৱা আৰু দেশসেৱাৰ শিক্ষাকে লেখকে প্ৰকৃত শিক্ষা বুলি কৈছে৷

১২) শিক্ষাৰ এটি ঘাই কৰ্তব্য উল্লেখ কৰা৷

উত্তৰ: শিক্ষাৰ এটি ঘাই কৰ্তব্য হ’ল— শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা৷

১৩) প্ৰকৃত শিক্ষা কি কি?

উত্তৰ: সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা৷

১৪) লেখকৰ মতে শিক্ষাৰ উদ্দেশ্য কেনে হ’ব লাগে?

উত্তৰ: লেখকৰ মতে ছাত্ৰ-জীৱনত জ্ঞান আহৰণ কৰি নিজৰ লগতে দহৰ উন্নতি সাধন কৰাই শিক্ষাৰ ঘাই উদ্দেশ্য হ’ব লাগে৷

১৫) ‘ছাত্ৰ জীৱন আৰু সমাজ সেৱা’ পাঠটিৰ লেখকৰ নাম লিখা৷

উত্তৰ: ‘ছাত্ৰ  জীৱন আৰু সমাজ সেৱা’ পাঠটিৰ লেখক নাম ডিম্বেশ্বৰ নেওগ৷

১৬) ডিম্বেশ্বৰ নেওগৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ জন্ম ১৮৯৯ চনত হৈছিল৷

১৭) ডিম্বেশ্বৰ নেওগৰ জন্ম ক’ত হৈছিল?

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ জন্ম শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত হৈছিল৷

১৮) ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল?

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ৷

১৯) ডিম্বেশ্বৰ নেওগে কোন কলেজৰ পৰা বি.এছচি. পাছ কৰিছিল?

উত্তৰ: ডিম্বেশ্বৰ নেওগে গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এছচি. পাছ কৰিছিল৷

২০) ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীৰ যোগেদি সাহিত্যিকৰূপে আত্মপ্ৰকাশ কৰিছিল?

উত্তৰ: ডিম্বেশ্বৰ নেওগে ‘বাঁহী’ আলোচনীৰ যোগেদি সাহিত্যিকৰূপে আত্মপ্ৰকাশ কৰিছিল৷

২১) ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ পাঠটি কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰ: ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ পাঠটি ‘আৱাহন’ আলোচনীত প্ৰকাশ পাইছিল৷

২২) ‘মালিকা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

উত্তৰ: ‘মালিকা’ নামৰ কবিতাপুথি‍খনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

২৩) ‘থুপিতৰা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

উত্তৰ: ‘থুপিতৰা’ নামৰ কবিতাপুথি‍খনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

২৪) ‘মালতী’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

উত্তৰ: ‘মালতী’ নামৰ কবিতাপুথি‍খনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

২৫) ‘ইন্দ্ৰধনু’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

উত্তৰ: ‘ইন্দ্ৰধনু’ নামৰ কবিতাপুথি‍খনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

২৬) ‘মুকুতা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

উত্তৰ: ‘মুকুতা’ নামৰ কবিতাপুথি‍খনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

২৭) ‘স্বহীদ কাৰবালা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

উত্তৰ: ‘স্বহীদ কাৰবালা’ নামৰ কবিতাপুথি‍খনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

২৮) ‘থাপনা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

উত্তৰ: ‘থাপনা’ নামৰ কবিতাপুথি‍খনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

২৯) ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ: ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ নামৰ গ্ৰন্থখনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

৩০) ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি‍’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ: ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি‍’ নামৰ গ্ৰন্থখনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

৩১) ‘বৈষ্ণৱ ধৰ্মৰ আঁতি-গুৰি’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ: ‘বৈষ্ণৱ ধৰ্মৰ আঁতি-গুৰি’ নামৰ গ্ৰন্থখনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

৩২) ‘বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ: ‘বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ’ নামৰ গ্ৰন্থখনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

৩৩) ‘প্ৰাক্ ঐতিহাসিক অসম’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ: ‘প্ৰাক্ ঐতিহাসিক অসম’ নামৰ গ্ৰন্থখনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

৩৪) ‘Growth of the Asamiya Language’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ: ‘Growth of the Asamiya Language’ নামৰ গ্ৰন্থখনৰ লেখক ডিম্বেশ্বৰ নেওগ৷ 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ