স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? 

উত্তৰ: ইয়াণ্ডাবু সন্ধি ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজ সেনাপতিৰ মাজত হৈছিল।

(খ) ভাৰতৰ প্রথম স্বাধীনতা সংগ্রাম বুলিলে কোনটো বিদ্রোহক জনা যায়?

উত্তৰ: ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলিলে ১৮৫৭ চনত হোৱা চিপাহী বিদ্ৰোহক জনা যায়।

(গ) অসমত হোৱা চিপাহী বিদ্রোহৰ গুৰি ধৰোঁতা ব্যক্তিগৰাকী কোন আছিল? 

উত্তৰ: অসমত হোৱা চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা ব্যক্তিগৰাকী আছিল মণিৰাম দেৱান।

(ঘ) কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা অসমৰ শাসনভাৰ বৃটিছ চৰকাৰে লয়?

উত্তৰ: ১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা অসমৰ শাসনসভাৰ বৃটিছ চৰকাৰে লয়।

(ঙ) পথৰুঘাটত হোৱা কৃষক বিদ্রোহত বৃটিছৰ গুলীত কেইগৰাকী ব্যক্তি ছহিদ হৈছিল?

উত্তৰ: পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহত বৃটিছৰ গুলীত ১৪০ গৰাকী কৃষকৰ মৃত্যু হৈছিল।

২। খালী ঠাই পূৰ কৰা—

(ক) খাজনা বৃদ্ধিৰ প্রতিবাদত অসমৰ কৃষকসকলে ______ বিদ্রোহ কৰিছিল।

উত্তৰ: খাজনা বৃদ্ধিৰ প্রতিবাদত অসমৰ কৃষকসকলে  কৃষক  বিদ্রোহ কৰিছিল।

(খ) ______ নেতৃত্বত সমগ্ৰ ভাৰতত অহিংস গণতান্ত্রিক আন্দোলন আৰম্ভ হৈছিল।

উত্তৰ:  মহাত্ম গান্ধীৰ  নেতৃত্বত সমগ্ৰ ভাৰতত অহিংস গণতান্ত্রিক আন্দোলন আৰম্ভ হৈছিল।

(গ) ১৮২৬ চনত বৃটিছ শাসনৰ বিৰােধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল ______ আৰু ______

উত্তৰ: ১৮২৬ চনত বৃটিছ শাসনৰ বিৰােধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল  গোমধৰ কোঁৱৰ   আৰু  পিয়লি ফুকন 

(ঘ) ______ চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্রোহ কৰিছিল৷

উত্তৰ:  ১৮৩০  চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্রোহ কৰিছিল৷

৩। 'ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
ইয়াণ্ডাবু সন্ধি ১৯৩০-৩২ চনত
আইন অমান্য আন্দোলন ১৯২০-২১ চনত
অসহযোগ আন্দোলন ১৮২৬ চনত
চিপাহী বিদ্ৰোহ ১৯৪২ চনত
ভাৰত ত্যাগ আন্দোলন ১৮৫৭ চনত 

উত্তৰ:

‘ক’ ‘খ’
ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত
আইন অমান্য আন্দোলন ১৯৩০-৩২ চনত
অসহযোগ আন্দোলন ১৯২০-২১ চনত
চিপাহী বিদ্ৰোহ ১৮৫৭ চনত
ভাৰত ত্যাগ আন্দোলন ১৯৪২ চনত

ইয়াণ্ডাবু সন্ধি — ১৮২৬ চনত

আইন অমান্য আন্দোলন  — ১৯৩০-৩২ চনত

অসহযোগ  আন্দোলন — ১৯২০-২১ চনত

চিপাহী বিদ্ৰোহ — ১৮৫৭ চনত

ভাৰত ত্যাগ আন্দোলন — ১৯৪২ চনত

৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা—

(ক) স্বাধীন হোৱাৰ আগতে ভাৰতবর্ষ ফৰাছী/ পর্তুগীজ/ ইংৰাজৰ অধীনত আছিল।

উত্তৰ: স্বাধীন হোৱাৰ আগতে ভাৰতবর্ষ ইংৰাজৰ অধীনত আছিল।

(খ) ভাৰতবর্ষ ১৯৪৭/ ১৯৪৪/ ১৯৪৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়।

উত্তৰ: ভাৰতবর্ষ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়।

(গ) ১৮৬১/ ১৮৯৪/ ১৮৪২ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল৷

উত্তৰ: ১৮৬১ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল।

(ঘ) আহোম ৰজাসকলে ২০০/ ৬০০/ ৪০০ বছৰ অসমত ৰাজত্ব কৰিছিল। 

উত্তৰ: আহোম ৰজাসকলে ৬০০ বছৰ ৰাজত্ব কৰিছিল।

৫। চমুটোকা লিখা:

(ক) পথৰুঘাটৰ ৰণ (খ) ৰঙিয়াৰ ৰাইজ মেল (গ) ফুলগুৰিৰ ধেৱা 

উত্তৰ: 

পথৰুঘাটৰ ৰণ: ইংৰাজ চৰকাৰে মাটিৰ শ্ৰেণী বিভাজন কৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে খাজনাৰ পৰিমাণ নিৰ্ধাৰণ কৰিছিল৷ ইয়াৰ প্ৰতিবাদত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং অঞ্চলৰ বহু কৃষকে পথৰুঘাটৰ ডাক-বঙলালৈ গৈ আপত্তি দৰ্শাইছিল। কিন্তু ইংৰাজ শাসকবৰ্গই নিৰীহ ৰাইজৰ আপত্তি নুশুনি গুলীবৰ্ষণ কৰিছিল। ফলত ১৪০ জন কৃষকৰ ছহিদ হৈছিল আৰু বহু ঘুণীয়াও হৈছিল। বুৰঞ্জীত এই বিদ্ৰোহক ‘পথৰুঘাটৰ ৰণ’ বোলা হয়।

ৰঙিয়াৰ ৰাইজ মেল: ইংৰাজে মাটিৰ খাজানা সময়ে সময়ে বঢ়াই গৈ আছিল। তদুপৰি কৰ পৰিশোধৰ বাবে মুদ্ৰাৰ  ব্যৱস্থা কৰাত কৃষক ৰাইজ বৰ অসুবিধাত পৰিছিল। সেয়েহে দিশহাৰা হৈ বৰ্তমানৰ গ্ৰাম্য কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াৰ ৰাইজে মেল পাতি কৰ নিদিবলৈ সিদ্ধান্ত লৈছিল। কণ গোস্বামীৰ নেতৃত্বত কেইগৰাকীমান ব্যক্তিয়ে বৰ্ধি‍ত কৰ ৰেহাইৰ বাবে আৱেদনসহ তেতিয়াৰ জিলা উপায়ুক্ত মেকাব চাহাবৰ ওচৰলৈ যায়। উপায়ুক্তই আৱেদনকাৰীসকলৰ অনুৰোধ উপেক্ষা কৰি তেওঁলোকক বন্দী কৰি থৈছিল। ১৮৯৪ চনত এই বন্দীসকলক এৰি দিবৰ বাবে অনুৰোধ কৰিবলৈ প্ৰায় তিনি হাজাৰৰো অধিক কৃষক ৰঙিয়াত সমবেত হৈছিল। কিন্তু উপায়ুক্তই এই সমাৱেশ বে-আইনী ঘোষণা কৰি ৰাইজৰ ওপৰত গুলীবৰ্ষণ কৰিছিল। এই গুলীচালনাত বহু কৃষকে প্ৰাণ আহুতি দিব লগা হৈছিল। এয়াই ৰঙিয়াৰ ৰাইজ মেলৰ কৰুণ ইতিহাস।

ফুলগুৰিৰ ধেৱা: ইংৰাজৰ বিপক্ষে সংঘটিত হোৱা এইটোৱেই আছিল অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। ১৮৬১ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধল কৰিছিল। নগাওঁ জিলাৰ ফুলগুৰিৰ কৃষকসকলে ইংৰাজৰসকলৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ এখন সভা পাতিছিল। কিন্তু ইংৰাজসকলে এই সভাত কৃষকৰ ওজৰ-আপত্তি শুনাৰ পৰিৱৰ্তে জোৰ-জুলুম কৰি সভা ভাঙিবলৈ চেষ্টা কৰিছিল। ইংৰাজৰ এই কাৰ্যত কৃষকসকল অসন্তুষ্ট হৈ ইংৰাজৰ লগত খণ্ড যুদ্ধত লিপ্ত হৈছিল। এই খণ্ডযুদ্ধত ইংৰাজ চাহাব এজনৰ মৃত্যু হৈছিল। এই ঘটনাৰ চাৰি দিনৰ পাছত ফুলগুৰিৰ কৃষকসকলে আকৌ সভা পাতি মিলিত হৈছিল। ইংৰাজে এই খবৰ পাই সভাত গোট খোৱা ৰাইজক ঘেৰি ধৰি তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰিছিল। ফলত বহুজনৰ মৃত্যু হোৱাৰ লগতে‍ বহু সংখ্যত লোক ঘুণীয়াও হৈছিল। কিছুমানক ইংৰাজসকলে বন্দী কৰি ফাঁচি দিছিল আৰু কিছুমানক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ