উদ্ভিদ আৰু পৰিৱেশ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১) উত্তৰ লিখা:

ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী ক’ৰ পৰা পায়?

উত্তৰ: উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ মাটিৰ পৰা পানী পায়৷

খ) উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শুহি লয়?

উত্তৰ: উদ্ভিদৰ শিপা নামৰ অংশটোৱে‍ মাটিৰ পৰা পানী শুহি লয়৷

গ) উদ্ভিদৰ পাতৰ কাম কি?

উত্তৰ: উদ্ভিদৰ পাতৰ কাম হ’ল খাদ্য প্ৰস্তুত কৰা৷

ঘ) কি কি কাৰ্যত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰ: উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য আৰু প্ৰাণীয়ে উশাহ-নিশাহ লোৱা কাৰ্যত ‘উদ্ভিদ’ আৰু ‘প্ৰাণী’ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল৷

ঙ) গছে মাটিৰ পৰা পানীৰ লগতে আৰু কি‍ শুহি লয়?

উত্তৰ: গছে মাটিৰ পৰা পানীৰ লগতে খনিজ লৱণ শুহি লয়৷

চ) উদ্ভিদে কেনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে?

উত্তৰ: উদ্ভিদৰ পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰণীবোৰে উশাহত লয় আৰু প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ উদ্ভিদে গ্ৰহণ কৰে৷ ফলত পৰিৱেশৰ বায়ুমণ্ডলৰ আক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা হয়৷ 

২. শুদ্ধ উত্তৰটোত ˇ চিন দিয়া:

ক) উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে৷

খ) যধে-মধে গছ কটা অনুচিত৷ 

গ) উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্ব-ডাই-অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা নকৰে৷

উত্তৰ: ক) উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে৷

খ) যধে-মধে গছ কটা অনুচিত৷

গ) উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্ব-ডাই-অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা নকৰে৷

৩. খালী ঠাই পূৰ কৰা :

ক) ______ পোহৰত পাতে আহাৰ তৈয়াৰ কৰে৷

খ) পাতত হৰিৎকণা থকা বাবে এইবোৰ ______ বৰণৰ হয়৷

গ) উদ্ভিদক জীয়াই থাকবিলৈ আৰু ডাঙৰ-দীঘল হ’বলৈ _______ লাগে৷

ঘ) পাতে এৰি দিয়া _______ গেছ প্ৰাণীবোৰে উশাহত লয়৷

ঙ) বেছিকৈ _______ ৰুব লাগে৷

উত্তৰ:

ক)  সূৰ্যৰ  পোহৰত পাতে আহাৰ তৈয়াৰ কৰে৷

খ) পাতত হৰিৎকণা থকা বাবে এইবোৰ  সেউজীয়া  বৰণৰ হয়৷

গ) উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ-দীঘল হ’বলৈ  আহাৰ  লাগে৷

ঘ) পাতে এৰি দিয়া  অক্সিজেন  গেছ প্ৰাণীবোৰে উশাহত লয়৷

ঙ) বেছিকৈ  গছ  ৰুব লাগে৷

৪. উদ্ভিদে আহাৰ কেনেকৈ তৈয়াৰ কৰে?

উত্তৰ: উদ্ভি‍দৰ শিপাই মাটিৰ পৰা পানী আৰু পানীত মিহলি হৈ থকা খনিজ লৱণ শুহি লয়৷ সূৰ্যৰ পোহৰত উদ্ভিদৰ সেউজীয়া পাতে সেই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত নিজৰ আহাৰ তৈয়াৰ কৰে৷ 

৫. এখিলা পাতৰ ছবি আঁকি ৰং বোলোৱা৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ