উদ্যোগ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। চমুকৈ লিখা—

(ক) কেঁচামাল বুলিলে কি বুজা?

উত্তৰ: প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয়, সেইবোৰে‍ই হৈছে কেঁচামাল৷

(খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন?

উত্তৰ:  উদ্যোগৰ বাবে কেঁচামালৰ আমদানি কৰিবৰ বাবে আৰু উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ ৰপ্তানি কৰিবৰ বাবে উন্নত যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন।

(গ) উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা।

উত্তৰ: উদ্যোগ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় কাৰকসমূহ হৈছে— 

(i) কেঁচামাল

(ii) যাতায়ত আৰু পৰিবহণ ব্যৱস্থা 

(iii) ভূমি

(iv) মূলধন 

(v) শক্তি

(vi) উন্নত যন্ত্ৰ-পাতি 

(vii) দক্ষ শ্ৰমিক

(viii) বজাৰ।

(ঘ) লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন?

উত্তৰ: লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ হ’ল— আকৰিক লো, কয়লা আৰু চূণশিল।

(ঙ) পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়?

উত্তৰ: পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়।

২। খালী ঠাই পূৰ কৰা—

(ক) মুম্বাই ভাৰতৰ আধুনিক ______ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

উত্তৰ: মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

(খ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল ______।

উত্তৰ: কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল বাঁহ।

(গ) ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ ______ ৰাজ্যত উৎপন্ন হয়।

উত্তৰ: ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ কৰ্ণাটক ৰাজ্যত উৎপন্ন হয়।

(ঘ) চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল ______।

উত্তৰ: চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল কুঁহিয়াৰ।

৩। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা—

(ক) সকলো ঠাইতে এৰী আৰু মুগা কাপোৰ উৎপন্ন হয়।

উত্তৰ: কেৱল অসমতেই এৰী আৰু মুগাৰ কাপোৰ উৎপন্ন হয়।

(খ) ঘাঁহ আৰু কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ উৎপন্ন কৰা হয়। 

উত্তৰ: শুদ্ধ।

(গ) উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীৰ চাহিদা দেশ-বিদেশৰ বজাৰত থাকিব লাগিব।

উত্তৰ: শুদ্ধ।

(ঘ) মুম্বাইৰ পিছত গুজৰাট ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ।

উত্তৰ: মুম্বাইৰ পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
তেল শোধনাগাৰ কঁঠালগুৰি।
গেছ প্লাণ্ট নামৰূপ।
কাগজ উদ্যোগ শিলঘাট।
মৰাপাট উদ্যোগ নুমলীগড়। 
সাৰ উদ্যোগ জাগীৰোড।

উত্তৰ:

‘ক’ ‘খ’
তেল শোধনাগাৰ নুমলীগড়।
গেছ প্লাণ্ট কঁঠালগুৰি।
কাগজ উদ্যোগ জাগীৰোড।
মৰাপাট উদ্যোগ শিলঘাট।
সাৰ উদ্যোগ নামৰূপ।

৫। পৰ্যাপ্ত পৰিমাণে কেঁচামাল নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা।

উত্তৰ: পৰ্যাপ্ত পৰিমাণে কেঁচামাল নাথাকিলেও উদ্যোগীকৰণ সম্ভৱ। উদাহৰণস্বৰূপে, জাপানৰ কথাকে ক’ব পাৰি৷ জাপান এখন সৰু দেশ আৰু ইয়াত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱ। তথাপি এই দেশ শিল্প উদ্যোগত আগবঢ়া। ইয়াৰ প্ৰধান কাৰণ হৈছে উপকূল অঞ্চলত থকা জাহাজ বন্দৰবোৰ গঢ়ি উঠাৰ ফলত উদ্যোগসমূহলৈ কেঁচামাল আন দেশৰ পৰা আমদানি কৰা আৰু উৎপাদিত সামগ্ৰী আন দেশলৈ ৰপ্তানি কৰাৰ যথেষ্ট সুবিধা আছে। তদুপৰি পৰ্বত-পাহাৰ আদিৰ ওপৰেৰে বৈ অহা নদীবোৰৰ সোঁত বেছি হোৱা বাবে কম খৰচতে প্ৰচুৰ পৰিমাণে বিদ্যুৎ উৎপাদন কৰাৰ সুবিধা আছে‍৷ এইবোৰ কাৰণত জাপানত লোৰ আকৰ কম থকা সত্ত্বেও তীখা উৎপাদনত পৃথিৱীৰ ভিতৰত আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। গতিকে দেখা যায় যে কেঁচামাল নাথাকিলেও কোনো অঞ্চলত বৃহৎ উদ্যোগ গঢ়ি উঠাটো সম্ভৱ৷

৬। অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই কাৰণসমূহ বুজাই লিখা।

উত্তৰ: অসমত বৃহৎ উদ্যোগ গঢ়ি নুঠাৰ প্ৰধান কাৰণ হ’ল ইয়াত উদ্যোগ এটা গঢ়ি উঠিবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত পৰিমাণৰ মূলধন, বৃহৎ স্থানীয় বজাৰ, দক্ষ শ্ৰমিক, উন্নত যাতায়ত ব্যৱস্থা আদিৰ অভাৱ।

৭। উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখা।

উত্তৰ: আমি আমাৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰী প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ বাবে যন্ত্ৰৰ সহায়ত বিশেষ পদ্ধতি প্ৰযোগ কৰি এনে সামগ্ৰীসমূহ প্ৰস্তুত কৰা হয়৷ এইদৰে‍ গঢ়ি উঠা উৎপাদন কেন্দ্ৰসমূহকে উদ্যোগ বোলা হয়৷

ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম হ’ল— বস্ত্ৰ উদ্যোগ, লো-তীখা উদ্যোগ, চেনি উদ্যোগ আৰু কাগজ উদ্যোগ।

৮। চমুটোকা লিখা—

চেনি উদ্যোগ, কাগজ উদ্যোগ, কপাহী উদ্যোগ, ৰেচম উদ্যোগ, লো-তীখা উদ্যোগ।

উত্তৰ: 

চেনি উদ্যোগ: চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল কুঁহিয়াৰ। এই উদ্যোগৰ বাবে উন্নত যন্ত্ৰ-পাতি আৰু দক্ষ শ্ৰমিকৰ আৱশ্যক। ভাৰতত ২০০-ৰো অধিক চেনি উদ্যোগ আছে। বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনি উৎপাদন কৰা হয়।

কাগজ উদ্যোগ: কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল বাঁহ। আজিকালি সৰল, দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। ইয়াৰ উপৰি ঘাঁহ, পুৰণি কপাহ, মৰাপাটৰ আৱৰ্জনাৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। ভাৰতত প্ৰায় ৩২ টা কাগজ উদ্যোগ আছে আৰু ইয়াৰ বেছিভাগেই কলকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত৷

কপাহী উদ্যোগ: বৰ্তমান কপাহী বস্ত্ৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। মুম্বাইৰ পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ। এই কেন্দ্ৰ কপাহ উৎপন্ন হোৱা অঞ্চলবোৰৰ মাজত অৱস্থিত। মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদি ৰাজ্যতো কপাহী বস্ত্ৰ উদ্যোগ আছে৷ 

ৰেচম উদ্যোগ: এই শিল্প প্ৰথমে কুটীৰ শিল্পৰূপেহে গঢ় লৈ উঠিছিল৷ আজিকালি মেচিনত পাটৰ কাপোৰ তৈয়াৰ কৰা হয়৷ ৰেচম কাপোৰ উৎপাদনত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে ভাৰতে এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। কৰ্ণাটক ৰাজ্যতে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচমী কাপোৰ তৈয়াৰ কৰা হয়। 

লো-তীখা উদ্যোগ: লো-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। এই উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চূণশিলৰ আৱশ্যক। এই উদ্যোগৰ বাবে প্ৰধানকৈ বৃহৎ পৰিমাণৰ মূলধন, উন্নত পৰিবহণ ব্যৱস্থা, প্ৰচুৰ ইন্ধন আৰু কেঁচামালৰ প্ৰয়োজন। পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু ছত্তিশগড়ৰ বৃহৎ অঞ্চলটো লো-তীখা উদ্যোগৰ কেন্দ্ৰস্থল হৈ পৰিছে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ