১) উত্তৰ লিখা—
ক) ভাৰতৰ কোন দিশৰ পৰা আর্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল?
উত্তৰ: ভাৰতৰ উত্তৰ-পশ্চিম দিশৰ পৰা আর্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল৷
খ) আর্যসকলৰ পূর্বপুৰুষসকল কোন অঞ্চলৰ অধিবাসী আছিল?
উত্তৰ: আর্যসকলৰ পূর্বপুৰুষসকল সম্ভৱতঃ মধ্য এছিয়াৰ কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত থকা ভূ-ভাগৰ অধিবাসী আছিল৷
গ) সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজৰ দুটা প্ৰধান পার্থক্য দেখুওৱা৷
উত্তৰ: সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজৰ দুটা প্ৰধান পার্থক্য—
সিন্ধু উপত্যকাৰ সভ্যতা | বৈদিক সভ্যতাৰ |
---|---|
১) সিন্ধু সভ্যতাত শিল্প বাণিজ্যৰ প্ৰচলন আছিল৷ | বৈদিক সভ্যতাৰ ভেটি আছিল কৃষি আৰু পশুপালন৷ |
২) সিন্ধু সভ্যতাত ঘোঁৰাৰ প্ৰচলন নাছিল | বৈদিক সভ্যতাত আর্যসকলে ঘোঁৰাৰ ব্যৱহাৰ কৰিছিল৷ |
ঘ) চাৰিওখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ?
উত্তৰ: চাৰিওখন বেদৰ ভিতৰত ঋক্বেদ প্ৰাচীনতম বেদ৷
ঙ) আর্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি গৈছিল?
উত্তৰ: আর্যসকল প্ৰধানতঃ পশুপালক আছিল৷ এটা সময়ত তেওঁলোকৰ জনসংখ্যা আৰু জীৱ-জন্তুৰ সংখ্যা বঢ়াৰ ফলত নতুন উর্বৰা ঘাঁহনি পথাৰৰ প্ৰয়োজন হোৱাত তেওঁলোক হিমালয়ৰ নামনিৰ গংগা নদীৰ সাৰুৱা উপত্যকা অঞ্চললৈ আগবাঢ়ি গৈছিল৷
চ) বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম লিখা৷
উত্তৰ: বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম— বিশ্বৱাৰা, লোপামুদ্ৰা৷
ছ) আর্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল?
উত্তৰ: আর্যসকল ইন্দো-য়ুৰোপীয়ান ভাষিক গোষ্ঠীৰ মানুহ আছিল৷
জ) আর্যসকলে কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল?
উত্তৰ: আর্যসকলে গৰুক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল৷
ঝ) আর্যসকলে ভাৰতত কোনবিধ ঘৰচীয়া জন্তুৰ প্ৰচলন কৰিছিল?
উত্তৰ: আর্যসকলে ভাৰতত ঘৰচীয়া জন্তু ঘোঁৰাৰ প্ৰচলন কৰিছিল৷
২) শুদ্ধ-অশুদ্ধ নির্ণয় কৰা—
ক) বৈদিক যুগৰ আনুমানিক সময়সীমা খৃ: পূ: ১৫০০-ৰ পৰা খৃ: পূ: ১০০০-ৰ ভিতৰত পৰে৷
উত্তৰ: অশুদ্ধ৷
খ) ঋক্ বৈদিক যুগতে চাৰিওখন বেদ ৰচনা কৰা হৈছিল৷
উত্তৰ: অশুদ্ধ৷
গ) আর্যসকলৰ দিনত লোৰ প্ৰচলন আছিল৷
উত্তৰ: শুদ্ধ৷
ঘ) সপ্তসিন্ধুৰ স্থানীয় লোকসকলক আর্যসকলে হেয়জ্ঞান কৰিছিল৷
উত্তৰ: শুদ্ধ৷
ঙ) আর্যসকলৰ সময়ত সমাজত নাৰীৰ স্থান নিম্ন আছিল৷
উত্তৰ: অশুদ্ধ৷