পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (ষষ্ঠ শ্ৰেণী)

বিষয়: অসমীয়া
পাঠ নং ৮ : ৰঙৰ ৰহস্য
(পঞ্চম শ্ৰেণীৰ পুনৰালোচনা)

কাৰ্য নং-১: তলৰ দফাটো পঢ়ি প্ৰশ্নসমূহৰ উত্তৰ লিখোঁ আহা—

যিকোনো ৰঙীন বস্তু দেখিলে আমাৰ মনটো ভাল লাগে৷ নীলা আকাশ, সেউজীয়া পথাৰ, ৰাতিপুৱা উদয়  হোৱা ৰঙা বেলি চাই বৰ ভাল লাগে৷ আঘোণ মাহত ধান পকি সোণালী হৈ পৰা পথাৰখনো কম ধুনীয়া নে? অতীজৰে পৰা মানুহে ৰং ভাল পায়৷ আদিম মানুহেও গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল৷

পোনপ্ৰথমে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজন কোন আছিল জানানে? তেখেতৰ নাম আছিল ছাৰ আইজাক নিউটন৷ তেখেতে ইংলেণ্ডত জন্ম গ্ৰহণ কৰিছিল৷ সৰুৰে পৰা তেখেতে খেলনা আৰু যন্ত্ৰ-পাতি সজাত পাৰ্গত আছিল৷ কম বয়সতে ছাৰ আইজাক নিউটনে বায়ুকল আৰু বেলিঘড়ী সাজি উলিয়াইছিল৷ তেখেতে পৰীক্ষা কৰি দেখুৱাইছিল যে বেলিৰ পোহৰত সাতোটা ৰং আছে৷ ইংৰাজী ভাষাত এই সাতোটা ৰঙৰ প্ৰতিটোৰে প্ৰথম আখৰটো লৈ এটা শব্দ গঠন হৈছে৷ সেই শব্দটো হৈছে ‘ভিবজিওৰ’ (VIBGYOR)৷ সেই সাতোটা ৰং হ’ল— বেঙুনীয়া (Violet), ঘননীলা (Indigo), নীলা (Blue), সেউজীয়া (Green), হালধীয়া (Yellow), সুমথিৰা (Orange) আৰু ৰঙা (Red)৷

আমি দেখা বস্তুবোৰৰ ৰং বেলেগ বেলেগ হয়৷ কাৰণ কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ৷ আমি আন্ধাৰত বস্তু নেদেখোঁ কাৰণ তাত পোহৰ নপৰে৷

কাৰ্য নং— ১

ক) ৰাতিপুৱা উদয় হোৱা বেলিৰ ৰং কেনেকুৱা?

উত্তৰ: ৰাতিপুৱা উদয় হোৱা বেলিৰ ৰং ৰঙা৷

খ) আদিম মানুহে গুহাৰ বেৰত কি আঁকিছিল?

উত্তৰ: আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল৷

গ) ‘‘বেলিৰ পোহৰত সাতোটা ৰং আছে’’— এই কথাষাৰি কোনে প্ৰথমে পৰীক্ষা কৰি দেখুৱাইছিল?

উত্তৰ: ‘‘বেলিৰ পোহৰত সাতোটা ৰং আছে’’— এই কথাষাৰি ছাৰ আইজাক নিউটনে প্ৰথমে পৰীক্ষা কৰি দেখুৱাইছিল৷

ঘ) কোন মাহত পথাৰখন সোণালী বৰণৰ হয়?

উত্তৰ: আঘোণ মাহত পথাৰখন সোণালী বৰণৰ হয়৷

ঙ) ছাৰ আইজাক নিউটনে জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম কি আছিল?

উত্তৰ: ছাৰ আইজাক নিউটনে জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম আছিল— ইংলেণ্ড৷

চ) আমি আন্ধাৰত বস্তু নেদেখাৰ কাৰণ কি?

উত্তৰ: বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ৷ আন্ধাৰত বস্তুৰ ওপৰত পোহৰ নপৰে বাবে তাৰ পৰা কোনো পোহৰ প্ৰতিফলিত নোহোৱাৰ বাবেই আমি আন্ধাৰত বস্তু নেদেখোঁ৷

কাৰ্য নং-২: বেলিৰ পোহৰত থকা সাতোটা ৰঙৰ নাম লিখা৷

উত্তৰ: বেলিৰ পোহৰত থকা সাতোটা ৰঙৰ নাম হ’ল— বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা৷

কাৰ্য নং-৩ : তলত দিয়া যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা আৰু এই যুক্তাক্ষৰ ব্যৱহাৰ কৰি একোটাকৈ শব্দ লিখা৷

শ্চ: শ + চ ⇾ নিশ্চয়

ন্ম: ন  + ম ⇾ উন্মাদ

ণ্ড:  ণ  + ড ⇾ কাণ্ড

ব্দ:  ব  + দ ⇾ শব্দ

ন্ধ:  ন  + ধ ⇾ অন্ধ

ন্ত্ৰ:  ন + ত + ৰ ⇾ মন্ত্ৰ

কাৰ্য নং-৪ : তালিকা দুখন পৰ্যবেক্ষণ কৰি ১ নং তালিকাত থকা শব্দৰ লগত একে অৰ্থ প্ৰকাশ কৰা শব্দ ২ নং তালিকাৰ পৰা মিলাই লিখা৷

তালিকা ১ তালিকা ২
আকাশ জল
বেলি‍ নয়ন
পানী আদি‍
চকু গগন
প্ৰথম সূৰ্য

তালিকা ১ তালিকা ২
আকাশ গগন
বেলি‍ সূৰ্য
পানী জল
চকু নয়ন
প্ৰথম আদি‍


Sub- English

Lesson-1 : The Rainbow

Activity-1(A): Look at the picture—

Now complete the sentence:

Example: We see a bridge in the picture.

We see a rainbow in the picture.

We see the sky in the picture.

We see a river in the picture.

We see some trees in the picture.

We see some birds in the picture.

Activity-1(b) : We can see many things around us when we go for an outing:

rivers, bridges, boats, trees, roads.

Let’s write the names of three other things that we know about or see in the nature.

1.    birds   

2.    hills   

3.    sky   

Activity-2: Let’s read the poem ‘The Rainbow’, first loudly and then silently. Now see if the three words written in the Activity-1 above are also there in the poem. Let’s write out from the poem words naming the gifts of nature to us:

Ans: Yes, the three words written in the Activity-1 above are also there in the poem.

The following words from the poem are the words naming the gifts of nature to us:

Rivers, seas, clouds, sky, trees, earth.

Activity-3: Let’s recite the poem ‘The Rainbow’ twice or three times. When we read aloud or recite the poem, we find some words that end with the same sound, such as:

seas – these – please – trees.

Such words are called rhyming words. Write the words that rhyme with the following words:

sail— tail, rail  

far— car, star 

pretty— pity, city 

sky— buy, try 

Activity-4: Let’s read aloud the words given below and make pairs of the words that rhyme with each other. Then add another rhyming word that you know to each pair:

Boat, River, Ship, Sail, Cloud, Sky, Nail, Proud, Coat, Fly, Ever, Clip

1.  Boat  Coat   ⟶ Goat

2.  River   -  Ever  ⟶ Never

3.  Ship  Clip  ⟶ Flip

4.  Sail  Nail  ⟶ Tail

5.  Cloud   -  Proud  ⟶ Loud

6.  Sky  - Fly  ⟶ Try

Activity-5: Let’s read the following lines given from the poem ‘The Rainbow’:

a) Boats sail on the rivers, and ships sail on the seas.

All the underlined words above are naming words; such a word used as the name of a person, place or thing is called a Noun.

b) There are bridges on the rivers, as pretty as you please.

The word ‘you’ is used in place of the reader of the poem or a person; such a word used instead of a naming word or Noun is called a Pronoun.

c) But clouds that sail across the sky are prettier far than these.

The word ‘prettier’ in this line and ‘pretty’ in the earlier line are describing words. A word that describes a person or a thing is called an Adjective.

d) And builds a road from earth to sky is prettier far than these.

Each of the underlined words expresses an action; such a doing-word or a saying-word is known as a Verb.

Now let’s find other words in the poem or that we know belonging to the different word-classes and write them in the table below:

Noun Pronoun Adjective Verb
boat that prettier sail
river these far bridge
ship you pretty overtop
sea
build
cloud
sky
bridge
bow
road
earth

Activity-6: Let’s read the following two lines from the poem ‘The Rainbow’ and see how the word ‘bridges’ is used as different word-class in each line:

a) There are bridges on the rivers.

b) But the bow that bridges heaven ......

In the first line, the word ‘bridges’ is a naming word (i.e. Noun), while in the second line it is a doing-word (i.e. Verb)

Similarly, ‘sail’ and ‘bow’ are two other words which can be used as a noun as well as verb.

For example:

The boat has a large sail. (as a noun)

Ships sail on the seas. (as a verb)

Let’s make sentences using the words given below first as a noun and then as a verb.

Bow (n): The hunter always carries a bow.

Bow (v): Years of riding had bowed his legs.

Hand (n): He had a pen in his right hand.

Hand (v): The waiter handed me the menu.

Water (n): We drink water.

Water (v): She always waters her flower garden.

Activity-7: Let’s read the poem ‘The Dodo’ from the lesson No. 1 “The Rainbow”, then draw the picture of the bird Dodo and write out a few lines about the bird.

The Dodo


বিষয়ঃ গণিত
পাঠ নং 14: জোখ-মাখৰ প্ৰয়োগ
(পঞ্চম শ্ৰেণীৰ পুনৰালোচনা)


প্ৰশ্ন ১: শুদ্ধ উত্তৰটোত (✓) চিন দিয়া

(i) দৈৰ্ঘ্যৰ একক-

   (a) মিটাৰ (b) কিগ্ৰা (c) ছেকেণ্ড (d) লিটাৰ

উত্তৰ: (d) মিটাৰ৷

(ii) সময়ৰ একক-

   (a) মিটাৰ (b) ছেকেণ্ড (c) লিটাৰ (d) মিলিলিটাৰ

উত্তৰ: (b) ছেকেণ্ড৷

(iii) ওজন জোখাৰ একক-

   (a) কিগ্ৰা (b) ঘণ্টা (c) লিটাৰ (d) চেণ্টিমিটাৰ

উত্তৰ: (a) কিগ্ৰা৷

(iv) জুলীয়া পদাৰ্থ জুখিবলৈ ব্যৱহাৰ কৰা একক-

   (a) কিলোগ্ৰাম (b) লিটাৰ (c) মিটাৰ (d) মিনিট

উত্তৰ: (b) লিটাৰ৷

(v) 1 মিটাৰ =

   (a) 100 চেমি (b) 10 চেমি (c) 10 মিমি (d) 1 চেমি

উত্তৰ: (a) 100 চেমি৷ 

(vi) 1 ঘণ্টা =

   (a) 30 মিনিট (b) 60 মিনিট (c) 90 মিনিট (d) 40 মিনিট

উত্তৰ: (b) 60 মিনিট৷

2. ৰীমাৰ জন্মদিনত খুৰাকে তলত দিয়া ধৰণে বস্তুবোৰ বজাৰৰ পৰা কিনি আনিলে-

ক্ৰমিক নং বস্তুৰ বিৱৰণ পৰিমাণ প্ৰতি‍ কিগ্ৰাৰ মূল্য
(টকাত)
মুঠ মূল্য
(টকাত)
1 চাউল 15 kg 60.00 900.00
2 মচুৰ 3 kg 40.00 ?
3 আলু 5 kg 20.00 ?
4 পিঁয়াজ 2 kg 30.00 ?
5 বিলাহী 3 kg 40.00 ?
6 মাছ 12 kg 40.00 ?
7 কেক্ 500 g 1000.00 500.00
8 জলকীয়া 250 g 100.00 ?
9 হালধি‍ 200 g 160.00 ?
মুঠ = ?

সমাধান:

ক্ৰমিক নং বস্তুৰ বিৱৰণ পৰিমাণ প্ৰতি‍ কিগ্ৰাৰ মূল্য
(টকাত)
মুঠ মূল্য
(টকাত)
1 চাউল 15 kg 60.00 900.00
2 মচুৰ 3 kg 40.00 120.00
3 আলু 5 kg 20.00 100.00
4 পিঁয়াজ 2 kg 30.00 60.00
5 বিলাহী 3 kg 40.00 120.00
6 মাছ 12 kg 40.00 480.00
7 কেক্ 500 g 1000.00 500.00
8 জলকীয়া 250 g 100.00 25.00
9 হালধি‍ 200 g 160.00 32.00
মুঠ = 2337.00

তালিকাখন সম্পূৰ্ণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া—

(a) তালিকাখনৰ ক্ৰমিক নং 1 ৰ পৰা 5 লৈকে মুঠ ওজন কিমান হ’ব?

উত্তৰ: 28 কিগ্ৰা৷

(15 কিগ্ৰা + 3 কিগ্ৰা + 5 কিগ্ৰা + 2 কিগ্ৰা + 3 কিগ্ৰা = 28 কিগ্ৰা) 

(b) তালিকামতে 1 কেজি জলকীয়াৰ দাম কিমান হ’ব?

উত্তৰ: 100 টকা৷

(c) তালিকাখনৰ মতে‍ 5 কেজি পিঁয়াজৰ দাম কিমান হ’ব?

উত্তৰ: 150 টকা৷ 

যোগ কৰোঁ আহা

(a) উদাহৰণ: 6 মি 35 চেমি, 7 মি 45 চেমি

সমাধান:

6 মি 35 চেমি
+ 7 মি 45 চেমি
13 মি ৪0 চেমি

বা,13.8 মি৷

13 মি 80 চেমি

= 13 মি + 80 x \(\frac{1}{100}\) মি‍ [1 চে মি= \(\frac{1}{100}\) মি‍)

= 13 মি + 0.8 মি‍

= 13.8 মি

(b) উদাহৰণ: 6 চেমি 4 মিমি, 5 চেমি 9 মি‍মি

সমাধান:

6 চেমি   4 মিমি
+ 5 চেমি   9 মি‍মি
11 চেমি 13 মিমি

বা,12 চেমি 3 মিমি

[13 মিমি= 10 মিমি+ 3 মিমি =1 চেমি 3 মিমি]

বা 12.3 চেমি

[1 মিমি= \(\frac{1}{10}\) চেমি: 3 মিমি= \(\frac{3}{100}\) চেমি= 0.3 চেমি]

বিয়োগ কৰোঁ আহা

(3) উদাহৰণ: 75 কি.গ্ৰা. 700 গ্ৰাৰ পৰা 190 কিগ্ৰা 300 গ্ৰা

সমাধান:

75 কিগ্ৰা 700 গ্ৰা
(-) 19 কিগ্ৰা 300 গ্ৰা
56 কিগ্ৰা 400 গ্ৰা
(b) উদাহৰণ: 1 ঘণ্টা 30 মিনিটৰ পৰা 40 মিনিট
সমাধান: আমি জানো যে 1 ঘণ্টা = 60 মিনিট
গতিকে 1 ঘণ্টা 30 মিনিট = 60 মিনিট + 30 মিনিট
= 90 মিনিট

এতিয়া, 1 ঘণ্টা 30 মিনিট - 40 মিনিট
= 90 মিনিট - 40 মিনিট
= 50 মিনিট
(c) উদাহৰণ: 40 লি 500 মিলি ৰ পৰা 19 লি 650 মিলি
সমাধান: 500 মি লি ৰ পৰা 650 মিলি বিয়োগ নাযায়৷ গতিকে 40 লি ৰ পৰা 1 লি (অৰ্থাৎ 1000 মিলি) আনি 500 মিলিৰ লগত যোগ কৰিলে আমি 1500 মিলি পাম৷ এতিয়া 1500 মিলিৰ পৰা 650 মি লি বিয়োগ কৰিলে ৪50 মিলি থাকিব৷ অৰ্থাৎ
40 লি 500 মিলি
(-) 19 লি 650 মিলি
20 লি 850 মিলি
মন কৰা: একে ধৰণৰ এককবোৰৰ মাজতহে যোগ বা বিয়োগ হয়৷

এতিয়া তোমালোকে নিজে চেষ্টা কৰা:

(A) যোগ কৰা:

(i) 5 মি 40 চেমি; 4 মি 45 চেমি

9 মি 85 চেমি‍

(ii) 30 মি 58 চেমি; 19 মি 42 চেমি

50 মি‍

(iii) 17 মি 66 চেমি; 28 মি 53 চেমি

46 মি 19 চেমি

(iv) 15 কিগ্ৰা 300 গ্ৰা; ৪ কিগ্ৰা 800 গ্ৰা

24 কিগ্ৰা 100 গ্ৰা

(v) 6 কি গ্ৰা 200 গ্ৰা; 3 কি গ্ৰা 800 গ্ৰা

10 কিগ্ৰা

(vi) 3 লি 400 মিলি; 5 লি 500 মিলি

8 লি 900 মিলি‍

(vii) 1 ঘণ্টা 15 মিনিট; 2 ঘণ্টা 30 মিনিট

3 ঘণ্টা 45 মিনিট

(viii) 4 ঘণ্টা 20 মিনিট; 3 ঘণ্টা 25 মিনিট

7 ঘণ্টা 45 মিনিট

B) বিয়োগ কৰা:

(i) 15 মিৰ পৰা 12 মি

3 মি‍

(ii) 4 মি 30 চেমিৰ পৰা 4 মি 10 চেমি

20 চেমি‍

(iii) 15 মি 30 চেমিৰ পৰা ৪ মি 50 চেমি

6 মি 800 চেমি‍

(iv) 7 লি 500 মিলিৰ পৰা 3 লি 650 মিলি

3 লি 850 মিলি‍

(v) 8 লি 600 মিলি ৰ পৰা 3 লি 400 মিলি

5 লি 200 মিলি‍

(vi) 2 ঘণ্টা 15 মিনিটৰ পৰা 1 ঘণ্টা 30 মিনিট

45  মিনিট

কেইটামান ব্যৱহাৰিক সমস্যা সমাধান কৰোঁ আহা:

উদাহৰণ: (1) এটা কলনিত বাস কৰা 60 ঘৰ মানুহৰ প্ৰতিটো পৰিয়ালক প্ৰতিদিনে গড়ে 20 লিটাৰ পানীৰ প্ৰয়োজন হয়৷ কলনিটোত এমাহত মুঠতে কিমান পানীৰ প্ৰয়োজন হ’ব উলিওৱা৷

সমাধান: দিয়া আছে,

কলনিটোত বাস কৰা মুঠ পৰিয়ালৰ সংখ্যা = 60 ঘৰ

প্ৰতিটো পৰিয়ালক প্ৰতিদিনে গড়ে 20 লিটাৰ পানীৰ প্ৰয়োজন৷

গতিকে, 60 ঘৰ মানুহক এদিনত পানীৰ প্ৰয়োজন হয় = (60 x 20) লি = 1200 লি

অৰ্থাৎ, এমাহত পানীৰ প্ৰয়োজন হ’ব = (1200 x 30) লি = 36000 লি

আকৌ, আমি জানো যে‍,

1000 লিটাৰ = 1 কিলোলিটাৰ

অৰ্থাৎ, 36000 লিটাৰ = \(\frac{36000}{1000}\) কিলি‍

= 36 কিলি 

উত্তৰ: 36 কিলোলিটাৰ

উদাহৰণ: (2) 4 কেজি বুন্দিয়াক 200 গ্ৰামকৈ পেকেট কৰিলে কিমানটা পেকেট হ’ব?

সমাধান: মুঠ বুন্দিয়া = 4 কেজি

আমি জানো যে

1 কেজি = 1000 গ্রাম

গতিকে, 4 কেজি = (4 x 1000) গ্ৰাম

= 4000 গ্ৰাম

এতিয়া, 200 গ্ৰামকৈ পেকেট কৰিলে পেকেট হ’ব = (4000 ÷ 200) টা 

= 20 টা

পেকেটৰ সংখ্যা হ’ব 20 টা৷ 

উত্তৰ: 20 টা

উদাহৰণ: (3) গুৱাহাটীৰ পৰা ক'লকাতালৈ এখন ৰেলেৰে যাত্ৰা কৰিলে 18 ঘণ্টা 15 মিনিট সময় লাগে৷ কিন্তু, উৰাজাহাজেৰে গ'লে সময় লাগে মাত্ৰ 1 ঘণ্টা 25 মিনিট৷ উৰাজাহাজেৰে গ'লে কিমান কম সময়ত ক'লকাতা পোৱা যায় উলিওৱা৷

সমাধান: গুৱাহাটীৰ পৰা ক'লকাতালৈ ৰে'লেৰে গ'লে সময় লাগে 18 ঘণ্টা 15 মিনিট উৰাজাহাজেৰে গ'লে সময় লাগে 1 ঘণ্টা 25 মিনিট

18 ঘণ্টা 15 মিনিট
(-)     1 ঘণ্টা 25 মিনিট
16 ঘণ্টা 50 মিনিট
অৰ্থাৎ 16 ঘণ্টা 50 মিনিট কম সময়ত পোৱা যায়৷
উত্তৰ: 16 ঘণ্টা 50 মিনিট

15 মিনিটৰ পৰা 25 মিনিট বিয়োগ কৰিব নোৱাৰি৷ 18 ঘণ্টাৰ পৰা 1 ঘণ্টা লৈ 15 মিনিটৰ লগত যোগ কৰিলে 75 মিনিট পোৱা যাব৷

75 মিনিট - 25 মনিট = 50 মিনিট

উদাহৰণ (4): চাইকেল এখনৰ চকাৰ বেৰ 250 চে মি৷ মানসে ঘৰৰ পৰা 1.5 কি মি দূৰত্ব অতিক্ৰম কৰিলে চকাটো কিমান পাক ঘূৰিব? [চকাৰ বেৰ = এপাক ঘূৰা দুৰত্ব]

সমাধান: দিয়া আছে,

চকাৰ বেৰ = 250 চেমি

যিহেতু, চকাৰ বেৰ = এপাক ঘূৰা দূৰত্ব

গতিকে এপাক ঘূৰোঁতে চকাটোৱে অতিক্ৰম কৰে = 250 চেমি

মানসে ঘৰৰ পৰা দূৰত্ব অতিক্ৰম কৰে =1.5 কিমি 

= (1.5 x 1000) মি 

= 1500 মিটাৰ

আকৌ, 1 মিটাৰ= 100 চেমি

গতিকে, 1500 মিটাৰ = (1500 x 100) চেমি

= 150000 চেমি

এতিয়া,

250 চে মি অতিক্ৰম কৰোঁতে চকাটোৱে ঘূৰে = 1 পাক

গতিকে, 1 চে মি অতিক্ৰম কৰোঁতে চকাটোৱে ঘূৰিব = (1 ÷ 250) পাক

150000 চেমি অতিক্ৰম কৰোঁতে চকাটোৱে ঘূৰিব = \(\frac{1 x 150000}{250}\) পাক

= \(\frac{15000}{25}\) পাক

= 600 পাক

চকাটো 1.5 কি.মি. দূৰত্ব অতিক্ৰম কৰোঁতে 600 পাক ঘূৰিব৷

উত্তৰ: 600 পাক

এতিয়া তোমালোকে নিজে চেষ্টা কৰা:

1. হৰেণে পাচলি বজাৰলৈ গৈ পটল 1 কি গ্ৰা, ভেন্দী 500 গ্ৰা, জলকীয়া 300 গ্ৰাম, তিয়ঁহ 2 কি গ্ৰা,  বিন 250 গ্ৰাম কিনি আনিলে৷ হৰেণে মুঠতে কিমান ওজনৰ বজাৰ কৰিলে?

2. ৰহিমে দেউতাকৰ লগত বজাৰলৈ গৈ চাউল 20 কি গ্ৰা, মচুৰ দাইল 2 কি গ্ৰা, আলু 3 কিগ্ৰা আৰু পিঁয়াজ 1 কি গ্ৰা কিনিলে৷ মুঠতে তেওঁ কিমান কি গ্ৰা বজাৰ কৰিলে?

3. বাসুৱে বজাৰলৈ গাখীৰ বিক্ৰী কিৰবলৈ যাওঁতে লগত 10 লিটাৰ 250 মি লি গাখীৰ লৈ গৈছিল৷ বজাৰত তেওঁ মুঠতে 7 লিটাৰ 500 মি লি গাখীৰ বিক্ৰা কৰিলে৷ বাসুৰ লগত কিমান পৰিমাণৰ গাখীৰ থাকি গৈছিল?

4. এখন সমবায় বিক্ৰী কেন্দ্ৰৰ পৰা ৰমলাই 3 লিটাৰ, ফজলে 2.5 লিটাৰ, বিপুলে 5 লিটাৰ আৰু চুমিয়ে 1.5 লিটাৰ কেৰাচিন তেল কিনিলে৷ যদি দোকানত 20 লিটাৰ তেল আছিল, তেন্তে বিক্ৰীৰ পাছত আৰু কিমান তেল জমা থাকিল? (মন কৰা: 1.5 লিটাৰ =1 লি 500 মিলি)

বিষয়: বিজ্ঞান
পাঠ নং-১ 
খাদ্য আমি ক’ৰ পৰা পাওঁ?

খাদ্যই আমাক কাম কৰিবলৈ শক্তি দিয়ে, পিছে তোমালোকৰ কেতিয়াবা খাদ্য ক’ৰ পৰা পাওঁ জানিবলৈ ইচ্ছা নাযায়নে? (তোমালোকে পাঠ্যপুথিত অন্তৰ্ভুক্ত এই পাঠটো প্ৰথমে খৰচি মাৰি পঢ়ি লোৱা৷) এতিয়া তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা৷

১/ তুমি দিনটোত খোৱা ৫ বিধ খাদ্যবস্তুৰ নাম লিখা?

উত্তৰ: ক) গাখীৰ

খ) ফল-মূল

গ) শাক-পাচলি‍

ঘ) ভাত

ঙ) ৰুটী

(ইয়াত উদাহৰণহে দিয়া হৈছে৷ ছাত্ৰ-ছাত্ৰীয়ে নিজে খোৱা খাদ্যবস্তুৰ নামহে লিখিব)

২/ তুমি সদায় খোৱা এবিধ খাদ্যৰ নাম লিখা৷ কোনবিধ খাদ্য তোমাৰ আটাইতকৈ বেছি প্ৰিয়?

উত্তৰ: মই সদায় খোৱা এবিধ খাদ্য হ’ল ভাত

মোৰ আটাইতকৈ বেছি‍ প্ৰিয় খাদ্যবিধ হ’ল পনীৰ

(ইয়াত উদাহৰণহে দিয়া হৈছে৷ ছাত্ৰ-ছাত্ৰীয়ে নিজে খোৱা খাদ্যবস্তুৰ নাম লিখিব লাগিব আৰু নিজৰ প্ৰিয় খাদ্যৰ নামহে লিখিব৷)

তোমালোকে এতিয়া কিছুমান খাদ্যবস্তুৰ নামৰ লগত পৰিচিত হ’লা৷ এই খাদ্যবস্তুবোৰ ক’ৰ পৰা বাৰু প্ৰস্তুত কৰা হয়, জানানে? প্ৰায়বোৰ খাদ্যবস্তু বিভিন্ন ধৰণৰ উপকৰণেৰে প্ৰস্তুত কৰা হয়৷ এতিয়া তোমালোকে ডাঙৰৰ সহায় লৈ তলৰ তালিকাখন পূৰাবলৈ চেষ্টা কৰা৷

তালিকা-১

ক্ৰমিক নং খাদ্যবস্তু উপকৰণসমূহ
1 ৰুটী আটা, পানী, নিমখ
2 টেকেলীপিঠা পিঠাগুড়ি, চেনি, পানী
3 পায়স চাউল, চেনি, গাখীৰ

খাদ্যবস্তুৰ উপাদানসমূহৰ মূল উৎস হৈছে উদ্ভিদ আৰু প্ৰাণী৷ ফল-মূল, পাচলি আদি উদ্ভিদৰ পৰা পাওঁ৷ আনহাতে গাখীৰ, কণী, মাছ-মাংস আদি প্ৰাণীৰ পৰা পাওঁ৷

প্ৰশ্ন: উদ্ভিদৰ পৰা পোৱা ৫ বিধ আৰু প্ৰাণীৰ পৰা পোৱা ৫ বিধ খাদ্যবস্তুৰ নাম লিখা৷

উত্তৰ: উদ্ভিদৰ পৰা পোৱা ৫ বিধ খাদ্যবস্তুৰ নাম হ’ল— (ক) ফল-মূল, (খ) শাক-পাচলি, (গ) চাউল, (ঘ) দাইল, (ঙ) মচলা৷

প্ৰাণীৰ পৰা পোৱা ৫ বিধ খাদ্যবস্তুৰ নাম হ’ল— (ক) ঘিউ, (খ) কণী, (গ) মাছ-মাংস, (ঘ) পনীৰ, (ঙ) মাখন৷

এজোপা উদ্ভিদৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰোঁ আহা—



এজোপা উদ্ভিদৰ কি কি অংশ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় জানো আহা—

১/ কিছুমান উদ্ভিদৰ এটা অংশ আৰু অন্য কিছুমান উদ্ভিদৰ দুই বা ততোধিক অংশ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷

উদ্ভিদ খাদ্য হিচাপে খোৱা অংশ
গাজৰ শিপা
শাক পাত
আপেল, কল, কমলা ফল
মটৰ বীজ
সৰিয়হ পাত আৰু বীজ
ৰঙালাও ফল, ফুল, পাত
চজিনা ফুল, পাত, ফল

২/ তলৰ উদ্ভিদবোৰৰ খাদ্য হিচাপে ব্যৱহাৰ হোৱা অংশৰ নাম লিখা৷

কমলা, মূলা, আলু, কলগছ, তিল, বুট

উত্তৰ: কমলা — ফল

মূলা — শিপা, পাত

আলু— শিপা

কলগছ— ফুল (কলডিল), ফল, গা-গছ

তিল— বীজ, বুট— ফল৷

৩/ একেদৰে প্ৰাণীৰ পৰা পোৱা ৫ বিধ খাদ্যবস্তুৰ নাম লিখা৷

উত্তৰ: প্ৰাণীৰ পৰা পোৱা ৫ বিধ খাদ্যবস্তু হ’ল— (ক) ঘিউ, (খ) কণী, (গ) মাছ-মাংস, (ঘ) পনীৰ, (ঙ) মাখন৷

তোমালোকে এতিয়া জানিলা যে কিছুমান প্ৰাণীৰ পৰাও আমি খাদ্য পাওঁ৷এতিয়া তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা৷

প্ৰশ্ন: তোমালোকৰ ঘৰত পোহা দুবিধ প্ৰাণীৰ নাম লিখা আৰু প্ৰতিটো প্ৰাণীয়ে কি খায় লিখা৷

উত্তৰ: আমি ঘৰত পোহা দুবিধ প্ৰাণীৰ নাম হৈছে‍— গৰু আৰু কুকুৰ৷

গৰুৱে ঘাঁহ, খেৰ, দানা, চাপৰ, তুঁহ আদি খায়৷ কুকুৰে মাছ-মাংস, ভাত, গাখীৰ আদি খায়৷

খাদ্য খোৱা অনুযায়ী প্ৰাণীবোৰক প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে—

শ্ৰেণী:১— যি‍বোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায়, সিহঁতক তৃণভোজী প্ৰাণী বুলি কোৱা হয়৷

শ্ৰেণী:২— যিবোৰ প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে, সিহঁতক মাংসভোজী প্ৰাণী বুলি কোৱা হয়৷

শ্ৰেণী:৩— যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে, সিহঁতক সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়৷

প্ৰশ্ন: এতিয়া তোমালোকে ৩ বিধ তৃণভোজী, ৩ বিধ মাংসভোজী আৰু ৩ বিধ সৰ্বভোজী প্ৰাণীৰ নাম লিখা৷

উত্তৰ: ৩ বিধ তৃণভোজী প্ৰাণীৰ নাম হ’ল— গৰু, ছাগলী আৰু ম’হ৷

৩ বিধ মাংসভোজী প্ৰাণীৰ নাম হ’ল— বাঘ, সিংহ আৰু শিয়াল৷

৩ বিধ সৰ্বভোজী প্ৰাণীৰ নাম হ’ল— মানুহ, কাউৰী আৰু গাহৰি‍৷ 

প্ৰশ্ন: দুবিধ কেঁচাকৈ খাব পৰা পাচলি আৰু দুবিধ ৰান্ধি খাব পৰা পাচলিৰ নাম লিখা৷

উত্তৰ: দুবিধ কেঁচাকৈ খাব পৰা পাচলি হ’ল— গাজৰ আৰু  তিয়ঁহ৷

দুবিধ ৰান্ধি খাব পৰা পাচলিৰ হ’ল— আলু আৰু মূলা৷

প্ৰশ্ন: তালিকাখনত প্ৰাণীৰ নাম অনুযায়ী খোৱা খাদ্যবোৰ লিখা৷

উত্তৰ:

প্ৰাণীৰ নাম খাদ্য
মেকুৰী গাখীৰ, মাছ, ভাত
বাঘ মাংস
গৰু ঘাঁহ, খেৰ, দানা, চাপৰ, তুঁহ
পখিলা ফুলৰ মৌ
মানুহ ভাত, ৰুটী, শাক-পাচলি, মাছ-মাংস, গাখীৰ, কণী, ফল-মূল আদি৷


বিষয়: সমাজ বিজ্ঞান
পাঠ নং-৮: জীৱন ধাৰণৰ প্ৰণালী
(পঞ্চম শ্ৰেণীৰ পুনৰালোচনা)

পঢ়োঁ আহা:

ভিন ভিন সময়ত ভিন ভিন পৰিৱেশৰ মানুহৰ জীৱন ধাৰণ প্ৰণালীও ভিন ভিন হয়৷ প্ৰাচীন কালত মানুহে খাদ্য, বাসস্থান আৰু বস্ত্ৰৰ বাবে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ খাদ্যৰ বাবে দল বান্ধি এখন ঠাইৰ পৰা আনখন ঠাইলৈ ঘূৰি ফুৰিছিল৷ চিকাৰ কৰি পোৱা প্ৰাণীৰ মঙহ, ফল-মূল, গছৰ গুটি আদি সংগ্ৰহ কৰি খাইছিল৷ গছৰ খোৰোং, পৰ্বতৰ গুহা আদিত আশ্ৰয় লৈছিল৷ সময়ৰ লগে লগে জুইৰ আৱিষ্কাৰ, শিলেৰে নিৰ্মিত সঁজুলিৰ ব্যৱহাৰ আৰু কৃষি কাৰ্যৰ আৰম্ভণিৰ ফলত মানুহৰ অঘৰী জীৱনৰ অন্ত পৰে আৰু স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে৷ বৰ্তমান অসমৰ পাহাৰ, ভৈয়াম, সমভূমি, উপত্যকা, চৰ অঞ্চল আদি সকলোতে কম-বেছি পৰিমাণে জনবসতি দেখিবলৈ পোৱা যায়৷ অসমৰ ভৈয়াম অঞ্চলৰ মাটি পলসুৱা হোৱা হেতুকে সেই অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি৷ নৈৰ পাৰত বাস কৰা লোকে কৃষিকাৰ্যৰ লগতে মৎস্যজীৱী হিচাপেও জীৱিকা নিৰ্বাহ কৰে৷ ভৈয়ামৰ চহৰ অঞ্চলত সুচল যাতায়াত, শিক্ষা ব্যৱস্থা, উদ্যোগ প্ৰতিষ্ঠান আদিৰ বাবে সেই অঞ্চলৰ লোকে চাকৰি, ব্যৱসায়ৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে৷ যাতায়ত ব্যৱস্থা সুচল নহয় বাবে পাহাৰীয়া মানুহে জীৱন নিৰ্বাহৰ বাবে‍ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়৷ অসমৰ চাহ বাগান অঞ্চলৰ বাসিন্দাসকলে চাহ শ্রমিক হিচাপে জীৱন নিৰ্বাহ কৰি আহিছে যদিও বৰ্তমানে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে৷

কাৰ্য নং— ১

পঞ্চম শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ পাঠ্যপুথি ‘আমি আৰু আমাৰ পৰিৱেশ’-ৰ পৃষ্ঠা নং ৫০ ৰ পৰা ৫৪ লৈ থকা কথাখিনি ভালদৰে পঢ়া আৰু ছবিকেইখন ভালদৰে মন কৰা৷ এতিয়া সেই ছবিবোৰ আৰু কথাখিনিৰ আলমত তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা-

ক) ছবিত দেখা মানুহবোৰে আমাৰ দৰে ঘৰত বাস কৰিছিলনে? যদি কৰা নাছিল তে‍ন্তে তেওঁলোক ক’ত বাস কৰিছিল?

উত্তৰ: ছবিত দেখা মানুহবোৰে আমাৰ দৰে ঘৰত বাস কৰা নাছিল৷ তেওঁলোকে গুহা, গছৰ খোৰোং আদিত বাস কৰিছিল৷

খ) তেওঁলোকে আমাৰ দৰে সাজপাৰ পিন্ধিছিলনে? যদি আমাৰ দৰে পিন্ধা নাছিল তেন্তে কি পিন্ধিছিল?

উত্তৰ: তেওঁলোকে আমাৰ দৰে সাজপাৰ পিন্ধা নাছিল৷ তেওঁলোকে গছৰ বাকলি, গছৰ পাত, জন্তুৰ ছাল আদি পিন্ধিছিল৷

গ) তেওঁলোকৰ কাম-কাজৰ প্ৰণালী আমাৰ দৰে একেই আছিলনে?

উত্তৰ: তেওঁলোকৰ কাম-কাজৰ প্ৰণালী আমাৰ দৰে একে নাছিল৷

ঘ) তেওঁলোকে কেনেকৈ জীৱন ধাৰণ কৰিছিল?

উত্তৰ: তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী আজিৰ দৰে নাছিল৷ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে তেওঁলোকে‍ সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ জীৱ-জন্তুৰ মাংস, গছৰ গুটি, ফল-মূল, শিপা, বনৰীয়া শস্য আদি তেওঁলোকে‍ খাদ্য হিচাপে গ্ৰহণ কৰিছিল৷ গছৰ বাকলি, গছৰ পাত আৰু জীৱ-জন্তুৰ ছাল তেওঁলোকে‍ বস্ত্ৰ হিচাপে পৰিধান কৰিছিল৷ তেওঁলোকে‍ গছৰ খোৰোং, গুহা আদিত আশ্ৰয় লৈছিল৷ বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবৰ বাবে আৰু চিকাৰৰ সুবিধাৰ বাবে তেওঁলোক‍ে দল বান্ধি ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিল৷ সকলোৱে একেলগে কাম কৰিছিল আৰু খাদ্যবস্তু সকলোৱে মিলি ভগাই খাইছিল৷  

কাৰ্য নং— ২

পাঠটো পঢ়ি আৰু জ্যেষ্ঠসকলৰ সহায় লৈ তলৰ তালিকাখন পূৰ কৰা—


অতীত কালৰ জীৱন ধাৰণৰ প্ৰণালী বৰ্তমান কালৰ জীৱন ধাৰণৰ প্ৰণালী
খাদ্য জীৱ-জন্তুৰ মাংস, গছৰ গুটি, ফল-মূল, শিপা, বনৰীয়া শস্য আদি কেঁচা ফল-মূল, শাক-পাচলি, মাছ-মাংস, গাখীৰ, কণী, বিভিন্ন ধৰণেৰে ৰন্ধা খাদ্য আদি
সাজপাৰ গছৰ বাকলি, গছৰ পাত আৰু জীৱ-জন্তুৰ ছাল বিভিন্ন ধৰণৰ আঁহ আৰু প্ৰাকৃতিক নাইবা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা সূতাৰ পৰা বৈ উলিওৱা বিভিন্ন ধৰণৰ সাজ-পাৰ
থকা ঠাই বা ঘৰ গছৰ খোৰোং, গুহা আদি বাঁহ, কাঠ, শিল, ইটা, চিমেণ্ট, ৰড আদিৰে নিৰ্মিত ঘৰ
সা-সঁজুলি (কিহেৰে নিৰ্মিত) শিল, গছৰ ডাল আৰু জীৱ-জন্তুৰ হাড় আদিৰে নিৰ্মিত বিভিন্ন ধাতু, কাঠ-বাঁহ, প্লাষ্টিক, ৰবৰ, কাচ আদিৰে নিৰ্মিত
খাদ্য আহৰণ প্ৰণালী চিকাৰ আৰু বনৰীয়া শস্য, ফল-মূল আদি সংগ্ৰহ কৃষি‍ৰ জৰিয়তে খাদ্যশস্য আৰু ফল-মূলৰ উৎপাদন আৰু মাংস আৰু কণীৰ বাবে বিভিন্ন চৰাই-চিৰিকতি আৰু পশুৰ পালন, মীন পালন আদি‍

কাৰ্য নং—৩: তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি বাকচত লিখা—

ক) ভৈয়াম অঞ্চলবোৰ সাধাৰণতে—

• পাহাৰৰ ওখ-চাপৰ অঞ্চল  • সমতলভূমি

• উপকুলীয়ভূমি  • বৰফেৰে ঢকা

উত্তৰ: সমতলভূমি৷

খ) আদিম মানুহে শিলৰ সঁজুলি কোনটো কামত ব্যৱহাৰ কৰা নাছিল?—

• চিকাৰ কৰিবলৈ • খাদ্য-বস্তু কাটিবলৈ বা গুড়ি‍ কৰিবলৈ

• ঘৰ সাজিবলৈ • গুহাৰ ছবি আঁকিবলৈ

উত্তৰ: ঘৰ সাজিবলৈ৷

গ) ভৈয়ামৰ গাঁও অঞ্চলৰ কিছু লোক জড়িত হৈ থাকে—

• কুটিৰ শিল্পৰ লগত  • চাকৰিৰ লগত

• জুম খেতিৰ লগত • পাহাৰ কটাৰ লগত

উত্তৰ: কুটিৰ শিল্পৰ লগত৷

ঘ) আদিম মানুহে খাদ্য, বস্তু আৰু বাসস্থানৰ বাবে নিৰ্ভৰ কৰিছিল—

• খেতিৰ ওপৰত  • চাকৰিৰ ওপৰত

•  প্ৰকৃতিৰ ওপৰত  •  ব্যৱসায়ৰ ওপৰত

উত্তৰ: প্ৰকৃতিৰ ওপৰত৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ