পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (অষ্টম শ্ৰেণী, সমল নং: ১)

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনায়া স্ব-শিকন সমল
(সমল নং ১)
(অষ্টম শ্ৰেণীৰ বাবে)

বিষয়: অসমীয়া
পাঠ নং- ১২: নামৰ বেবেৰিবাং
(সপ্তম শ্ৰেণীৰ পুনৰালোচনা)

টোকা: এই পাঠটো যোৱা বছৰ সপ্তম শ্ৰেণীত সম্পূৰ্ণ কৰিব নোৱৰা বাবে তাত থকা গুৰুত্বপূৰ্ণ কথাখিনি আলোচনাৰ বাবে দিয়া হৈছে।

কাৰ্য-১:

“নামটো নিধনীৰাম হ’লেও মানুহজন আছিল ডৰাচলতে ধনি। ধনে-জণে তেওঁৰ ৰৈৰয়া গৃহস্থালি। গোহালীত গৰু, পুখুৰিত মাছ, ভৰালত ধান, পেতাৰিত ধণ— কোনোফালেই নিধনীৰামে অভাবৰ মুখ দেখা পোৱা নাছিল। তথাপী মানুহে তেওঁক নিধনী বুলিহে মাটে। এই নামটোৰে মতা সুনিলেই তেওঁৰ গাত যেন বিচা-বৰলে দাকে। সদায় নিধনীৰামে ইয়াৰ প্ৰটিকাৰৰ কথাকেই ভাবি ঠাকে। ভাবি ভাবি মণৰ দুখত এদিন তেউ ঘৰৰ পৰা ওলাই গ’ল।”

ওপৰত দিয়া দফাটো ভালকৈ পঢ়া। তাত থকা ভুল বানানবোৰ বাছি উলিয়াই তলৰ তালিকাখনত শুদ্ধকৈ লিখা—

উদাহৰণ: ভুল— ধনি, শুদ্ধ— ধনী

ভুল শুদ্ধ ভুল শুদ্ধ
ডৰাচলতে দৰাচলতে ধনি ধনী
ধনে-জণে ধনে-জনে‍ গোহালীত গোহালি‍ত
পুখুৰিত পুখুৰীত ভৰালত ভঁৰালত
পেতাৰিত পেটাৰিত ধণ ধন
অভাবৰ অভাৱৰ তথাপী তথাপি‍
মাটে মাতে‍ সুনিলেই শুনিলেই
প্ৰটিকাৰৰ প্ৰতি‍কাৰৰ ঠাকে থাকে
মণৰ মনৰ তেউ তেওঁ

কাৰ্য-২ : তলত দিয়া শব্দসমূহৰ অৰ্থ তলৰ ঘৰটোৰ পৰা আনি লিখা—

শব্দ অৰ্থ
বেবেৰিবাং বিশৃংখল
সামঞ্জস্য সংগতি (মিল থকা)
ব্যঙ্গাত্মক উপহাসমূলক
সাউদ সদাগৰ
ডাল-দৰিদ্ৰ অতি-দুখীয়া
ৰৰৈয়া নদন-বদন
ভেকাহি খঙেৰে মৰা ডাবি
হালোৱা হাল-বাওঁতা
জাঁটলী জঁট লগা চুলি থকা
বাস্তৱ সত্য
খোৰাক সমল
পদ্মলোচন পদুমৰ দৰে চকু
বেজবেজাই ডাকি যোৱাকৈ
দৰাচলতে প্ৰকৃততে
পেটাৰি জঁপা
নিজৰা পৰ্বতৰ পৰা অলপ অলপকৈ বৈ অহা পানী
মৰচেৰেলা হাড়ে-ছালে লগা
সজ ভাল

নদন-বদন, অতি-দুখীয়া, সমল, সদাগৰ, সংগতি (মিল থকা), ডাকি যোৱাকৈ, জঁপা, পৰ্বতৰ পৰা অলপ অলপকৈ বৈ অহা পানী, জঁট লগা চুলি থকা, সত্য, ভাল, হাল-বাওঁতা, উপহাসমূলক, পদুমৰ দৰে চকু, খঙেৰে মৰা ডাবি, প্ৰকৃততে, হাড়ে-ছালে লগা

কাৰ্য—৩ : সম্বন্ধবাচক শব্দবোৰ লিখা—

তোমাৰ—

ক) দেউতাৰাৰ ককায়েক— বৰদেউতা 

খ) দেউতাৰাৰ ভায়েক— খুৰা

গ) দেউতাৰৰ বায়েক— জেঠাই

ঘ) দেউতাৰাৰ ভনীয়েক— পেহী

ঙ) মাৰাৰ দেউতাক— ককা

চ) মাৰাৰ মাক— আইতা

ছ) মাৰাৰ ককায়েক বা ভায়েক— মামা 

জ) মাৰাৰ বায়েক— জেঠাই

বা) মাৰাৰ ভনীয়েক—  মাহী

ঞ) মাৰাৰ ককায়েকৰ পত্নী— মামী

ট) দেউতাৰাৰ মোমায়েক— ককা

ঠ) মাৰাৰ মোমায়েকৰ পত্নী— আইতা

ড) পেহীয়েৰাৰ গিৰিয়েক— পেহা

ঢ) মাহীয়েৰাৰ গিৰিয়েক— মহা

ণ) বাইদেৱেৰাৰ গিৰিয়েক— ভিনদেউ

ত) দদায়েৰা বা ককায়েৰাৰ পত্নী— খুৰী/ নবৌ

কাৰ্য-৪ : তলৰ শব্দবোৰৰ প্ৰত্যয় ভাঙি দেখুওৱা—

উদাহৰণ: জ্ঞানী = জ্ঞান + ঈ

প্ৰাণী= প্ৰাণ + ঈ

মানী= মান + ঈ

সূৰ্যমুখী= সূৰ্যমুখ + ঈ

বহুৰূপী= বহুৰূপ + ঈ

সমভাগী= সমভাগ + ঈ

মৃত্যুঞ্জয়ী= মৃত্যুঞ্জয় + ঈ

সহপাঠী= সহপাঠ + ঈ

আকাশী= আকাশ + ঈ

নিলাজী= নিলাজ + ঈ

মৰমী= মৰম + ঈ

দৰদী= দৰদ + ঈ

সাহসী= সাহস + ঈ

উদাসী= উদাস + ঈ

বিদায়ী= বিদায় + ঈ

শিক্ষকৰ বাবে: পৰিস্থিতি সাপেক্ষে শিক্ষকে ফোন যোগে বা বিভিন্ন উপায়েৰে ছাত্ৰ-ছাত্ৰীক প্ৰত্যয়ৰ বিষয়ে বুজাই দিব।


Sub- English

Lesson No.- 1: The Prince of Panidihing

Activity-1 : Let’s read the following to see what happens to the villages which are located near rivers during the floods:

1. The embankments are breached and the flood water enters into villages.

2. Water level rises to the tops of the houses.

3. Villagers have to take shelter at relief camps.

4. Crops and livestock are swept away by flood waves.

5. Villagers are in need of food, medicines and helps.

Now, let’s think of and write down five problems faced by people of urban areas when there is a flood in their localities. You may take help of the activity on reading a news item given in the lesson ‘The Prince of Panidihing’.

1. Humen and animals drown in flood.

2. Shelters are badly affected by flood.

3. People cannot get fresh water to drink.

4. They can fall sick due to infectious diseases.

5. They lose their money and incur a great deal of economic loss.

Are the problems of rural areas during floods similar to that of the urban areas?

…………………………………………………………………………………………….……………………………………………………………………

…..…………………………………….……………………………………………………………………………………………………………

Activity-2 : Let’s read the following paragraph:

It rained heavily all week. The swelling water of the Brahmaputra continued rising. Panic gripped Chitolia and its neighboring villages. Khagen’s village Borgaon was not far from there.

Now, let’s find out and tick the correct option from those given as answers to the following questions:

1. The season in which it rains heavily is ________

(a) summer

(b) winter

(c) monsoon 

(d) autumn

2. Why did panic grip Chitolia?

(a) It rained heavily all week.

(b) Borgaon village is not far from there.

(c) Its neighboring villages are panicked.

(d) The Brahmaputra continued rising.

3. What happened when it rained heavily all week?

(a) The water level of the Brahmaputra river went down.

(b) The swelling water of the Brahmaputra continued rising. 

(c) The villagers of Chitolia were not panicked.

(d) There was no flood in Borgaon village.


Activity-3

The lesson ‘The Prince of Panidihing’ is a story of a flood in a rural area called Chitolia. The village of Chitolia is located in the Panidihing area of Sivasagar district in upper Assam. Let’s read the following few lines about Panidihing:

Located in Sivasagar district in Assam, Panidihing is famous for Panidihing Wildlife Sanctuary. It is 22 km. away from Sivasagar town. This protected area was established as a Bird Sanctuary in 1996 by the Government of Assam.

Let’s try to know from different sources more about the birds and wildlife found in the Panidihing Wildlife Sancuary.

Just think and write a few lines on what might happen to the wildlife during the monsoon season.

…………………………………………………………………………………………….……………………………………………………………………

…..…………………………………….…………………………………………………………………………………………………………..

…………………………………………………………………………………………….……………………………………………………………………

…..…………………………………….…………………………………………………………………………………..……………………….

Activity-5

Let’s read the story ‘The Prince of Panidihing’ and then write out the points that justify that the young man in the story, Khagen, is as brave fellow as a Prince.

…………………………………………………………………………………………….……………………………………………………………………

…..…………………………………….………………………………………………………………………………………………….

…………………………………………………………………………………………….…………………………………………………………

…………………………………………………………………………………………….……………………………………………………………………

…..…………………………………….………………………………………………………………………………………………….

…………………………………………………………………………………………….…………………………………………………………

Activity-6

Let’s think of some qualities that Khagen, the young man in the story ‘The Prince of Panidihing’ had and then complete the following:

A brave girl or boy is one who …………

(a) is coursgeous.

(b) is fearless and daring.

(c) is willing to face danger.

(d) is firm in purpose or belief.

Activity-7

Let’s read the following sentences and notice the use of the underlined word in each sentence:

(a) Khagen quickly grasped the situation.

The word ‘quickly’ gives the information about the manner of the act of grasping.

(b) He had done it already.

The word ‘already’ tells about the time of doing something.

(c) He will stay here.

The word ‘here’ gives the information about the place/position of stay.

(d) He steered the boat towards the dispensary.

The word ‘towards’ tells about the direction of the movement of the boat.

(e) We shall never be able to repay you.

The word ‘never’ gives information about the frequency of repayment.

(f) He is strong enough to steer the raft.

The word ‘enough’ says about the degree of strength to steer the raft.

(g) Where are Dambaru, Dhan and Abbas ?

‘where’ is a question word that seeks information about someone or something.

The underlined words in the sentences above tell us more about the doing words/saying words (i.e. verbs) in the respective sentences.

Such a word that gives us more information about a Verb is called an Adverb.

As seen in the above illustrations, the most common types of adverbs are: Adverbs of manner,

Adverbs of time, Adverbs of place or position, Adverbs of direction.

Adverbs of frequency, Adverbs of degree and Interrogative Adverbs.

Now, let’s write about the adverbs from the sentences given above and say what types they are:

Adverbs Types
1. b
2. b
3. b
4. b
5. b
6. b
7. b

Activity-8

Let’s find out all the adverbs and the related verbs from the lesson ‘The Prince of Panidihing’ and make a list as follows:

Types of Adverb Words in the lesson Related verbs
1. b b
2. b b
3. b b
4. b b
5. b b
6. b b
7. b b

Activity-9

Let’s make a poster showing at least five things that we should do and five things that we should not do during the monsoon season/flood:

Types of Adverb Words in the lesson
1. b
2. b
3. b
4. b
5. b


বিষয়: গণিত
পাঠ নং 14: সমমিতি
(সপ্তম শ্ৰেণীৰ পুনৰালোচনা)

ছাত্ৰ-ছাত্ৰীসকলে গণিতৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অভিভাৱক/ শিক্ষকৰ সহায় ল’ব পাৰিব। ভালকৈ বুজি লৈহে প্ৰশ্নসমূহৰ উত্তৰ কৰিব। তাৰ বাবে উদাহৰণবোৰ মনোযোগেৰে পঢ়িব। উত্তৰসমূহ কৰোঁতে প্ৰয়োজন সাপেক্ষে অতিৰিক্ত কাগজ সংলগ্ন কৰিব পাৰিব। 

কাষৰ পাতৰ চিত্ৰটোত থকা ৰেখাডালৰ ওপৰে ওপৰে পাত ভাঁজ কৰিলে বাঁওফালৰ সকলো অংশ সোঁফালৰ অংশৰ লগত হুবহু মিলি যায়। ইয়াৰ পৰা ক’ব পৰা যায় পাতটো এটা সমমিত চিত্ৰ আৰু ৰেখাডাল হ’ল সমমিতি ৰেখা বা সমমিত অক্ষ।

ABC সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু আৰু ইয়াৰ বিপৰীত বাহুৰ মধ্যবিন্দুৰ মাজেৰে যোৱা ৰেখাবোৰ সমমিতি ৰেখা৷ দেখা গ’ল যে সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাৰ সংখ্যা তিনি।

প্ৰশ্ন 1: এটা ৰম্বাচ অংকন কৰা আৰু ইয়াৰ সমমিতি ৰেখাবোৰ চিহ্নিত কৰা।

প্ৰশ্ন 2: এটা সুষম চতুৰ্ভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান? চিত্ৰ আঁকি চিহ্নিত কৰা।

প্ৰশ্ন 3: এডাল সমমিতি ৰেখা থকা যিকোনো জ্যামিতিক চিত্ৰ এটা অংকন কৰা।

প্ৰশ্ন এ: বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান? বৃত্ত সাপেক্ষে সমমিতি ৰেখাবোৰৰ বিশেষ নামটো কি?

উত্তৰ:

প্ৰশ্ন 5: কাষৰ চিত্ৰটোত সমমিতি ৰেখা কিমান ডাল আছে? আঁকি দেখুওৱা।

প্ৰশ্ন 6: তলৰ চিত্ৰসমূহৰ পৰা সমমিত আৰু অসমমিত চিত্ৰবোৰ বাছি উলিওৱা—

অসমমিত চিত্ৰ

সমমিত চিত্ৰ

প্ৰশ্ন 7: তলৰ উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো ৰাখি অশুদ্ধ অংশটো কাটি দিয়া—

a) সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাডালেই ত্ৰিভুজটোৰ উন্নতি/ মধ্যমা।

b) অৰ্ধবৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা এক/একাধিক।

c) অর্ধবৃত্তৰ সমমিতি ৰেখাডালেই বৃত্তটোৰ ব্যাস/ ব্যাসাৰ্ধ।

d) এডালো সমমিতি ৰেখা নথকা ত্ৰিভুজটো হ’ল সমবাহু/ সমদ্বিবাহু/ বিষম বাহু।

e) এটা সুষম ষড়ভুজৰ সমমিতি ৰেখাৰ সংখ্যা 4/5/6/7

ঘূৰ্ণন সমমিতি ঘূৰ্ণন কেন্দ্ৰ আৰু ঘূৰ্ণন কোণ: আকৃতি বা বস্তু এটাক কোনো বিন্দু সাপেক্ষে ঘূৰালে সম্পূৰ্ণ এপাক নহওঁতেই যদি পূৰ্বৰ অৱস্থানৰ সৈতে একে দেখা যায় তেন্তে তেনেকুৱা আকৃতি বা বস্তুক ঘূৰ্ণন সমমিতিত থকা বুলি কোৱা হয়।

আকৃতি বা বস্তুটোৱে যিটো বিন্দুত কেন্দ্ৰ কৰি ঘূৰে সেই বিন্দুটোক আকৃতি বা বস্তুটোৰ ঘূৰ্ণন কেন্দ্ৰ বা আৱৰ্তন কেন্দ্ৰ (Centre of rotation) বোলা হয়৷

আকৌ যেতিয়া বস্তু এটাই তাৰ কোনো বিন্দু সাপেক্ষে ঘূৰে, সেই ঘূৰ্ণন কেন্দ্ৰটোৰ বাহিৰে বস্তুটোত থকা আন সকলো বিন্দুৱেই নিজৰ নিজৰ অৱস্থান সলনি কৰে। যিকোনো বিন্দুৰ প্ৰাথমিক আৰু অন্তিম অৱস্থান দুটাই ঘূৰ্ণন কেন্দ্ৰৰ সৈতে কৰা কোণটোক বস্তুটোৰ ঘূৰ্ণন কোণ বোলা হয়।

চকৰি এটাক নিৰ্দিষ্ট বিন্দু সাপেক্ষে 90০ কোণ কৰি ঘূৰালে চাৰিটা (90০, 180০, 270০ 360০) ক্ৰমৰ পাছত আকৌ আগৰ নিচিনা অৱস্থান পোৱা যাব।

এইটো এটা ঘূৰ্ণন সমমিতিৰ উদাহৰণ আৰু চকৰিটোৰ ঘূৰ্ণন কোণ 90০। চকৰিটোৰ ঘূৰ্ণন কেন্দ্ৰটো হৈছে মাজৰ বিন্দুটো৷ আনহাতে, চকৰিটো ঘূৰ্ণন সম্পূৰ্ণ এপাক ঘূৰাওঁতে মুঠ চাৰিবাৰ পূৰ্বৰ অৱস্থানৰ সৈতে একে দেখা গৈছে। গতিকে চকৰিটো ঘূৰ্ণন ক্ৰম 4।

তলৰ এটা বৰ্গৰ ঘূৰ্ণন লক্ষ্য কৰা আৰু উত্তৰ দিয়া।

এটা বৰ্গৰ P বিন্দুটোক এটা চুক (Corner) আৰু C বিন্দুটোক ইয়াৰ কেন্দ্ৰ হিচাবে ধৰি 90০ ঘূৰাৰ পাছত ই পুনৰ আগৰ অৱস্থান পাব।

(a) ঘূৰ্ণন সমমিতিৰ ক্ৰমৰ সংখ্যা কিমান?

উত্তৰ: 4

(b) আৱৰ্তনৰ কোণৰ পৰিমাণ কি?

উত্তৰ:

(c) ঘূৰ্ণনৰ কেন্দ্ৰটো লিখা।

উত্তৰ:

(d) কোনটো দিশত ঘূৰ্ণন হৈছে?

উত্তৰ:

প্ৰশ্ন ৪: সমবাহু ত্ৰিভুজ এটাৰ ঘূৰ্ণন সমমিতিত ৰৈখিক চিত্ৰসমূহ অংকন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া—

(a) ইয়াৰ সমমিত অক্ষ কেইডাল আৰু কি কি?

উত্তৰ:

(b) ঘূৰ্ণন কেন্দ্ৰ কোনটো?

উত্তৰ:

(0 ঘূৰ্ণনৰ কোনটোৰ পৰিমাণ কিমান?

উত্তৰ:

(0) ঘূৰ্ণন সমমিতিৰ ক্ৰম কেইটা?

উত্তৰ:

প্ৰশ্ন: 5 চেমি. দীঘ আৰু 3 চেমি. প্ৰস্থ বিশিষ্ট এটা আয়ত অংকন কৰি ইয়াৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন কেন্দ্ৰটো চিহ্নিত কৰা। ঘূৰ্ণন কোণটোৰ পৰিমাণ কিমান?

প্ৰশ্ন 10 : নিম্নোক্ত আকৃতিসমূহৰ ঘূৰ্ণন কেন্দ্ৰ সাপেক্ষে ঘূৰ্ণন সমমিতি ক্ৰম লিখা৷

আকৃতিৰ নং

ঘূৰ্ণন সমমিতি ক্ৰম

প্ৰশ্ন 11: এটা চতুৰ্ভুজ আঁকা যাৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰম এক।

উত্তৰ:

মন কৰা: সুষম বহুভুজৰ বাহু সংখ্যাই হ’ল সমমিত ৰেখাৰ সংখ্যা

প্ৰশ্ন 12: তলৰ তালিকাখন পূৰ কৰা—

সুষম বহুভুজ বৰ্গ সমবাহু ত্ৰিভুজ সুষম ষড়ভুজ সুষম দশভুজ সুষম পঞ্চভুজ সুষম অষ্টভুজ

সমমিতি ৰেখাৰ সংখ্যা

প্ৰশ্ন 13 : ইংৰাজী বৰ্ণমালা S বৰ্ণটোৰ ঘূৰ্ণন সমমিতি ক্ৰম কেইটা? ইয়াৰ ৰৈখিক সমমিতি আছেনে?

উত্তৰ:

প্ৰশ্ন:14 নিম্নোক্ত তালিকাখন সম্পূৰ্ণ কৰা—


পাঠ নং 15: গোটা আকৃতিৰ দৃশ্যায়ন
(সপ্তম শ্ৰেণীৰ পুনৰালোচনা)

দ্বি-মাত্ৰিক বা 2-D চিত্ৰ

দ্বি-মাত্ৰিক চিত্ৰবোৰ কেৱল দীঘ আৰু প্ৰস্থহে থাকে। ইহঁত চেপেটা আকৃতিৰ। উচ্চতা প্ৰায় নাই।

ত্ৰি-মাত্ৰিক বা 3-D চিত্ৰ

বত্ৰি-মাত্ৰিক চিত্ৰবোৰৰ দীঘ, প্ৰস্থ আৰু উচ্চতা থাকে। গোটা বস্তুবোৰ ত্ৰিমাত্ৰিক৷

প্ৰশ্ন: তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্ৰি-মাত্ৰিক হিচাপে শ্ৰেণী বিভাগ কৰা—

গোলক, বৃত্ত, আয়ত, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল, ঘনক, চতুৰ্ভুজ, জুইশলা বাকচ, সামান্তৰিক, চিলা, শংকু, ত্ৰিভুজ, বৰ্গ।

দ্বি‍-মাত্ৰিক

ত্ৰি‍-মাত্ৰিক

প্ৰশ্ন: এইটো এটা ঘনক। ইয়াৰ দীঘ, প্ৰস্থ আৰু উচ্চতা আছে। ইয়াৰ তল, চুক আৰু কাষও আছে।

চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(a) ঘনক এটা 2-D/ 3-D আকৃতিৰ

(b) ইয়াৰ তলৰ সংখ্যা

(c) ইয়াৰ চুকৰ সংখ্যা

(d) ইয়াৰ কাষৰ সংখ্যা

(e) ইয়াৰ তলবোৰ 2-D/3-D আকৃতিৰ

(f) ঘনকটো গোটা আকৃতিৰ হয়/ নহয়

(g) গোটা আকৃতিৰ বস্তুৱে ঠাই আগুৰি থাকে/ নাথাকে

(h) গোটা আকৃতিৰ বস্তুৰ মাত্ৰাৰ সংখ্যা

প্ৰশ্ন: তলত কিছুমান গোটা বস্তুৰ চিত্ৰ দিয়া হৈছে—

চিত্ৰকেইটা ভালদৰে লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা:

(a) এটা শংকুত থকা শীৰ্ষবিন্দুৰ সংখ্যা

(b) এটা গোলকত থকা শীৰ্ষবিন্দুৰ সংখ্যা

(c) এটা গোলকত থকা কাষৰ সংখ্যা

(d) কাষ আৰু শীৰ্ষবিন্দু নথকা দুটা গোটা বস্তুৰ নাম হ’ল …. আৰু …

(e) চুঙাৰ কাষৰ সংখ্যা …. আৰু শীৰ্ষবিন্দুৰ সংখ্যা ….

পিৰামিড

এই পিৰামিডটোৰ ভূমি ত্ৰিভুজ আকৃতিৰ

এই পিৰামিডটোৰ ভূমি বৰ্গাকৃতিৰ

প্ৰশ্ন: ওপৰৰ চিত্ৰ দুটা লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া:

(a) বৰ্গাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা … তলৰ সংখ্যা … আৰু কাষৰ সংখ্যা …

(b) ত্ৰিভুজাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা … তলৰ সংখ্যা … আৰু কাষৰ সংখ্যা …

প্ৰশ্ন: তলৰ তালিকাখন পূৰ কৰা:

ঘনক

আয়তীয় ঘনক

শংকু

বেলন

গোলক

প্ৰশ্ন: বাঁওফালৰ আকৃতিৰ লগত সোঁফালৰ আকৃতি মিলোৱা:

গোটা বস্তুক বিভিন্ন দিশৰ পৰা লক্ষ্য

গোটা বস্তু এটা বিভিন্ন দিশৰ পৰা লক্ষ্য কৰিলে বস্তুটোৰ বেলেগ বেলেগ অংশ দৃশ্যমান হয়

ওপৰৰ চিত্ৰটো লক্ষ্য কৰা আৰু উল্লেখ কৰা মতে অংকন কৰা।

ওপৰৰ ফালে চালে

সন্মুখৰ পৰা চালে

কাষৰ পৰা চালে


বিষয়: বিজ্ঞান
পাঠ নং ১৭: অৰণ্য আমাৰ জীৱন ৰেখা
(সপ্তম শ্ৰেণীৰ পুনৰালোচনা)

প্ৰাৰম্ভিক চমু বৰ্ণনা আৰু নিৰ্দেশনা:

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ষষ্ঠ শ্ৰেণীতেই খাদ্যৰ বিষয়ে বহু কথা শিকিলা। কথাখিনি আকৌ এবাৰ ভালদৰে মনত পেলাওঁ আহা—

> গৰু, ম’হ, ছাগলী আদি জীৱ-জন্তুৱে ঘাঁহ, খেৰ, শস্য ইত্যাদি খায়৷ এনে ধৰণৰ উদ্ভিদজাত খাদ্য খাই জীৱন নিৰ্বাহ কৰা জীৱসমূহক তৃণভোজী জীৱ বোলে।

> বাঘ, সিংহ প্ৰভৃতি কিছুমান জন্তুৱে আন জীৱ-জন্তুৰ মাংস আহাৰ হিচাপে খায়। এনে ধৰণে খাদ্যৰ বাবে মাংসৰ ওপৰত নিৰ্ভৰশীল জীৱসমূহক মাংসাহাৰী জীৱ বুলি কোৱা হয়।

> মেকুৰী, কুকুৰ আদি কিছুমান জীৱ-জন্তুৱে উদ্ভিদজাত খাদ্যৰ লগতে আহাৰ হিচাপে মাছ-মাংসও খায়। এনে ধৰণৰ প্ৰাণীসমূহক সৰ্বভোজী জীৱ বুলি কোৱা হয়।

> খাদ্যৰ প্ৰধান পৰিপোষকসমূহ হৈছে কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।

> সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্ব’হাইড্ৰেট প্ৰস্তুত কৰে৷ এই প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড ব্যৱহৃত হয় আৰু কাৰ্ব’হাইড্ৰেটৰ লগতে অক্সিজেন উৎপন্ন হয়।

> পৰৱৰ্তী সময়ত এই কাৰ্ব’হাইড্ৰেট আন আন উপাদানলৈ সংশ্লেষিত হয়।

ছাত্ৰ-ছাত্ৰীসকল, আমিও বিভিন্ন ধৰণৰ খাদ্য খাওঁ, নহয় জানো? এই ভিন্নতা দিনটোৰ বিভিন্ন সময়তো হয় অথবা বতৰৰ বিভিন্ন ঋতুতো হয়, অৰ্থাৎ গৰমৰ দিনত খোৱা পাছলি, ফল-মূল জাৰৰ দিনত খাবলৈ নাপাওঁ। ভৌগোলিক অৱস্থানৰ ভিন্নতাৰ বাবেও খাদ্যৰ ভিন্নতা দেখা যায়৷ এই খাদ্য বস্তুসমূহৰ উপকৰণ আৰু উৎসৰ তালিকা প্ৰস্তুত কৰিছিলা নহয়। এতিয়া তোমালোকে সপ্তম শ্ৰেণীৰ পাঠ নং ১৭ ‘অৰণ্য: আমাৰ জীৱন ৰেখা’ পাঠটি পুনৰ অধ্যয়ন কৰা আৰু তাৰ পাছত তলৰ তালিকা দুখন পূৰ কৰা।

প্ৰথম তালিকাখনত চাৰিটা স্তম্ভ আছে। প্ৰথম স্তম্ভত আমি ব্যৱহাৰ কৰা কিছুমান বস্তুৰ সাধাৰণ নাম দিয়া আছে৷ তোমালোকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তম্ভকেইটা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰা৷ প্ৰথম শাৰীটো উদাহৰণ হিচাপে দেখুওৱা হৈছে।

দ্বিতীয় তালিকাখনত চাৰিটা স্তম্ভ আছে। প্ৰথম স্তম্ভত আমি ব্যৱহাৰ কৰা কিছুমান বস্তুৰ সাধাৰণ নাম দিয়া আছে। তোমালোকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তম্ভকেইটা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰা৷ প্ৰথম শাৰীটো উদাহৰণ হিচাপে দেখুওৱা হৈছে।

তালিকা নং ১

ব্যৱহাৰ কৰা বস্তুৰ নাম 

সামগ্ৰীৰ নাম সামগ্ৰী আহৰণৰ উৎস

নাম

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া তলৰ প্ৰশ্নকেইটা নিৰ্দেশনামতে উত্তৰ কৰা -

খালী ঠাইত উপযুক্ত শব্দ বহুৱাই সম্পূৰ্ণ কৰা:

১৷ আমাৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহৃত কাঠ এবিধ __ সামগ্ৰী৷

তলৰ প্ৰশ্নসমূহৰ লগত দিয়া বিকল্পবিলাকৰ ভিতৰত শুদ্ধ বিকল্পটোত (৷) চিহ্ন দিয়া:

২। মৌ-মাখিয়ে মৌ-ৰস তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰেণু আহৰণ কৰে—

(ক) উদ্ভিদৰ ফুলৰ পৰা (খ) নদীৰ পানীৰ পৰা

৩৷ তলৰ কোনটো অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয়—

(ক) লো (খ) লা (গ) প্লাইউড (ঘ) আঠা

৪৷ গৰু বা মৈহৰ খাদ্যৰ বাবে আমি—

(ক) নদীৰ জলজীৱৰ ওপৰত নিৰ্ভৰ কৰোঁ

(খ) অৰণ্যৰ ঘাঁহ-বনৰ ওপৰত নিৰ্ভৰ কৰোঁ

(গ) অৰণ্যৰ পোক-পৰুৱাৰ ওপৰত নিৰ্ভৰ কৰোঁ


বিষয়: সমাজ বিজ্ঞান
পাঠ নং-৭: অসমৰ সম্পদ
(সপ্তম শ্ৰেণীৰ পুনৰালোচনা)

টোকা: অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে সম্যক জ্ঞান লাভ কৰাটো প্ৰয়োজন। সেয়েহে সপ্তম শ্ৰেণীৰ এই পাঠটি ছাত্ৰ-ছাত্ৰীয়ে যোৱা বছৰ সম্পূৰ্ণ কৰিব নোৱৰা বাবে পুনৰালোচনাৰ বাবে দিয়া হ’ল৷

কাৰ্য নং-১: তলৰ দফাটো ভালকৈ পঢ়ি লোৱা

“অতি সম্প্ৰতি ক’ভিড মহামাৰিয়ে সমগ্ৰ দেশ ছানি ধৰিছে। নিতৌ হেজাৰজনৰ মৃত্যুৰ বাতৰিয়ে মানুহক আতংকিত কৰি তুলিছে৷ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি গৈ আক্ৰান্ত ৰোগীয়ে চট্‌ফটাই থকাটো আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ৷ আমাৰ দেশত এতিয়া অক্সিজেনৰ অভাৱ। অক্সিজেন মানুহৰ জীৱনদায়িনী শক্তি৷ প্ৰকৃতিয়ে মানুহক অফুৰন্তভাৱে বিনামূলীয়া অক্সিজেন যোগান ধৰে। অথচ ভাৰতৰ কথা বাদেই দিলোঁ, প্ৰাকৃতিকভাৱে অপৰ্যাপ্ত গছ-গছনি, হাবি-জংঘলৰে পৰিপূৰ্ণ আমাৰ ৰাজ্যখনতো এতিয়া অক্সিজেনৰ সংকট৷

অক্সিজেন অবিহনে আমি জীয়াই থাকিমনে?”

ওপৰৰ কথাংশৰ আধাৰত নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা—

ক) কি কি কাৰণত আমাৰ দেশত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাই আহিছে?

উত্তৰ:

খ) পৰ্যাপ্ত অক্সিজেন লাভ কৰিবলৈ আমি কি উপায় অৱলম্বন কৰাটো সমীচীন?

উত্তৰ:

গ) “মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল”— বাক্যশাৰীৰ আধাৰত নিজৰ মন্তব্য লিখা৷

উত্তৰ:

কাৰ্য নং-২ : নিজৰ অভিজ্ঞতা আৰু পাঠৰ আলমত বনজ, জলজ আৰু খনিজ সম্পদসমূহক ভিত্তি কৰি অসমত কেনে ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰি তাৰ এখন তালিকা প্ৰস্তুত কৰি উলিওৱা৷

বনজ সম্পদ 

জলজ সম্পদ 

খনিজ সম্পদ

কাৰ্য নং-৩

অসমৰ এখন নক্সা অংকন কৰি তলত উল্লেখ কৰাবোৰৰ সঠিক স্থান নিৰ্ণয় কৰা (ভূ-চিত্ৰাৱলী আৰু পাঠৰ আলম ল’বা)—

+ দুটা তেল শোধনাগাৰ

+ দুটা কয়লাখনি

+ এটা নদী বন্দৰ

+ চাহখেতি থকা উজনি অসমৰ দুখন জিলা

+ দুখন ৰাষ্ট্ৰীয় উদ্যান

কাৰ্য নং-৪

উত্তৰ লিখা—

ক) অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম

খ) অসমৰ দুখন ৰাষ্ট্ৰায় উদ্যানৰ নাম

গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম

ঘ) দুবিধ চিৰ সেউজীয়া গছৰ নাম

ঙ) খাৰুৱা তেলৰ পুং থকা অসমৰ দুখন ঠাইৰ নাম

কাৰ্য নং-৫

শুদ্ধ উত্তৰটো বাছি উলিওৱা-

* ব্যাঘ্ৰ প্ৰকল্প থকা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান হ’ল—

ক) ওৰাং খ) মানাহ

গ) পানী দিহিং ঘ) কাজিৰঙা

* অসমৰ গেছ ক্ৰেকাৰ প্ৰকল্প থকা ঠাইখন হ’ল—

ক) নুনমাটি খ) চন্দ্ৰপুৰ

গ) লেপেটকটা ঘ) বোকাজান

* বৰাক নৈৰ এখন উপনৈ হ’ল—

ক) সোণাই খ) সোৱণশিৰি

গ) পুঠিমাৰি ঘ) কপিলী

* ৰবৰ আৰু কফি খেতিৰ পাম থকা অসমৰ জিলাখন হ’ল—

ক) শোণিতপুৰ খ) কামৰূপ

গ) ধুবুৰী ঘ) কাৰ্বি আংলং

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ