আগলি বাঁহত বগলীৰ বাহ— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক - পাঠভিত্তিক ক্ৰিয়া 

১। পদ্যটি আবৃত্তি কৰোঁ আহাঁ।

উত্তৰ:

২৷ পদ্যটি স্পষ্ট আৰু শুদ্ধ  উচ্চাৰণেৰে পঢ়ো আহাঁ।

উত্তৰ:

৩৷পদ্যটিৰ লগত থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা।

উত্তৰ: প্ৰথম ছবিখনত ল'ৰা-ছোৱালীবোৰে দীঘল হাঁকুটি এডালেৰে আম পাৰি আছে।  দ্বিতীয় ছবিখনত বাঁহ গছৰ ওপৰত দুটা বগলীয়ে বাহ সাজিছে। তৃতীয় ছবিখনত খগেনক খুৰাকে বগলীৰ বাহটোৰ কথা কৈ থকা দেখা গৈছে। চতুৰ্থ খন ছবিত বজাৰৰ দৃশ্য দেখা গৈছে। পঞ্চম ছবিখনত খগেনে খুৰাকক হাতত ধৰি আগবঢ়াই দিছে।

৪৷ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

ক) আমৰ ডাল কোনে লৰাইছে? 

উত্তৰ: আমৰ ডাল ল'ৰাহঁতে লৰাইছে।

খ) আমৰ ডাল লৰোৱা সঁজুলিটো কি?

উত্তৰ:আমৰ ডাল লৰোৱা সঁজুলিটো  বৰহাঁকুটি।

গ) গছৰ কাষতে কি আছে?

উত্তৰ: গছৰ কাষতে খাল আছে।

ঘ) বগা বগলীৰ বাহ ক'ত আছে?

উত্তৰ: বগা বগলীৰ বাহ আগলি বাঁহত আছে।

ঙ) আলি-বাটটো কিয় পিছল হৈছে?

উত্তৰ: বৰষুণ পৰাৰ বাবে আলি-বাটটো পিছল হৈছে।

৫৷ পদ্যটো গদ্য ৰূপত কওঁ আহাঁ।

উদাহৰণ  - 

পদ্যৰূপ -

ল'ৰাহঁতে চোৱা    বৰহাঁকুটিৰে 

লৰাইছে আমৰ ডাল 

কত যে আম ক'ত যে পৰিছে

কাষতেই আছে খাল।

গদ্যৰূপ- চোৱা, ল'ৰাহঁতে বৰহাঁকুটিৰে আমৰ ডাল লৰাইছে। কাষতে খাল আছে। কত যে আম ক'ত যে পৰিছে!

উত্তৰ: আগলি বাঁহত বগা বগলীৰ বাহটো দেখিছানে? সেইটো আহ-যাহ কৰোঁতে ল'ৰাহঁতৰ এদিন চকুত পৰিল। 

খুৰাই সিহঁতক নিৰীহ চৰাইৰ বাহটো ভাঙিবলৈ মানা কৰিলে। কাৰণ বগলী দুটাই শুকান ঘাঁহ গোটাই গোটাই বৰ যতনেৰে বাহটো সাজিছে।

কাষৰ আলি-বাটটো বৰষুণ পৰাৰ বাবে পিছল হৈছে। বাত-বিষ থকাৰ বাবে খুৰাৰ দেহাও থৰক-বৰক হৈছে।

খগেনে খুৰাৰ হাতত ধৰি আগবঢ়াই দি ক'লে,  এই বিষোৱা দেহাটোৰে হাটলৈ নগ'লেনো কি হয়?

খ - ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ)

১৷ তলৰ শব্দবোৰ শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু কাষৰ বাকচত লিখা।

কত  ক'ত  বল  ব'ল  গাত  গাঁত  বাঁহ  বাহ  কলা  ক'লা  মহ   ম'হ  

২৷ উপযুক্ত স্থানত অ' - কাৰ (') বহুৱাই বাক্যটো শুদ্ধকৈ লিখোঁ আহাঁ।

ক) লৰাবিলাকে পথাৰত লৰা-ধপৰা কৰিছে।

উত্তৰ:  ল'ৰাবিলাকে পথাৰত লৰা-ধপৰা কৰিছে।

খ) মহটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে।

উত্তৰ: ম'হটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে।

গ) সিহঁতে দলবান্ধি শিৱদল চাবলৈ গৈছে।

উত্তৰ:সিহঁতে দলবান্ধি শিৱদ'ল চাবলৈ গৈছে।

৩৷ তলৰ খালী ঠাইত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

বগা বগলী    ক'লা কাউৰী 

শুকান ঘাঁহ   কেঁচা ঘাঁহ 

দুষ্ট ল'ৰা    শান্ত ল'ৰা 

মিঠা আম   টেঙা আম

৪৷ উদাহৰণটো ভালদৰে পঢ়া। তলত দিয়া শব্দকেইটাৰে বাক্য গঠন কৰা।

পঢ়   খায়

উদাহৰণ  - নাচ

জুনুকাই নাচে।

জুনুকাই নানাচে।

জুনুকাই নাচেনে?


পঢ় - 

ৰাহুলে পঢ়ে।

ৰাহুলে নপঢ়ে।

ৰাহুলে পঢ়েনে?


খায় -

নীলাই খায়।

নীলাই নাখায়।

নীলাই খায়নে?


৫৷ শব্দৰ উপযুক্ত স্থানত চন্দ্ৰবিন্দু ( ) বহুৱাই কাষৰ বাকচত লিখা।

ক) বগলীয়ে বাহ গছত বাহ সাজিছে।

উত্তৰ: বগলীয়ে বাঁহ গছত বাহ সাজিছে।

খ) ম'হবোৰে দলনিত ঘাহ খাই আছে।

উত্তৰ: ম'হবোৰে দলনিত ঘাঁহ খাই আছে।

গ) ল'ৰাহতে হাকুটিৰে আম পাৰিছে।

উত্তৰ: ল'ৰাহতে হাঁকুটিৰে আম পাৰিছে।

ঘ) আইতাই দাত উলিয়াই হাহিছে।

উত্তৰ: আইতাই দাঁত উলিয়াই  হাঁহিছে।

অৰ্থ জানি লৈ বাক্য গঠন কৰোঁ আহাঁ।

হাট : আমাৰ অঞ্চলত দেওবাৰে হাট বহে।

হাত: হাতেৰে আমি কাম কৰোঁ।

বাহ : টোকোৰা চৰাইৰ বাহ দেখিবলৈ বৰ ধুনীয়া।

বাঁহ: বাঁহেৰে বিভিন্ন বস্তু তৈয়াৰ কৰা হয়।

কত : খৰাহীটোত কত যে আম আছিল!

ক'ত: তোমাৰ ঘৰ ক'ত?

গ - জ্ঞান সম্প্ৰসাৰণ

১৷ সাঁথৰ ভাঙো আৰু কওঁ আহাঁ।

ক) পাঁচটা আখৰেৰে মোৰ নামটি গঠিত, 

মিঠাফল বুলি সবাৰো বিদিত।

প্ৰথমে দ্বিতীয়ই মিলি মৌ -ৰস বুজাওঁ,

প্ৰথমে পঞ্চমে মিলি পোহৰ বিলাওঁ,

চতুৰ্থই পঞ্চমে মিলি এটি ফল হওঁ, 

ভাবি-গুণি কোৱাচোন মই কোন হওঁ?

উত্তৰ: মধুৰিআম।

খ) বাঘৰ দৰে জপিয়াই 

        কুকুৰৰ দৰে বহে,

শিলৰ দৰে তল যায় 

   তুলাৰ দৰে ভাঁহে।

উত্তৰ: ভেকুলী।

ল'ৰাহঁতে হাঁকুটিৰে আম পাৰিছে। তোমালোকে ওখ গছ-বিৰিখৰ পৰা কিহেৰে আৰু কেনেকৈ ফল-ফুল পাৰা তাৰ এখন তালিকা কৰা।

ফল- ফুল       পৰা যতন

তামোল           গছত উঠি

নাৰিকল           গছত উঠি 

কঁঠাল            হাঁকুটিৰে 

তেতেলী         ফৰ্মূটি মাৰি

কল              গছ কাটি

লিচু            হাঁকুটিৰে 

আমলখি      ফৰ্মূটি মাৰি 

খগেনে ৰুগীয়া খুৰাকক হাতত ধৰি নিছিল। তোমালোকৰ পৰিয়ালৰ কাৰোবাৰ অসূখ হ'লে তুমি কি কৰা?

উত্তৰ: আমাৰ পৰিয়ালৰ কাৰোবাৰ মূৰ বিষালে মই মূৰ মালিচ কৰি দিওঁ, গা বিষালে গা মালিচ কৰোঁ । জ্বৰ হ'লে মূৰত পটি দিওঁ । 

ঘ - প্ৰকল্প 

ডাঠ কাগজত বিভিন্ন চৰাইৰ বাহৰ ছবি আঁকা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ