আজৰি সময়ৰ ব্যৱহাৰ— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা।

ক) আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম লিখা৷

উত্তৰ: আজৰি সময়ত আমি পঢ়া এখন কিতাপৰ নাম হৈছে ‘বুঢ়ী আইৰ সাধু’।

খ) তুমি ভাল পোৱা দুটা খেলৰ নাম লিখা৷ 

উত্তৰ: মই ভাল পোৱা দুটা খেলৰ নাম হৈছে— কেৰম আৰু ক্ৰিকেট।

গ) তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলৰ নাম লিখা।

উত্তৰ: মই জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম হৈছে—  লাভলীনা বৰগোহাঞি  আৰু তেওঁ খেলা খেলবিধৰ নাম হৈছে বক্সিং।

ঘ) তুমি জনা এখন শিশু আলোচনীৰ নাম লিখা।

উত্তৰ: মই জনা এখন শিশু আলোচনীৰ নাম হৈছে ‘সঁফুৰা’।

ঙ) তুমি খেলা কিছুমান খেলৰ নাম লিখা।

উত্তৰ: মই খেলা কিছুমান খেলৰ নাম হৈছে ক্ৰিকেট, বেডমিণ্টন, কেৰম, লুডু, দবা, ফুটবল আদি।

২৷ শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া।

ক) আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে।✔

খ) আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি।✔

গ) পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি।

৩৷ খালী ঠাই পূৰ কৰা—

ক) সময়           ধন।

খ) সময়বোৰ অবাবত           কৰিব নালাগে।

গ) বাতৰি কাকত পঢ়ি বহুত           জানিব পাৰি।

ঘ) নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ’ল          

উত্তৰ: 

ক) সময়  অমূল্য  ধন।

খ) সময়বোৰ অবাবত   নষ্ট   কৰিব নালাগে।

গ) বাতৰি কাকত পঢ়ি বহুত  কথা  জানিব পাৰি।

ঘ) নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ’ল  আজৰি সময় 

৪৷ বাতৰি কাকত, আলোচনী  আদি পঢ়িলে কি কি লাভ হয় লিখা।

উত্তৰ: বাতৰি কাকত পঢ়ি দেশ-বিদেশৰ বহুত খবৰ পোৱা যায়। আলোচনী পঢ়িলে বহুতো নতুন কথা জানিব পাৰি।

৫৷ যোৱা বছৰ স্কুলৰ বাৰ্ষিক খেল ধেমালিত তুমি কি কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা লিখা।

উত্তৰ: যোৱা বছৰ স্কুলৰ বাৰ্ষিক খেল ধেমালিত মই দৌৰা, জঁপিওৱা, ৰছী টনা, কলহ ভঙা, মনোযোগ আকৰ্ষণ আদি খেলত অংশগ্ৰহণ কৰিছিলোঁ ।

৬৷ দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য লিখা—

উত্তৰ:

ক) পুথিভঁৰাল:  

(i) পুথিভঁৰালত বহুতো কিতাপ থাকে।  

(ii) পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব পাৰি।

খ) খেল-ধেমালি:  

(i) খেল-ধেমালি কৰিলে আমাৰ দেহ-মন ভালে থাকে।

(ii) আমাৰ বিদ্যালয়ত প্ৰতি বছৰে খেল-ধেমালি অনুষ্ঠিত হয়।

গ) বাতৰি কাকত: 

(i) বাতৰি কাকত পঢ়ি বহুত খবৰ পোৱা যায়।

(ii) বাতৰি কাকতৰ শিশু শিতানৰ কবিতা, সাধু কথা, ছবি আদি চাই আৰু পঢ়ি বহুত ভাল লাগে।


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ তুমি জনা ৩ খন অসমীয়া বাতৰি কাকতৰ নাম লিখা।

উত্তৰ: মই জনা ৩ খন অসমীয়া বাতৰি কাকতৰ নাম হৈছে ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্তা’ আৰু ‘প্ৰতিদিন’।

২৷ তুমি পঢ়া দুখন সাধু কিতাপৰ নাম লিখা।

উত্তৰ: মই পঢ়া দুখন সাধু কিতাপৰ নাম হৈছে ‘ইছপৰ সাধু’ আৰু ‘জুনুকা’।

৩৷ আজৰি সময়ত তোমালোকে কি কি কাম কৰা।

উত্তৰ: আজৰি সময়ত আমি মা-দেউতাক ঘৰুৱা কামত সহায় কৰোঁ, গছ পুলি ৰোওঁ, টিভি চাওঁ, সাধু কিতাপ পঢ়োঁ, আলোচনী আদি পঢ়োঁ।

৪৷ আজৰি সময়ত কৰা কামবোৰৰ পৰা আমাৰ কি কি লাভ হয়?

উত্তৰ: আজৰি সময়ত কৰা কামবোৰে মনত আনন্দ দিয়ে। কিতাপ, আলোচনী আদি পঢ়ি বহুতো নতুন কথা জানিব পাৰি। আজৰি সময়ত পদ্য, কাহিনী আদি লিখা, ছবি অঁকা, গীত গোৱা, নাচ শিকা, আদি কৰিলে মানুহৰ নিজৰ গুণাৱলী বাঢ়ে। আজৰি সময়ত ভ্ৰমণৰ যোগেদিও বহুত কথা শিকিব পাৰি।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ