আকাশৰ কথা— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা।

ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি?

উত্তৰ: দিশ প্ৰধানকৈ চাৰিটা। সেইকেইটা হ’ল—  পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।

খ) আকাশত কি কি দেখা পোৱা যায়?

উত্তৰ: আকাশত জোন, বেলি, তৰা, হাতীপটি, ডাৱৰ,  ৰামধেনু আদি দেখা পোৱা যায়।

গ) চন্দ্ৰৰ নিজা পোহৰ আছেনে?

উত্তৰ: চন্দ্ৰৰ নিজা পোহৰ নাই।

ঘ) বেলিৰ আন এটা নাম কি?

উত্তৰ: বেলিৰ আন এটা নাম সূৰ্য।

ঙ) ৰামধেনুৰ ৰংকেইটাৰ নাম কি কি?

উত্তৰ: ৰামধেনুৰ ৰংকেইটাৰ নাম— বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

২৷ শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✔’ চিন দিবা।

ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ/ সূৰ্য/ তৰাবোৰ আছে।

খ) পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ ১০/ ১৫ দিন সময় লাগে।

গ) খালী চকুৰে সূৰ্যলৈ চাব লাগে/ নালাগে ।

ঘ) ৰামধেনুত মুঠতে পাঁচটা/ সাতটা ৰং।

উত্তৰ:

ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ✔/ সূৰ্য/ তৰাবোৰ আছে।

খ) পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ ১০/ ১৫ ✔ দিন সময় লাগে।

গ) খালী চকুৰে সূৰ্যলৈ চাব লাগে/ নালাগে ✔।

ঘ) ৰামধেনুত মুঠতে পাঁচটা/ সাতটা✔ ৰং।

৩৷ খালী ঠাই পূৰ কৰা।

ক) সূৰ্যটো           আটাইতকৈ ওচৰত থকা তৰা।

খ) দেখাত সমান যেন লাগিলেও           চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ।

গ) তৰাবোৰ বহুত           থকাৰ কাৰণে সৰু সৰু দেখোঁ।

ঘ) চন্দ্ৰৰ নিজা           নাই।

উত্তৰ: 

ক) সূৰ্যটো  পৃথিৱীৰ  আটাইতকৈ ওচৰত থকা তৰা।

খ) দেখাত সমান যেন লাগিলেও  সূৰ্যটো  চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ।

গ) তৰাবোৰ বহুত  দূৰৈত  থকাৰ কাৰণে সৰু সৰু দেখোঁ।

ঘ) চন্দ্ৰৰ নিজা  পোহৰ  নাই।

৪৷ দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা।

উত্তৰ: দুপৰীয়া বেলিটোলৈ আমি পোনপটীয়াকৈ চাব নালাগে। কাৰণ দুপৰীয়াৰ সময়ত বেলিৰ পোহৰে চকু চাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে।


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ পুৱা আৰু সন্ধিয়া সময়ত বেলিটো কেনেকুৱা দেখি?

উত্তৰ: পুৱা আৰু সন্ধিয়া সময়ত বেলিটো ডাঙৰ ৰঙচুৱা বল এটাৰ দৰে দেখি।

২৷ দিনত তৰাবোৰ কিয় নেদেখি?

উত্তৰ: দিনত সূৰ্যৰ তীব্ৰ পোহৰৰ বাবে তৰাবোৰ নেদেখি।

৩৷ সূৰ্য কোন দিশত ওলায় আৰু কোন দিশত মাৰ যায় লিখা।

উত্তৰ: সূৰ্য পূব দিশত ওলায় আৰু পশ্চিম দিশত মাৰ যায়।

৪৷ পূৰ্ণিমাৰ নিশা জোনটো কেনে দেখি?

উত্তৰ: পূৰ্ণিমাৰ নিশা জোনটো সম্পূৰ্ণ ঘূৰণীয়া আৰু বৰ উজ্জ্বল দেখি।

৫৷ অমাৱস্যাৰ নিশা জোনটো দেখিনে?

উত্তৰ: অমাৱস্যাৰ নিশা জোনটো নেদেখি। সেই নিশা ঘোপমৰা আন্ধাৰ হয়।

৬৷ প্ৰতিদিনে চন্দ্ৰৰ আকাৰ কিয় সলনি হয়?

উত্তৰ: প্ৰকৃততে চন্দ্ৰৰ আকাৰ সলনি নহয়। চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা বাবেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ।

৭৷ তাৰকাগৃহ কোন ঠাইত আছে?

উত্তৰ: তাৰকাগৃহ গুৱাহাটীত আছে।

৮৷ তাৰকাগৃহত কি দেখুওৱা হয়?

উত্তৰ: তাৰকাগৃহত আকাশত থকা সূৰ্য, চন্দ্ৰ, তৰা আদি বৰ সুন্দৰভাৱে দেখুওৱা হয়।

৯৷ ৰামধেনু কেতিয়া ওলায়?

উত্তৰ: কেতিয়াবা বৰষুণ দিয়াৰ পাছত পুৱা বেলা বা আবেলি সময়ত সূৰ্যৰ বিপৰীত ফালে ৰামধেনু ওলায়।

১০৷ ৰামধেনু কিয় ওলায়?

উত্তৰ: বৰষুণ দিয়াৰ পাছত মেঘত থকা পানীৰ কণিকাবোৰত বেলিৰ পোহৰ পৰিলে সাত ৰঙৰ  ৰামধেনু ওলায়।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ