আমাৰ যান-বাহন— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১) উত্তৰ লিখা—

(ক) কেইখনমান যান-বাহনৰ নাম ল্যিখা৷

উত্তৰ: কেইখনমান যান-বাহনৰ নাম হ’ল— বাছ, ট্ৰাক, ৰে’ল, উৰাজাহাজ, চাইকেল, মটৰগাড়ী, মটৰচাইকেল, ঠেলা, ৰিক্সা,  টেম্পো, গৰুগাড়ী, ঘোঁৰাগাড়ী আদি।

(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহনৰ সুবিধা আছে?

উত্তৰ: আমাৰ অঞ্চলত চাইকেল, ৰিক্সা,  অট’ৰিক্সা, ঠেলা, ট্ৰাক, বাছ, মটৰচাইকেল আদিৰ সুবিধা আছে।

(গ) প্রাণীয়ে টনা দুবিধ যানবাহনৰ নাম লিখা৷ 

উত্তৰ: প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম হ’ল— গৰুগাড়ী আৰু ঘোঁৰাগাড়ী।

(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা৷ 

উত্তৰ: হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম হ’ল—  ঠেলা, গৰুগাড়ী আৰু ঘোঁৰাগাড়ী।

(ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয়?

উত্তৰ: যান-বাহনৰ জৰিয়তে আমি দূৰৈৰ ঠাইলৈ কম সময় আৰু কম কষ্টৰে যাব পাৰোঁ। বস্তু অনা-নিয়া কৰাতো যান-বাহনে সহায় কৰে।

২) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

‘ক’ ‘খ’
মটৰ গাড়ী আকাশত উৰে
উৰাজাহাজ মাটিত চলে
ফেৰী জুই নুমুৱাত সহায় কৰে
মালবাহী ৰে’ল পানীত চলে
অগ্নিনিৰ্বাপক গাড়ী বস্তু অনা-নিয়া কৰে।

উত্তৰ:

‘ক’ ‘খ’
মটৰ গাড়ী মাটিত চলে
উৰাজাহাজ আকাশত উৰে
ফেৰী পানীত চলে
মালবাহী ৰে’ল বস্তু অনা-নিয়া কৰে।
অগ্নিনিৰ্বাপক গাড়ী জুই নুমুৱাত সহায় কৰে

৩) খালী ঠাই পূৰ কৰা—

(ক) হাট-বজাৰত বিভিন্ন বস্তু           কৰা হয়। 

(খ) হাট বজাৰত বিভিন্ন ধৰণৰ মানুহৰ লগত           ঘটে।

(গ) ঘোঁৰাগাড়ীৰে           অনা-নিয়া কৰা হয়।

(ঘ) ডাঙৰ নদীত           চলাচলকৰে। 

(ঙ) ভিন ভিন মানুহৰ মাজত সাংস্কৃতিক সম্পর্ক গঢ়ি তোলাতো           সুবিধা কৰি দিছে। 

উত্তৰ:

(ক) হাট-বজাৰত বিভিন্ন বস্তু  বেচা-কিনা  কৰা হয়। 

(খ) হাট বজাৰত বিভিন্ন ধৰণৰ মানুহৰ লগত  পৰিচয়  ঘটে।

(গ) ঘোঁৰাগাড়ীৰে  বস্তু  অনা-নিয়া কৰা হয়।

(ঘ) ডাঙৰ নদীত  জাহাজ  চলাচল কৰে। 

(ঙ) ভিন ভিন মানুহৰ মাজত সাংস্কৃতিক সম্পর্ক গঢ়ি তোলাতো  যান-বাহনে  সুবিধা কৰি দিছে।

৪) তোমাৰ ঘৰৰ পৰা তলত দিয়া ঠাইবোৰলৈ কি ধৰণৰ যান-বাহনত যাবা লিখা।

বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ।

উত্তৰ: আমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ চাইকেলেৰে, নৈৰ সিপাৰলৈ নাৱেৰে আৰু দিল্লীলৈ ৰে’ল বা উৰাজাহাজেৰে যাম।


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ হাট-বজাৰত কি কৰা হয়?

উত্তৰ: হাট-বজাৰত নানা ধৰণৰ বস্তু কিনা-বেচা কৰা হয়।

২৷ গুৱাহাটীৰ ক’ত বিমান বন্দৰ আছে?

উত্তৰ: গুৱাহাটীৰ বৰঝাৰত বিমান বন্দৰ আছে।

৩৷ কম দুৰত্বৰ ঠাইলৈ অহা-যোৱা কৰিবলৈ কি কি যান-বাহন ব্যৱহাৰ কৰিব পাৰি?

উত্তৰ: কম দুৰত্বৰ ঠাইলৈ অহা-যোৱা কৰিবলৈ চাইকেল, ৰিক্সা আদি ব্যৱহাৰ কৰিব পাৰি।

৪৷ বহুত দূৰৈৰ পৰা বস্তু অনা-নিয়া কৰিবলৈ কি যান-বাহনৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ: বহুত দূৰৈৰ পৰা বস্তু অনা-নিয়া কৰিবলৈ মালবাহী ৰে’ল, ব্যৱহাৰ কৰা হয়।

৫৷ ৰোগী অনা-নিয়া কৰাৰ বাবে কি যান-বাহনৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ: ৰোগী অনা-নিয়া কৰাৰ বাবে এম্বুলেঞ্চ ব্যৱহাৰ কৰা হয়।

৬৷ জুই নুমুৱাবলৈ কি যান-বাহনৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ: জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ যান-বাহনৰ ব্যৱহাৰ কৰা হয়।

৭৷ চিঠি-পত্ৰ কঢ়িয়াবৰ বাবে কি যান-বাহনৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ: চিঠি-পত্ৰ কঢ়িয়াবৰ বাবে ডাক বিভাগৰ যান-বাহনৰ ব্যৱহাৰ কৰা হয়।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ