আমাৰ ৰাজ্যখন আৰু ইয়াৰ জিলাসমূহ— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা৷

ক) তোমাৰ জিলাখনৰ নাম লিখা৷

উত্তৰ: আমাৰ জিলাখনৰ নাম শিৱসাগৰ।

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাৰ নাম লিখিব লাগিব৷)

খ) তোমাৰ জিলাখনৰ গাতে লাগি থকা জিলাকেইখনৰ নাম লিখা৷

উত্তৰ: আমাৰ জিলাখনৰ গাতে লাগি থকা জিলাকেইখন হ’ল— যোৰহাট, ডিব্ৰুগড় আৰু চৰাইদেউ।

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাৰ  গাতে লাগি থকা জিলাকেইখনৰ নাম লিখিব লাগিব৷)

গ) তোমাৰ জিলাৰ মাজেৰে কি কি নৈ উপনৈ বৈ গৈছে তালিকা প্ৰস্তুত কৰা।

উত্তৰ: আমাৰ জিলাখনৰ মাজেৰে দিখৌ, জাঁজী, ডিমৌ, নামডাং, ব্ৰহ্মপুত্ৰ,  দিচাং আদি সৰু-বৰ কেইবাখনো নদী বৈ গৈছে।

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাৰ মাজেৰে বৈ যোৱা নৈ‍-উপনৈৰ নাম লিখিব লাগিব৷)

ঘ) তোমাৰ জিলাৰ সীমাত আন কোনো ৰাজ্য আছে নেকি? যদি আছে নাম লিখা।

উত্তৰ: আমাৰ জিলাৰ সীমাত নাগালেণ্ড ৰাজ্যখন আছে।

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাৰ সীমাত থকা ৰাজ্যৰ নাম লিখিব লাগিব৷)

ঙ) তোমাৰ জিলাৰ সীমাত আন বিদেশী ৰাষ্ট্ৰ বা দেশ আছে নেকি?

উত্তৰ: আমাৰ জিলাৰ সীমাত আন বিদেশী ৰাষ্ট্ৰ বা দেশ নাই।

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাৰ  সীমাত থকা বিদেশী ৰাষ্ট্ৰৰ নাম লিখিব লাগিব৷ নাথাকিলে নাই বুলি লিখিব লাগিব৷)

২৷ দলগতভাৱে আলোচনা কৰি নিজৰ জিলাৰ কথাখিনি লিখা। (শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত কৰিবা)

ক) জিলাখনৰ সদৰ ঠাইৰ নাম 

উত্তৰ: শিৱসাগৰ৷

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাখনৰ নাম লিখিব লাগিব৷)

খ) মহকুমাৰ নাম

উত্তৰ: শিৱসাগৰ আৰু নাজিৰা।

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাখনৰ  মহকুমাকেইটাৰ নাম লিখিব লাগিব৷)

গ) ডাঙৰ পুখুৰীৰ নাম

উত্তৰ: জয়সাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী  আৰু শিৱসাগৰ পুখুৰী৷

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাখন থকা ডাঙৰ পুখুৰীৰ নাম লিখিব লাগিব৷)

ঘ) প্ৰধান বিলৰ নাম (যদি আছে)

উত্তৰ: নাই৷

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাখনত থকা বিলৰ নাম লিখিব লাগিব৷)

ঙ) সংৰক্ষিত বনাঞ্চল-অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান নাম (যদি আছে)

উত্তৰ: নাই৷

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাখনত থকা সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্যৰ নাম লিখিব লাগিব৷)

চ) পাহাৰৰ নাম (যদি আছে)

উত্তৰ: নাই৷

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাখনত থকা পাহাৰৰ নাম লিখিব লাগিব৷)

৩৷ তোমাৰ নিজৰ জিলাখনত  থকা উদ্যোগসমূহত কি কি সামগ্ৰী উৎপাদিত হয়? দলগতভাৱে আলোচনা কৰি লিখা।

উত্তৰ: আমাৰ জিলাখনত থকা উদ্যোগসমূহত তেল, প্ৰাকৃতিক গেছ, চাহপাত, এৰি-মুগাৰ সূতা উৎপাদন হয়।

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জিলাখনত উৎপাদিত  সামগ্ৰীৰ নাম লিখিব লাগিব৷)

৪৷ পাঠ্যপুথিত থকা মানচিত্ৰখন চাই অসমৰ চাৰিসীমাত কি কি ৰাজ্য আৰু দেশ আছে লিখা।

উত্তৰ: অসমৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ৷ পূবে অৰুণাচলৰ এটা অংশ, নগালেণ্ড আৰু মণিপুৰ ৰাজ্য। দক্ষিণে মিজোৰাম, ত্ৰিপুৰা,  মেঘালয় আৰু বাংলাদেশ। পশ্চিমে বাংলাদেশ আৰু পশ্চিমবংগ।

৫৷ সিপিঠিত দিয়া ফুটবোৰ লগ লগাই মানচিত্ৰখন সম্পূৰ্ণ কৰা। (৯২ পৃষ্ঠাৰ মানচিত্ৰৰ সহায়ত) আৰু তলত দিয়াবোৰ কৰা—

ক) নিজৰ জিলাখন বিচাৰি উলিয়াই যথাস্থানত জিলাৰ সদৰ বহুওৱা।

খ) অসমৰ ৰাজধানী যথাস্থানত বহুওৱা।

গ) মানচিত্ৰৰ দিশ খালী ঘৰত লিখা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ