আমাৰ উৎসৱ— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


পাঠভিত্তিক প্ৰশ্নোত্তৰ

১৷ উত্তৰ লিখা—

(ক) তুমি কি কি উৎসৱ পালন কৰা?

উত্তৰ: আমি বিহু, দুৰ্গাপূজা, দেৱালী, ফাকুৱা, সৰস্বতী পূজা আদি উৎসৱ পালন কৰোঁ।

(খ) তুমি পালন কৰা উৎসৱসমূহত কি কি বস্তু লোৱা আৰু কি কি খোৱা?

উত্তৰ: আমি ব’হাগ বিহু আৰু দুৰ্গা পূজাত কাপোৰ লওঁ। বিহুত পিঠা-পনা, জা-জলপান আদি খাওঁ।দুৰ্গাপূজাত বাদাম, জেলেপী আদি খাওঁ।

(গ) এই উৎসৱসমূহত যোগ দি মনত আনন্দ লগাৰ উপৰি তোমাৰ আন কি লাভ হয়?

উত্তৰ: এই উৎসৱসমূহত যোগ দি মনত আনন্দ লগাৰ উপৰি আমাৰ পুৰণি পৰম্পৰা আৰু সংস্কৃতিৰ কথা জানিব পাৰোঁ।

ঘ) মুছলমানসকলৰ পৱি‍ত্ৰ উৎসৱসমূহ কি কি?

উত্তৰ: মুছলমানসকলৰ পৱি‍ত্ৰ উৎসৱসমূহ হ’ল— ঈদ, মহৰম, ফাতেহা আদি।

ঙ) খ্ৰীষ্টানসকলৰ পৱি‍ত্ৰ উৎসৱটোৰ নাম কি?

উত্তৰ: খ্ৰীষ্টানসকলৰ পৱি‍ত্ৰ উৎসৱটোৰ নাম বৰদিন।

২৷ দুটাকৈ উৎসৱৰ নাম লিখা— ঘৰুৱাভাৱে পালন কৰা, ৰাজহুৱাভাৱে পালন কৰা, ৰাষ্ট্ৰীয়ভাৱে পালন কৰা।

উত্তৰ: ঘৰুৱাভাৱে পালন কৰা উৎসৱ— 

ক) বিয়া

খ) অন্নপ্ৰাসন 

ৰাজহুৱাভাৱে পালন কৰা উৎসৱ— 

ক) শিৱৰাত্ৰি

খ) জন্মাষ্টমী

ৰাষ্ট্ৰীয়ভাৱে পালন কৰা উৎসৱ—

ক) স্বাধীনতা দিৱস 

খ) গণতন্ত্ৰ দিৱস

৩৷ ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা।

উত্তৰ: ধৰ্মৰ লগত জড়িত দুটা উৎসৱ হ’ল— ঈদ আৰু বৰদিন।

৪৷ খেতি-বাতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা।

উত্তৰ: খেতি-বাতিৰ লগত জড়িত দুটা উৎসৱ হ’ল— বিহু আৰু আলি আই লিগাং।

৫৷ বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা।

উত্তৰ: বিদ্যালয়ত পালন কৰা উৎসৱসমূহ হ’ল— সৰস্বতী পূজা, শঙ্কৰদেৱৰ তিথি, ফাতেহা, নবাগত আদৰণি সভা, বিদায় সভা, আদি।

৬৷ তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে লিখা।

উত্তৰ: মই ভাল পোৱা এটা উৎসৱ হ’ল— দিপান্বিতা বা দেৱালী। দেৱালীত আমি সন্ধিয়া পদূলিত চাকি জ্বলাওঁ। ফটকা ফুলঝাৰি আদি জ্বলাও। সেইদিনা ৰাতি চাৰিওফালে পোহৰ হৈ পৰে। সেয়েহে দেৱালী মোৰ প্ৰিয় উৎসৱ।


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহুৰ আন আন নামকেইটা কি কি?

উত্তৰ: ব’হাগ বিহুৰ আন এটা নাম ৰঙালী বিহু, কাতি বিহুৰ আন এটা নাম কঙালী বিহু আৰু মাঘ বিহুৰ আন এটা নাম ভোগালী বিহু।

২৷ জোনবিল মেলা কি?

উত্তৰ: মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰত জোনবিল নামৰ এখন বিল আছে। এই বিলৰ পাৰত তিৱা জনজাতিৰ লোকসকলে মাঘৰ বিহুৰ উৰুকাৰ পাছৰ শুকুৰবাৰৰ পৰা একেৰাহে কেইবাদিনলৈ এখন মেলা পাতে। এয়ে জোনবিল মেলা।

৩৷ জোনবিল মেলাৰ প্ৰধান বিশেষত্ব কি?

উত্তৰ: জোনবিল মেলাৰ প্ৰধান বিশেষত্ব হ’ল—

মেলালৈ অনা বয়-বস্তুবোৰ টকা-পইচাৰ পৰিৱৰ্তে পুৰণি কালৰ দৰে বিনিময় প্ৰথাৰে ইজনে সিজনৰ মাজত সাল-সলনি কৰি লয়।

৪৷ বিনিময় প্ৰথা কি?

উত্তৰ: পুৰণি কালত আজিকালিৰ দৰে টকা-পইচাৰে বয়-বস্তু কিনা নহৈছিল। তাৰ পৰিৱৰ্তে এজনে আনজনৰ লগত বস্তু সাল-সলনি কৰি লৈছিল। ইয়াকে বিনিময় প্ৰথা বোলা হয়।

৫৷ জোনবিল মেলালৈ অহা ৰজাজনৰ নাম কি? তেওঁ কিয় মেলালৈ আহে?

উত্তৰ: জোনবিল মেলালৈ অহা ৰজাজনৰ নাম গোভা ৰজা। তেওঁ কৰ-কাটল সংগ্ৰহ কৰিবলৈ মেলালৈ আহে।

৬৷ মহখেদা উৎসৱ ক’ত আৰু কেতিয়া পালন কৰা হয়?

উত্তৰ: আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি দৰং, নলবাৰী আদি নামনি অসমৰ জিলাসমূহত মহখেদা উৎসৱ পালন কৰা হয়।

৭৷ ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীতটো কোনে ৰচনা কৰিছিল?

উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীতটো কবিগুৰু  ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল।

৮৷ তলত দিয়া তাৰিখকেইটাৰ লগত জড়িত দিৱসবোৰৰ নাম তালিকাভুক্ত কৰা।

৫ জুন, ২ ডিচেম্বৰ,  ২৪ নৱেম্বৰ, ৫ ছেপ্তেম্বৰ, ১৪ নৱেম্বৰ, ১৭ জানুৱাৰী 

উত্তৰ:

৫ জুন—   বিশ্ব পৰিৱেশ দিৱস

২ ডিচেম্বৰ— চুকাফা দিৱস

২৪ নৱেম্বৰ— লাচিত দিৱস

৫ ছেপ্তেম্বৰ—  শিক্ষক দিৱস

১৪ নৱেম্বৰ— শিশু দিৱস

১৭ জানুৱাৰী— শিল্পী দিৱস 

৯৷ খালী ঠাই পূৰ কৰা।

(ক) মে-ডাম-মেফি            ভাৱে পালন কৰা উৎসৱ।

(খ) ৰাষ্ট্ৰীয় সঙ্গীত গোৱাৰ সময়ত            হৈ গাব লাগে।

(গ) ভঠেলি            ৰ লগত জড়িত উৎসৱ।

(ঘ) কিছুমান মহৎ লোকৰ জন্মদিনটো            হিচাপে পালন কৰা হয়।

(ঙ) অন্নপ্ৰাসন            ভাৱে পালন কৰা উৎসৱ।

উত্তৰ:

(ক) মে-ডাম-মেফি  ৰাজহুৱা  ভাৱে পালন কৰা উৎসৱ।

(খ) ৰাষ্ট্ৰীয় সঙ্গীত গোৱাৰ সময়ত  থিয়  হৈ গাব লাগে।

(গ) ভঠেলি  কৃষিৰ  লগত জড়িত উৎসৱ।

(ঘ) কিছুমান মহৎ লোকৰ জন্মদিনটো  জন্মোৎসৱ  হিচাপে পালন কৰা হয়।

(ঙ) অন্নপ্ৰাসন  ঘৰুৱা  ভাৱে পালন কৰা উৎসৱ।

১০৷ কোনটো উৎসৱ বা দিৱস কোনজন ব্যক্তিৰ লগত জড়িত মিলাই লিখা।

ব্যক্তিৰ নাম দিৱস
মহাবীৰ জৈন বুদ্ধ পূৰ্ণিমা
বুদ্ধদেৱ ফাতেহা-ই-দোৱাজ-দহম
যীশুখ্ৰীষ্ট ৰাভা দিৱস
পয়গম্বৰ হজৰত মহম্মদ গুৰু নানক জয়ন্তী
গুৰু নানক শিক্ষক দিৱস
মহাত্মা গান্ধী বৰদিন
জৱাহৰলাল নেহৰু গান্ধী জয়ন্তী
ড° সৰ্বপল্লী ৰাধাকৃষ্ণন মহাবীৰ জয়ন্তী
জ্যোতিপ্ৰসাদ আগৰৱালা শিশু দিৱস
বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী দিৱস

উত্তৰ:

ব্যক্তিৰ নাম দিৱস
মহাবীৰ জৈন মহাবীৰ জয়ন্তী
বুদ্ধদেৱ বুদ্ধ পূৰ্ণিমা
যীশুখ্ৰীষ্ট বৰদিন
পয়গম্বৰ হজৰত মহম্মদ ফাতেহা-ই-দোৱাজ-দহম
গুৰু নানক গুৰু নানক জয়ন্তী
মহাত্মা গান্ধী গান্ধী জয়ন্তী
জৱাহৰলাল নেহৰু শিশু দিৱস
ড° সৰ্বপল্লী ৰাধাকৃষ্ণন শিক্ষক দিৱস
জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী দিৱস
বিষ্ণুপ্ৰসাদ ৰাভা ৰাভা দিৱস
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ