আমাৰ গাঁও— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক - পাঠভিত্তিক ক্ৰিয়া

পদ্যটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা।

আমাৰ গাঁও

শুৱনি আমাৰ ভৰা গাঁওখনি
শুৱনি আমাৰ ঘৰ,
পদূলিমুখত গধূলিগোপাল
ফুলি থাকে মনোহৰ৷
শুৱনি আমাৰ ভৰা বাৰীখনি
শুৱনি তামোল-পাণ,
শুৱনি আমাৰ সোণালী পথাৰ
ভৰি পৰে পকা ধান৷
শুৱনি আমাৰ গাঁৱৰ পুখুৰী
ৰাজহাঁহ চৰে তাত,
শুৱনি আমাৰ ঔগছজুপি
মৌৱে বাহ লয় গাত
শুৱনি আমাৰ গাঁৱৰ চৰাই
শুৱনি গছৰ ফুল,
শুৱনি আমাৰ ৰচকী পখিলা
বাটৰুৱা যায় ভোল৷
শুৱনি আমাৰ গৰু-গাইবোৰ
শুৱনি নদীৰ ঘাট,
শুৱনি আমাৰ সৰু নামঘৰ
বকুলৰ তলেদি বাট৷
শুৱনি আমাৰ যত ভাই-ভনী
ৰহিম, মহিম, দুল,
পদুমী, কদমী মেলিনা, ছখিনা
একেটি থুপিৰে ফুল৷
শুৱনি আমাৰ যত গঞালোক
সুৱদি মুখৰ মাত,
এখনি গাঁৱতে সৱে মিলিজুলি
পাতে মৰমৰ হাট৷

কওঁ আহা।

ক) পদূলিমুখত কি ফুল ফুলে?

উত্তৰ: পদূলিমুখত গধূলি গোপাল ফুল ফুলে।

খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে?

উত্তৰ: গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে।

গ) পথাৰখন দেখিবলৈ কেনেকুৱা?

উত্তৰ: পথাৰখন দেখিবলৈ সোণালী।

ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?

উত্তৰ: গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট পাতে।

ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে?

উত্তৰ: ঘৰ, ফুল, তামোল-পাণৰ গছ, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, পখিলা, গৰু-গাই, নদীৰ ঘাট, সৰু নামঘৰ, ভাই-ভনী, গাঁৱৰ অন্যান্য লোকসকল আদি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে।

চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে?

উত্তৰ: পদ্যটিত ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনাক একেটি থুপিৰে ফুল বুলি কোৱা হৈছে।

‘আমাৰ গাঁও’ পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা।

উত্তৰ: আমাৰ গাঁওখন বৰ ধুনীয়া৷ আমাৰ ঘৰখন আৰু পদূলি মুখত ফুলি থকা গধূলি গোপাল ফুলজোপাও বৰ মনোহৰ। বহু গছ-গছনিৰে ভৰি থকা আমাৰ বাৰীখন, তাত থকা তামোল পাণৰ গছবোৰ বৰ মনোমোহা। পকা ধানেৰে ভৰি থকা আমাৰ সোণালী পথাৰখনো বৰ ধুনীয়া। 

পদ্যটি পঢ়ি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা। সেইবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা।

উত্তৰ:

শব্দ অৰ্থ
গধূলি গোপাল এবিধ গধূলি ফুলা ফুল৷
সোণালী সোণ বৰণীয়া
ৰচকী চৌখিন
গঞা গাঁৱত বসবাস কৰা লোক
সুৱদি শুৱলা, শুনি ভাল লগা
হাট অস্থায়ী বজাৰ

লিখা।

(ক)
পদ্যটোত থকা মানুহৰ নাম
ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনা।
(খ)
পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম
গাঁওখন, ঘৰখন, গধূলি গোপাল ফুল, বাৰীখন, তামোল-পাণ, পথাৰ, পুখুৰী, ঔ গছ, চৰাই , ফুল, পখিলা, গৰু-গাই, নদীৰ ঘাট, সৰু নামঘৰ, ভাই-ভনী, গঞালোক।

(গ) পদ্যটোত বিচাৰি উলিয়াই লিখা।

‘ৰ’ আখৰটো প্ৰথমতে থকা শব্দ ‘ৰ’ আখৰটো মাজত থকা শব্দ ‘ৰ’ আখৰটো শেষত থকা শব্দ
ৰাজহাঁহ, ৰচকী, ৰহিম। বাৰীখনি, চৰাই, বাটৰুৱা, মৰমৰ। আমাৰ, ভৰা, ঘৰ, মনোহৰ, পথাৰ, ভৰি, পৰে, গাঁৱৰ, পুখুৰী, চৰে, গছৰ, গৰু-গাইবোৰ, নদীৰ, সৰু, নামঘৰ, বকুলৰ, থুপিৰে, মুখৰ, মৰমৰ।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

তলৰ - কাৰ (স্বৰ) চিহ্নযুক্ত বৰ্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ শব্দ গঠন কৰা। 

য‍েনে‍
=>
শু
=>
শিশু
শুৱনি
=>
ৰু
=>
গৰু
সৰু
=>
ৰূ
=>
ৰূপালী
ৰূপহী
=>
হু
=>
পহু
বিহু
=>
গু
=>
মগু
গুল্ম

তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোঁ আহা।

উদাহৰণ: শুৱনি
মনোহৰ
 পদুম ফুল বৰ  মনোহৰ 
 বাগিছাখন বৰ  মনোহৰ 

ৰচকী
 ছোৱালীজনী অতি  ৰচকী 
 ৰচকী  ছোৱালীজনী বৰ ধুনীয়া।

মিলিজুলি
 আমি সকলোৱেই  মিলিজুলি  থকা উচিত।
 ম‍িলি‍জুলি  কৰিলে কঠিন কামো সহজ হৈ পৰে‍।

তলত আঁচ টনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দেৰে খালী ঠাই পূৰ কৰোঁ আহা। 

সৰু নামঘৰ   বৰ  নামঘৰ 

 ভৰা  বাৰীখনি  উদং  বাৰীখনি 

 পকা  ধান  কেঁচা  ধান 

 তলেদি  বাট  ওপৰেদি  বাট 

গ - জ্ঞান সম্প্ৰসাৰণ

পদ্যটোত নথকা কিন্তু তোমাৰ অঞ্চলত থকা শুৱনি বস্তুবোৰৰ বিষয়ে কোৱা। 

উত্তৰ: পদ্যটোত নথকা কিন্তু আমাৰ অঞ্চলত থকা শুৱনি বস্তুবোৰ হৈছে- গাঁৱৰ পুথিভঁৰালটো, মন্দিৰটো, সঙ্ঘটো, খেলপথাৰখন, কৃষ্ণচূড়া গছবোৰ ইত্যাদি।

বিভিন্ন পুথিৰ পৰা পদ্য সংগ্ৰহ কৰি পঢ়া।

উত্তৰ: 

‘আমাৰ গাঁও’ পদ্যটিৰ সহায় লৈ নিজাকৈ আন এটি পদ্য লিখা।

উত্তৰ:  

আমাৰ বিদ্যালয়

আমাৰ বিদ্যালয়খন
    অতিকৈ আপোন
ইয়াতেই ৰচোঁ আমি
    সোণালী সপোন।

ফুলনি বাগিছাখন
    অতি মোহনীয়া,
ফুলবোৰ ফুলি আছে
    অতি বিনন্দীয়া।

পুথিভঁৰালটোও আমাৰ
    চালে চকুৰোৱা,
সাধু কিতাপ, আলোচনী
    আদিৰে ভৰি পৰা।

আমাৰ বিদ্যালয়খন
    চাফ-চিকুণকৈ ৰাখোঁ,
ছাৰ বাইদেউৰ কথাবোৰ
    আমি মানি চলো।

বিদ্যালয়ত আমিবোৰে
    নানা খেল খেলোঁ, 
সমনীয়াৰ লগত সদায়
    মিলিজুলি থাকোঁ। 

ভাল পাওঁ আমি অতিকৈ‍
    আমাৰ বিদ্যালয়খন 
ইয়াতেই শিক্ষা লওঁ
    ভবিষ্যৎ জীৱনৰ।

ছবিখন চাই দলত আলোচনা কৰা। ছবিখনত কি কি দেখা পালা সেই বিষয়ে প্ৰত্যেকেই চাৰিটাকৈ বাক্য লিখা।

উত্তৰ: ছবিখনত তিনিজন বেপাৰীয়ে পাচলি বিক্ৰী কৰি আছে।

চাৰিজন গ্ৰাহকে পাচলি কিনিবলৈ আহিছে।

এজন মানুহে কান্ধত নাঙল লৈ গৈছে।

এগৰাকী মহিলাই কুঁৱাৰ পৰা পানী তুলি আছে। 


ঘ - প্ৰকল্প

ক) বিভিন্ন ধৰ্মৰ উপাসনাগৃহৰ ছবি সংগ্ৰহ কৰি সঠিক ঠাইত ছবিবোৰ আঠা লগোৱা।

মন্দিৰ
মছজিদ

গীৰ্জা

গুৰুদ্বাৰ

বৌদ্ধ মঠ

নামঘৰ

খ) প্ৰত্যেকেই উপাসনাগৃহৰ বিষয়ে কোৱা।

উত্তৰ: যি গৃহত মানুহে ইষ্ট দেৱতাক স্মৰণ কৰে বা প্ৰাৰ্থনা জনায়, সেই গৃহকে উপাসনাগৃহ বোলে। ধৰ্ম অনুযায়ী উপাসনাগৃহও ভিন ভিন হয়। হিন্দুৰ মন্দিৰ, মুছলমানৰ মছজিদ, খ্ৰীষ্টান গীৰ্জা, শিখসকলৰ গুৰুদ্বাৰ, বৌদ্ধসকলৰ বৌদ্ধ মঠ আদি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সুকীয়া সুকীয়া উপাসনাগৃহ। তাৰ উপৰি অসমীয়া মানুহৰ নামঘৰ আন এক উপাসনাগৃহ য’ত ঈশ্বৰৰ উপাসনাৰ লগতে আন বহুতো ৰাজহুৱা কাম কৰা হয়। 

গ) গধূলিগোপাল সন্ধিয়া ফুলে। ৰাতি ফুলা ফুলৰ এখন তালিকা কৰা।

শেৱালি‍, বকুল, হাছনাহানা।

ঘ) তুমি দেখা চৰাইবোৰ নিৰীক্ষণ কৰা। তলৰ চৰাই দুবিধৰ বিষয়ে দুটাকৈ বাক্য লিখা।

(১)
শুৱনি
(২)
শুৱনি

উত্তৰ: 

১) ঘনচিৰিকা: ই এবিধ সৰু চৰাই। ই শস্য খায়। খেৰিঘৰৰ চালৰ তলত ইহঁতে বাহ লোৱা দেখা যায়৷ ইহঁতে জাক পাতি ফুৰে। 

২) শালিকা: শালিকা এবিধ বনৰীয়া চৰাই। ইহঁতে মানুহৰ আশে পাশে থাকি ভালপায়। শালিকাই শস্য খোৱাৰ উপৰিও সৰু সৰু পোক পতংগও খায়। ইহঁতৰ আকাৰ বেছি ডাঙৰ নহয়৷ পাখিবোৰ ক’লা আৰু বাদামী ৰঙৰ। শালিকাই শস্য নষ্ট কৰা পোক পতংগবোৰ খাই মানুহৰ উপকাৰ কৰে।

ঙ) বাৰীত তামোল-পাণৰ বাহিৰে আৰু কি কি ফল-মূলৰ গছ থাকে? সেইবোৰৰ নাম লিখি তাৰ কাষত ফলবোৰৰ ছবি আঁকা। 

উত্তৰ: বাৰীত তামোল -পাণৰ বাহিৰেও বগৰী, জলফাই, আমলখি, ৰবাব টেঙা, মধুৰিআম, আম, কল, নাৰিকল, প্লাম, লিচু আদি ফল-মূলৰ গছ থাকে।

লগে-ভাগে গাওঁ আহা। 

গাঁৱলীয়া সেৱকৰ গীত

অ’ আমাৰ গাঁও 

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ।

অ’ আমাৰ গাঁও৷।

সেউজীয়া পথাৰেৰে

ভৰপূৰ তামোলৰে 

দূৰৈতে জিলিকি থকা 

অ’ আমাৰ গাঁও৷

দেশৰ হকে মৰিবলৈ পৰা

আমাৰ গাঁৱৰ ডেকা ল’ৰা

ডেকেৰীও নহয় পাছ পৰা 

অ’ আমাৰ গাঁও৷

ৰাইজ মৰিলে মৰিম আমি

ৰাইজ তৰিলে তৰিম

দেশৰ হকে সৰ্ব্বত্যাগী 

আগবাঢ়ি যাওঁ 

অ’ আমাৰ গাঁও।।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ