আমি জানিবলগীয়া কথা— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা—

ক) বানপানীয়ে আমাৰ কি অপকাৰ কৰে লিখা।

উত্তৰ: বানপানীয়ে আমাৰ বহুতো অপকাৰ কৰে। যেনে—

i) খাদ্য, খোৱাপানী আৰু আশ্ৰয়ৰ অভাৱ ঘটায়।

ii) বেমাৰ-আজাৰ হয়।

iii) পৰিৱেশ দূষিত কৰে।

iv) যাতায়তৰ অসুবিধা কৰে।

v) খেতি পথাৰত বালি পেলাই মাটি খেতিৰ অনুপযোগী কৰে।

খ) তোমাৰ অঞ্চলত বানপানীত ডুব যোৱা ঠাইবোৰৰ নাম লিখ।

উত্তৰ: আমাৰ অঞ্চলৰ বানপানীত দুব যোৱা ঠাইবোৰ হৈছে— সাতখলি, গৰুখুঁটি, হাতীমূৰীয়া, সানোৱা আদি।

গ) ভূমিকম্প আহিলে ঘৰৰ ভিতৰত কিয় থাকিব নালাগে দলত আলোচনা কৰি লিখা।

উত্তৰ: ভূমিকম্প আহিলে ঘৰৰ ভিতৰত থাকিব নালাগে। কাৰণ ভূমিকম্পত ঘৰ ভাগি বা আন গধুৰ বস্তু আহি মূৰত পৰিব পাৰে। তেতিয়া আমি আঘাত পাব পাৰোঁ আৰু আমাৰ মৃত্যুও হ’ব পাৰে।

ঘ) খোৱাৰ পাছত পেলনীয়া বস্তুবোৰ ক’ত পেলাব লাগে লিখা।

উত্তৰ: খোৱাৰ পাছত পেলনীয়া বস্তুবোৰ নিৰ্দিষ্টকৈ ৰখা জাবৰ পেলোৱা বাকচত পেলাব লাগে।

২৷ শুদ্ধটোত ‘✔’ চিন দিয়া।

বানপানী হ’লে—

ক) খোৱা বস্তু ঢাকণি দি থ’ব লাগে / নালাগে।

খ) পানীলৈ নামি যাব লাগে/ নালাগে

গ) ওখ নিৰাপদ ঠাইত আশ্ৰয় ল’ব লাগে / নালাগে।

ঘ) প্ৰাণীবোৰক নিৰাপদ ঠাইলৈ নিব লাগে / নালাগে।

৩৷ খালী ঠাই পূৰ কৰা—

ক) ভূমিকম্প হ’লে ঘৰৰ ভিতৰত থাকিব        

খ) ধুমুহাৰ সময়ত গছৰ তলত থাকিব          

গ) জুই লাগিলে তৎক্ষণাত           বাহিনীক খবৰ দিব লাগে।

ঘ) খোজ কাঢ়োঁতে সদায় নিজৰ           যাব লাগে।

ঙ) যান-বাহনত           পাতি এজন এজনকৈ উঠিব লাগে।

উত্তৰ:

ক) ভূমিকম্প হ’লে ঘৰৰ ভিতৰত থাকিব  নালাগে 

খ) ধুমুহাৰ সময়ত গছৰ তলত থাকিব  নালাগে 

গ) জুই লাগিলে তৎক্ষণাত  অগ্নিনিৰ্বাপক  বাহিনীক খবৰ দিব লাগে।

ঘ) খোজ কাঢ়োঁতে সদায় নিজৰ  বাঁওহাতে  যাব লাগে।

ঙ) যান-বাহনত  শাৰী  পাতি এজন এজনকৈ উঠিব লাগে।

অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ 

১৷ বানপানী কাক বোলে?

উত্তৰ: অধিক বৰষুণ হ’লে নৈৰ বাঢ়নী পানীয়ে পাৰৰ সমগ্ৰ অঞ্চল বুৰাই পেলায়। ইয়াকে বানপানী বোলে।

২৷ দুৰ্যোগ মূলতঃ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: দুৰ্যোগ মূলতঃ দুই প্ৰকাৰৰ। সেইকেইটা হ’ল—

 i) প্ৰাকৃতিক দুৰ্যোগ 

ii) মানৱসৃষ্ট দুৰ্যোগ।

৩৷ বানপানী হ’লে কি কৰিব লাগে?

উত্তৰ: বানপানী হ’লে— 

i) ওখ নিৰাপদ ঠাইত আশ্ৰয় ল’ব লাগে।

ii) পোহনীয়া জীৱ-জন্তুবোৰকো ওখ নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে৷ 

iii) পানীলৈ নামি যাব নালাগে।

iv) উদ্ধাৰকাৰীৰ সহায় ল’ব লাগে।

v) খোৱা পানী উতলাই খাব লাগে।

vi) য'তে-ত'তে শৌচ-প্ৰস্ৰাৱ কৰিব নালাগে।

vii) বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিব লাগে।

৪৷বানপানীৰ বাবে কি ধৰণে সজাগ হ’ব লাগে?

উত্তৰ: বানপানীৰ বাবে‍ অৱলম্বন কৰিবলগীয়া সজাগতাবোৰ হ’ল—

i) শুকান খাদ্য, খোৱা পানী, কেৰাচিন আদি মজুত কৰি ৰাখিব লাগে। 

ii) বীজাণুনাশক দ্ৰব্য সংৰক্ষণ কৰি থ’ব লাগে।

iii) ৰেডিঅ’ আৰু দূৰদৰ্শনৰ যোগে দিয়া ঘোষণা আৰু চৰকাৰে দিয়া জাননীৰ প্ৰতি সজাগ হৈ থাকিব লাগে।

৫৷ ভূমিকম্পৰ সময়ত কি কৰিব লাগে?

উত্তৰ: ভূমিকম্পৰ সময়ত—

i) ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত থাকিব নালাগে।

ii) মুকলি ঠাইলৈ ওলাই যাব লাগে।

iii) ডাঙৰ পকীঘৰত থাকিলে ঘৰৰ চুকত আশ্ৰয় ল’ব লাগে।

iv) মুকলি ঠাইত থাকিলে শুই পৰিব লাগে।

v) ঘৰৰ ভিতৰত থাকোঁতে বিছনা বা মেজৰ তলত আশ্ৰয় ল’ব লাগে।

vi) বিদ্যালয়ৰ ভিতৰত থকাৰ সময়ত ভূমিকম্প আহিলে বেঞ্চ বা মেজৰ তলত আশ্ৰয় লৈ খুঁটাত খামুচি ধৰি থাকিব লাগে।

৬৷ ধুমুহা আহিলে কি কৰিব লাগে?

উত্তৰ: ধুমুহা আহিলে—

 i) নিৰাপদ ঠাইত আশ্ৰয় ল’ব লাগে।

ii) জ্বলি থকা জুই নুমুৱাই থ’ব লাগে।

iii) গছৰ তলত আৰু বিজুলী তাঁৰৰ তলত থাকিব নালাগে।

iv) উভালি পৰা বিজুলী খুঁটাৰ তাঁৰ হাতেৰে চুব নালাগে।

৭৷ জুই লাগিলে কি কৰিব লাগে?

উত্তৰ: জুই লাগিলে—

i) অধৈৰ্য হ’ব নালাগে।

ii) ওচৰ-চুবুৰীয়াক খবৰ দিব লাগে।

iii) পানী বা বালি ছটিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰিব লাগে।

iv) গাৰ কাপোৰত জুই লাগিলে ডাঠ কম্বল বা তিতা কাপোৰ গাত মেৰিয়াই ল’ব লাগে।

v) অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিব লাগে।

৮৷ জুই লগাৰ ক্ষেত্ৰত কি কি সতৰ্কতা অৱলম্বন কৰিব লাগে?

উত্তৰ: জুই লগাৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া সতৰ্কতাবোৰ হ’ল—

i) সম্ভৱ হ'লে ঘৰত জুই নুমুওৱা যন্ত্ৰ ৰাখিব লাগে।

ii) অগ্নিনিৰ্বাপক বাহিনীৰ ফোন নম্বৰ সহজে পোৱাকৈ ৰাখি থ’ব লাগে।

iii) অগ্নিনিৰ্বাপক বাহিনীক জুই লগাৰ সঠিক স্থানৰ বিষয়ে জনাব লাগে।

৯৷ ট্ৰেফিক লাইটৰ ৰংকেইটাই কি বুজায়?

উত্তৰ: ট্ৰেফিক লাইটৰ ৰংকেইটাৰ—

i) ৰঙা ৰঙে ৰ’বলৈ কয়।

ii) হালধীয়া ৰঙে সাজু হ’বলৈ কয়।

iii) সেউজীয়া ৰঙে যাবলৈ কয়।

১০৷ আলিবাটত খোজ কাঢ়োঁতে কি কি সাৱধানতা ল’ব লাগে?

উত্তৰ: আলিবাটত খোজ কাঢ়োঁতে ল’বলগীয়া সাৱধানতাবোৰ হৈছে— 

i) সদায় নিজৰ বাঁওহাতে যাব লাগে।

ii) আলিবাট পাৰ হওঁতে সোঁৱে-বাঁৱে চাই ল’ব লাগে।

iii) চলি থকা যান-বাহনৰ আগেৰে পাৰ হ’ব নালাগে।

iv) নগৰ-মহানগৰৰ ৰাস্তাত জেব্ৰা চিন অঁকা ঠাইৰ ওপৰেদি পাৰ হ’ব লাগে।

v) যান-বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষীৰ নিৰ্দেশ মানি চলিব লাগে।

১১৷ যান-বাহনত উঠোঁতে কি কি কথা মানি চলিব লাগে?

উত্তৰ: i) যান-বাহনত উঠোঁতে শাৰী পাতি এজন এজনকৈ উঠিব লাগে।

ii) ঠেলা-হেঁচা কৰিব নালাগে।

iii) গাড়ী লাহে লাহে চলি থকা অৱস্থাত জাঁপ মাৰি উঠা-নমা কৰিব নালাগে।

iv) নমাৰ সময়ত গাড়ীখন যোৱাৰ ফালে মুখ কৰি নামিব লাগে।

v) গাড়ীৰ ভিতৰত বহি থকা অৱস্থাত খিৰিকীৰে বাহিৰলৈ হাত-মূৰ উলিয়াব নালাগে।

vi) উঠা আৰু নমাৰ সময়ত গাড়ীৰ দুৱাৰমুখত ভৰি দিব লাগে আৰু হেণ্ডেলত ভালকৈ ধৰি উঠা-নমা কৰিব লাগে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ