অনুশীলনী
১৷ উত্তৰ লিখা—
ক) বাঁহেৰে সজা দুটা বাদ্যযন্ত্ৰৰ নাম লিখা৷
উত্তৰ: বাঁহেৰে সজা দুটা বাদ্যযন্ত্ৰৰ নাম হৈছে— গগনা আৰু টকা।
খ) ঘৰত সজাবলৈ ব্যৱহাৰ কৰা চাৰিবিধ বাঁহ-বেতৰ বস্তুৰ নাম লিখা৷
উত্তৰ: ঘৰত সজাবলৈ ব্যৱহাৰ কৰা চাৰিবিধ বাঁহ-বেতৰ বস্তুৰ নাম হৈছে— ফুলদানি, শৰাই, জাপি আৰু
গ) কাপোৰ ব’বলৈ ব্যৱহাৰ কৰা দুবিধ সূতাৰ নাম লিখা৷
উত্তৰ: কাপোৰ ব’বলৈ ব্যৱহাৰ কৰা দুবিধ সূতাৰ নাম হৈছে— পাটসূতা আৰু কপাহী সূতা।
ঘ) কপাহী সূতাৰে তৈয়াৰ কৰা দুই ধৰণৰ সাজ-পোছাকৰ নাম লিখা৷
উত্তৰ: কপাহী সূতাৰে তৈয়াৰ কৰা দুই ধৰণৰ সাজ-পোছাক নাম হৈছে— চাদৰ আৰু মেখেলা।
২৷ তলত দিয়া ঠাইবোৰ কি উৎপাদনৰ বাবে বিখ্যাত লিখা।
শুৱালকুছি, কাছাৰ, নলবাৰী, ঢকুৱাখানা।
উত্তৰ:
শুৱালকুছি— পাট-মূগা কাপোৰ উৎপাদনৰ বাবে বিখ্যাত।
কাছাৰ— পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে বিখ্যাত।
নলবাৰী— বাঁহ বেতৰ সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে বিখ্যাত।
ঢকুৱাখনা— পাট-মুগা কাপোৰ উৎপাদনৰ বাবে বিখ্যাত।
৩৷ তলত দিয়া বস্তুবোৰৰ একো একোটা ব্যৱহাৰ লিখা।
বিচনী, মূঢ়া, চালনী, জাপি
উত্তৰ:
বিচনী— গৰমৰ দিনত বিচিবলৈ ব্যৱহাৰ কৰা হয়।
মূঢ়া— বহিবলৈ ব্যৱহাৰ কৰা হয়।
চালনী— ধান চাউল আদি চালিবলৈ ব্যৱহাৰ কৰা হয়।
জাপি— বৰষুণৰ বতৰত মূৰত পিন্ধিবলৈ ব্যৱহাৰ কৰা হয়। সৰুদৈয়া জাপি ঘৰত সজাবলৈ ব্যৱহাৰ কৰা হয়।
৪৷ খালী ঠাই পূৰ কৰা—
ক) অসমত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।
খ) জিলা পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে বিখ্যাত।
গ) ঢকুৱাখানা কাপোৰৰ বাবে বিখ্যাত।
ঘ) আমাৰ গাঁও অঞ্চলত প্ৰায়ভাগ মানুহৰ ঘৰতে আছে।
ঙ) অসমৰ পাট-মুগা আৰু এৰী কাপোৰবোৰে দেশে-বিদেশে পাইছে।
চ) কাপোৰ উৎপাদন কৰা কেন্দ্ৰটোক কেন্দ্ৰ বোলে।
ছ) বাঁহ-বেতেৰে সজা বস্তুবোৰ কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰি।
উত্তৰ:
ক) অসমত বাঁহ-বেত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।
খ) কাছাৰ জিলা পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে বিখ্যাত।
গ) ঢকুৱাখনা পাট-মুগা কাপোৰৰ বাবে বিখ্যাত।
ঘ) আমাৰ গাঁও অঞ্চলত প্ৰায়ভাগ মানুহৰ ঘৰতে তাঁতশাল আছে।
ঙ) অসমৰ পাট-মূগা আৰু এৰী কাপোৰবোৰে দেশে-বিদেশে আদৰ পাইছে।
চ) কাপোৰ উৎপাদন কৰা কেন্দ্ৰটোক বয়ন কেন্দ্ৰ বোলে।
ছ) বাঁহ-বেতেৰে সজা বস্তুবোৰ বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰি।
৫৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।
‘ক’ | ‘খ’ |
---|---|
গগনা | এবিধ মাছ ধৰা সঁজুলি |
জাকৈ | এবিধ বাদ্যযন্ত্ৰ |
তাঁত-শাল | এবিধ ঘৰ সজোৱা বস্তু |
ফুলদানি | এবিধ কাপোৰ বোৱা সঁজুলি |
উত্তৰ:
‘ক’ | ‘খ’ |
---|---|
গগনা | এবিধ বাদ্যযন্ত্ৰ |
জাকৈ | এবিধ মাছ ধৰা সঁজুলি |
তাঁত-শাল | এবিধ কাপোৰ বোৱা সঁজুলি |
ফুলদানি | এবিধ ঘৰ সজোৱা বস্তু |
অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ
১৷ আমাৰ প্ৰয়োজনীয় কাঠ, খেৰ, বাঁহ-বেত আমি ক’ৰ পৰা পাওঁ?
উত্তৰ: আমাৰ প্ৰয়োজনীয় কাঠ, খেৰ, বাঁহ-বেত আমি গছ-গছনিৰ পৰা পাওঁ।
২৷ বাঁহেৰে তৈয়াৰী পাঁচবিধ মাছধৰা সঁজুলিৰ নাম লিখা।
উত্তৰ: বাঁহেৰে তৈয়াৰী পাঁচবিধ মাছধৰা সঁজুলিৰ নাম হৈছে— জাকৈ, পল, জুলুকি, ঠুঁহা, চেপা।
৩৷ বাঁহেৰে তৈয়াৰী পাঁচবিধ তাঁতশালৰ সঁজুলিৰ নাম লিখা।
উত্তৰ: বাঁহেৰে তৈয়াৰী পাঁচবিধ তাঁতশালৰ সঁজুলিৰ নাম হৈছে— চেৰেকী, উঘা, গৰকা, চিৰি, শলি।
৪৷ আমি বাঁহ-বেতেৰে তৈয়াৰ কৰা কি কি বস্তু ঘৰত ব্যৱহাৰ কৰোঁ?
উত্তৰ: আমি বাঁহ-বেতেৰে তৈয়াৰ কৰা ডলা, কুলা, খৰাহী, পাচি, চকী, মেজ আদি ঘৰত ব্যৱহাৰ কৰোঁ।