বায়ু আৰু আমাৰ চৌপাশ— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১। উত্তৰ লিখা৷

ক) বতাহ কাক বোলে?

উত্তৰ: চলাচল কৰা বায়ুকে বতাহ বোলে।

খ) উশাহত লোৱা বায়ু কেনে হ’ব লাগে?

উত্তৰ: উশাহত লোৱা বায়ু নিৰ্মল হ’ব লাগে।

গ) বিচনীৰে বিচিলে আমাৰ গাত কি লাগে?

উত্তৰ: বিচনীৰে বিচিলে আমাৰ গাত বতাহ লাগে।

ঘ) পানীত থকা জীৱবোৰে ক’ৰ পৰা উশাহ লয়?

উত্তৰ: পানীত থকা জীৱবোৰে পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰা উশাহ লয়।

২৷ খালী ঠাই পূৰ কৰা—

ক) গৰমৰ দিনত            বলিলে গা-মন জুৰ পৰি যায়।

খ) জোৰেৰে বলা বতাহক            বোলে।

গ) লাহে লাহে বলা বতাহক            বোলে।

ঘ) মূৰৰ বিষ, চকুৰ অসুখ, জ্বৰ, কাহ আদি            বায়ুৰ পৰা হয়।

ঙ)            দূষিত বায়ুক নিৰ্মল কৰি তোলে।

উত্তৰ:

ক) গৰমৰ দিনত  বতাহ  বলিলে গা-মন জুৰ পৰি যায়।

খ) জোৰেৰে বলা বতাহক  ধুমুহা  বোলে।

গ) লাহে লাহে বলা বতাহক  ফিৰ্‌ফিৰীয়া বতাহ  বোলে।

ঘ) মূৰৰ বিষ, চকুৰ অসুখ, জ্বৰ, কাহ আদি  দূষিত  বায়ুৰ পৰা হয়।

ঙ)  গছ-গছনিয়ে  দূষিত বায়ুক নিৰ্মল কৰি তোলে।

৩৷ শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✔’ চিন দিয়া৷

ক) ফট্‌কা ফুটালে বায়ু দূষিত হয়/ নহয়৷

খ) নিৰ্মল বায়ুৰ বৰণ আৰু গোন্ধ নাই/ আছে।

গ) বায়ু আমি দেখোঁ/ অনুভৱ কৰোঁ৷

ঘ) জীয়াই থাকিবলৈ গছ-গছনিক বায়ু লাগে/ নালাগে।

ঙ) বায়ু চাৰিওফালে আছে/ নাই।

উত্তৰ:

ক) ফট্‌কা ফুটালে বায়ু দূষিত হয় / নহয়৷

খ) নিৰ্মল বায়ুৰ বৰণ আৰু গোন্ধ নাই / আছে।

গ) বায়ু আমি দেখোঁ/ অনুভৱ কৰোঁ৷

ঘ) জীয়াই থাকিবলৈ গছ-গছনিক বায়ু লাগে/ নালাগে।

ঙ) বায়ু চাৰিওফালে আছে / নাই।

৪৷ বায়ুৰ চাৰিটা ব্যৱহাৰ লিখা।

উত্তৰ: বায়ু আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ৷

ক) উশাহ ল’বলৈ বায়ু লাগে৷

খ) বেলুন ফুলাবলৈ বায়ু লাগে।

গ) ফুটবলতো বায়ু ভৰোৱা হয়৷

ঘ) গাড়ী মটৰ,  চাইকেল, ৰিক্সা, ঠেলা আদিৰ চকাতো বায়ু ভৰোৱা হয়৷ 

৫৷ বায়ু দূষিত হোৱাৰ পাঁচটা কাৰণ লিখা।

উত্তৰ:  বায়ু দূষিত হোৱাৰ পাঁচটা কাৰণ হ’ল—

ক) কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে।

খ) যান-বাহন চলিলে তাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে।

গ) গেলা-পচা বস্তু আৰু জাবৰ-জোঁথৰৰ পৰা ওলোৱা দুৰ্গন্ধই বায়ু দূষিত কৰে।

ঘ) চিগাৰেটৰ ধোঁৱায়ো বায়ু দূষিত কৰে।

ঙ) প্লাষ্টিক, ৰবৰ আদি জ্বলালে তাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত  কৰে।

৬৷ দূষিত বায়ুৰ পৰা হোৱা বেমাৰ তিনিবিধৰ নাম লিখা।

উত্তৰ: দূষিত বায়ুৰ পৰা হোৱা বেমাৰ তিনিবিধৰ নাম হৈছে— মূৰৰ বিষ, চকুৰ অসুখ আৰু কাহ।

৭৷ পাৰ্থক্য লিখা।

ধুমুহা আৰু ফিৰফিৰীয়া বতাহ৷

উত্তৰ: ধুমুহা আৰু ফিৰফিৰীয়া বতাহৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল— 

ক) ধুমুহা বতাহ বৰ জোৰেৰে বলে। আনহাতে ফিৰফিৰীয়া বতাহ লাহে লাহে বলে।

খ) ধুমুহাই মানুহৰ ঘৰ-দুৱাৰ,  গছ-গছনি আদি ভাঙি বৰ অনিষ্ট কৰে। আনহাতে ফিৰফিৰীয়া বতাহে দেহ-মন জুৰ পেলায়।

৮৷ ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে কিয় বুৰবুৰণি উঠে?

উত্তৰ: ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে  বুৰবুৰণি উঠে৷ কাৰণ ইটাৰ টুকুৰাৰ মাজত সোমাই থকা বায়ুখিনি পানীৰ মাজেৰে ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হৈ পৰে।


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ হাতৰ তলুৱাত মুখেৰে ফু মাৰি দিলে হাতত কিবা লগা যেন অনুভৱ হয় কিয়?

উত্তৰ: হাতৰ তলুৱাত মুখেৰে ফু মাৰি দিলে মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ বাবে হাতত বতাহ লাগে। সেয়ে কিবা লগা যেন অনুভৱ হয়।

২৷ পলিথিনৰ মোনা এটাৰ মুখখন খুলি চাৰিওফালে ঘূৰাই দিলে মোনাটো কিয় ফুলি উঠে?

উত্তৰ: পলিথিনৰ মোনা এটাৰ মুখখন খুলি চাৰিওফালে ঘূৰাই দিলে মোনাটোৰ ভিতৰত বায়ু সোমাই যায়। সেয়ে  মোনাটো ফুলি উঠে।

৩৷ এটা খালী বটলৰ খোলা মুখখন ওপৰমুৱাকৈ ৰাখি পানীত বটলটো ডুবাই দিলে কিয় বুৰবুৰণিৰ সৃষ্টি হয় লিখা।

উত্তৰ: এটা খালী বটলৰ খোলা মুখখন ওপৰমুৱাকৈ ৰাখি পানীত বটলটো ডুবাই দিলে বটলৰ ভিতৰত থকা বায়ুখিনি পানীৰ মাজেৰে ওলাই আহে। সেই বাবে পানীখিনিত বুৰবুৰণিৰ সৃষ্টি হয়।

৪৷বায়ু আমি দেখোঁ নে? 

উত্তৰ: বায়ু আমি নেদেখোঁ৷

৫৷ মাটিৰ তলত থকা প্ৰাণীবোৰে কেনেদৰে উশাহ লয়?

উত্তৰ: মাটিৰ তলত থকা প্ৰাণীবোৰে মাটিত থকা বায়ুৰ  পৰা উশাহ লয়।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ