বিচিত্ৰ প্ৰাণী— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা—

(ক) মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পৰা এটা প্ৰাণীৰ নাম লিখা।

উত্তৰ: মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পৰা এটা প্ৰাণী হৈছে ভেকুলী।

(খ) দুবিধ মাংসভোজী প্ৰাণীৰ নাম লিখা।

উত্তৰ: দুবিধ মাংসভোজী প্ৰাণীৰ নাম হ’ল— বাঘ আৰু সিংহ৷

(গ) উৰিব নোৱৰা দুটা চৰাইৰ নাম লিখা।

উত্তৰ: উৰিব নোৱৰা দুটা চৰাইৰ নাম হ’ল— উটপখী  আৰু পেঙ্গুইন৷

(ঘ) এটা চিকাৰী চৰাইৰ নাম লিখা।

উত্তৰ: এটা চিকাৰী চৰাইৰ নাম হ’ল— চিলনী৷

(ঙ) বেগাই দৌৰিব পৰা এটা চৰাইৰ নাম লিখা।

উত্তৰ: বেগাই দৌৰিব পৰা এটা চৰাইৰ নাম হ’ল— উটপখী৷

২৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা।

‘ক’ ‘খ’
ভেকুলী মাংসভোজী
শিয়াল সৰ্বভোজী
কাউৰী তৃণভোজী
হৰিণা উভচৰ

উত্তৰ:    

৩৷ খালী ঠাই পূৰ কৰা

(ক) জেঠী আৰু ভেকুলীয়ে            খায়।

(খ) মাছে            সহায়ত পানীত সাঁতুৰিব পাৰে।

(গ)            চৰায়ে বহু দূৰলৈ উৰিব পাৰে।

(ঘ) উটপখীয়ে            দৌৰিব পাৰে।

উত্তৰ:

(ক) জেঠী আৰু ভেকুলীয়ে পোক-পতংগ খায়।

(খ) মাছে ফিছাৰ সহায়ত পানীত সাঁতুৰিব পাৰে।

(গ) পাৰ চৰায়ে বহু দূৰলৈ উৰিব পাৰে।

(ঘ) উটপখীয়ে বেগাই  দৌৰিব পাৰে।

৪৷ পাৰ্থক্য লিখা।

(ক) তৃণভোজী আৰু মাংসভোজী প্ৰাণী

উত্তৰ: তৃণভোজী প্ৰাণীয়ে ঘাহঁ-বন, গছৰ পাত, শস্য, ফল-মূল আদি খায়। আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস, মাছ আদি  খায়। তৃণভোজী প্ৰাণীৰ তুলনাত মাংসভোজী প্ৰাণীৰ নখ, দাঁত আদি চোকা হয়।

(খ) বনৰীয়া আৰু ঘৰচীয়া প্ৰাণী 

উত্তৰ: বনৰীয়া প্ৰাণীবোৰে হাবি-বনত বা মানুহৰ আশে-পাশে নিজে খোৱা আৰু থকা ঠাইৰ ব্যৱস্থা কৰি লয়। আনহাতে ঘৰচীয়া প্ৰাণীবোৰক মানুহে খোৱা আৰু থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে আৰু  নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰে।

৫৷ হাঁহৰ ঠোঁটত থকা ফুটা দুটাৰ কাম কি?

উত্তৰ: হাঁহে ঠোঁটত থকা ফুটা দুটাৰে খাদ্যৰ লগত মিহলি হৈ থকা বোকা পানীবোৰ উলিয়াই দিয়ে।

৬৷ ভেকুলীৰ জিভাখন ক’ত লাগি থাকে?

উত্তৰ: ভেকুলীৰ জিভাখন মুখৰ একেবাৰে আগ অংশত লাগি থাকে।

৭৷ বুকুত ভৰ দি বগাই যোৱা তিনিবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰ: বুকুত ভৰ দি বগাই যোৱা তিনিবিধ প্ৰাণীৰ নাম হৈছে—  সাপ, কেঁচু আৰু কুমজেলেকুৱা।

৮৷ খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।

উত্তৰ: খাদ্যাভাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তিনিটা ভাগত ভগাব পাৰি। ভাগকেইটা হৈছে তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী।

ঌ। চৰায়ে কিয় আকাশত উৰিব পাৰে?

উত্তৰ: চৰাইৰ দেহটো মাকোৰ নিচিনা। হাড়বোৰ ফোপোলা হোৱা বাবে দেহটো পাতল। দেহত পাখি আৰু ডেউকা থাকে। এই ডেউকাৰ সহায়ত চৰায়ে উৰিব পাৰে।

১০৷ ছবি চাই কোনটো কাৰ ঠোঁট লিখা।


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ মাছে কেনেকৈ পানীৰ তলত জীয়াই থাকে আৰু সাঁতুৰিব পাৰে?

উত্তৰ: মাছৰ দেহটো পানীত থকাৰ বাবে উপযুক্ত। ইহঁতৰ দেহৰ পিছ অংশত থকা ফিছা আৰু দুয়ো কাষে থকা ফানৰ সহায়ত ইহঁতে পানীত সাঁতুৰিব পাৰে।

২৷ উভচৰ প্ৰাণী কাক বোলে?

উত্তৰ: যিবোৰ প্ৰাণীয়ে মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পাৰে, সেইবোৰ প্ৰাণীকে উভচৰ প্ৰাণী বোলে।

৩৷ কেৱল মাটিতহে থাকিব পৰা পাঁচবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰ: কেৱল মাটিতহে থাকিব পৰা পাঁচবিধ প্ৰাণী হৈছে— বাঘ, গৰু, কুকুৰ, গাধ আৰু হাতী।

৪৷ পাঁচবিধ ঘৰচীয়া প্ৰাণীৰ নাম লিখা।

উত্তৰ: পাঁচবিধ ঘৰচীয়া প্ৰাণী হৈছে পাৰ, হাঁহ, গৰু, ছাগলী আৰু কুকুৰ।

৫৷ তলত দিয়া ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি কি সহায় পাওঁ লিখা।

গৰু, ছাগলী, হাঁহ, কুকুৰা, ঘোঁৰা, কুকুৰ, মেকুৰী, পাৰ, গাহৰি

উত্তৰ: 

গৰু— গাই গৰুৰ পৰা আমি গাখীৰ পাওঁ। বলধ গৰুৰে হাল বোৱা, মৰণা মৰা, গাড়ী টনা আদি কাম কৰাওঁ। 

ছাগলী—  ছাগলীৰ পৰা আমি মাংস পাওঁ।

হাঁহ—  হাঁহৰ পৰা কণী আৰু মাংস পাওঁ।

কুকুৰা—  কুকুৰাৰ পৰা কণী আৰু মাংস পাওঁ।

ঘোঁৰা—  ঘোঁৰাৰে গাড়ী টনোৱা হয়। পুৰণি কালত মানুহে ঘোঁৰাত উঠি যুদ্ধ কৰিছিল।

কুকুৰ—  কুকুৰে গৰাকীৰ ঘৰত পহৰা দি চোৰ-ডকাইতৰ পৰা ৰক্ষা কৰে।

মেকুৰী—  মেকুৰীয়ে এন্দুৰ-নিগনি ধৰি গৃহস্থৰ উপকাৰ কৰে।

পাৰ—  পাৰৰ পৰা মাংস পাওঁ।

গাহৰি—  গাহৰিৰ পৰা মাংস পাওঁ।

৬৷ পাঁচবিধ বনৰীয়া প্ৰাণীৰ নাম লিখা।

উত্তৰ: পাঁচবিধ বনৰীয়া প্ৰাণী হৈছে—  বাঘ, সিংহ, শিয়াল, বান্দৰ আৰু গঁড়।

৭৷ তৃণভোজী প্ৰাণী কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ প্ৰাণীয়ে ঘাহঁ-বন খাই জীয়াই থাকে, সেইবোৰ প্ৰাণীকে তৃণভোজী প্ৰাণী বোলে। যেনে—  গৰু, ছাগলী,  হাতী, ঘোঁৰা আদি।

৮৷ মাংসভোজী প্ৰাণী কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ প্ৰাণীয়ে কেৱল মাংস খায়, সেইবোৰ প্ৰাণীকে মাংসভোজী প্ৰাণী বোলে। যেনে—  বাঘ, সিংহ, চিলনী, শেন আদি।

ঌ। সৰ্বভোজী প্ৰাণী কাক বোলে। উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ প্ৰাণীয়ে মাছ, মাংস, শাক-পাচলি, শস্য,  ফল-মূল আদি সকলো বস্তু খায়, সেইবোৰ প্ৰাণীকে সৰ্বভোজী প্ৰাণী বোলে।

১০৷ মাছৰোকা, বগলী আদি চৰায়ে কেনেদৰে মাছ ধৰি খায়?

উত্তৰ: মাছৰোকা, বগলী আদি চৰাইৰ ঠেং আৰু ঠোঁট বৰ দীঘল। এই দীঘল ঠেং আৰু ঠোঁটৰ সহায়ত ইহঁতে পানীৰ তলৰ পৰা মাছ ধৰি খাব পাৰে।

১১৷ হাঁহে পানীত কেনেকৈ সাঁতোৰে?

উত্তৰ: হাঁহৰ ঠেঙৰ পতা লগ লগা। সেয়ে ইহঁতে পানীত সাঁতুৰিব পাৰে।

১২৷ মাছে কি খায়?

উত্তৰ: মাছে পানীত থকা সৰু সৰু উদ্ভিদ আৰু পোক-পতংগ খায়। কিছুমান ডাঙৰ মাছে সৰু মাছ খায়।

১৩৷ এবিধ জঁপিয়াই যোৱা প্ৰাণীৰ নাম লিখা।

উত্তৰ: এবিধ জঁপিয়াই যোৱা প্ৰাণীৰ নাম হ’ল— ভেকুলী৷

১৪৷ বহু দূৰলৈ উৰিব পৰা তিনিবিধ চৰাইৰ নাম লিখা।

উত্তৰ: বহু দূৰলৈ উৰিব পৰা তিনিবিধ চৰাই হৈছে— পাৰ, কাউৰী আৰু বালিমাহী।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ